এতিয়া ডাকোৱালে আপোনাৰ ঘৰলৈ আহি বনাব আপোনাৰ জীৱিতৰ প্ৰমাণ পত্ৰ, কেনেকৈ কৰিব আবেদন ?
ইণ্ডিয়া পোষ্ট পেমেণ্টছ বেংকৰ সহযোগত ইপিএফঅ’য়ে পেঞ্চনাৰসকলক ডিজিটেল জীৱিতৰ প্ৰমাণপত্ৰ জমা দিয়াতো সহজ কৰি তুলিছে ।

Published : January 16, 2026 at 2:49 PM IST
|Updated : January 16, 2026 at 3:14 PM IST
হায়দৰাবাদ : কৰ্মচাৰী ভৱিষ্য নিধি সংগঠনে ইপিছ পেঞ্চনভোগীৰ বাবে এক সকাহ আৰু অত্যন্ত উপযোগী সুবিধা প্ৰদান কৰিছে । বৰ্তমান পেঞ্চনাৰসকলে প্ৰতিবছৰে ডিজিটেল জীৱিতৰ প্ৰমাণ তৈয়াৰ কৰিবৰ বাবে বেংকত শাৰী পাতিবও নালাগে আৰু ইপিএফঅ' কাৰ্যালয়ৰ পৰিক্ৰমাও কৰিবও নালাগে । ইপিএফঅ'য়ে ইণ্ডিয়া প'ষ্ট পেমেণ্ট বেংকৰ সহযোগত বিনামূলীয়াকৈ ডিএলচি সেৱা আৰম্ভ কৰিছে ।
এই নতুন ব্যৱস্থাৰ অধীনত ডাকোৱালে নিজেই পেঞ্চনাৰসকলৰ ঘৰে ঘৰে গৈ জীৱিতৰ প্ৰমাণ পত্ৰ তৈয়াৰ কৰি দিব । এই সুবিধা বিশেষকৈ বৃদ্ধ, ৰোগীয়া পেঞ্চনাৰ আৰু গ্ৰামাঞ্চলত বসবাস কৰা লোকসকলৰ বাবে খুবেই উপকাৰী হ'ব । পেঞ্চনভোগীসকলে PostInfo App তথা ইয়াৰ লগত জড়িত ৱেবচাইটৰ মাধ্যমৰে এই সেৱাৰ বাবে আবেদন কৰিব পাৰে ।
ঘৰতে বহি বনাব পাৰিব ডিজিটেল জীৱিতৰ প্ৰমাণ পত্ৰ:
দুৱাৰমুখতে সেৱাৰ অধীনত ডাকোৱালে নিৰ্ধাৰিত সময়ত পেঞ্চনাৰৰ ঘৰত উপস্থিত হ'ব । সৰ্বপ্ৰথমে পেঞ্চন পেমেণ্ট অৰ্ডাৰ আৰু আধাৰৰ সৈতে জড়িত তথ্য সত্যাপন কৰা হ'ব । ইয়াৰ পিছত অথেণ্টিকেচন প্ৰযুক্তি ব্যৱহাৰ কৰি টেকন'লজীৰ মাধ্যমৰে ডিজিটেল জীৱিতৰ প্ৰমাণ পত্ৰ তৈয়াৰ কৰা হ'ব ।
যদি কিবা কাৰণত ফেচ অথেণ্টিকেচন সফল নহয়, তেন্তে বায়'মেট্ৰিক ফিংগাৰপ্ৰিণ্টৰ জৰিয়তে এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হ'ব । জীৱিতৰ প্ৰমাণ পত্ৰ তৈয়াৰ হোৱাৰ পিছতে পেঞ্চনাৰৰ ম'বাইলত এছএমএছ প্ৰেৰণ কৰা হ'ব আৰু প্ৰমাণপত্ৰ পোনপটীয়াকৈ প'ৰ্টেলত আপলোড হৈ যাব ।
সম্পূৰ্ণৰূপে বিনামূলীয়া সেৱা:
এই সম্পূৰ্ণ প্ৰক্ৰিয়াৰ বাবে পেঞ্চনাৰে কোনো মাচুল লোৱা নহ'ব । দুৱাৰমুখতে সেৱাৰ সম্পূৰ্ণ খৰচ ইপিএফঅ'ৰ দ্বাৰা বহন কৰা হ'ব । ইয়াৰ জৰিয়তে পেঞ্চনাৰে কোনোধৰণৰ আৰ্থিক বোজা উঠাব নালাগে আৰু তেওঁলোকে ঘৰতে বহি জৰুৰী কাম কৰাৰ সুবিধা লাভ কৰিব ।
দীঘলীয়া সমস্যা সমাধানত জোৰ:
ইপিএফঅ'য়ে সকলো ক্ষেত্ৰীয় কাৰ্যালয়ক নিৰ্দেশ দিয়ে যে পাঁচ বছৰ তথা তাতকৈ অধিক সময়ৰ বাবে দীৰ্ঘকালৰ জীৱিতৰ প্ৰমাণ পত্ৰৰ বিষয়ক প্ৰাথমিকতাৰ আধাৰত নিষ্পতি কৰা হ'ব । ইয়াৰ পিছত দুই বা পাঁচ বছৰ পুৰণি বিষয়ৰ তদন্ত কৰা হ'ব । সংগঠনৰ লক্ষ্য ২০২৬ চনৰ মাৰ্চলৈকে সকলো জীৱিক প্ৰমাণ পত্ৰৰ বিষয় সমাধান কৰা হ'ব ।
সত্যাপনৰ সময়ত যদি কোনো পেঞ্চনাৰৰ মৃত্যুৰ তথ্য পোহৰলৈ আহে, তেতিয়া ডাক সেৱকে তূৰন্তে ৰিপ'ৰ্ট কৰিব লাগিব, যাতে সম্বন্ধিত পিপিঅ' বন্ধ কৰিব পৰা যায় তথা প্ৰাপ্য উত্তৰাধিকাৰে সময়মতে লাভ কৰিব পাৰে ।
ডিজিটেল আত্মনিৰ্ভৰশীলতাক প্ৰসাৰিত কৰা:
ইপিএফঅ’ই স্মাৰ্টফোন ব্যৱহাৰ কৰা পেঞ্চনাৰসকলক জীৱিতৰ প্ৰমান বা উমংগ এপ ব্যৱহাৰ কৰি নিজাকৈ ডিজিটেল জীৱিতৰ প্ৰমাণপত্ৰ তৈয়াৰ কৰিবলৈও পৰামৰ্শ দিয়ে । ২০২০ চনৰ পৰা আৰম্ভ হোৱা এই সুবিধা এতিয়া সম্পূৰ্ণ বিনামূলীয়া ।
'জীৱনৰ সহজতা'ৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ:
বিশেষজ্ঞসকলৰ মতে ইপিএফঅ’ৰ এই পদক্ষেপে পেঞ্চনাৰসকলৰ জীৱন যাপনৰ সহজতা শক্তিশালী কৰে । ইয়াৰ দ্বাৰা বৃদ্ধসকলৰ হেঁচা হ্ৰাস পাব, পেঞ্চন পৰিশোধৰ ক্ষেত্ৰত বাধা ৰোধ হ’ব, লগতে ডিজিটেল ইণ্ডিয়াৰ লক্ষ্যও শক্তিশালী হ’ব । এই পদক্ষেপক পেঞ্চনাৰসকলক সন্মানজনক আৰু আৰামদায়ক জীৱন প্ৰদানৰ দিশত এক বৃহৎ প্ৰচেষ্টা বুলি গণ্য কৰা হৈছে ।

