ETV Bharat / business

অচিৰেই সহজ হৈ পৰিব ভুৱা বেংক ৱেবছাইটৰ চিনাক্তকৰণ

শেহতীয়াকৈ আৰ বি আইয়ে বেংকিং খণ্ডত চাইবাৰ সুৰক্ষা শক্তিশালী কৰাৰ লগতে অনলাইন জালিয়াতি বা অপৰাধ ৰোধৰ বাবে গ্ৰহণ কৰিছে এক বৃহৎ পদক্ষেপ ।

CYBER ​​FRAUD
প্ৰতীকী ছবি (Getty Image)
author img

By ETV Bharat Assamese Team

Published : November 11, 2025 at 11:59 PM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী: ডিজিটেল বেংকিঙে ভাৰতৰ অৰ্থনীতিক এক নতুন মাত্ৰা প্ৰদান কৰিছে যদিও একে সময়তে চাইবাৰ অপৰাধীৰ বাবে অপৰাধৰ ৰম্যভূমিও হৈ পৰিছে ৷ চাইবাৰ প্ৰৱঞ্চকে ভুৱা ৱেবছাইট, ইমেইল লিংক আৰু ম’বাইলৰ মেছেজৰ জৰিয়তে মানুহক টাৰ্গেট কৰি কষ্টোপাৰ্জিত ধন অনায়াসে লুণ্ঠন কৰিছে ।

ইফালে ভাৰতীয় ৰিজাৰ্ভ বেংকে শেহতীয়াকৈ বেংকিং খণ্ডত চাইবাৰ সুৰক্ষা শক্তিশালী কৰাৰ লগতে অনলাইন অপৰাধ ৰোধৰ বাবে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে । এই সন্দৰ্ভত আৰ বি আইয়ে সকলো বেংককে নিজৰ অফিচিয়েল ৱেবছাইট ডমেইন ‘.bank.in’ লৈ সলনি কৰিবলৈ নিৰ্দেশ দিয়াৰ সিদ্ধান্ত লয় ।

মন কৰিবলগীয়া যে আৰ বি আইৰ এই পদক্ষেপ কেৱল নাম সলনি নহয়, বৰঞ্চ সমগ্ৰ ডিজিটেল বেংকিং পৰিৱেশ তন্ত্ৰত ব্যৱস্থাগত স্বচ্ছতাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ । এই পদক্ষেপে বেংকৰ গ্ৰাহকৰ নগদ ধন আৰু ব্যক্তিগত তথ্যৰ সুৰক্ষা নিশ্চিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰে ।

'.bank.in' ডমেইন কি ?

এটা কোম্পানীৰ ডমেইন নাম হ’ল ইয়াৰ ৱেবছাইটৰ ঠিকনা । বেংকৰ '.bank.in' হৈছে ভাৰতীয় বেংকৰ বাবে বিশেষভাৱে ডিজাইন কৰা এটা সুৰক্ষিত শীৰ্ষ পৰ্যায়ৰ ডমেইন । ইয়াক ইনষ্টিটিউট ফৰ ডেভেলপমেণ্ট এণ্ড ৰিচাৰ্চ ইন বেংকিং টেকন’ল’জি (আই ডি আৰ বি টি) আৰু ইলেক্ট্ৰনিকছ এণ্ড ইনফৰ্মেশ্যন টেকন’ল’জি মন্ত্ৰালয়(মেইটৱাই) ৰ সহযোগত প্ৰস্তুত কৰা হৈছিল ।

এই ডমেইন কেৱল অনুমোদিত আৰু স্বীকৃতিপ্ৰাপ্ত বেংককহে প্ৰদান কৰা হ’ব । অৰ্থাৎ কোনো প্ৰৱঞ্চনামূলক বা অকৰ্তৃত্বশীল সত্তাই ইয়াত প্ৰৱেশ কৰিব নোৱাৰিব । ইয়াৰ পঞ্জীয়ন, পৰীক্ষণ আৰু পৰিচালনা সম্পূৰ্ণৰূপে নিয়ন্ত্ৰিত আৰু সুৰক্ষিত হ’ব ।

কিয় এই পদক্ষেপ গ্ৰহণ কৰিলে ভাৰতীয় ৰিজাৰ্ভ বেংকে ?

আৰ বি আইৰ তথ্য অনুসৰি, যোৱা কিছু বছৰত ভুৱা বেংক ৱেবছাইট আৰু ডমেইন ক্ল’নিঙৰ ফলত যথেষ্ট সংখ্যক চাইবাৰ অপৰাধ সংঘটিত হৈছিল । চাইবাৰ অপৰাধীয়ে সাধাৰণতে গ্ৰাহকৰ পৰা ব্যক্তিগত তথ্য চুৰি কৰিবলৈ প্ৰকৃত ৱেবছাইটৰ দৰে দেখা ডমেইন তৈয়াৰ কৰে, প্ৰায়ে তেওঁলোকক প্ৰতাৰণা কৰে ।

এই সমস্যাৰ সমাধানৰ বাবে আৰ বি আইয়ে সিদ্ধান্ত লয় যে প্ৰতিটো বেংকৰ ৱেবছাইট ডমেইন এতিয়া ‘.bank.in’ ৰে শেষ হ’ব । উদাহৰণস্বৰূপে, এছ বি আইৰ ৱেবছাইট হ’ব www.icici.bank.in । ইয়াৰ ফলত গ্ৰাহকে প্ৰকৃত আৰু ভুৱা ৱেবছাইটৰ মাজত পাৰ্থক্য নিৰ্ণয় কৰিবলৈ সহজ হ’ব আৰু প্ৰৱঞ্চনামূলক কাৰ্যকলাপ হ্ৰাস পাব ।

এই ডমেইনে অনলাইন সুৰক্ষা কেনেকৈ বৃদ্ধি কৰিব ?

এতিয়া প্ৰতিটো বেংকৰ ৱেবছাইট ‘.bank.in’ ৰে শেষ হোৱাৰ লগে লগে গ্ৰাহকে গম পাব যে তেওঁলোক প্ৰকৃত চাইটত আছে নে ভুৱা চাইটত আছে । ইয়াৰ উপৰিও, এই ডমেইনত DNS সুৰক্ষা সম্প্ৰসাৰণ, ইমেইল প্ৰমাণীকৰণ আৰু SSL/TLS এনক্ৰিপচনৰ দৰে প্ৰযুক্তিসমূহো অন্তৰ্ভুক্ত কৰা হ'ব, যিয়ে কোনো তথ্য বা লেনদেনক বাধা দিয়াত প্ৰতিবন্ধকতা আৰোপ কৰিব ৷

লগতে পঢ়ক: অষ্টম দৰমহা আয়োগে কেতিয়া দাখিল কৰিব প্ৰতিবেদন ? কিমান বৃদ্ধি পাব কৰ্মচাৰীৰ দৰমহা