ধনতেৰচত সোণ-ৰূপ ক্ৰয়ৰ কথা ভাবিছে ? আকাশলংঘী মূল্যবৃদ্ধিয়ে চিন্তাত পেলাব আপোনাকো
ধনতেৰচৰ পূৰ্বে ৰাজ্যৰ বজাৰত সোণৰ দামে গঢ়িছে অভিলেখ । দৈনিক বৃদ্ধি হৈ আছে সোণ-ৰূপৰ মূল্য । ইফালে চাহিদা অনুসৰি বজাৰত নাই পৰ্যাপ্ত সোণ-ৰূপ ।

Published : October 16, 2025 at 6:23 PM IST
গুৱাহাটী: ১৮ অক্টোবৰত ধনতেৰচ । মাজত মাথোঁ দুটা দিন বাকী । ধনতেৰচৰ পূৰ্বে ৰাজ্যৰ বজাৰত সোণৰ দামে গঢ়িছে অভিলেখ । দৈনিক বৃদ্ধি হৈ আছে সোণৰ মূল্য । বৃহস্পতিবাৰে মহানগৰীৰ বজাৰত ২৪ কেৰেটৰ প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য ১ লাখ ৩০ হাজাৰ ৯৪১ টকা । আনহাতে, আজিৰ দিনটোত ২২ কেৰেটৰ ১০ গ্ৰাম সোণৰ মূল্য ১ লাখ ১১ হাজাৰ ৪০০ টকা ।
সোণৰ সমান্তৰালকৈ বৃদ্ধি পাইছে ৰূপৰো মূল্য । আজিৰ দিনটোত প্ৰতি ১ কেজি ৰূপৰ মূল্য হৈছে প্ৰায় ১ লাখ ৮৭ হাজাৰ টকা ।
সোণ-ৰূপৰ এই অস্বাভাৱিক মূল্যবৃদ্ধি সন্দৰ্ভত স্বৰ্ণশিল্পীসকলে কি কয়
সোণৰ এই অস্বাভাৱিক মূল্যবৃদ্ধি সন্দৰ্ভত স্বৰ্ণশিল্পীৰ মুখ্য উপদেষ্টা চাজিদ আলম চৌধুৰীৰ সৈতে হোৱা এক টেলিফোনিক বাৰ্তালাপত তেওঁ কয়, "প্ৰতিদিনে সোণ-ৰূপৰ মূল্য বৃদ্ধি হৈ আহে । বিগত এমাহৰ ভিতৰতে সোণৰ প্ৰায় ৩ হাজাৰ টকা বৃদ্ধি পাইছে । আজিৰ দিনটোত বিল অনুসৰি ২৪ কেৰেটৰ প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য ১ লাখ ৩০ হাজাৰ ৯৪১ টকা হৈ আছে । অৱশ্যে সন্ধিয়ালৈ ইয়াৰ মূল্য প্ৰায় ১ লাখ ৩৩ হাজাৰ স্পৰ্শ কৰাৰ সম্ভাৱনা আছে ।"
তেওঁ লগতে কয়, "সমান্তৰালভাৱে বৰ্তমান ২২ কেৰেটৰ ১০ গ্ৰাম সোণৰ মূল্য ১ লাখ ১১ হাজাৰ ৪০০ টকা চলি আছে । কিন্তু সন্ধিয়াৰ ভাগলৈ ইয়াৰ মূল্যও বৃদ্ধি পোৱাৰ সম্ভৱনা আছে । ঠিক তেনেদৰে ৰূপৰ মূল্যও বৃদ্ধি হৈ আছে । ধনতেৰচলৈ ৰূপৰ মূল্য ২ লাখ টকা পৰ্যন্ত হোৱাৰো সম্ভাৱনা আছে ।"

ইয়াৰ উপৰি তেওঁ কয়, "বিগত ডেৰ মাহৰ ভিতৰত সোণৰ মূল্য অকণমানো হ্ৰাস হোৱা নাই । যদি ২৫০০ টকা বৃদ্ধি হৈছে, তাৰ বিপৰীতে ৫০০ টকামানহে কম হৈছে । তাকো ৪-৫ ঘণ্টামান সময়ৰ বাবেহে । এনেদৰে বৃদ্ধি হৈ থাকিলে আগন্তুক বর্ষলৈ সোণৰ মূল্য ১০ গ্রামত প্ৰায় ১ লাখ ৭৫ হাজাৰ টকা স্পৰ্শ কৰিব । হয়তো তাতকৈও বৃদ্ধি হ'ব পাৰে ।"

বজাৰত চাহিদা অনুসৰি কম উপলদ্ধ সোণ-ৰূপ
অসমৰ বজাৰত চাহিদা অনুসৰি পৰ্যাপ্ত পৰিমানে উপলব্ধ নহয় সোণ-ৰূপ । ইয়াৰ কাৰণ হিচাপে চাজিদ আলম চৌধুৰীয়ে জনায়, "অসমৰ বজাৰত বৰ্তমান সোণ-ৰূপৰ মজুত কম হৈ আছে । বেংকত থকা মজুতসমূহো এতিয়ালৈকে উলিয়াই দিয়া নাই । জয়পুৰ, দিল্লীৰ পৰা অহা ৰূপসমূহ তাতেই শেষ হোৱা বাবে ইয়ালৈ আহি পোৱা নাই । আনহাতে, কলকাতাৰ পৰা অসমৰ বজাৰলৈ অহালৈকে প্ৰায় ২,৫০০ টকাৰ পাৰ্থক্য দেখা যায় । তথাপিও বজাৰত ৰূপ পোৱাটো টান । বজাৰত ৰূপ নায়েই । সোণৰ ক্ষেত্ৰতো একেই অৱস্থা । কিন্তু সোণৰ তুলনাত বৰ্তমান অসমৰ বজাৰত ৰূপৰ উপলব্ধতা অতি কম ।"

গ্ৰাহকৰ বাবে অপেক্ষা কৰিব লগা হৈছে বিক্রেতাই
ইফালে ধনতেৰচৰ পূৰ্বে সোণ-ৰূপ ক্ৰয় কৰিবলৈ বজাৰত ভিৰ কৰেহি গ্ৰাহকসকলে । তেনে পৰিপ্ৰেক্ষিত এতিয়া অস্বাভাৱিক মূল্যবৃদ্ধিৰ বাবে পূৰ্বৰ তুলনাত বজাৰত নাই গ্ৰাহক । এই সন্দৰ্ভত এগৰাকী বিক্রেতাই কয়, "বজাৰ ভাল হ'ব বুলিয়ে সামগ্রী আনিছোঁ । কিন্তু যিটো হাৰত মূল্যবৃদ্ধি হৈ আছে, এইবাৰ চিন্তা কৰিবলগীয়া হৈছে । যোৱা ৩ মাহমানৰ ভিতৰত ১ তোলা সোণত প্ৰায় ৪০ হাজাৰমান বৃদ্ধি হৈছে । এতিয়া ধনতেৰচৰ বাবে বজাৰ কি হয় সেইটো চিন্তা কৰিবলগীয়া হৈছে ।"

সোণ ক্ৰয় কৰিবলৈ আহি মূৰে-কপালে হাত দিবলগীয়া হৈছে গ্ৰাহকে
আনহাতে, সোণৰ এই অস্বাভাৱিক মূল্যবৃদ্ধি সন্দৰ্ভত গ্ৰাহকে কয়, "বৰ্তমান উৎসৱৰ সময় । কিন্তু সোণৰ দাম দৈনিক বৃদ্ধি হৈ আছে । সাধাৰণ মানুহৰ বাবে ক্ৰয় কৰিবলৈ অসুবিধাই হৈছে । কিবা ক্ৰয় কৰিম বুলি ভাবিলে বহুত চিন্তা কৰিবলগা হৈছে ।"

