ETV Bharat / business

শক্তি সংৰক্ষণ আৰু গুৰুত্বপূৰ্ণ খনিজ প্ৰক্ৰিয়াকৰণৰ বাবে কেন্দ্ৰৰ বৃহৎ পদক্ষেপ

প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত কেবিনেট বৈঠকত ১৪,৫০০ কোটি টকাৰ ভায়েবিলিটি গেপ ফাণ্ডিং (ভিজিএফ) আঁচনি আৰু ২,৮১৪ কোটি টকাৰ কেপেক্স ছাপ'ৰ্ট আঁচনিত অনুমোদন ।

Cabinet Clears Rs 14,500 Crore Energy Storage Scheme
কেবিনেটে ১৪,৫০০ কোটি টকাৰ শক্তি সংৰক্ষণ আঁচনিত অনুমোদন জনাইছে (IANS)
author img

By ETV Bharat Assamese Team

Published : November 4, 2026 at 7:31 PM IST

4 Min Read
Choose ETV Bharat

নতুন দিল্লী : শক্তি সংৰক্ষণ আৰু গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থৰ প্ৰক্ৰিয়াকৰণৰ ক্ষেত্ৰত স্বাৱলম্বী হোৱাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে দুখন বৃহৎ আঁচনিত অনুমোদন জনাইছে । বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত এই আঁচনি দুখনত অনুমোদন জনোৱা হয় ।

কেন্দ্ৰীয় চৰকাৰৰ কেবিনেটে ৯২ গিগাৱাট ঘণ্টাৰ গ্ৰীড-স্কেল শক্তি সংৰক্ষণৰ বিকাশৰ বাবে ১৪,৫০০ কোটি টকাৰ ভায়েবিলিটি গেপ ফাণ্ডিং (ভিজিএফ) আঁচনিত অনুমোদন জনাইছে । একেদৰে লিথিয়াম আৰু নিকেলৰ দৰে গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থৰ প্ৰক্ৰিয়াকৰণৰ বাবে ২,৮১৪ কোটি টকাৰ কেপেক্স ছাপ'ৰ্ট আঁচনিতো কেবিনেটে অনুমোদন জনাইছে ।

কেন্দ্ৰীয় কেবিনেটে ২০২৬-২৭ বিত্তীয় বৰ্ষৰ পৰা ২০৩০-৩১ বিত্তীয় বৰ্ষত উন্নয়নৰ বাবে ভিজিএফ আঁচনিখনত অনুমোদন জনাই কেৱল শক্তি সংৰক্ষণ ক্ষমতা বৃদ্ধিৰ কৰাই নহয় লিথিয়াম আৰু নিকেলৰ দৰে গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থৰ বাবে ঘৰুৱা প্ৰক্ৰিয়াকৰণ ক্ষমতা বিকাশৰ লক্ষ্যই বৈদ্যুতিক বাহন (ইভি), বেটাৰী নিৰ্মাণ আৰু নবীকৰণযোগ্য শক্তি খণ্ডকো শক্তিশালী কৰাৰ লক্ষ্য আগত ৰাখিছে ।

ভিজিএফ আঁচনিৰ জৰিয়তে ৩ ধৰণৰ প্ৰযুক্তিৰ বিকাশত গুৰুত্ব দিয়া হ'ব-

  • ৩০ গিগাৱাট ঘণ্টা বেটাৰী শক্তি সংৰক্ষণ ব্যৱস্থা (বিইএছএছ)
  • ৬০ গিগাৱাট ঘণ্টা পাম্পড সংৰক্ষণ প্ৰকল্প (পিএছপি)
  • ২ গিগাৱাট ঘণ্টা নতুন তথা বিকল্প শক্তি সংৰক্ষণ প্ৰযুক্তি

এই আঁচনিখনত বেটাৰী সংৰক্ষণ ব্যৱস্থাৰ বাবে ন্যূনতম ৪০ শতাংশ ঘৰুৱা উপাদান ব্যৱহাৰৰ প্ৰয়োজনীয়তা অন্তৰ্ভুক্ত কৰা হৈছে । যাৰ জৰিয়তে থলুৱা উদ্যোগসমূহক উৎসাহিত কৰাৰ লগতে আমদানি হ্ৰাস কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ।

এক আনুষ্ঠানিক বিবৃতিত কোৱা হৈছে, "এই আঁচনিখনে ভাৰতৰ শক্তি খণ্ডৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ দিশত, নবীকৰণযোগ্য শক্তিৰ বৃহৎ পৰিসৰৰ সংহতিৰ সুবিধা প্ৰদান কৰা আৰু নিৰ্ভৰযোগ্য, সুলভ আৰু ২৪ ঘণ্টাই বিদ্যুৎ যোগান নিশ্চিত কৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে চিহ্নিত কৰিছে । ইয়াৰ উপৰিও ই বেটাৰী শক্তি সংৰক্ষণ ব্যৱস্থাৰ ঘৰুৱা উৎপাদনত এক প্ৰেৰণা যোগাব, আমদানি নিৰ্ভৰশীলতা হ্ৰাস কৰিব আৰু দেশৰ দীৰ্ঘম্যাদী শক্তি সুৰক্ষা বৃদ্ধি কৰিব ।"

এই আঁচনিৰ জৰিয়তে সৌৰ আৰু বায়ু শক্তিৰ উৎসৰ পৰা উৎপাদিত বিদ্যুৎ মজুত কৰাটো নিশ্চিত কৰিব । সংৰক্ষিত বিদ্যুৎ গ্ৰীষ্মৰ বতৰত বা নবীকৰণযোগ্য শক্তি উৎপাদন হ্ৰাস পোৱাৰ সময়ত ব্যৱহাৰ কৰিব পৰা যাব । ইয়াৰ ফলত ২৪ ঘণ্টাই বিদ্যুৎ উপলব্ধ হোৱাত সহায়ক হ'ব ।

এই আঁচনিখনে বিকল্প শক্তি সংৰক্ষণ প্ৰযুক্তিৰ বাবে আনুমানিক বিনিয়োগ হ'ব ৯৭,৬০০ কোটি টকা । ভিজিএফৰ সমৰ্থনে দেশত বৃহৎ পৰিসৰৰ শক্তি সংৰক্ষণ আন্তঃগাঁথনিৰ নিয়োগ ক্ষিপ্ৰতাৰে কৰাত সহায় কৰিব ।

শক্তি সংৰক্ষণ ক্ষমতাৰ আবণ্টন শুল্ক ভিত্তিক প্ৰতিযোগিতামূলক নিবিদা প্ৰক্ৰিয়াৰ জৰিয়তে কৰা হ'ব । ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ শক্তি বিতৰণ কোম্পানীসমূহে বেটাৰী শক্তি সংৰক্ষণ ব্যৱস্থা (বিইএছএছ) আৰু হাইড্ৰ' পাম্পড সংৰক্ষণ প্ৰকল্প (পিএছপি)ৰ বাবে ভায়েবিলিটি গেপ ফাণ্ডিং (ভিজিএফ) সমৰ্থনৰ বাবে যোগ্য হ'ব । অন্যান্য শক্তি সংৰক্ষণ প্ৰযুক্তিৰ ওপৰত ভিত্তি কৰি প্ৰকল্পসমূহ ৰাজহুৱা আৰু ব্যক্তিগত খণ্ড উভয়ে ৰূপায়ণ কৰিব পাৰিব ।

এই আঁচনিৰ জৰিয়তে চাহিদাৰ ফালৰ পৰা আৰ্থিক সহায় আগবঢ়াই আৰু আমদানিকৃত উপাদানৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰি ভাৰতৰ ঘৰুৱা শক্তি সংৰক্ষণ উৎপাদন পৰিৱেশ তন্ত্ৰক শক্তিশালী কৰাৰ লক্ষ্যও লোৱা হৈছে । আত্মনিৰ্ভৰ ভাৰতৰ দিশত বিইএছএছ প্ৰকল্পসমূহে নূন্যতম ঘৰুৱা উপাদানৰ প্ৰয়োজনীয়তা (ডিচিআৰ) ৪০ শতাংশ পূৰণ কৰিব লাগিব বুলি কোৱা হৈছে ।

এই পদক্ষেপে ঘৰুৱা উৎপাদন বৃদ্ধি কৰি ভাৰতীয় উদ্যোগৰ বাবে নতুন সুযোগ সৃষ্টি কৰিব আৰু বেটাৰী উৎপাদনৰ বাবে বৰ্তমানৰ চৰকাৰী প্ৰৰোচনাৰ পৰিপূৰক হ'ব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক :

অগ্নিবীৰৰ চাকৰিৰ কাৰ্যকাল দুবছৰলৈ বৃদ্ধিৰ সিদ্ধান্ত মোদী চৰকাৰৰ