নতুন ব্ৰেণ্ড 'আইচেং': ফলমূলেৰে থলুৱাভাৱে 'ৱাইন' প্ৰস্তুত কৰি চৰ্চাত এগৰাকী মহিলা
থলুৱা 'ৱাইন'ৰ সোৱাদ লৈ পাইছেনে ? শীঘ্ৰেই বজাৰলৈ আহিব 'আইচেং' ব্ৰেণ্ডৰ ৱাইন । এই ৱাইন প্ৰস্তুতৰ আঁৰৰ মহিলাগৰাকীৰ কথাৰে এক প্ৰতিবেদন ।

Published : May 29, 2026 at 1:11 PM IST
গুৱাহাটী: নাম অদিতি গোঁহাই ফুকন । ঘৰ গুৱাহাটীৰ ভগদত্তপুৰত । ক'ভিড মহামাৰীৰ বিভীষিকাৰ মাজত অদিতি গোঁহাই ফুকনে ঘটনাক্ৰমে দেখা এটা সপোনে আজি গতি লাভ কৰিছে । সেয়া আছিল ২০২০ চনৰ ছেপ্টেম্বৰ মাহৰ কথা । ক'ভিডৰ সেই ভয়াৱহ পৰিৱেশৰ মাজত তেওঁৰ মাতৃৰ বাৰ্ষিক শ্ৰাদ্ধ আছিল । ক'ভিডৰ বাবে শ্ৰাদ্ধত অহা নাছিল নিমন্ত্রণ কৰা সকলো লোক । যাৰ ফলত থাকি গৈছিল বহু ফলমূল ।
বেয়া হ'বলৈ ধৰা সেই ফল-মূলে অদিতি গোঁহাই ফুকনৰ মনলৈ এটা ধাৰণাৰ জন্ম দিলে । চিন্তা কৰিলে ফলমূলখিনিৰে কিবা কৰা যাওক । চিন্তা মতেই কাম । ফলমূলখিনিৰে প্ৰস্তুত কৰিলে 'ৱাইন'। ঘৰুৱাভাৱে প্ৰস্তুত কৰা সেই ৱাইন খাই সকলোৱে ভাল পালে । সেয়াই আছিল আৰম্ভণি । ঘটনাক্ৰমে জন্ম পোৱা সেই সপোনে লাহে লাহে গতি লাভ কৰিলে ।
মাজতে কিবা কাৰণত থমকি ৰৈছিল যদিও কন্যাৰ উৎসাহত অদিতি গোঁহাই ফুকন আগুৱাই গ'ল সেই সপোনক বাস্তৱায়িত কৰাৰ দিশত । ক'ভিডৰ পাছত ২০২৩ চনৰ পৰা বাণিজ্যিকভাৱে 'ৱাইন' প্ৰস্তুতৰ কামত তেওঁ নিয়োজিত হৈ পৰিল । তাৰ পূৰ্বে তেওঁ মেঘালয়ৰ শ্বিলঙৰ পৰা এইক্ষেত্রত প্ৰশিক্ষণ লৈয়ো আহিল । গুৱাহাটীৰ কাহিলিপাৰাস্থ ভগদত্তপুৰৰ নিজা বাসগৃহতে আৰম্ভ কৰিলে ৱাইন প্ৰস্তুতৰ কাম ।

সহযোগ কৰিলে স্বামী আৰু দুই কন্যাৰ লগতে পৰিয়ালৰ লোকে । অদিতি গোঁহাই ফুকন হৈছে ৱাইন প্ৰস্তুতৰ অনুজ্ঞাপত্র লাভ কৰা অসমৰ প্ৰথমগৰাকী মহিলা । তেওঁ প্ৰস্তুত কৰা ৱাইনৰ ব্ৰেণ্ড হৈছে 'আইচেং'। বৰ্তমান 'আইচেং' এটা জনপ্ৰিয় নামত পৰিণত হৈছে আৰু জুন মাহৰ পৰা 'আইচেং' বজাৰত উপলব্ধ হ'ব । অৰ্থাৎ অনুজ্ঞাপত্র পোৱাৰ পিছত ৱেৰহাউচৰ যোগেদি 'আইচেং' এতিয়া খুচুৰা বজাৰলৈ আহিব ।
সম্পূৰ্ণ নিজাকৈ থলুৱাভাৱে উৎপাদিত কঁঠাল, জামু, কৰ্দৈ, ৰহদৈ, ৰবাব টেঙা, আনাৰস, মৌ, নুনি, অপৰাজিতা ফুল, আদা আদি বিভিন্ন ফল, ফুলৰ পৰা তেওঁ ৱাইন প্ৰস্তুত কৰে । চাৰিটা ভাগৰ যোগেদি তেওঁ বৰ্তমান ১৯ বিধ বিভিন্ন ধৰণৰ ৱাইন প্ৰস্তুত কৰে । আনকি ভীমকল আৰু চাহপাতৰ যোগেদিও তেওঁ ৱাইন প্ৰস্তুত কৰে ।
বৰ্তমান দুমাহৰ অন্তৰালত তেওঁ প্ৰায় চাৰিশ লিটাৰ ৱাইন প্ৰস্তুত কৰিবলৈ সক্ষম হৈছে । এই পৰিমাণ আৰু বৃদ্ধি কৰাৰ বাবেও প্ৰচেষ্টা হাতত লৈছে । এই প্ৰতিবেদন অদিতি গোঁহাই ফুকনৰ সৈতে ই টিভি ভাৰতৰ হোৱা আছুতীয়া সাক্ষাৎকাৰৰ ভিত্তিত প্ৰস্তুত কৰা হৈছে ।

কিদৰে আৰম্ভ হৈছিল ৱাইন প্ৰস্তুতৰ যাত্রা:
ৱাইন প্ৰস্তুতৰ প্ৰসংগত তেওঁ কয়,"মোৰ মাৰ শ্ৰাদ্ধৰ সময়ত ক'ভিড মহামাৰীৰ বাবে মানুহ কম হৈছিল । ফলত বহুত ফলমূল থাকি গৈছিল আৰু সেইবোৰ নষ্ট হ'ব ধৰিছিল । তেতিয়াই মনলৈ আহিল এই ফলমূলখিনিৰে চাহিদা থকা কিবা এটা প্ৰস্তুত কৰা । সেয়াই আছিল আৰম্ভণি । সেই ফলমূলেৰ প্ৰস্তুত কৰা ৱাইন সকলোৱে ভাল পালে । প্ৰথমতে ইউটিউৰ যোগেদি বনাইছিলোঁ যদিও পাছত শ্বিলঙত গৈ আনুষ্ঠানিক প্ৰশিক্ষণ গ্ৰহণ কৰোঁ ।
তেওঁ লগতে কয়,"তাৰ পিছত কিছু বিৰতি হয় যদিও ২০২৩ চনৰ পৰা পুনৰ আৰম্ভ কৰোঁ । ইতিমধ্যে মই ৱাইন প্ৰস্তুতৰ অনুজ্ঞাপত্র লাভ কৰিছোঁ । অহা মাহৰ পৰা ৱেৰ হাউচৰ জৰিয়তে ব'ণ্ডলৈ যাব মোৰ ৱাইন আৰু ৱাইন শ্বপৰ পৰা এই ৱাইন সকলোৱে লাভ কৰিব । ব্ৰেণ্ড হৈছে আইচেং ।"

কি কি সামগ্ৰীৰে প্ৰস্তুত কৰা হয় ৱাইন:
থলুৱা সামগ্ৰীৰে থলুৱাভাৱে ৱাইন প্ৰস্তুত কৰা সন্দৰ্ভত তেওঁ কয়,"প্ৰথমতে আদা আৰু মৌৰ ৱাইন প্ৰস্তুত কৰিছিলোঁ । তাৰ পিছত মই নিজাকৈ চিন্তা কৰি কঁঠাল, লিচু, জামু, কৰ্দৈ, ৰহদৈ, ৰবাব টেঙা, আনাৰস, মৌ, নুনি, অপৰাজিতা ফুল, আদা আদিৰ পৰা ৱাইন প্ৰস্তুত কৰি আহিছোঁ ।"

উদ্যমী মহিলাগৰাকীয়ে কয়,"অসমত প্ৰায় ৪০ শতাংশ ফলমুল নষ্ট হয় । যাৰ বাবে মই অসমৰ থলুৱাভাৱে উৎপাদিত ফল-মূলৰ যোগেদি ৱাইন প্ৰস্তুতৰ কাম আৰম্ভ কৰোঁ । এইক্ষেত্রত মই যথেষ্ট সফলতা লাভ কৰিছোঁ । বৰ্তমান থলুৱা ফলমূলেৰে মই ৱাইন প্ৰস্তুত কৰোঁ । ভীমকলৰ যোগেদিও ৱাইন প্ৰস্তুত কৰোঁ । ইয়াৰ বাবে মই দুখন গাওঁ ডেভেলপ কৰিছোঁ ।"
আইচেঙৰ বিভিন্ন প্ৰকাৰ:
এই সন্দৰ্ভত তেওঁ কয়,"মই ১৯ টা মান বেলেগ বেলেগ ভেৰাইটি কৰোঁ । কিন্তু বৰ্তমান বজাৰত দহটা দিয়া হৈছে । চাৰিটা ভাগ আছে । এটা হৈছে প্ৰিমিয়াম ৱাইন । য'ত মালৱাৰী ৱাইন আৰু চাহ ৱাইন আছে । আন এটা হৈছে ফলমূলৰ ৱাইন । য'ত অসমৰ থলুৱা ফলমূলৰ ৱাইন আছে । সেইদৰে ফে-ফিয়ৰিজ ৱাইন ফুলৰ পৰা প্ৰস্তুত কৰা হয় । যেনে টেঙামৰা, অপৰাজিতা আদি ফুল ।"

তেওঁ লগতে কয়,"আন এটা হৈছে ফে-আয়ুৰ ৱাইন । এইটো হাৰবেল ৱাইন । আদা-মৌ, ভীমকল আদিৰ দ্বাৰা প্ৰস্তুত কৰা হয় । আমাৰ ৱাইনত এলকহলৰ পৰিমাণ ১০ৰ পৰা ১৫ শতাংশলৈ থাকে । ৱাইনত কোনো ধৰণৰ স্প্ৰিট ব্যৱহাৰ কৰা নহয় । প্ৰাকৃতিকভাৱে প্ৰস্তুত কৰা হয় । আমাৰ ব্ৰেণ্ডটোৰ নাম হৈছে আইচেং । দেশত হাৰ্বেল ৱাইন কম আছে । ফুলৰ আৰু কম আছে ।"
তেওঁ লগতে কয়,"ৱাইন প্ৰস্তুতৰ বাবে আন আন সামগ্ৰীৰ ওপৰতো গৱেষণা কৰি থকা হৈছে । যাতে নতুন নতুন ৱাইন বনাব পাৰোঁ । জুনত আমাৰ ৱাইনৰ ষ্টক ৱেৰহাউচ তথা ষ্ট'কিজৰ যোগেদি ৰিটেইলাৰৰ ওচৰলৈ যাব । তেতিয়া বজাৰত সহজলভ্য হৈ পৰিব । বৰ্তমান দুমাহত আমি চাৰিশ লিটাৰ ৱাইন প্ৰস্তুত কৰোঁ । বৰ্তমান ৱাইনৰ দুটা বটলৰ আকাৰ আছে ।"
ৱাইনৰ প্ৰসংগত তেওঁ কয়,"এটা হৈছে ৩৭৫ মিলিলিটাৰ আৰু এটা ৭৫০ মিলিলিটাৰ । ৭৫০ মিলিলিটাৰ দাম ৭৫০ টকাৰ পৰা ১১৫০ টকালৈ আছে । আনহাতে ৩৭৫ মিলিলিটাৰৰ দাম ৩৫০ ৰ পৰা ৬৫০ টকালৈ আছে । ভৱিষ্যৎ পৰিকল্পনা আছে আৰু তাকলৈ কাম কৰি আছোঁ । ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বহু প্ৰদৰ্শনীত অংশগ্ৰহণ কৰি ব্যাপক সহাৰিও লাভ কৰিছোঁ । কামৰ পৰিসৰ বৃদ্ধি কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে ।"

উল্লেখ্য যে গুৱাহাটীত অনুষ্ঠিত হোৱা এডভাণ্টেজ অসমৰ দ্বিতীয় সংস্কৰণত অংশগ্ৰহণ কৰিছিল অদিতি গোঁহাই ফুকনে । যাৰ যোগেদি তেওঁ যথেষ্ট ফ'কাচ লাভ কৰিছিল । দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰদৰ্শনীত ভাগ লোৱা তেওঁৰ 'আইচেং' ৱাইনে বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ।
ৰাজ্য চৰকাৰৰ আবকাৰী বিভাগৰ পৰা ৱাইন প্ৰস্তুতৰ অনুজ্ঞাপত্ৰ লাভ কৰা অদিতি গোঁহাই ফুকনৰ আইচেং ৱাইন শীঘ্ৰেই বজাৰলৈও আহিব । তেওঁ জনাই যে ৱাইন প্ৰস্তুত কৰাৰ পিছতো ফলমূলত থকা নিজা গুণাগুণ নষ্ট হৈ নাযায় ।

