আমেৰিকা-ইৰাণৰ সংঘাতৰ মাজতে ভাৰতত সোণৰ মূল্য হ্ৰাস
একেৰাহে সপ্তমটো দিনৰ বাবে সোণৰ মূল্য হ্ৰাস পাইছে ৷ বুধবাৰৰ দিনটোত প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য ১,৫৫৯ টকাকৈ হ্ৰাস পায় ৷

By PTI
Published : September 2, 2026 at 2:46 PM IST
নতুন দিল্লী: মধ্যপ্ৰাচ্যত ছমাহতকৈ অধিক সময় ধৰি চলি থকা দুই-এক যুদ্ধৰ মাজতে আমেৰিকা-ইৰাণৰ মাজৰ সংঘাতে পুনৰ গা কৰি উঠিছে । মঙলবাৰে নিশা সংঘটিত এক আক্ৰমণত এটা শিশুকে ধৰি কমেও ১১ জন লোকৰ মৃত্যু ঘটাৰ খবৰ পোৱা গৈছে ৷
সোণৰ বজাৰত পোনপটীয়াকৈ এই যুদ্ধৰ প্ৰভাৱ পৰিছে ৷ যাৰ বাবে ধাতুবিধৰ মূল্য হ্ৰাস-বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে ৷ একেৰাহে সপ্তমটো দিনৰ বাবে সোণৰ মূল্য হ্ৰাস পায় ৷ বুধবাৰৰ দিনটোত ১,৫৫৯ টকা হ্ৰাস হোৱাৰ পিছত ভাৰতত প্ৰতি ১০ গ্ৰামত সোণৰ মূল্য হয়গৈ ১.৫ লাখ টকা ৷ আমেৰিকা আৰু ইৰাণৰ মাজত পুনৰ সামৰিক সংঘৰ্ষ ঘটাৰ ফলত তেলৰ মূল্য বৃদ্ধি পোৱাৰ লগতে আৰু মুদ্ৰাস্ফীতি আৰু সুতৰ হাৰ বৃদ্ধিৰ আশংকাক ইন্ধন যোগাইছিল ৷
মাল্টি ক’ম’ডিটি এক্সচেঞ্জত অক্টোবৰ মাহত সোণৰ মূল্য ১,৫৫৯ টকা বা ১.০৩ শতাংশলৈ হ্ৰাস পোৱাৰ সম্ভাৱনা আছে ৷ মঙলবাৰে এই মূল্য প্ৰতি ১০ গ্ৰামত ১,৫১,৭২৯ টকাৰ পৰা হ্ৰাস হৈ ১,৫০,১৭০ টকা হয় ৷
ডিচেম্বৰৰ চুক্তিখনো ১,৭৫৩ টকা অৰ্থাৎ ১.১৪ শতাংশ হ্ৰাস পাই প্ৰতি ১০ গ্ৰামত ১,৫১,৫৪০ টকা হয়, যিটো পূৰ্বৰ বন্ধৰ বিপৰীতে প্ৰতি ১০ গ্ৰামত ১,৫৩,২৯৩ টকা আছিল।
বিশেষজ্ঞসকলে কয় যে শেহতীয়াকৈ ইৰাণৰ সামৰিক ঘাটিত আমেৰিকাই বিমানেৰে আক্ৰমণ চলাইছে ৷ তাৰ প্ৰত্যুত্তৰত টেহৰাণে বাহৰেইন, কুৱেইট, জৰ্ডান আৰু ইৰাকত থকা আমেৰিকাৰ সামৰিক ঘাটিসমূহক আক্ৰমণৰ লক্ষ্য কৰি লৈছে ৷ ইয়াৰ ফলত বৃহৎ পৰিসৰত সংঘাতৰ আশংকা বৃদ্ধি পাইছে ।
বিশ্বৰ বজাৰত নিউয়ৰ্কত ডিচেম্বৰ মাহত সোণৰ মূল্য একেৰাহে চতুৰ্থবাৰৰ বাবে ৪৬.৪৬ ডলাৰ নাইবা ১.০৬% হ্ৰাস পোৱাৰ পিছত প্ৰতি আউন্সত এই মূল্যই ৪,৩৪৯.৯৪ ডলাৰ স্পৰ্শ কৰে ৷ বিনিয়োগ প্লেটফ’ৰ্ম মুড্ৰেক্স(Mudrex)ৰ শেহতীয়া বিশ্লেষণে আমেৰিকা আৰু ইৰাণৰ মাজৰ সামৰিক সংঘৰ্ষ পুনৰ আৰম্ভ হোৱাৰ ফলত তেলৰ মূল্য তীব্ৰগতিত বৃদ্ধি পোৱাৰ বিপৰীতে আন্তঃৰাষ্ট্ৰীয় বজাৰত সোণৰ মূল্য ১%তকৈ অধিক পৰিমাণে হ্ৰাস পোৱা দেখা গৈছে বুলি প্ৰকাশ কৰিছে ৷
ইফালে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড বাহিনী(চেণ্টকম)য়ে ইৰাণৰ সামৰিক লক্ষ্যত নতুন ধৰণৰে আক্ৰমণ সম্পূৰ্ণ কৰা বুলি উল্লেখ কৰিছে । চেণ্টকমে এক বিবৃতিত কয়, ‘‘ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্প’ছে শেহতীয়াকৈ হৰমুজ জলদ্বীপত বাণিজ্যিক জাহাজ আৰু আমেৰিকাৰ সৈন্যক আক্ৰমণ কৰাৰ প্ৰচেষ্টা চলোৱাৰ পিছতে এই আক্ৰমণ সংঘটিত হৈছে ।’’
লগতে পঢ়ক: অসমৰ হস্ততাঁত খণ্ডক লৈ নতুন চিন্তা, টাটা গ্ৰুপৰ সৈতে চুক্তি স্বাক্ষৰ NEHHDC ৰ

