৫০০% শুল্কৰ ভাবুকিৰ সন্মুখীন ভাৰত ! ট্ৰাম্প প্ৰশাসনে দিলে সেউজ সংকেত
ট্ৰাম্প প্ৰশাসনে ভাৰত, চীন আৰু ব্ৰাজিলৰ ওপৰত ৫০০% শুল্ক আৰোপ কৰা বিধেয়ক কৰিছে উত্থাপন ৷ এই বিধেয়ক গৃহীত হ’লে প্ৰভাৱিত হ’ব ৰপ্তানি ।

Published : January 9, 2026 at 12:14 AM IST
নতুন দিল্লী: বিশ্বজুৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আগ্ৰাসী স্থিতি গ্ৰহণ কৰিছে । ভেনিজুৱেলাৰ বিৰুদ্ধে সামৰিক ব্যৱস্থা গ্ৰহণ কৰাৰ পিছত এতিয়া ট্ৰাম্পে ভাৰত, ব্ৰাজিল, চীনৰ ওপৰত শুল্ক বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে । এই তিনিখন দেশৰ ওপৰত ৫০০ শতাংশ পৰ্যন্ত শুল্ক আৰোপ কৰিব পৰা বিধেয়ক ট্ৰাম্প প্ৰশাসনে উত্থাপন কৰিছে ।
বৰ্তমান শুল্কৰ স্থিতি
ভাৰতলৈ ৰপ্তানি কৰা একাংশ সামগ্ৰীৰ ওপৰত বৰ্তমান আমেৰিকাই ৫০ শতাংশ শুল্ক আৰোপ কৰিছে । নতুন বিধেয়কখন গৃহীত হোৱাৰ পিছত এই শুল্ক ৫০০ শতাংশলৈ বৃদ্ধি পাব । ইয়াৰ ফলত তিনিওখন দেশৰে আমেৰিকাৰ ৰপ্তানিৰ ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে ।
ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ ব্যৱস্থা
ৰাছিয়াৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ বিধেয়কৰ অংশস্বৰূপ এই বিধেয়কখনে ৰাছিয়াৰ পৰা সস্তা খাৰুৱা তেল ক্ৰয় কৰাৰ বাবে ভাৰত, চীন আৰু ব্ৰাজিলক শাস্তি দিবলৈ উচ্চ শুল্ক আৰোপ কৰিব বুলি কয় আমেৰিকাৰ সাংসদ লিণ্ডছে গ্ৰেহামে ।
লিণ্ডছেৰ মতে, ‘‘এই দেশসমূহে কম মূল্যত ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰি পুটিনৰ যুদ্ধ যন্ত্ৰত ইন্ধন যোগাইছে । আমেৰিকাই তেওঁলোকক শাস্তি প্ৰদানৰ বাবে এই বিধেয়কখন প্ৰস্তাৱ কৰিছে ।’’
ছ’চিয়েল মিডিয়াত এই পোষ্ট লিণ্ডছেৰ
ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত লিণ্ডছে লিখিছে যে কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠকৰ অন্তত ৰাষ্ট্ৰপতি ট্ৰাম্পে ৰাছিয়াৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰি এই বিধেয়কখনত অনুমোদন জনাইছে । তেওঁ বুজাই দিয়ে যে এই বিধেয়কখনৰ উদ্দেশ্য হৈছে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা দেশসমূহক শাস্তি দিয়া । যাৰ ফলত ভাৰত, চীন, ব্ৰাজিলত যথেষ্ট প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে ৷
After a very productive meeting today with President Trump on a variety of issues, he greenlit the bipartisan Russia sanctions bill that I have been working on for months with Senator Blumenthal and many others.
— Lindsey Graham (@LindseyGrahamSC) January 7, 2026
This will be well-timed, as Ukraine is making concessions for peace…
সংসদত উত্থাপন এই বিধেয়ক
যদিও ট্ৰাম্প প্ৰশাসনে এই বিধেয়কত অনুমোদন জনাইছে, তথাপিও ইয়াক আমেৰিকাৰ সংসদে গৃহীত কৰাৰ প্ৰয়োজন আছে । অহা সপ্তাহত বিধেয়কখনৰ ওপৰত ভোটদান হোৱাৰ সম্ভাৱনা আছে । যদি সংসদে ইয়াক গৃহীত কৰে, তেন্তে তিনিওখন দেশেই আমেৰিকাৰ সৈতে বাণিজ্যিক সম্পৰ্কত বৃহৎ অৰ্থনৈতিক চাপৰ সন্মুখীন হ’ব পাৰে ।
সম্ভাৱ্য প্ৰভাৱ
বিশেষজ্ঞসকলে কয় যে যদি ৫০০ শতাংশ শুল্ক কাৰ্যকৰী কৰা হয়, তেন্তে তিনিওখন দেশলৈ আমেৰিকাৰ ৰপ্তানিৰ ব্যয় যথেষ্ট বৃদ্ধি পাব । ইয়াৰ ফলত বাণিজ্যিক ঘাটিৰ পৰিসৰ বৃদ্ধিৰ লগতে বহু উদ্যোগত ক্ষতি হ’ব পাৰে ৷
লগতে পঢ়ক: ব্ৰাজিলৰ এম্ব্ৰায়াৰৰ সৈতে জেট বিমান নিৰ্মাণ কৰিব আদানি গ্ৰুপে

