পুনৰ মহঙা হ’ল বাণিজ্যিক চিলিণ্ডাৰ, গুৱাহাটীত ১৯ কিলোগ্ৰাম ওজনৰ এটা চিলিণ্ডাৰৰৰ মূল্য ৩,৩৪৭ টকা
১৯ কিলোগ্ৰাম ওজনৰ বাণিজ্যিক চিলিণ্ডাৰৰৰ মূল্য পুনৰ বৃদ্ধি কৰা হৈছে দেশত ৷ গুৱাহাটী চহৰত বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ৫৪ টকাকৈ বৃদ্ধি পাইছে ।


Published : June 1, 2026 at 9:16 AM IST
নতুন দিল্লী: পশ্চিম এছিয়াৰ সংঘাতৰ মাজতে অধিক মহঙা হ’ল ৰন্ধন গেছ ৷ সোমবাৰ, ১ জুনৰ পৰা পুনৰ দাম বৃদ্ধি পালে ৰন্ধন গেছৰ মূল্য ৷ ১৯ কিলোগ্ৰাম ওজনৰ বাণিজ্যিক চিলিণ্ডাৰৰৰ মূল্য পুনৰ বৃদ্ধি কৰা হৈছে দেশত ৷ দিল্লীত এই চিলিণ্ডাৰৰ মূল্য ৪২ টকা বৃদ্ধি পোৱাৰ বিপৰীতে কলকাতাত এই চিলিণ্ডাৰৰ মূল্য বৃদ্ধি পাইছে ৫৩.৫০ টকা । অৱশ্যে পেট্ৰ’ল, ডিজেল আৰু ঘৰুৱা ৰন্ধন গেছৰ দাম অপৰিৱৰ্তিত হৈ আছে ৷
নতুনকৈ নিৰ্ধাৰণ কৰা নিৰিখ অনুসৰি ১৯ কিলোগ্ৰাম ওজনৰ বাণিজ্যিক চিলিণ্ডাৰৰৰ মূল্য দেশৰ ৰাজধানী দিল্লীত এতিয়া ৩,১১৩.৫০ টকা । কলকাতাত এই চিলিণ্ডাৰৰ দাম হৈছে ৩,২৫৫.৫০ টকা । অৱশ্যে ঘৰুৱা ৰন্ধনকাৰ্যত ব্যৱহৃত ১৪.২ কিলোগ্ৰাম ওজনৰ চিলিণ্ডাৰ ৯১৩ টকাত মূল্যত ক্ৰয় কৰিছে গ্ৰাহকে ।
গুৱাহাটী চহৰত বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ৫৪ টকাকৈ বৃদ্ধি পাইছে । বৰ্তমান এই চিলিণ্ডাৰৰ দাম হৈছে ৩,৩৪৭ টকা । আনহাতে ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম হৈছে ৯৬২ টকা ।
ইফালে ৰাজধানী দিল্লীত ৫ কিলোগ্ৰাম ওজনৰ এলপিজি চিলিণ্ডাৰৰ মূল্যও বৃদ্ধি পাইছে ১১ টকাকৈ । বৰ্তমান এই চিলিণ্ডাৰৰ দাম হৈছে ৮২১.৫০ টকা । ১ জুনৰ পৰা কাৰ্যকৰী হৈছে এই নতুন নিৰিখ ।
উল্লেখ্য যে যোৱা ১ মে’ত দেশজুৰি ১৯ কিলোগ্ৰাম ওজনৰ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য বৃদ্ধি কৰা হৈছিল । অপ্ৰত্যাশিতভাৱে ৯৯৩ টকাকৈ বৃদ্ধি পাইছিল এই চিলিণ্ডাৰৰ মূল্য । কেন্দ্ৰীয় চৰকাৰে কৌশলগত মজুতৰ জৰিয়তে ভাৰতৰ ইন্ধন সুৰক্ষা শক্তিশালী কৰাৰ লগতে পেট্ৰ’লিয়াম সামগ্ৰী আৰু এল পি জিৰ নিৰৱচ্ছিন্ন যোগান সুনিশ্চিত কৰাৰ বাবে কাম কৰি আছে বুলি কোৱাৰ কিছুদিন পিছতে শেহতীয়া মূল্য সংশোধন কৰা হৈছে ।
শুকুৰবাৰে পেট্ৰ’লিয়াম আৰু প্রাকৃতিক গেছ মন্ত্র্যালয়ৰ যুটীয়া সচিব সুজাতা শর্মাই কয় যে চৰকাৰে তেল বিপণন কোম্পানীসমূহক ৩০ দিনৰ চাহিদাৰ সমতুল্য ন্যূনতম এল পি জি মজুত ৰখাৰ বাবে নিৰ্দেশ দিছে ৷ ‘‘আমি কৌশলগত মজুতৰ ওপৰতো কাম কৰি আছোঁ । তেল বিপণন কোম্পানীসমূহক নিৰ্দেশ দিয়া হৈছে যে তেওঁলোকৰ সৈতে ন্যূনতম ৩০ দিন এল পি জি মজুত থাকিব লাগিব আৰু তেওঁলোকে ইয়াৰ ওপৰত কাম কৰি আছে । একেদৰে খাৰুৱা তেলৰ কৌশলগত মজুতৰ বাবেও আমি কাম কৰি আছোঁ ।"
শৰ্মাই লগতে কয় যে বৰ্তমান দেশত ইন্ধনৰ অভাৱ নাই । তেওঁ কয়, ‘‘আমাৰ হাতত পেট্ৰ'ল, ডিজেল আৰু এলপিজিৰ পৰ্যাপ্ত মজুত আছে, প্ৰাকৃতিক গেছ আৰু ইন্ধনৰ তথ্য ধৰি ৰখা হৈছে । আমাৰ সকলো শোধনাগাৰে অনুকূল স্তৰত কাম কৰি আছে আৰু এলপিজি উৎপাদন সৰ্বকালৰ উচ্চ স্তৰত আছে, প্ৰতিদিনে প্ৰায় ৯০ ডি এম টি উৎপাদন হৈছে । এলপিজি বিতৰক ক্ষেত্ৰত কোনো ধৰণৰ ড্ৰাই আউটৰ খবৰ পোৱা নাই ।"
কিছুমান খুচুৰা বিপণীত অস্বাভাৱিক বিক্ৰীৰ ধৰণ স্বীকাৰ কৰি তেওঁ লগতে কয়, "খুচৰা বিপণীত দেখা গৈছে যে বহু ঠাইত অস্বাভাৱিক বিক্ৰী হৈছে । কিছুমান কৃষিৰ চাহিদাৰ বাবে আৰু কিছুমান বৃহৎ বিক্ৰীৰ বাবে এনে হোৱা দেখা গৈছে ।"
শৰ্মাৰ মতে, সামগ্ৰিকভাৱে ইন্ধনৰ বিক্ৰী ৩০ শতাংশতকৈ অধিক বৃদ্ধিৰ তথ্য প্ৰকাশ কৰিছে । ১৪ খন জিলাত পেট্ৰ’লৰ বিক্ৰী ১০০ শতাংশতকৈ অধিক বৃদ্ধি হোৱাৰ বিপৰীতে ছখন জিলাত তেল বিপণন কোম্পানীৰ বিক্ৰী ৩৮ শতাংশ হ্ৰাস পাইছে ।
ডাইভাৰচন আৰু জমা ৰোধ কৰিবলৈ বলবৎকাৰী অভিযান তীব্ৰতৰ কৰা হৈছে । শৰ্মাই কয় যে বিগত চাৰিদিনত এলপিজিৰ অবৈধ মজুতৰ বিৰুদ্ধে ৬৫০০ টা অভিযান চলোৱাৰ ফলত ৫ খন এজাহাৰ দাখিল কৰা হৈছে আৰু দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে ।
ইন্ধনৰ খুচুৰা বিপণীসমূহত দুদিনত কৰ্তৃপক্ষই ৯০০টা অভিযান চলায় । এই অভিযানৰ সময়ত ৪১৭ লিটাৰ পেট্ৰ’ল আৰু ৭৫,৭১৫ লিটাৰ ডিজেল জব্দ কৰা হয় । ১২ খন এফআইআৰ পঞ্জীয়ন কৰাৰ লগতে ১৫ জন লোকক গ্ৰেপ্তাৰ কৰা হয় ।
এলপিজিৰ উপলব্ধতাৰ সন্দৰ্ভত শৰ্মাই কয় যে ঘৰুৱা শোধনাগাৰসমূহে বৰ্তমান প্ৰায় ৭২ টিএমটিৰ চাহিদাৰ বিপৰীতে দৈনিক প্ৰায় ৫০-৫২ হাজাৰ মেট্ৰিক টন (টিএমটি) এলপিজি উৎপাদন কৰে । তেওঁ লগতে কয় যে এলপিজিৰ বেকলগ ৪.৫ দিনলৈ হ্ৰাস পাইছে ।
লগতে পঢ়ক: পেট্ৰ’ল-ডিজেল-এটিএফৰ ওপৰত নতুন ৰপ্তানি শুল্ক আৰোপ কেন্দ্ৰৰ, কি প্ৰভাৱ পৰিব মূল্যত ?

