ETV Bharat / business

আইফেল টাৱাৰ চাবলৈ যাব নালাগে পেৰিছলৈ, বাণিজ্য মেলাত দেশী-বিদেশী বিপণিৰ পয়োভৰ

অসম বাণিজ্য উন্নয়ন সংস্থাৰ বিশাল আয়োজন নলবাৰী ৰাস মহোৎসৱত ।

The Eiffel Tower has been set up at the international trade fair in Nalbari
আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাত দেশী-বিদেশী বিপণিৰ পয়োভৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 11, 2025 at 5:41 PM IST

5 Min Read
Choose ETV Bharat

নলবাৰী: আপুনি বাৰু পেৰিছলৈ গৈ আইফেল টাৱাৰ সন্মুখৰ পৰা উপভোগ কৰিব বিচাৰিছে নেকি ? আইফেল টাৱাৰৰ ওচৰত এখন ফটো অথবা চেলফি উঠিবলৈও ইচ্ছা গৈছে নেকি আপোনাৰ ? তেন্তে এতিয়া আৰু চিন্তা নকৰিব, আপুনি যাব নালাগে পেৰিছলৈ । সেই একেই অনুভৱ লওক, একেই মনোৰঞ্জন লওক এইখন অসমতেই । হুবহু আইফেল টাৱাৰৰ তলত আপুনিও উঠক এখন ফটো আৰু পূৰণ কৰক মনৰ ইচ্ছা ‌। তাৰ বাবে আপুনি যাব লাগিব প্ৰজ্ঞাৰ নগৰী নলবাৰীলৈ ।

মাত্ৰ কেইটামানদিনৰ বাবে থাকিবলগীয়া আইফেল টাৱাৰ চাবলৈ আজিয়েই যাওক নলবাৰীত চলি থকা উত্তৰ-পূব ভাৰতৰ বিশাল ধৰ্মীয় অনুষ্ঠান শ্ৰীশ্ৰী হৰিমন্দিৰৰ ৰাস মহোৎসৱলৈ । কিয়নো তাত অসম বাণিজ্য উন্নয়ন সংস্থাই বাণিজ্য মেলাৰ জৰিয়তে কৰিছে এই বিশাল আয়োজনৰ । আইফেল টাৱাৰ চাবলৈ এতিয়া আৰু আপুনি যাব নালাগে পেৰিছলৈ । অহা ১৭ নৱেম্বৰলৈ নলবাৰী ৰাস মহোৎসৱত চলি থাকিব বাণিজ্য মেলা আৰু থিয় হৈ থাকিব আপুনি মনতে ৰচা আশা সপোন পূৰাবলৈ ১০০ ফুটৰো অধিক উচ্চতাৰ আইফেল টাৱাৰ ।

আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাত দেশী-বিদেশী বিপণিৰ পয়োভৰ (ETV Bharat Assam)

বিগত ২০২৩ বৰ্ষৰ ৰাস মহোৎসৱৰ পৰাই অসম বাণিজ্য উন্নয়ন সংস্থাৰ উদ্যোগত নলবাৰীৰ ৰাস মহোৎসৱত চলি আছে নলবাৰী বাণিজ্য মেলা । ২০২৩ ত টুইন টাৱাৰ, ২০২৪ ত ইণ্ডিয়া গেট আৰু এইবাৰ ৰাস দৰ্শনৰ্থী আৰু পৰ্যটকক চমক দিবলৈ অন্য এক বিশাল আয়োজন কৰিছে । সেয়া হ'ল পেৰিছৰ আইফেল টাৱাৰ । য'ত প্ৰতিদিনে লাখ লাখ লোকে ওচৰৰ পৰা দৰ্শন কৰি বিৰ দি বাট নোপোৱা অৱস্থা নলবাৰীৰ বাণিজ্য মেলাত । সকলোৱে আহি এবাৰ পেৰিছৰ আইফেল টাৱাৰ উপভোগ কৰিছে নলবাৰী ৰাসত । চেলফি উঠি আপলোড কৰিছে । সেয়েহে আপুনিও য'দি মনতে ভাবি আছে এই দৃশ্য উপভোগ কৰিবলৈ । তেন্তে এতিয়াই আহক নলবাৰী ৰাসলৈ ।

The Eiffel Tower has been set up at the international trade fair in Nalbari
ভিন্ন সামগ্ৰীৰ বিপণিৰ ভিৰ (ETV Bharat Assam)
The Eiffel Tower has been set up at the international trade fair in Nalbari
আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাত পেৰিছৰ আইফেল টাৱাৰ ! (ETV Bharat Assam)

আয়োজক তথা অসম বাণিজ্য উন্নয়ন সংস্থাৰ অধ্যক্ষ সুনীল ডেকাই কয়, "নলবাৰী ৰাসত বিগত ২০২৩ বৰ্ষৰ পৰা পৰ্যটক আৰু ৰাস যাত্ৰীক চমক দেখুৱাবলৈ অসম বাণিজ্য উন্নয়ন সংস্থাই বাণিজ্য মেলাত প্ৰদৰ্শন কৰি আহিছে কেইবাটাও দৃশ্যপট । বিগত ২০২৩ ৰ ৰাসত টুইন টাৱাৰ, '২৪ ত ইণ্ডিয়া গেট আৰু এইবাৰ আইফেল টাৱাৰ নিৰ্মাণ কৰি উলিয়াইছোঁ । যাতে পেৰিছলৈ গৈ আইফেল টাৱাৰ উপভোগ কৰাৰ ক্ষমতা নথকাসকলে ইয়াতেই হুবহু উপভোগ কৰিব পাৰে আইফেল টাৱাৰ । সম্পূৰ্ণ ষ্টীলেৰে নিৰ্মাণ কৰা হৈছে এইটো ১০০ টকৈ অধিক উচ্চতাৰ আইফেল টাৱাৰ ।"

The Eiffel Tower has been set up at the international trade fair in Nalbari
আইফেল টাৱাৰ চাবলৈ অগণন লোকৰ ভিৰ (ETV Bharat Assam)
The Eiffel Tower has been set up at the international trade fair in Nalbari
লোকাৰণ্য আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাস্থলী (ETV Bharat Assam)

তেওঁঁ লগতে কয়,"নলবাৰী ৰাসৰ বাণিজ্য মেলাত অকল অসমৰেই নহয় দিল্লী, কাশ্মীৰ, ৰাজস্থান আদিৰ সমান্তৰালকৈ ভিৰ কৰিছে বিদেশী প্ৰতিষ্ঠানেও । নলবাৰী ৰাসত অনুষ্ঠিত বাণিজ্য মেলাখন এখন আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা । যিসকল বিপণি তথা উদ্যোগে এখন ভাল উন্নত মানৰ বজাৰ বিচাৰে তেওঁলোকে আমাৰ এই বাণিজ্য মেলাৰ সৈতেই যোগাযোগ কৰে । বহুক্ষেত্ৰত তেওঁলোকে কেতিয়াবা তেওঁলোকৰ উৎপাদিত সামগ্ৰী বিক্ৰীৰ বাবে বজাৰ নাপায় । তাৰ প্ৰতিও অসম বাণিজ্য উন্নয়ন সংস্থাই সহাৰি যোগাই নলবাৰী ৰাসৰ বাণিজ্য মেলাত সংযোজন কৰিছে বিপণিসমূহক ।"

"য'ত আফগানিস্তান আৰু থাইলেণ্ডৰ পৰা বিপণি আহি সেই দেশসমূহৰ লগতে অৰিজিনেল ড্ৰাই ফুড আদি গ্ৰাহক তথা ৰাস যাত্ৰীৰ মাজত প্ৰদৰ্শিত কৰিছে । নলবাৰী ৰাসৰ বাণিজ্য মেলাত এইবাৰ এশৰো অধিক ষ্টল আছে । যাৰ পৰা অসমৰ থলুৱা উদ্যোগসমূহৰ লগতে দেশী-বিদেশী বিপণি তথা উদ্যোগ সমূহে অৰ্থনৈতিক দিশত উপকৃত হৈছে ৷" সুনীল ডেকাই কয় ।

তেওঁ কয়, "যোৱাবাৰতকৈ এইবাৰ গ্ৰাহকৰ সহাৰি যথেষ্ট বৃদ্ধি পাইছে । যোৱাবছৰ এইখন বাণিজ্য মেলাত ৩ কোটিৰো অধিক টকাৰ ব্যৱসায় হৈছিল । এইবাৰ তাতকৈ দুগুণ আশাবাদী । যাতে প্ৰতিজন ব্যৱসায়ীয়ে ইয়াৰ পৰা এটা ভাল মন লৈ যাব পাৰে । পুনৰ যাতে তেওঁলোকে নলবাৰী বাণিজ্য মেলালৈ আহিবলৈ ইচ্ছা প্ৰকাশ কৰে ।"

সুনীল ডেকাই আৰু কয়, "নলবাৰী ৰাসত এইবাৰ ১০০ ৰো অধিক ষ্টল বহুওৱা হৈছে । কিন্তু আমালৈ ৫০০ ৰো অধিক আবেদন আহিছিল । সকলোৱে ইচ্ছা কৰে নলবাৰী বাণিজ্য মেলাত ব্যৱসায় কৰিবলৈ । সকলোৱে অপেক্ষা কৰি থাকে নলবাৰী বাণিজ্য মেলাত কেতিয়া তেওঁলোকে ব্যৱসায় কৰিবলৈ সুযোগ পাব ।"

তেওঁ লগতে কয়,"অসম বাণিজ্য উন্নয়ন সংস্থা আশাবাদী । যাতে দেশৰ লগতে বিদশৰ পৰাও ইয়ালৈ পৰ্যটক আহে । তাৰ বাবে সকলো সুবিধা উপলব্ধ কৰিছে অসম বাণিজ্য উন্নয়ন সংস্থাই । নলবাৰী ৰাসৰ বাণিজ্য মেলাখন সকলো সা-সুবিধাযুক্ত, এখন বিদেশী মেলাৰ দৰে । ষ্টলসমূহৰ পৰা আদি কৰি সকলো দিশ, সাজ-সজ্জাৰ ক্ষেত্ৰত অধিক উন্নত মানৰ ।"

লগতে পঢ়ক: দিল্লীৰ বিস্ফোৰণত ফূৰ্তি পাই ইম’জি প’ষ্ট কৰাসকল কোন ? আকাৰে-ইংগিতে বুজাই দিলে মুখ্যমন্ত্ৰীয়ে

জনজাতিকৰণ দাবী কৰা বিষয় নহয়: ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বিৰুদ্ধে সোচ্চাৰ জনজাতীয় সংগঠন