ETV Bharat / business

ব্ৰাজিলৰ এম্ব্ৰায়াৰৰ সৈতে জেট বিমান নিৰ্মাণ কৰিব আদানি গ্ৰুপে

আদানি ডিফেন্স আৰু ব্ৰাজিলৰ এম্ব্ৰায়াৰে জেট বিমান নিৰ্মাণৰ চুক্তিত শেহতীয়াকৈ স্বাক্ষৰ কৰে ।

REGIONAL JETS IN INDIA
গৌতম আদানি (IANS)
author img

By ETV Bharat Assamese Team

Published : January 8, 2026 at 11:37 PM IST

2 Min Read
Choose ETV Bharat

নতুন দিল্লী: আদানি গ্ৰুপে ব্ৰাজিলৰ এৰোস্পেচ কোম্পানী এম্ব্ৰায়াৰৰ সৈতে ভাৰতত নিজৰ আঞ্চলিক জেট বিমানৰ বাবে চূড়ান্ত এছেম্বলি লাইন(এফ এ এল) স্থাপনৰ বাবে প্ৰাৰম্ভিক চুক্তিত স্বাক্ষৰ কৰিছে । বৃহস্পতিবাৰে সূত্ৰই প্ৰকাশ কৰিছে এই কথা ৷

সূত্ৰ অনুসৰি এই সন্দৰ্ভত আদানি ডিফেন্স এণ্ড এৰ’স্পেচ আৰু এম্ব্ৰায়াৰৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছে । কিন্তু এই প্ৰস্তাৱিত প্ৰকল্পৰ সবিশেষ ততাতৈয়াকৈ জানিব পৰা হোৱা নাছিল । এই সন্দৰ্ভত আদানি গ্ৰুপ বা এম্ব্ৰায়াৰে কোনো আনুষ্ঠানিক মন্তব্য প্ৰকাশ কৰা নাই ।

ভাৰতৰ ‘‘বিপুল সুযোগ’’ ক স্বীকৃতি দি এম্ব্ৰায়াৰে বিগত বৰ্ষৰ অক্টোবৰ মাহত ৰাজধানী দিল্লীত নিজৰ কাৰ্যালয় স্থাপন কৰে । কোম্পানীটোৰ ই-জেট বিমানে ২০০৫ চনত ভাৰতত উৰণ আৰম্ভ কৰে । বৰ্তমান ভাৰতীয় বায়ুসেনা, চৰকাৰী সংস্থা, বিজনেছ জেট অপাৰেটৰ আৰু আঞ্চলিক বিমান সংস্থা ষ্টাৰ এয়াৰৰ সৈতে প্ৰায় ৫০ খন এম্ব্ৰায়াৰৰ বিমানে সেৱা আগবঢ়াই আছে ।

ইতিমধ্যে ভাৰতীয় বিমান পৰিবহণ খণ্ডত সবল উপস্থিতি থকা আদানি গ্ৰুপে এম্ব্ৰয়াৰৰ সৈতে কৰা অংশীদাৰিত্বৰে ভাৰতৰ বিমান নিৰ্মাণ খণ্ডত প্ৰৱেশ কৰিবলৈ সাজু হৈছে । কেন্দ্ৰীয় চৰকাৰে অসামৰিক বিমান পৰিবহণ খণ্ডত ‘‘মেক ইন ইণ্ডিয়া’’ পদক্ষেপৰ ওপৰত গুৰুত্ব আৰোপ কৰা সময়তে এই খবৰ পোহৰলৈ আহিছে ৷ বৰ্তমান ভাৰতত অসামৰিক বিমানৰ চূড়ান্ত এছেম্বলি লাইন নাই ।

যোৱা বছৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কে ৰামমোহন নাইডুৱে সদৰি কৰিছিল যে আঞ্চলিক পৰিবহণ বিমান নিৰ্মাণৰ বাবে বিশেষ উদ্দেশ্যৰ বাহন(এছ পি ভি) স্থাপনৰ প্ৰক্ৰিয়া চলি আছে ৷ সমান্তৰালকৈ বিমান আৰু ইয়াৰ অংশ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় নীতি নিৰ্ধাৰণ কৰা হৈছে ।

এম্ব্ৰায়াৰৰ শীৰ্ষ কাৰ্যবাহী ৰাউল ভিলাৰনে ২০২৫ চনৰ নৱেম্বৰ মাহত কৈছিল যে ভাৰত এছিয়াৰ এক বৃহৎ আৰু তুলনামূলকভাৱে অনাবৃত বজাৰ ৷ য’ত প্ৰতিযোগিতামূলক আসনৰ ব্যয়ৰ বিমানৰ বিশাল সম্ভাৱনা আছে ।

২০২৪ চনত ভাৰতীয় বায়ুসেনাৰ মধ্যম পৰিবহণ বিমান(এম টি এ) কাৰ্যসূচীৰ অধীনত ‘চি-৩৯০ মিলেনিয়াম’ বিমানৰ সুযোগসমূহৰ যৌথ মূল্যায়নৰ বাবে এম্ব্ৰায়াৰ ডিফেন্স এণ্ড ছিকিউৰিটি আৰু মহিন্দ্ৰা ডিফেন্স চিষ্টেমছে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছিল ।

লগতে পঢ়ক: ভেনিজুৱেলাৰ সংকটে সোণ, ৰূপ, তেলৰ মূল্যত বিশেষ প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা নাই: ক'লে বিশেষজ্ঞই