ETV Bharat / business

দিল্লীৰ বিস্ফোৰণ : হোটেল ব্যৱসায়ত গুৰুতৰ প্ৰভাৱ

১০ নৱেম্বৰত লালকিল্লা মেট্ৰ' ষ্টেচনৰ সমীপত হোৱা বিস্ফোৰণৰ পিছত দিল্লীত পৰ্যটকৰ আগমন হ্ৰাস পাইছে ।

Delhi hoteliers face losses after nearly 30 percent of bookings were cancelled due to safety concerns in the aftermath of blast near Red Fort
দিল্লীৰ বিস্ফোৰণ : হোটেল ব্যৱসায়ত গুৰুতৰ প্ৰভাৱ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : November 22, 2025 at 5:54 PM IST

4 Min Read
Choose ETV Bharat

নতুন দিল্লী : প্ৰতি বছৰে দেশৰ ৰাজধানী নতুন দিল্লীলৈ লাখ লাখ দেশী-বিদেশী পৰ্যটকৰ আগমন হয় । কিন্তু শেহতীয়াকৈ লালকিল্লাৰ সমীপত হোৱা বিস্ফোৰণে ৰাষ্ট্ৰীয় ৰাজধানীৰ সুৰক্ষাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে । এনে পৰিস্থিতিত পৰ্যটকৰ মাজত তীব্ৰ উদ্বেগৰ সৃষ্টি হৈছে । ফলস্বৰূপে পৰ্যটনক্ষেত্ৰত বিশেষকৈ হোটেল বুকিঙত বহু পৰিমাণে প্ৰভাৱ পৰিছে ।

নতুন দিল্লী দীৰ্ঘদিনৰ পৰাই পৰ্যটকৰ প্ৰধান আকৰ্ষণৰ কেন্দ্ৰস্থল হৈ আহিছে । সংসদ ভৱনেই হওঁক বা লুটিয়েন্সছ দিল্লী হওঁক বা লালকিল্লা আৰু কুতুব মিনাৰৰ দৰে চিনাকি কীৰ্তিচিহ্নই হওঁক, দিল্লীয়ে বছৰি বৃহৎ সংখ্যক পৰ্যটকক আকৰ্ষণ কৰি আহিছে ।

৩০ শতাংশ পৰ্যটকে বাতিল কৰিলে হোটেল বুকিং

দেখা গৈছে যে ১০ নৱেম্বৰত লালকিল্লাৰ সমীপত হোৱা বিস্ফোৰণে দিল্লীৰ হোটেল উদ্যোগত স্পষ্ট প্ৰভাৱ পেলাইছে । ইতিমধ্যে আগতীয়াকৈ বুকিং কৰা বিদেশী পৰ্যটকসকলে এতিয়া ভ্ৰমণ বাতিল কৰিছে, যাৰ ফলত হোটেল বুকিঙৰ বাতিল বৃদ্ধি পাইছে বুলি সূত্ৰই প্ৰকাশ কৰিছে ।

হোটেল ব্যৱসায়ীসকলে সাধাৰণতে এই সময়ছোৱাক ব্যৱসায়ৰ উত্তম সময় বুলি গণ্য কৰে যদিও এই কাণ্ডই এই খণ্ডটোক যথেষ্ট আঘাত কৰিছে । বহু কোঠা এতিয়া খালী হৈ পৰাত হোটেল মালিকসকলৰ মাজত উদ্বেগ বাঢ়িছে ।

সাধাৰণতে ছেপ্টেম্বৰৰ পিছত আগতীয়া ৰিজাৰ্ভেচনৰ বাবে হোটেলৰ বুকিং শীৰ্ষত উপনীত হয় । কিন্তু বিস্ফোৰণৰ পিছত নিৰাপত্তাজনিত উদ্বেগ বৃদ্ধি পোৱাৰ বাবে পৰ্যটকসকলে নিজৰ ভ্ৰমণৰ পৰিকল্পনা সলনি কৰিছে । ফলত প্ৰায় ৩০ শতাংশ দেশী-বিদেশী পৰ্যটকে দিল্লীত হোটেল বুকিং বাতিল কৰাৰ ফলত হোটেলৰ মালিকসকল শংকিত হৈ পৰিছে ।

দিল্লী হোটেল এণ্ড ৰেষ্টুৰেণ্ট অ'নাৰ্ছ এছ'চিয়েশ্যনৰ সভাপতি লাভলীন আনন্দই কয় যে লালকিল্লা বিস্ফোৰণৰ পিছতে মানুহ নিৰাপত্তাৰ প্ৰতি উদ্বিগ্ন হৈ পৰিছে । ইয়াৰ ফলত ব্যাপকভাৱে বুকিং বাতিল কৰা হৈছে । এনে পৰিস্থিতিত অধিক সুৰক্ষা ব্যৱস্থা নিশ্চিত কৰিবলৈ সংস্থাটোৱে এক পৰামৰ্শ জাৰি কৰিছে, য'ত সকলো হোটেলকে নিৰাপত্তা বৃদ্ধি কৰিবলৈ কোৱা হৈছে ।

হোটেল অপাৰেটৰসকলক কোৱা হৈছে যে চিচি টিভি কেমেৰা ২৪ ঘণ্টাই কাৰ্যক্ষম কৰি ৰাখিব লাগিব, সকলো বিদেশী পৰ্যটকৰ ভিছা ভালদৰে পৰীক্ষা কৰিব লাগিব আৰু ম্যাদ উকলি যোৱা ভিছা লৈ পৰ্যটক আহিলে আৰক্ষীক অৱগত কৰিব লাগিব । সন্দেহজনক কিবা দেখিলে তৎক্ষণাত আৰক্ষীক অৱগত কৰিবলৈও নিৰ্দেশ দিয়া হৈছে ।

কৰোলবাগ, পাহাৰগঞ্জ আৰু সদৰ বজাৰত ৯০০ খন হোটেল

দিল্লী হোটেল এণ্ড ৰেষ্টুৰেণ্ট ৱ'নাৰ্ছ এছ'চিয়েশ্যনৰ সভাপতি লাভলীন আনন্দই উল্লেখ কৰে যে কৰোলবাগ, পাহাৰগঞ্জ আৰু সদৰ বজাৰ অঞ্চলত ৯০০ ৰো অধিক সৰু-বৰ হোটেল আছে । তেওঁ লগতে কয়, "বিস্ফোৰণৰ পিছত প্ৰায় ৩০ শতাংশ পৰ্যটক, বেছিভাগেই বিদেশী, বুকিং বাতিল কৰিছে । অৱশ্যে চলি থকা বাণিজ্য মেলাখনে সামান্য সকাহ দিছে ।"

কৰোলবাগৰ হোটেল অপাৰেটৰ বালান মণিয়ে কয় যে কেৱল বিদেশীয়েই নহয়, বিভিন্ন ৰাজ্যৰ বহু ঘৰুৱা পৰ্যটকেও বুকিং বাতিল কৰিছে ।

খালী হৈ আছে হোটেলৰ কোঠা

দিল্লী হোটেল এণ্ড ৰেষ্টুৰেণ্ট ৱ'নাৰ্ছ এছ'চিয়েশ্যনৰ অধ্যক্ষ সন্দীপ খাণ্ডেলৱালে কয় যে এইবাৰ বিস্ফোৰণ আৰু প্ৰদূষণৰ বাবে হোটেল ব্যৱসায়ত যথেষ্ট ক্ষতি হৈছে । তেওঁ কয়, "বহু অভিলেখ ভংগ হৈছে । ইয়াৰ পূৰ্বে বাণিজ্য মেলাৰ বতৰত হোটেলসমূহ সম্পূৰ্ণ বুকিং হৈছিল যদিও এইবাৰ বহু কোঠা খালী হৈ আছে ।"

সাধাৰণতে বাৰিষাত হোটেলৰ ব্যৱসায় ঠাণ্ডা হয় যদিও ছেপ্টেম্বৰৰ পৰা বুকিং বৃদ্ধি পায় । হোটেল মালিকৰ বাবে নৱেম্বৰ, ডিচেম্বৰ আৰু জানুৱাৰী হৈছে উত্তম মাহ, বৃহৎ সংখ্যক বিদেশী পৰ্যটকে আগতীয়াকৈ বুকিং কৰে ।

পাহাৰগঞ্জৰ হোটেল অপাৰেটৰ হৰিশ শৰ্মাই কয় যে লালকিল্লাৰ সমীপত হোৱা বিস্ফোৰণৰ প্ৰভাৱ এতিয়া আৰম্ভ হৈছে । তেওঁ লগতে কয়, "বিস্ফোৰণৰ পিছত প্ৰায় এসপ্তাহ ধৰি হোটেলসমূহ খালী হৈ আছে । বাণিজ্য মেলা আৰম্ভ হোৱাৰ পিছতহে বুকিং বাঢ়িবলৈ আৰম্ভ কৰিছে ।"

দিল্লীৰ প্ৰধান পৰ্যটনস্থলী

  • ইণ্ডিয়া গেট
  • ৰেড ফ'ৰ্ট
  • কুতুব মিনাৰ
  • অক্ষৰধাম মন্দিৰ
  • চান্দনি চক (লালকিল্লাৰ সমীপত)
  • জামা মছজিদ
  • লোটাছ টেম্পল
  • যন্তৰ মন্তৰ
  • হুমায়ুনৰ সমাধিস্থল
  • বাংলা চাহিব গুৰুদ্বাৰ

লগতে পঢ়ক :দিল্লী বিস্ফোৰণৰ অভিযোগত তিনি চিকিৎসকসহ চাৰি অভিযুক্তক ১০ দিনৰ NIAৰ জিম্মালৈ প্ৰেৰণ