ETV Bharat / business

ক্ষুদ্ৰ কৰদাতাসকলৰ বাবে অপ্ৰকাশিত বিদেশী সম্পত্তি বৈধ কৰাৰ শেষ সুযোগ : চৰকাৰৰ দ্বাৰা আৰম্ভ FAST-DS আঁচনি

FAST-DS আঁচনি ২০২৬ৰ ঘোষণা ৷ যাৰ জৰিয়তে ক্ষুদ্ৰ কৰদাতাসকলে বিদেশী সম্পত্তি ৰাজহুৱা কৰিব পাৰিব, ফলত কঠোৰ শাস্তি আৰু কাৰাদণ্ডৰ পৰা সকাহ পাব পাৰে ৷

Foreign assets disclosure scheme 2026
প্ৰতিনিধিত্বমূলক ফটো (IANS)
author img

By PTI

Published : August 16, 2026 at 1:47 PM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী : ভাৰত চৰকাৰৰ কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ ব’ৰ্ডে (CBDT) "বিদেশী সম্পত্তি প্ৰকাশ আঁচনি, ২০২৬" (FAST-DS) ঘোষণা কৰিছে, যিয়ে ক্ষুদ্ৰ কৰদাতাসকলক যথেষ্ট সকাহ প্ৰদান কৰিছে । এই নতুন আঁচনি ২০২৬ চনৰ ১৬ আগষ্টৰ পৰা আৰম্ভ হৈছে আৰু ২০২৬ চনৰ ৩১ ডিচেম্বৰলৈকে খোলা থাকিব । এই আঁচনিৰ অধীনত যিসকলে চৰকাৰক নিজৰ অপ্ৰকাশিত বিদেশী সম্পত্তিৰ সঠিক তথ্য প্ৰদান কৰে, তেওঁলোকক ক’লা ধন আইনৰ অধীনত গধুৰ জৰিমনা আৰু কাৰাদণ্ডৰ পৰা সম্পূৰ্ণৰূপে ৰেহাই দিয়া হ’ব ।

এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ সম্পত্তিসমূহক ইয়াৰ প্ৰকৃতি আৰু দুটা মূল সীমাৰ ওপৰত ভিত্তি কৰি চাৰিটা ভাগত ভাগ কৰা হৈছে :-

  • ১ কোটি টকা পৰ্যন্ত সীমাবদ্ধতা (অপ্ৰকাশিত আয় আৰু সম্পত্তি)

ভাৰতত কৰ নিদিয়াকৈ বহিঃৰাজ্যলৈ ধন প্ৰেৰণ কৰা সম্পত্তি (১ম শ্ৰেণী) আৰু বিদেশী আয় (২ শ্ৰেণী)ৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য । এই শ্ৰেণীত কৰদাতাই সম্পত্তিৰ মুঠ মূল্যৰ ওপৰত ৩০% কৰ আৰু সমান (১০০%) জৰিমনা ভৰিব লাগিব । সহজ ভাষাত ক’বলৈ গ’লে মুঠ সম্পত্তিৰ প্ৰায় ৬০% চৰকাৰক দিব লাগিব ।

  • ৫ কোটি টকা পৰ্যন্ত সীমাবদ্ধতা (NRI ৰ সম্পত্তি আৰু নথিপত্ৰৰ ভুল)

এই সকাহ সেইসকলৰ বাবে যিসকলে প্ৰবাসী ভাৰতীয় হৈ থকাৰ সময়ত বিদেশত সম্পত্তি অধিগ্ৰহণ কৰিছিল, কিন্তু ভাৰতলৈ উভতি অহাৰ সময়ত ঘোষণা কৰাত ব্যৰ্থ হৈছিল (শ্ৰেণী ৩) বা নিজৰ সৎ উপাৰ্জন ব্যৱহাৰ কৰি বিদেশত সম্পত্তি ক্ৰয় কৰিছিল, কিন্তু তেওঁলোকৰ আয়কৰ ৰিটাৰ্ণ (ITR) সূচী FA ত প্ৰকাশ কৰিব পৰা নাছিল (শ্ৰেণী ৪) । এই শিতানত কোনো ধৰণৰ কৰ বা জৰিমনা নাথাকিব । কৰদাতাই মাত্ৰ ১ লাখ টকাৰ ফ্লেট মাচুলহে দিব লাগিব (বা অতি সৰু সম্পত্তিৰ বাবে শূন্য মাচুল) ।

  • মূল্যায়ন আৰু পৰিশোধৰ নিয়ম

বিদেশী সম্পত্তিৰ মূল্য ২০২৬ চনৰ ৩১ মাৰ্চৰ বজাৰ মূল্যৰ ওপৰত ভিত্তি কৰি মূল্যায়ন কৰা হ’ব । ভাৰতীয় ৰিজাৰ্ভ বেংকৰ হাৰত বিদেশী মুদ্ৰা টকালৈ ৰূপান্তৰ কৰা হ’ব । বিদেশী বেংক একাউণ্টৰ মূল্য গণনা কৰিবলৈ একাউণ্ট খোলাৰ পৰা জমা হোৱা মুঠ ধন যোগ কৰা হ’ব ।

যোগ্য কৰদাতাই ২০২৬ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত অনলাইনত প্ৰপত্ৰ ১ দাখিল কৰিব লাগিব । কৰ বিভাগৰ পৰা অৰ্ডাৰ (ফৰ্ম ২) লাভ কৰাৰ লগে লগে নিৰ্ধাৰিত ধন দুমাহৰ ভিতৰত সুতমুক্তভাৱে জমা কৰিব লাগিব । ইয়াৰ পাছত প্ৰতিমাহে ১% সুতৰ সৈতে দুমাহৰ ৰেহাইৰ সময়সীমা প্ৰদান কৰা হ’ব, তাৰ পাছত ৰেহাই বাতিল কৰা বুলি গণ্য কৰা হ’ব ।

লগতে পঢ়ক : বজাৰত প্লাষ্টিক টকাঃ কাগজৰ বিপৰীতে দেশবাসীয়ে পাব ১০ আৰু ২০ টকীয়া পলিমাৰ নোট