ETV Bharat / business

এৰী কাপোৰ আপুনি দেখিছে বা পিন্ধিছে, কিন্তু এৰীৰ চাবোন ব্যৱহাৰ কৰিছেনে ?

অসম তথা ভাৰতত প্ৰথমবাৰৰ বাবে এৰী লেটাৰ পৰা প্ৰস্তুত হৈছে চাবোন । শীঘ্ৰে আহিব বজাৰলৈ । এই চাবোনৰ বিষয়ে সবিশেষ জানো আহক ।

Eri silk soap
এৰী ছিল্ক চাবোন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 18, 2025 at 3:48 PM IST

6 Min Read
Choose ETV Bharat

গুৱাহাটী : এৰী অসমৰ গৌৰৱ । ই অসমৰ ঐতিহ্য, সংস্কৃতি আৰু আত্মনিৰ্ভৰশীলতাৰ প্ৰতীক । অসমৰ গ্ৰামাঞ্চলত এৰী আৰু ৰেচম উদ্যোগে বহু পৰিয়ালক জীৱিকাৰ পথ দেখুৱাইছে । বিশেষকৈ মহিলা সমাজৰ সক্ৰিয় অংশগ্ৰহণে এৰী উদ্যোগক সামাজিক আৰু অৰ্থনৈতিকভাৱে শক্তিশালী কৰি তুলিছে । এৰী সূতাৰ পৰা চাদৰ-মেখেলা, চেলেং, কম্বল আদিৰ লগতে আধুনিক পোচাক আৰু হস্তশিল্প সামগ্ৰী প্ৰস্তুত কৰা হয় ।

অসমৰ এৰী বস্ত্ৰ দেশজুৰি জনপ্ৰিয় । ৰাজ্যখনলৈ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী বা বিশিষ্ট অতিথি আহিলে আনকি চৰকাৰী পক্ষয়ো দিয়া উপহাৰ বা সম্বৰ্ধনাত এৰী বস্ত্ৰ অনুৰ্ভুক্ত থাকে । অৰ্থাৎ এৰী হৈছে অসমৰ পৰিচয় । এৰী সূতাৰে নিৰ্মিত বস্ত্ৰ বিশেষকৈ মেখেলা-চাদৰ, চেলেং, চল আদি যথেষ্ট সমাদৃত । এক কথাত ক'বলৈ গ'লে ই অনন্য । কিন্তু এৰী পলু বা লেটাৰ পৰা যে চাবোন প্ৰস্তুত কৰিব পাৰি আপুনি জানেনে ? আচৰিত যেন লাগিলেও অসমৰ এজন লোকৰ প্ৰচেষ্টাত এৰী লেটাৰ পৰা চাবোন প্ৰস্তুত হৈ আছে । যি চাবোন মানুহৰ ছালৰ বাবেও যথেষ্ট উপকাৰী হিচাপে বিবেচিত হৈছে ।

প্ৰথমবাৰৰ বাবে এৰী ছিল্ক চাবোন প্ৰস্তুত (ETV Bharat Assam)

এৰী লেটাৰ পৰা চাবোন

হয়, এৰী লেটাৰ পৰা গুৱাহাটী মহানগৰীৰ এজন লোকৰ প্ৰচেষ্টাত প্ৰস্তুত কৰি থকা হৈছে গা ধোৱা চাবোন । তেওঁ হৈছে মহানগৰীৰ বেলতলাৰ বাসিন্দা তথা যুৱ উদ্যোগী গৌতম ডেনিয়েল ৰয় চৌধুৰী । চৌধুৰীয়ে উল্লেখ কৰা মতে ভাৰতৰ ভিতৰত প্ৰথমবাৰৰ বাবে তেওঁ এৰী লেটাৰ পৰা হাতেৰে চাবোন প্ৰস্তুত কৰিছে । বিগত ২০ বছৰৰ পৰা এৰী আৰু মুগা শিল্পৰ ওপৰত কাম কৰি আহিছে গৌতম ডেনিয়েল ৰয় চৌধুৰীয়ে । অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত এতিয়া তেওঁ প্ৰস্তুত কৰা এৰী চাবোনে সমাদৰ লাভ কৰিছে । আগন্তুক দিনত দেশৰ বাহিৰত বিশেষকৈ ইউৰোপ, জাপান, থাইলেণ্ড, ছিংগাপুৰ আদিলৈ এই চাবোন ৰপ্তানি কৰাৰ পৰিকল্পনা কৰিছে ।

Eri silk soap
এৰী ছিল্ক চাবোন (ETV Bharat Assam)

এৰী চাবোন প্ৰস্তুতৰ আঁৰৰ কাহিনী

এই সন্দৰ্ভত গৌতম ডেনিয়েল ৰয় চৌধুৰীয়ে কয়, "বিগত ২০ বছৰ ধৰি এৰী আৰু মুগা সূতাৰ ওপৰত কাম কৰি আহিছো । 'I-WEAVE SILK HANDLOOM' নামৰ ব্ৰেণ্ডটোৰ জৰিয়তে আমি মেখেলা-চাদৰৰ পৰা আৰম্ভ কৰি মুগা আৰু এৰীৰ বিভিন্ন প্ৰকাৰৰ বস্ত্ৰ বনাই আহিছোঁ । এই সামগ্ৰীবোৰ দেশৰ বিভিন্ন স্থানৰ লগতে বিদেশলৈও প্ৰেৰণ কৰিছোঁ । মই দেখিছোঁ থাইলেণ্ড, কোৰিয়া, চীন আদি দেশত চিল্কৰ পৰা বিভিন্ন প্ৰকাৰৰ প্ৰডাক্ট বনাই । এৰীৰ পৰা বিউটি প্ৰডাক্ট বনাব পৰা যায় নেকি তাক মই বহু দিনৰ পৰা চিন্তাচৰ্চা কৰি আছিলোঁ । এৰীৰ পৰা কাপোৰৰ উপৰিও যদি আন প্ৰডাক্ট বনাব পাৰো তেতিয়া এৰী পালকসকল যথেষ্ট উপকৃত হ'ব ।"

Eri silk soap
এৰী লেটাৰ পৰা চাবোন প্ৰস্তুত (ETV Bharat Assam)

তেওঁ লগতে কয়, "সেয়েহে দীৰ্ঘদিনৰ চিন্তাচৰ্চাৰ অন্তত 'Fusion Moksha' নামৰ ষ্টাৰ্টআপটোৰ স্বত্বাধিকাৰী ৰবিন্দ্ৰ কৌৰৰ সহযোগত এৰী লেটাৰ পৰা হস্তনিৰ্মিত এৰী চাবোন প্ৰস্তুত কৰি উলিয়াইছোঁ । প্ৰথম অৱস্থাত ২০ টুকুৰা চাবোন বনাই নিজে ব্যৱহাৰ কৰিছোঁ । শেহতীয়াকৈ ২০০ টুকুৰা চাবোন বনাইছোঁ । বৰ্তমানলৈ বজাৰত মুকলি কৰি দিয়া নাই যদিও আমাৰ কাপোৰৰ গ্ৰাহকসকলক ব্যৱহাৰ কৰিবলৈ উপহাৰ হিচাপে আগবঢ়াইছো । অনলাইনৰ জৰিয়তে আৰু প্ৰদৰ্শনীবোৰত এৰী চাবোন বিক্ৰী কৰাৰ চিন্তাচৰ্চা কৰিছোঁ । নৱবৰ্ষত এৰী চাবোন ইউৰোপ, জাপান, থাইলেণ্ড, ছিংগাপুৰৰ বজাৰলৈ ৰপ্তানি কৰাৰ পৰিকল্পনা কৰিছোঁ ।"

entrepreneur from Assam is making soap from Eri silkworm cocoons
এৰী ছিল্ক চাবোনৰ আঁৰৰ ব্যক্তিজন (ETV Bharat Assam)

এৰী চাবোন ছালৰ বাবে কিয় উপকাৰী ?

তেওঁ লগতে কয়, "এই এৰী চাবোন ছালৰ বাবে অতি উপকাৰী হোৱাৰ লগতে এই চাবোনবিধত জন্তুৰ চৰ্বি নাথাকে । চিল্কত এভিনিউ এচিডৰ লগতে প্ৰটিন থাকে । ই ছাল আৰু চুলিৰ বাবে অতি উপকাৰী । খহতা আৰু সংবেদনশীল ছাল আদিৰ বাবে অতি উপযোগী এৰী চাবোন । শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে এই চাবোন ব্যৱহাৰ কৰিব পাৰে ।" চাবোনৰ দামৰ ক্ষেত্ৰত তেওঁ কয় যে প্ৰতিটো চাবোনৰ মূল্য বৰ্তমান প্ৰায় ৭০০ টকা । পৰৱৰ্তী সময়ত ইয়াৰ মূল্য বৃদ্ধি হ'ব পাৰে ।

Eri Silk Soap making process
এৰী চাবোন প্ৰস্তুত কৰাৰ মুহূৰ্তত (ETV Bharat Assam)

কি কি ব্যৱহাৰ হয় এৰী চাবোনত ?

আনহাতে গৌতম ডেনিয়েল ৰয় চৌধুৰীৰ সহযোগী ৰবিন্দ্ৰ কৌৰে কয়, "মই ২০১৭ চনৰ পৰাই হস্তনিৰ্মিত চাবোন বনাই আহিছোঁ । বিভিন্ন ফল, ফুলেৰে চাবোন বনাইছোঁ । শেহতীয়াকৈ এৰী চাবোন বনাইছোঁ । ৭-৮ মহীয়া প্ৰচেষ্টাৰ অন্তত অৱশেষত এৰী চাবোন নিখুঁতভাৱে প্ৰস্তুত কৰিব পাৰিছোঁ । এই চাবোনবিধ প্ৰস্তুত কৰোতে এৰী ফাইবাৰৰ লগতে নাৰিকল তেল, অ'লিভ অইলৰ উপৰিও বিভিন্ন প্ৰকাৰৰ তেল ব্যৱহাৰ কৰা হয় । এডোখৰ চাবোন বনাবলৈ আৰম্ভণিৰ পৰা পেকেজিঙলৈ ৪২-৪৫ দিন সময়ৰ প্ৰয়োজন হয় । আমি আৰম্ভণিতে ৬৫-৭০ গ্ৰামৰ চাবোনবিধ প্ৰস্তুত কৰিছোঁ । পৰৱৰ্তী সময়ত এৰী ফাইবাৰেৰে ছেম্পু বনোৱাৰ পৰিকল্পনা কৰিছোঁ । এই চাবোনবিধ সকলো ছালৰ উপযোগী হয় ।"

Eri Silk Soap making process
এৰী ছিল্ক চাবোন (ETV Bharat Assam)

তেওঁ লগতে কয়, "এৰী কাপোৰ ছালৰ বাবে অতি উপযোগী । একেদৰে এৰীৰ পৰা বনোৱা চাবোন ছালৰ বাবে উপযোগী । অসমৰ ৰাইজে এৰী কাপোৰক গৌৰৱ হিচাপে ব্যৱহাৰ কৰে । এবাৰ এৰী চাবোন ব্যৱহাৰ কৰিলেহে বুজি পাব তাৰ উপকাৰিতা । বজাৰত পোৱা চাবোনবোৰত যিদৰে জন্তুৰ চৰ্বি, প্ৰিজাৰ্ভ ফিলাৰ্চ থাকে । আমাৰ হস্তনিৰ্মিত এই চাবোনবোৰ জৈৱিকভাৱে প্ৰস্তুত কৰো ।" ভাৰতত প্ৰথমবাৰৰ বাবে এৰী ছিল্কৰ ফাইবাৰেৰে চাবোন প্ৰস্তুত কৰা হৈছে বুলি তেওঁ মন্তব্য কৰে ।

Fusion Moksha
'Fusion Moksha' নামৰ ষ্টাৰ্টআপৰ জৰিয়তে প্ৰস্তুত এৰী ছিল্ক চাবোন (ETV Bharat Assam)

অসমত কিমান এৰী পালক আছে ?

গৌতম ডেনিয়েল ৰয় চৌধুৰীয়ে কয়, "চৰকাৰী তথ্য অনুসৰি অসমত ডেৰ লাখ এৰী পালক আছে । বছৰি ৰাজ্যত ৩ হাজাৰ মেট্ৰিক টন এৰী উৎপাদন হয় । এৰী পালক বড়োলেণ্ডত অধিক থকাৰ উপৰিও কামৰূপ, ডিব্ৰুগড়, কাৰ্বি আংলং, ধেমাজি, তিনিচুকীয়া আছে ।" তেওঁ লগতে কয়, "এৰীৰ পৰা যদি আমি কাপোৰৰ উপৰিও আন সামগ্ৰী বনাব পাৰো, তেতিয়া ৰাজ্যত এৰী পালকৰ সংখ্যা বৃদ্ধি হোৱাৰ লগতে এৰীৰ উৎপাদন আৰু বৃদ্ধি পাব ।"

লগতে পঢ়ক :শিক্ষক নহ'লেও হ'ব, ৰব'টে পঢ়ুৱাব শিক্ষাৰ্থীক !