ETV Bharat / business

মডেলিং জগতৰ পৰা ব্যৱসায়লৈ; মডেল ৰাজকন্যা বৰুৱাৰ নতুন যাত্ৰাত ফ্ৰান্সৰ অনুপ্ৰেৰণা

এটি দুৰ্ভাগ্যজনক ঘটনাই বিচলিত কৰিব নোৱাৰিলে এগৰাকী মডেলক । এতিয়া ফুলৰ সুবাসেৰে সকলোকে কৰিছে মোহাচ্ছন্ন। তেওঁৰ বিষয়ে দীপাঞ্জলি শৰ্মাৰ এক বিশেষ প্ৰতিবেদন ।

An interview with the controversial model Rajkonya Baruah
মডেলিঙৰ পৰা সফল ব্যৱসায়ী ৰাজকন্যা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : August 19, 2026 at 12:41 PM IST

|

Updated : August 19, 2026 at 12:50 PM IST

5 Min Read
Choose ETV Bharat

গুৱাহাটী: এটা অভিশপ্ত নিশা আৰু তাৰ পাছতেই বিতৰ্ক, সমালোচনাৰে থকা-সৰকা এগৰাকী অসমীয়া মডেল । ক'ভিড মহামাৰীৰ সময়ত এটা পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্ক তথা সেই সময়ৰ চৰ্চাত এগৰাকী মডেল তুংগত আছিল। কিন্তু, সেই বিতৰ্ক পাৰ কৰি, নেটিজেনৰ কটু সমালোচনাক নেওচি আজি তেওঁ বুলিছে সফলতাৰ আন এটি বাট ।

এতিয়া তেওঁ ফুলৰ প্ৰেমত মচগুল । মডেলিং জগতৰ গ্লেমাৰ এৰি এতিয়া সুগন্ধি ফুলৰ মাজতেই তেওঁ ব্যস্ত । নিজৰ শোৱনি কোঠাৰ পৰা আৰম্ভ কৰা সৰু এক ব্যৱসায়ে আজি লৈছে এক নতুন ৰূপ । হয়, আমি জনাব বিচাৰিছোঁ মডেল ৰাজকন্যা বৰুৱাৰ কথা ।

বিতৰ্ক নেওঁচি, মডেলৰ পৰা সফল ব্যৱসায়ী ৰাজকন্যা (ETV Bharat Assam)

মডেল হিচাপে ইতিমধ্যে খ্যাতি অৰ্জন কৰা ৰাজকন্যা এতিয়া দিনে-নিশাই ব্যস্ত ফুলৰ ব্যৱসায়ত । সৰুৰে পৰাই ফুলৰ প্ৰতি থকা বিশেষ আকৰ্ষণেই তেওঁক এগৰাকী ফুল ব্যৱসায়ী হিচাপে আগবাঢ়ি যোৱাৰ প্ৰেৰণা যোগাইছে ।

এসময়ত ৰেম্প আৰু কেমেৰাৰ সন্মুখত নিজৰ পৰিচয় গঢ়ি তোলা ৰাজকন্যাই এতিয়া ফুলৰ সৌন্দৰ্য আৰু সুগন্ধিৰ মাজত বিচাৰি পাইছে নতুন সপোন । মহানগৰীৰ বেলতলাত গঢ় দিছে 'That's Amore' নামেৰে এটা ফুলৰ ষ্টুডিঅ' ।

An interview with the controversial model Rajkonya Baruah
সকলোকে আকৰ্ষণ কৰিব পৰা ফুলৰ সংগ্ৰহ আছে ৰাজকন্যাৰ ওচৰত (ETV Bharat Assam)

লকডাউনত সময় নিজৰ শোৱনী কোঠাৰ পৰা আৰম্ভ হৈছিল এই যাত্ৰাৰ

কোনো বিশেষ পৰিকল্পনা নোহোৱাকৈ লকডাউনৰ সময়তে এই ব্যৱসায়িক যাত্ৰাৰ আৰম্ভ হৈছিল । লকডাউন পূর্বে বেংগালুৰুত ৰাজকন্যাই চাকৰি কৰি আছিল । ক'ভিদ মহামাৰীৰ বিভীষিকাৰ সময়ত, লকডাউনৰ মাজতে অন্য লোকসকলৰ দৰে ৰাজকন্যাই হেৰুৱাইছিল চাকৰি ।

An interview with the controversial model Rajkonya Baruah
ফুলৰ বুকে (ETV Bharat Assam)

সেই সময়তে তেওঁৰ মনত আন এক চিন্তাই খোপনি পুতিছিল । নিজাকৈ কিবা এটা কৰাৰ হেঁপাহেৰে বিবাহ অনুষ্ঠানৰ ব্যৱস্থাপক হিচাপে কাম কৰাৰ পৰিকল্পনা লৈছিল যদিও দীঘলীয়া লকডাউনৰ বাবে সেই পৰিকল্পনা স্থগিত ৰাখি তেওঁ গুৱাহাটীলৈ গুচি আহে ।

এই সন্দৰ্ভত তেওঁ কয়, "২০২০ চনৰ নৱেম্বৰ মাহত গুচি আহোঁ । ডিচেম্বৰ মাহত মই ঘৰৰে পৰা ফুলৰ থোপাৰ এই ব্যৱসায়টো আৰম্ভ কৰিলোঁ । মোৰ শোৱনি কোঠাটো শীত-তাপ নিয়ন্ত্ৰিত কোঠালৈ ৰূপান্তৰ কৰিলোঁ । সেই সময়ত মোৰ সহযোগী হিচাপে আছিল মোৰ মা । প্ৰথমতে আমি গোলাপৰ থোপা বনাই অনলাইন যোগে বিক্ৰী কৰিছিলোঁ ।"

An interview with the controversial model Rajkonya Baruah
দেশী বিদেশী ফুলৰ সমাহাৰ ৰাজকন্যাৰ ওচৰত (ETV Bharat Assam)

তেওঁ কয়,"পৰৱৰ্তী সময়ত যেতিয়া গ্ৰাহকৰ ভাল এটা সমাদৰ লাভ কৰিবলৈ সক্ষম হ'লোঁ, তেতিয়া বুকে আদি প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰিলোঁ । তেনেদৰে আজিৰ এই পৰ্যায়লৈ আহিলোঁ । ২০২৫ চনত ঘৰৰ পৰা আৰম্ভ হোৱা এই ব্যৱসায়টো 'ফ্লাৱাৰ ষ্টুডিঅ' লৈ স্থানান্তৰিত কৰিলোঁ ।"

An interview with the controversial model Rajkonya Baruah
মডেলিঙৰ পৰা ফুলৰ ব্যৱসায়ীলৈ (ETV Bharat Assam)

কিমান প্ৰকাৰৰ ফুল পোৱা এই ষ্টুডিঅ'ত

মাত্ৰ ১০ হাজাৰ টকাৰে আৰম্ভ কৰা এই ব্যৱসায়ে বৰ্তমান ভৰি দিছে ৬ বছৰত । 'That's Amore' ত প্ৰায় ৫০ প্ৰকাৰৰ দেশী-বিদেশী ফুল পোৱা যায় । ইয়াৰে ভিতৰত ৩০ৰো অধিক ভিন্ন ৰঙৰ গোলাপ পোৱা যায় । এই ফুলসমূহ ৰাজ্যৰ সমান্তৰালকৈ হ'লেণ্ড, কেনিয়া, নিউজিলেণ্ড, মণিপুৰ, নাগালেণ্ড, পুনে, বেংগালুৰু আদিৰ পৰা অনা হয় । প্ৰায় ৫০০ টকাৰ পৰা ৩০-৪০ হাজাৰ টকা পৰ্যন্ত ফুলৰ বুকে আৰু বক্সসমূহ বিক্ৰী কৰা হয় ।

An interview with the controversial model Rajkonya Baruah
ফুলৰ সংগ্ৰহ (ETV Bharat Assam)

২০২১ চনৰ বিতৰ্কই প্ৰভাৱ পেলাইছিল নেকি এই ব্যৱসায়ত

২০২১ চনত এটা ঘটনাৰে নাম সাঙোৰ খাইছিল ৰাজকন্যা বৰুৱাৰ । সেই ঘটনাটোৰ ফলত তেওঁৰ ব্যৱসায় আৰু জীৱনত পৰা প্ৰভাৱৰ সন্দৰ্ভত ৰাজকন্যাই কয়,"সকলোৱে জানে মোৰ জীৱনত এটা ঘটনা হৈছিল । যিটোৱে এটা নিশাৰ ভিতৰত মোৰ জীৱনটো সলনি কৰি পেলাইছিল । মই এটা নিশাৰ ভিতৰত সকলো হেৰুৱাই পেলাইছিলোঁ । মোৰ ৬ মহীয়া ব্যৱসায়টোও বন্ধ হৈ গৈছিল ।"

An interview with the controversial model Rajkonya Baruah
ৰাজকন্যাৰ ফুলৰ সংগ্ৰহ (ETV Bharat Assam)

ৰাজকন্যাই কয়, "কিন্তু মই হাৰ মনা নাছিলোঁ । ২০২২ চনৰ এপ্ৰিলত মই পুনৰ ব্যৱসায়টো আৰম্ভ কৰিলোঁ । সেই সময়ত প্ৰত্যাহ্বান যথেষ্ট আহিছিল যদিও সেই সকলোবোৰ মুক্ত হৈ মই পুনৰ এই ব্যৱসায়ত মনোনিবেশ কৰিলোঁ । দিন বাগৰাৰ লগে লগে অৰ্ডাৰবোৰ আহিবলৈ আৰম্ভ কৰিলে ।"

An interview with the controversial model Rajkonya Baruah
'That's Amore' নামেৰ ফুলৰ ষ্টুডিঅ' (ETV Bharat Assam)

ফান্স আৰু 'ফ্লাৱাৰ ষ্টুডিঅ'ৰ সম্পৰ্ক

ৰাজকন্যা কয়, "মোৰ প্ৰেমিক ফান্সৰ । যাৰ বাবে ফান্সত মই বহু সময় অতিবাহিত কৰিছোঁ । ফান্সত ফুলৰ কাম বহুত কৰে । ফান্সৰ ফুলৰ এৰেঞ্জমেণ্টৰ যিটো ষ্টাইল, সেইটোয়ে মোক বহুত আকৰ্ষিত কৰিছিল । তাত তেওঁলোকে ফুলৰ দোকান এখন কেনেদৰে ৰাখে লগতে টেকনিকেল বস্তু কিছুমানৰ ওপৰত এটা ইন্টাৰ্ণশ্বিপও কৰিছিলোঁ ।"

উল্লেখযোগ্য যে, মডেল হিচাপে পৰিচিত ৰাজকন্যা বৰ্তমান প্ৰত্যক্ষভাৱে ভাৱে মডেলিং ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ থকা নাই যদিও নিজৰ ব্ৰেণ্ডৰ বাবে মাজে মাজে দৃশ্যগ্ৰহণ কৰে । সমান্তৰালকৈ কেতিয়াও সময় সুবিধা মিলিলে দুই এটা মডেলিং শ্বুট কৰে বুলি জনাই ৰাজকন্যাই ।

ভিদিঅ' জাৰ্নেলিষ্ট সঞ্জীৱ কুমাৰৰ সহযোগত শৰৎ শৰ্মাৰ সম্পাদনাত এই প্ৰতিবেদন

লগতে পঢ়ক: "এটা বিজ্ঞাপনত কোটি কোটি টকা! শ্বাহৰুখ, অজয় আৰু টাইগাৰৰ মাননি কিমান?"

“সপোনবোৰ সঁচাকৈয়ে পূৰণ হয়!”: KBC ১৮-ৰ ছেটত অমিতাভ বচ্চনক লগ পাই আৱেগিক হৈ পৰিল বক্সাৰ লাভলীনা

Last Updated : August 19, 2026 at 12:50 PM IST