EPF Scheme 2026: PF ৰ পৰা ধন উলিওৱাৰ নিয়মৰ সাল-সলনি; একাউণ্টত বেলেঞ্চ কিমান থাকিব লাগে জানেনে ?
নতুন EPF আঁচনি ২০২৬ ৰূপায়ণৰ মূল উদ্দেশ্য হৈছে প্ৰভিডেণ্ট ফাণ্ড সেৱাসমূহ ডিজিটেলাইজ কৰা আৰু ধন উলিওৱাৰ প্ৰক্ৰিয়া সৰল কৰা ।

Published : July 2, 2026 at 2:05 PM IST
নতুন দিল্লী: কৰ্মচাৰী প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্বন(EPFO)ৰ অধীনত কেন্দ্ৰীয় চৰকাৰে নতুন "কৰ্মচাৰী প্ৰভিডেণ্ট ফাণ্ড আঁচনি, ২০২৬" ৰূপায়ণ কৰিছে । ২৯ জুনৰ পৰা এই নতুন আঁচনিখন কাৰ্যকৰী হৈছে । এই নতুন নিয়মৰ অধীনত PF একাউণ্টৰ পৰা আংশিকভাৱে উলিওৱাৰ নিয়মত যথেষ্ট পৰিৱৰ্তন কৰা হৈছে ।
- ২৫% বেলেন্স বজাই ৰখাটো বাধ্যতামূলক
নতুন নিয়ম অনুসৰি PF একাউণ্টধাৰীয়ে এতিয়া কোনো ধৰণৰ অগ্ৰিম বা আংশিক উলিওৱাৰ পূৰ্বে মুঠ বেলেঞ্চৰ কমেও ২৫% একাউণ্টত ৰাখিব লাগিব । অৰ্থাৎ আপুনি PF একাউণ্টৰ পৰা সম্পূৰ্ণ বেলেঞ্চ একেলগে উলিয়াব নোৱাৰিব । এই ২৫% ধন বেলেগে ৰখোৱাৰ পাছতহে উলিয়াব পাৰিব ৷
এই নিয়ম কৰ্মচাৰী আৰু নিয়োগকৰ্তা দুয়োটাৰে অৱদানৰ ক্ষেত্ৰত প্ৰযোজ্য । উদাহৰণস্বৰূপে আপোনাৰ একাউণ্টত যদি ১ লাখ টকাৰ বেলেঞ্চ থাকে তেন্তে ২৫ হাজাৰ টকা একাউণ্টত ৰাখিব লাগিব । নিয়ম অনুসৰি বাকী থকা ৭৫ হাজাৰ টকাহে উলিয়াব পাৰিব ।
- ১২ মাহৰ চাকৰি কৰাৰ পাছতহে এই ধন উলিয়াব পাৰিব
আগতে আপোনাৰ PF ৰ পৰা ধন উলিয়াবলৈ বহু সময় অপেক্ষা কৰিবলগীয়া হৈছিল । অৱশ্যে নতুন নিয়মৰ অধীনত এতিয়া ১২ মাহ (এবছৰ) সেৱা সম্পূৰ্ণ কৰাৰ পাছতহে আংশিকভাৱে উলিওৱাৰ অনুমতি দিয়া হ’ব । একাউণ্টধাৰীয়ে বিশেষ পৰিস্থিতিত ধন উলিওৱাৰ কোনো অতিৰিক্ত কাৰণ বা ব্যাখ্যা আৰু দিব নালাগিব ।
- গুৰুত্বপূৰ্ণ কামৰ বাবে ১০০% পৰ্যন্ত ধন উপলব্ধ হ’ব
চৰকাৰে PF ৰ পুঁজি উলিয়াব পৰা পৰিসৰ বৃদ্ধি কৰিছে । একাউণ্টধাৰীয়ে চিকিৎসা, শিশুৰ উচ্চ শিক্ষা আৰু বিবাহ আদি গুৰুত্বপূৰ্ণ উদ্দেশ্যৰ বাবে তেওঁলোকৰ যোগ্য ধন ১০০% পৰ্যন্ত উলিয়াব পাৰে । তদুপৰি ঘৰ বা ফ্লেট ক্ৰয় কৰা, ঘৰ নিৰ্মাণৰ বাবে প্লট ক্ৰয় কৰা, ঘৰ মেৰামতি কৰা, ঘৰৰ ঋণ পৰিশোধ কৰাৰ বাবেও PF-ৰ ধন উলিয়াব পাৰি ।
- UPI আৰু WhatsApp ৰ জৰিয়তে উপলব্ধ হ’ব নতুন ফিচাৰ
EPFO-এ ইয়াৰ ৭ কোটিতকৈ অধিক সদস্যক সকাহ প্ৰদানৰ বাবে এক বৃহৎ প্ৰযুক্তিগত পৰিৱৰ্তন ৰূপায়ণ কৰিছে । এতিয়া UPI-ৰ জৰিয়তে আপোনাৰ বেংক একাউণ্টলৈ পোনপটীয়াকৈ PF ফাণ্ড ট্ৰেন্সফাৰ কৰিব পাৰিব । ইয়াৰ বাবে সফল পৰীক্ষণ সম্পূৰ্ণ কৰা হৈছে ।
ইয়াৰ উপৰিও অহা এমাহৰ ভিতৰত আৰম্ভ হ’ব হোৱাটছএপ সেৱা । সদস্যসকলে তেওঁলোকৰ PF বেলেঞ্চ পৰীক্ষা কৰিব পাৰিব, তেওঁলোকৰ শেষৰ পাঁচটা লেনদেন চাব পাৰিব আৰু কেৱল ‘Hello’ মেছেজ এটা কৰিয়েই ক্লেম কৰিব পাৰিব । এই বৈশিষ্ট্য আঞ্চলিক ভাষাতো উপলব্ধ হ’ব যাতে জনসাধাৰণে সহজে বুজিব পাৰে ।
লগতে পঢ়ক : কাগজৰ নোটৰ সলনি পলিমাৰ নোট, কিয় ? লগতে পঢ়ক : গ্ৰাহকলৈ সকাহ ! ১৮৩.৫০ টকাকৈ হ্ৰাস ৰন্ধন গেছৰ মূল্য |

