ETV Bharat / business

বৃহৎ বিনিয়োগেৰে অসমলৈ আহি আছে আদানী গ্ৰুপ: শক্তি খণ্ডত কৰিব আত্মপ্ৰকাশ

আদানী গ্ৰুপে অসমৰ দুটা বৃহৎ শক্তি প্ৰকল্পত ৬৩ হাজাৰ কোটি টকা বিনিয়োগ কৰিব ।

Adani power projects in Assam
আদানি গ্ৰুপৰ মুখ্য কাৰ্যালয় ফাইল ফটো (ANI)
author img

By PTI

Published : November 14, 2025 at 3:15 PM IST

5 Min Read
Choose ETV Bharat

নতুন দিল্লী : আদানী গ্ৰুপে অসমত বিনিয়োগ কৰিব প্ৰায় ৬৩ হাজাৰ কোটি টকা । এই ধন বৃহৎ শক্তি প্ৰকল্পত বিনিয়োগ কৰিব । ইয়াৰ ভিতৰত আছে উত্তৰ-পূবৰ সৰ্ববৃহৎ ব্যক্তিগত কয়লাভিত্তিক প্ৰকল্প আৰু নতুন পাম্প-ষ্ট’ৰেজ প্ৰকল্প ৷

এক বিবৃতিযোগে কোটিপতি গৌতম আদানী পৰিচালিত কোম্পানীটোৱে কয় যে তেওঁলোকৰ শক্তি কোম্পানীসমূহে অসমৰ দুটা বৃহৎ শক্তি প্ৰকল্পৰ বাবে ৰাজ্য চৰকাৰৰ পৰা 'লেটাৰ্ছ অব এৱাৰ্ড' লাভ কৰিছে ।

আদানী পাৱাৰ লিমিটেডে ডিজাইন, বিল্ড, ফাইনেন্স, অন এণ্ড অপাৰেট (ডি বি এফ অ’) মডেলৰ অধীনত ৩,২০০ মেগাৱাটৰ গ্ৰীণফিল্ড আল্ট্ৰা-ছুপাৰ-ক্ৰিটিকেল থাৰ্মেল প্লাণ্ট নিৰ্মাণৰ বাবে প্ৰায় ৪৮,০০০ কোটি টকা ব্যয় কৰিব ।

প্ৰতি কিলোৱাট ঘণ্টাত (প্ৰতি ইউনিট) ৬.৩০ টকাৰ শুল্ক নিবিদাৰে এই প্ৰকল্প লাভ কৰা কোম্পানীটোৱে কেন্দ্ৰৰ শক্তি নীতিৰ অধীনত কয়লা সংযোগ নিশ্চিত কৰিছে ।

২০৩০ চনৰ ডিচেম্বৰৰ পৰা পৰ্যায়ক্ৰমে উৎপাদন আৰম্ভ হ’বলগীয়া এই উদ্যোগটোৱে নিৰ্মাণৰ সময়ত ২০,০০০–২৫,০০০ আৰু কাৰ্যক্ষম হোৱাৰ পিছত প্ৰায় ৩,৫০০ সংস্থাপনৰ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে ।

গ্ৰুপটোৰ নবীকৰণযোগ্য শক্তি কোম্পানী আদানী গ্ৰীণ এনাৰ্জী লিমিটেডে ২৭০০ মেগাৱাটৰ মুঠ ক্ষমতাৰে দুটা পাম্পড ষ্ট’ৰেজ প্ৰজেক্টত (পি এছ পি) প্ৰায় ১৫ হাজাৰ কোটি টকা বিনিয়োগ কৰিব । ইয়াৰ উপৰি ৫০০ মেগাৱাট সংৰক্ষণ ক্ষমতাৰ বাবে এল অ’ এ লাভ কৰিছে, যিটো এই পি এছ পিসমূহৰ জৰিয়তে পৰিচালিত হ’ব ।

আদানী গ্ৰুপে কয় যে দুয়োটা বিনিয়োগতে প্ৰকল্প পৰ্যায়ত মুঠ বিনিয়োগ প্ৰায় ৩০ হাজাৰ হ’ব । বিবৃতিটোত এই পদক্ষেপক উত্তৰ-পূবৰ ব্যক্তিগত খণ্ডৰ সৰ্ববৃহৎ বিনিয়োগ বুলি অভিহিত কৰা হৈছে । লগতে গ্ৰুপটোৰ অধ্যক্ষ গৌতম আদানীয়ে অঞ্চলটোত ৫০ হাজাৰ কোটি টকা বিনিয়োগ কৰাৰ বাবে পূৰ্বে দিয়া প্ৰতিশ্ৰুতিৰ ই হৈছে বাস্তৱায়ন ।

আদানীয়ে কয় যে এই প্ৰকল্পসমূহে অসমৰ শক্তি সুৰক্ষা, উদ্যোগ বৃদ্ধি আৰু গ্ৰীড স্থিতিস্থাপকতা বৃদ্ধি কৰিব । অসম বিদ্যুৎ নিয়ন্ত্ৰণ আয়োগৰ অনুমোদন লাভ কৰা এই তাপ প্ৰকল্পটোৰ বাবে এ পি ডি চি এলৰ সৈতে বিদ্যুৎ যোগানৰ চুক্তি হোৱাৰ সম্ভাৱনা আছে ।

"ভাৰতৰ ব্যক্তিগত খণ্ডৰ সৰ্ববৃহৎ শক্তি উৎপাদক আদানী পাৱাৰ লিমিটেডে (এ পি এল) অসমত ৩২০০ মেগাৱাটৰ গ্ৰীণফিল্ড আল্ট্ৰা ছুপাৰ ক্ৰিটিকেল পাৱাৰ প্লাণ্ট স্থাপনৰ বাবে ৪৮,০০০ কোটি টকা বিনিয়োগ কৰিব । ভাৰতৰ সৰ্ববৃহৎ নবীকৰণযোগ্য শক্তি কোম্পানী আদানী গ্ৰীণ এনাৰ্জীয়ে পৃথকে পৃথকে ১৫,০০০ কোটি টকা বিনিয়োগ কৰাৰ মনস্থ কৰিছে, যাতে ৰাজ্যখনত ২৭০০ মেগাৱাট সংযুক্ত ক্ষমতাৰে দুটা পি এছ পি স্থাপন কৰিব পাৰে ।" বিবৃতিটোত কোৱা হৈছে ।

২০৩০ চনৰ ডিচেম্বৰৰ পৰা পৰ্যায়ক্ৰমে কাৰ্যক্ষম হ’বলগীয়া ৩২০০ কোটিৰ কয়লাচালিত উদ্যোগটোৱে অসমৰ শক্তিৰ আন্তঃগাঁথনি বৃদ্ধি কৰিব, ইয়াৰ ক্ৰমবৰ্ধমান ঔদ্যোগিক আৰু ঘৰুৱা প্ৰয়োজনীয়তাক নিৰ্ভৰযোগ্য আৰু কাৰ্যক্ষম শক্তিৰে সহায় কৰিব বুলিও উল্লেখ কৰা হৈছে ।

বিবৃতিটোত লগতে কোৱা হৈছে, "এই প্ৰকল্প পৰিৱেশ পৰিচালনাৰ ক্ষেত্ৰত নতুন মাপকাঠী নিৰ্ধাৰণ কৰিবলৈ ডিজাইন কৰা হৈছে, আধুনিক প্ৰযুক্তিৰ সহায় লৈ কাৰ্বন নিৰ্গমন কম কৰা আৰু কাৰ্যকৰী দক্ষতা সৰ্বাধিক কৰাৰ লক্ষ্য লোৱা হৈছে ।"

এ পি এলে অসম বিদ্যুৎ নিয়ন্ত্ৰণ আয়োগৰ পৰা প্ৰয়োজনীয় অনুমোদন লাভ কৰাৰ লগতে এ পি ডি চি এলৰ (অসম শক্তি বিতৰণ কোম্পানী লিমিটেড) সৈতে বিদ্যুৎ যোগান চুক্তি (পি এছ এ) যথা সময়ত কাৰ্যকৰী হোৱাৰ সম্ভাৱনা আছে ।

দেশৰ ক্ৰমবৰ্ধমান বিদ্যুতৰ চাহিদা সুৰক্ষিত কৰিবলৈ এই প্ৰতিষ্ঠানটোৱে ভাৰতৰ সৰ্ববৃহৎ ব্যক্তিগত খণ্ডৰ কেপেক্স কাৰ্যসূচী ৰূপায়ণ কৰিছে । ইয়াৰ বৰ্তমান ১২টা তাপ শক্তি কেন্দ্ৰ আৰু এটা সৌৰ কেন্দ্ৰৰ পৰা ১৮.১৫ গিগাৱাট পৰিচালনা ক্ষমতা আছে আৰু ২০৩১-৩২ চনৰ ভিতৰত ইয়াৰ সামগ্ৰিক উৎপাদন ক্ষমতা ৪২ গিগাৱাটলৈকে উন্নীত কৰাৰ লক্ষ্য লোৱা হৈছে ।

পাম্প-ষ্ট’ৰেজ প্ৰকল্পটোৱে শক্তি সংৰক্ষণ, গ্ৰীডৰ স্থিৰতা আৰু শীৰ্ষ সময়ত বিদ্যুতৰ চাহিদা পৰিচালনাৰ বাবে অত্যাধুনিক সমাধান প্ৰদান কৰিব, যাৰ ফলত বিদ্যুতৰ বহনক্ষম আৰু স্থিতিস্থাপক যোগান নিশ্চিত হ’ব । বিবৃতিটোত কোৱা হৈছে যে ই নবীকৰণযোগ্য শক্তিৰ উৎসসমূহক একত্ৰিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব, অসমৰ সেউজ ভৱিষ্যতৰ যাত্ৰাত সহায় কৰিব ।

এই সন্দৰ্ভত আদানী গ্ৰুপৰ অধ্যক্ষ গৌতম আদানীয়ে কয়, "ভাৰতৰ বিকাশৰ যাত্ৰাত উত্তৰ-পূৰ্বাঞ্চল এক গুৰুত্বপূৰ্ণ পথ প্ৰদৰ্শক হিচাপে আত্মপ্ৰকাশ কৰিছে আৰু ইয়াৰ ৰূপান্তৰত অৰিহণা যোগাবলৈ পাই আমি গৌৰৱ অনুভৱ কৰিছোঁ । অসমত আমাৰ ৩২০০ মেগাৱাট তাপ শক্তি প্ৰকল্প আৰু ২৭০০ মেগাৱাট পি এছ পি প্ৰকল্পই সামূহিকভাৱে অঞ্চলটোৰ সৰ্ববৃহৎ ব্যক্তিগত খণ্ডৰ বিনিয়োগেই নহয়, শক্তি সুৰক্ষা, উদ্যোগ উন্নয়ন আৰু কৰ্মসংস্থাপন সৃষ্টিৰ দিশত দৃঢ় পদক্ষেপকো প্ৰতিনিধিত্ব কৰে ।"

"এই প্ৰকল্পসমূহে অসমক শক্তিশালী কৰাই নহয়, সমগ্ৰ উত্তৰ-পূব কৰিড'ৰত অগ্ৰগতিৰ অনুঘটক হিচাপে কাম কৰিব ।" তেওঁ লগতে কয় ।

লগতে পঢ়ক :ওপজা দিনত প্ৰাণৰ শিল্পী জুবিন গাৰ্গক অভিনৱ ধৰণে সন্মান জনাবলৈ সাজু অসম চৰকাৰ
লগতে পঢ়ক :বিধানসভাৰ অধিৱেশনৰ প্ৰথমদিনাই সদনত দাখিল হ'ব তিৱাৰী আয়োগৰ প্ৰতিবেদন: কেবিনেটৰ সিদ্ধান্ত