গুৱাহাটীত বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ দাম কিমান বাঢ়িল ?
দেশত ১৯ কিলোগ্ৰামৰ বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ মূল্য বৃদ্ধি ।

Published : September 1, 2026 at 4:30 PM IST
নতুন দিল্লী: দেশত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ অব্য়াহত থকাৰ মাজতে বাণিজ্যিক চিলিণ্ডাৰৰ দাম বাঢ়িল । পশ্চিম এছিয়াৰ সংঘাতৰ ফলত যোৱা জুনত বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য বৃদ্ধি পাইছিল । এই মূল্য় মাজতে হ্ৰাস পাইছিল যদিও পহিলা ছেপ্টেম্বৰৰ পৰা পুনৰ দাম বাঢ়িল ।
আজি(মঙলবাৰ)ৰে পৰা কাৰ্যকৰী হোৱাকৈ ১৯ কিলোগ্ৰামৰ বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ মূল্য বৃদ্ধি কৰা হৈছে ৷ কিন্তু সাধাৰণ জনতাৰ বাবে সকাহ এয়ে যে ঘৰত ব্যৱহাৰ কৰা ১৪.২ কিলোগ্ৰামৰ ঘৰুৱা ৰন্ধন গেছ চিলিণ্ডাৰৰ মূল্য অপৰিৱৰ্তিত হৈ আছে । গুৱাহাটীতো এই মূল্য় বৃদ্ধি হৈছে ।

গুৱাহাটীত প্ৰতিটো বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ মূল্য ১১ টকাকৈ বৃদ্ধি হৈছে । এতিয়া প্ৰতিটো চিলিণ্ডাৰৰ মূল্য হৈছে ২,৯৭৬ টকা । একেদৰে দেশৰ ৰাজধানী দিল্লীত প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ দাম ৯.৫০ টকাকৈ বৃদ্ধি কৰা হৈছে । দিল্লীত এতিয়া প্ৰতিটো চিলিণ্ডাৰৰ মূল্য হৈছে ২,৭৪৭.৫০ টকা ।
মুম্বাইত থকা গ্ৰাহকে এতিয়া ইয়াৰ বাবে ২,৭০১ টকা ভৰিব লাগিব । একেদৰে চেন্নাইত নতুন মূল্য ২,৯১৬.৫০ টকালৈ বৃদ্ধি পাইছে । দেশৰ অন্যান্য চহৰ বিশেষকৈ কলকাতা, হায়দৰাবাদ, ভুৱনেশ্বৰৰ দৰে চহৰত স্থানীয় কৰৰ বাবে মূল্য ১১.৫০ টকা পৰ্যন্ত বৃদ্ধি পাইছে ।
২০১৬ চনত উজ্জ্বলা আঁচনিখন আৰম্ভ হোৱাৰ পিছৰে পৰা বিনামূলীয়া এলপিজি সংযোগ লাভ কৰা ১০ কোটিৰো অধিক দুখীয়া পৰিয়ালে এবছৰত ১৪.২ কেজি ওজনৰ ১২ টা চিলিণ্ডাৰ ৰাজসাহাৰ্যত লাভ কৰি আহিছে ।
এবছৰত কিমান বাঢ়িল-কমিল ?
২০২৫ চনৰ এপ্ৰিলত ৫০ টকা বৃদ্ধি পাইছিল । চলিত বৰ্ষৰ যোৱা ১ জুনৰ পৰা পুনৰ দাম বৃদ্ধি পাইছিল ৰন্ধন গেছৰ ৷ ১৯ কিলোগ্ৰাম ওজনৰ বাণিজ্যিক চিলিণ্ডাৰৰৰ মূল্য পুনৰ বৃদ্ধি হৈছিল ৷ দিল্লীত এই চিলিণ্ডাৰৰ মূল্য ৪২ টকা বৃদ্ধি পোৱাৰ বিপৰীতে কলকাতাত এই চিলিণ্ডাৰৰ মূল্য বৃদ্ধি পাইছিল ৫৩.৫০ টকা । ১৯ কিলোগ্ৰাম ওজনৰ বাণিজ্যিক চিলিণ্ডাৰৰৰ মূল্য দেশৰ ৰাজধানী দিল্লীত ৩,১১৩.৫০ টকা, কলকাতাত ৩,২৫৫.৫০ টকা আৰু গুৱাহাটী চহৰত ৫৪ টকাকৈ বৃদ্ধি পোৱাত এই চিলিণ্ডাৰৰ দাম হৈছিল ৩,৩৪৭ টকা ।
উল্লেখ্য় যে যোৱা জুলাই আৰু আগষ্টত একেৰাহে দুমাহ ধৰি হ্ৰাস পোৱাৰ পিছত বাণিজ্যিক গেছৰ মূল্য পুনৰ বৃদ্ধি পালে । বিগত সময়ছোৱাত ব্যাপকভাৱে দাম বৃদ্ধিৰ পাছত তেল বিপণন কোম্পানীয়ে ১৯ কিলোগ্ৰাম ওজনৰ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ্ৰাস কৰে । ১ জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ বাণিজ্যিক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য ১৮৩.৫০ টকালৈ হ্ৰাস কৰা হৈছিল । বাণিজ্যিক চিলিণ্ডাৰৰ লগতে ৫ কিলোগ্ৰাম ওজনৰ চিলিণ্ডাৰৰ মূল্যও ১৩ টকাকৈ হ্ৰাস কৰিছিল । যোৱা জুন মাহত ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য ২৯ টকা বৃদ্ধি কৰা হৈছিল ।
সাধাৰণ জনতা আৰু ব্যৱসায়ীৰ ওপৰত প্ৰভাৱ
৪.২ কেজিৰ ঘৰুৱা চিলিণ্ডাৰৰ মূল্য সুস্থিৰ হৈ থকা বাবে সাধাৰণ পৰিয়ালৰ বাজেটত কোনো প্ৰভাৱ পৰাৰ সম্ভাৱনা নাই । ইয়াৰ বিপৰীতে ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ ওপৰত প্ৰভাৱ পৰিব । বিশেষকৈ হোটেল, ৰেষ্টুৰেণ্ট, ধাবা আৰু চাহ-জলপানৰ দোকানত ব্য়য় সামান্য বৃদ্ধি পাব। অৱেশ্য়ে বজাৰ বিশেষজ্ঞসকলে এই বুলি উল্লেখ কৰিছে যে মূল্য় বৃদ্ধি সামান্য হোৱা বাবে বাহিৰৰ খাদ্য সামগ্ৰীৰ দাম বৃদ্ধিৰ সম্ভাৱনা কম ।
কিয় সলনি হ’ল গেছৰ দাম ?
তেল কোম্পানীসমূহে প্ৰতি মাহৰ প্ৰথম দিনাই নতুনকৈ এলপিজিৰ হাৰ ঘোষণা কৰে । আন্তঃৰাষ্ট্ৰীয় খাৰুৱা তেলৰ মূল্য আৰু ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ স্থিতি বিবেচনা কৰি এই মূল্য় নিৰ্ধাৰণ কৰে । বিশ্বব্যাপী গেছৰ মূল্যৰ উঠা-নমা হৈ থকা বাবে আজি বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য বৃদ্ধি পাইছে ।
লগতে পঢ়ক:পশ্চিম এছিয়াৰ সংঘাতৰ পৰা শিক্ষা লৈছে ভাৰতে;ৰন্ধন গেছৰ উৎপাদন সন্দৰ্ভত নতুন নিৰ্দেশনা
নগাঁৱত এলপিজি সংযোগৰ ই-কেৱাইচিৰ নামত গ্ৰাহকৰ পৰা ধন সংগ্ৰহৰ অভিযোগ

