পানকাৰ্ড, কৰ, গাড়ী ক্ৰয়, নিচাজাতীয় সামগ্ৰীৰ বাবে ১ এপ্ৰিলৰ পৰা সলনি হ'ব বহু নিয়ম
নতুন বাহন ক্ৰয়, পানকাৰ্ড, নিচাজাতীয় সামগ্ৰীৰ ক্ষেত্ৰত হ'ব ব্যাপক পৰিৱৰ্তন ৷ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'বলগীয়া নিয়মৰ সন্দৰ্ভত বিশেষ তথ্য ৷

Published : March 22, 2026 at 4:37 PM IST
হায়দৰাবাদ : ২০২৬ চনৰ ১ এপ্ৰিলৰ পৰা ভাৰতত আৰম্ভ হ'ব এক নতুন বিত্তীয় বৰ্ষ ৷ নতুন এই বিত্তীয় বৰ্ষটোতে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰসমূহে সাধাৰণ জনতা, ব্যৱসায়ী আৰু ভিন্ন কৰ্মত নিয়োজিতসকলৰ বাবে কেইবাটাও নীতি-নিয়ম পৰিৱৰ্তনত অনুমোদন জনাইছে ৷ বিশেষকৈ ভাৰতৰ ৬৫ বছৰীয়া আয়কৰ আইনৰ ঠাইত এইবাৰ সম্পূৰ্ণ নতুন আইন প্ৰণয়ন কৰা হৈছে ৷
২০২৬ চনৰ ১ এপ্ৰিলৰ পৰা আৰম্ভ হ'বলগীয়া বিত্তীয় বৰ্ষটোতে নতুন নীতি-নিয়মে আপোনাৰ জীৱন শৈলীত কি কি প্ৰভাৱ পৰিব সেই বিষয়ে বিতংভাৱে জনিবলৈ এই প্ৰতিবদেন আপুনি পঢ়িব লাগিব...
| ১. ৬৪ বছৰৰ পিছত নতুন আয়কৰ আইন |
১৯৬১ চনৰ পৰা চলি থকা আয়কৰ আইনখন ২০২৫ত সংশোধন কৰাৰ লগতে কৰ সম্পৰ্কীয় কিছু নতুন নীতি-নিয়ম সন্নিবিষ্ট কৰা হৈছে ৷ চৰকাৰে দাবী কৰিছে যে নতুন আইনখন যথেষ্ট সৰল কৰা হৈছে ৷ পূৰ্বৰ আইখনৰ ধাৰা সংখ্যা ৮১৯ৰ পৰা ৫৩৬টা লৈ হ্ৰাস কৰা হৈছে নতুন আইনখনত ৷ যাৰ ফলত কৰদাতাসকলে নিয়মসমূহ বুজিবলৈ সহজ হৈ পৰিছে ৷
| ২. শ্বেয়াৰ বজাৰৰ বিনিয়োগকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ |
বৰ্তমানলৈকে কোম্পানীয়ে 'শ্বেয়াৰ বাইবেক' কৰাটোক ডীম্ড ডিভিডেণ্ড' বুলি গণনা কৰিছিল ৷ কিন্তু ১ এপ্ৰিলৰ পৰা ইয়াক 'কেপিটেল লাভ' বুলি গণ্য কৰা হ'ব ৷ ফলত বিনিয়োগকৰ্তাসকলে কেৱল লাভত অংশৰহে কৰ দিবলগীয়া হ'ব ৷ ক'ৰ্পৰেট প্ৰমোটাৰসকলৰ বাবে এই হাৰ ২২% আৰু অন্যসকলৰ বাবে ৩০% পৰ্যন্ত হ'ব ৷
| ৩. শ্বেয়াৰ মাৰ্কেটত এফ এণ্ড অ’ৰ ব্যৱসায় অধিক ব্যয়বহুল |
যদি আপুনি শ্বেয়াৰ বজাৰত ফিউচাৰ্ছ এণ্ড অপচনছ (এফ এণ্ড অ’) ছেগমেণ্টত ব্যৱসায় কৰে, তেন্তে আপোনাৰ খৰচ বৃদ্ধি পাব ৷ চৰকাৰে ছিকিউৰটি ট্ৰাঞ্জেকশ্যন টেক্স চমুকৈ বৃদ্ধি কৰা হৈছে ৷ ফিউচাৰ্ছত কৰ ০.০২%ৰ পৰা বৃদ্ধি হৈ ০.০৫% হ'ব ৷ বিকল্পৰ এই হাৰ ০.১%ৰ পৰা ০.১৫%লৈ বৃদ্ধি কৰা হৈছে ৷
| ৪. ছ’ভাৰেইন গোল্ড বণ্ড (এছজিবি)ৰ ওপৰত কৰ ৰেহাইৰ পৰিৱৰ্তন |
ছ’ভাৰেইন গোল্ড বণ্ডত বিনিয়োগৰ নিয়ম কঠোৰ কৰা হৈছে ৷ এতিয়াৰ পৰা এই কৰ ৰেহাই পাব কেৱল চৰকাৰৰ পৰা পোনপটীয়াকৈ বণ্ড ক্ৰয় কৰা সকলেহে ৷ যদি আপুনি ষ্টক বজাৰ ছেকেণ্ডাৰী মাৰ্কেটৰ পৰা আন এগৰাকী ব্যক্তিৰ পৰা এই ব'ণ্ড কিনিছে, তেতিয়া আপুনি লাভৰ ওপৰত কৰ দিবলগীয়া হ'ব ।
| ৫. পানকাৰ্ডৰ সৈতে জড়িত ৫ টাকৈ ডাঙৰ পৰিৱৰ্তন |
চৰকাৰে পানকাৰ্ডৰ অৰ্থাৎ পি এ এনৰ সন্দৰ্ভত ‘আয়কৰ নিয়মৰ খচৰা ২০২৬’ প্ৰকাশ কৰিছে ৷
- নগদ ধনৰ লেনদেন: 'ড্ৰাফট ইনকাম ট্যাক্স ৰুলছ ২০২৬' জাৰী কৰিছে ৷ সেই নিয়ম অনুসৰি নগদ ধনৰ লেনদেন এতিয়াৰ পৰা প্ৰতি বছৰে ১০ লাখ টকাৰ অধিক ধন জমা বা উলিওৱাৰ বাবে পান কাৰ্ড প্ৰদান কৰাটো বাধ্যতামূলক হ’ব ৷
- সম্পত্তি: ২০ লাখতকৈ অধিক মূল্যৰ মাটি বা ঘৰ ক্ৰয়ৰ বাবে পান কাৰ্ডৰ প্ৰয়োজন হ’ব (পূৰ্বতে এই সীমা আছিল ১০ লাখ)।
- হোটেলৰ বিল: ১ লাখ পৰ্যন্ত হোটেলৰ বিলৰ বাবে আপোনাক পান কাৰ্ডৰ প্ৰয়োজন নহ’ব (পূৰ্বতে ৫০ হাজাৰ আছিল)।
- বাহন: ৫ লাখতকৈ অধিক মূল্যৰ গাড়ী বা প্ৰিমিয়াম বাইক ক্ৰয় কৰিবলৈহে এতিয়াৰ পৰা পান কাৰ্ডৰ প্ৰয়োজন হ’ব ।
| ৬. ৰাষ্ট্ৰীয় ঘাইপথত নগদ ধনৰ অন্ত: |
২০২৬ চনৰ ১ এপ্ৰিলৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথৰ টোল প্লাজাত নগদ ধন পৰিশোধ সম্পূৰ্ণৰূপে বন্ধ কৰা হ’ব ৷ ১,১৫০ অধিক টোল গেটত মূল্য সকলোতে কেৱল ফাষ্ট টেগ বা ইউ জি আইৰ জৰিয়তেহে লেনদেন কৰিব লাগিব ৷ ইয়াৰ লক্ষ্য হৈছে টোল প্লাজাত দীঘলীয়া শাৰী পতাৰ পৰা ৰক্ষা কৰা ৷
| ৭.বিদেশ ভ্ৰমণ আৰু পঢ়া-শুনাৰ ক্ষেত্ৰত সস্তা হ'ব (টি চি এছ): |
বিদেশ ভ্ৰমণ বা বিদেশত পঢ়িবলৈ যোৱা শিক্ষাৰ্থীৰ বাবে ভাল খবৰ ৷ লিবাৰেলাইজড ৰেমিটেন্স স্কীম (এল আৰ এছ)ৰ অধীন বিদেশ ভ্ৰমণত লগা টি চি এছৰ হাৰ ৫%, ২০%ৰ পৰা কমাই এতিয়া সৰলকৈ ২% হ্ৰাস কৰা হৈছে ৷ একেইদৰে বিদেশত অধ্যয়ন আৰু চিকিৎসাৰ ব্যয়ৰ ওপৰতো টি চি এছ ৫%ৰ পৰা কমাই ২% কৰা হৈছে ৷
| ৮) বিশেষভাৱে সক্ষম লোক আৰু শ্বহীদ পৰিয়ালৰ বাবে সাহায্য: |
বিশেষ সক্ষম লোকৰ আয়ৰ কৰৰ পৰা মুক্ত কৰা হৈছে ৷ তদুপৰিও সামৰিক বাহিনীৰ বাবে সেৱা আৰু বিশেষভাৱে সক্ষম লোকৰ পেঞ্চনৰ পৰা কৰমুক্ত কৰা হৈছে ৷ বিপৰীতে সাধাৰণ চাকৰিয়ালৰ অৱসৰ পেঞ্চনৰ ক্ষেত্ৰত এই ৰেহাই প্ৰযোজ্য নহ’ব ৷
| ৯) কণীৰ ম্যাদ উকলি যোৱাৰ তাৰিখ (উত্তৰ প্ৰদেশ): |
উত্তৰ প্ৰদেশ চৰকাৰে ৰাইজৰ স্বাস্থ্য সুৰক্ষাৰ লক্ষ্যৰে এক নিয়ম নিৰ্ধাৰণ কৰিছে ৷ ২০২৬ চনৰ ১ এপ্ৰিলৰ পৰা উত্তৰ প্ৰদেশত বিক্ৰী হোৱা প্ৰতিটো কণীৰ ম্যাদ উকলি যোৱাৰ তাৰিখ আৰু কণীৰ বজাৰলৈ অহাৰ তাৰিখ উল্লেখ থাকিব লাগিব ৷ এই নিয়ম কাৰ্যকৰী কৰা দেশৰ প্ৰথমখন ৰাজ্য হিচাপে পৰিণত হব উত্তৰ প্ৰদেশ ৷
| ১০) ৰাজস্থানত নূন্যতম মজুৰিৰ নতুন নিয়ম: |
ৰাজস্থান চৰকাৰে ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী কৰিব "মজুৰি নিয়ম ২০২৬"। ইয়াৰ অধীনত ৰাজ্যৰ শ্ৰমিকৰ কৰ্মৰ সময়, নূন্যতম মজুৰি, আৰু ছুটীৰ নিয়ম অধিক স্বচ্ছ কৰি তোলা হ’ব ৷
| ১১) মধ্যপ্ৰদেশত পৰিয়াল পেঞ্চন ব্যৱস্থা : |
মধ্যপ্ৰদেশ চৰকাৰে ২০২৬ চনৰ বাজেটত ঘোষণা কৰিছিল যে ১ এপ্ৰিলৰ পৰা ৰাজ্যত নতুন পৰিয়াল পেঞ্চন আঁচনি ৰূপায়ণ কৰা হ’ব বুলি ৷ তদুপৰিও এম পি জি এছ টি বিভাগে এতিয়াৰ পৰা ভাৰ্চুৱেল শুনানি (অনলাইন শুনানি) প্ৰৱৰ্তন কৰিব, যাৰ ফলত ব্যৱসায়ীসকলে কাৰ্যালয়লৈ যোৱাৰ প্ৰয়োজনীয়তা নাইকিয়া হ’ব ৷
| ১২) নতুন আৱৰ্জনা ব্যৱস্থাপনা নিয়ম ( এছ ডব্লিউ এম ২০২৬): |
পৰিৱেশ মন্ত্ৰণালয়ে ২০১৬ চনৰ পুৰণি আৱৰ্জনা ব্যৱস্থাপনা নিয়মৰ ঠাইত নতুন আৱৰ্জনা ব্যৱস্থাপনা নিয়ম ২০২৬ ৰূপায়ণ কৰিছে ৷ আৱৰ্জনা নিষ্কাশন প্ৰক্ৰিয়া এতিয়া ডিজিটেল হ’ব আৰু কোম্পানীসমূহে প্ৰতিটো পদক্ষেপৰ বিষয়ে অনলাইনত তথ্য প্ৰদান কৰিব লাগিব ৷
| ১৩) এম এ টি ব্যৱস্থা: |
ইয়াৰ দ্বাৰা কোম্পানীসমূহৰ বাবে নূন্যতম বিকল্প কৰ (এম এ টি) হাৰ ১৫%ৰ পৰা ১৪%লৈ হ্ৰাস কৰা হৈছে ৷ অৱশ্যে নতুন এম এ টি ক্ৰেডিটৰ অনুমতি আৰু দিয়া নহ’ব ৷
| ১৪) সুৰাৰ, নিচাজাতীয় সামগ্ৰী ব্যয়বহুল হৈ পৰিব : |
ৰাজহ বৃদ্ধি আৰু স্বাস্থ্য সুৰক্ষাৰ বাবে চৰকাৰে নিচাযুক্ত দ্ৰব্যৰ ওপৰত শুল্ক বৃদ্ধিৰ লগতে পাণ মছলাৰ ওপৰত অতিৰিক্ত কৰ আৰোপ কৰা হ’ব ৷ ফলত ইয়াৰ মূল্য বৃদ্ধি হোৱাটো নিশ্চিত হৈ পৰিছে ৷
| ১৫) ভূমি অধিগ্ৰহণৰ ক্ষতিপূৰণ : |
কৃষক আৰু মাটিৰ মালিকৰ বাবে এক ভাল খবৰ ৷ এতিয়াৰ পৰা চৰকাৰে অধিগ্ৰহণ কৰা মাটিৰ বাবে লাভ কৰা ক্ষতিপূৰণ এতিয়া সম্পূৰ্ণ কৰমুক্ত হ’ব ৷
উল্লেখ্য যে, ২০২৬ চনৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’বলগীয়া এই নিয়মসমূহে ডিজিটেল অৰ্থনীতি আৰু সৰলীকৃত কৰ ব্যৱস্থাৰ ওপৰত চৰকাৰে গুৰুত্ব দিয়াৰ স্পষ্ট ইংগিত দিছে ৷
উল্লেখ্য যে,টোল প্লাজা আৰু আৱৰ্জনা ব্যৱস্থাপনা সম্পূর্ণৰূপে ডিজিটেলাইজ হোৱাৰ সময়তে সাধাৰণ মানুহক পান কাৰ্ড আৰু বিদেশী ভ্ৰমণ কৰত সকাহ দিয়া হৈছে ৷
লগতে পঢ়ক: প্ৰথমবাৰৰ বাবে ব্ৰিটেইন-ইটালীলৈ অসমৰ জি আই টেগযুক্ত ২৫ মেট্ৰিকটন জহা চাউলৰ ৰপ্তানি

