এখন বিশেষ মহিলা বজাৰ; শতাধিক মহিলা বিক্ৰেতাৰ বজাৰখন হৈ পৰিছে আকৰ্ষণৰ কেন্দ্ৰবিন্দু
মঙলদৈৰ এই মহিলা বজাৰখনে কেইবাগৰাকীও মহিলাক আত্মনিৰ্ভৰশীল কৰাৰ লগতে আন বহুতকে কৰ্মসংস্থাপনৰ সন্ধান দিছে ।

Published : March 2, 2026 at 5:48 PM IST
মঙলদৈ : মহিলা সবলীকৰণৰ বাবে চৰকাৰে চৰকাৰী বিভিন্ন সংস্থাৰ জৰিয়তে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে । কিছু কিছু এনে পদক্ষেপে সফলতা লাভ কৰে আৰু কিছু কিছু পদক্ষেপ সফল নহয় । মহিলা সবলীকৰণৰ বাবে মঙলদৈত আৰম্ভ কৰা মঙলদৈ মহিলা বজাৰে সফলতা লাভ কৰা বুলি ক'ব পৰা যায় ।
২০১৯ চনত ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানে মঙলদৈ চহৰত আৰম্ভ কৰা মহিলা বজাৰে ৭ বছৰ অতিক্ৰম কৰিলে । ২০১৯ চনৰ মে' মাহত প্ৰায় ৩০ টা মহিলা আত্মসহায়ক গোটৰ সদস্যসকলৰ উৎপাদিত সামগ্ৰীসমূহৰ এখন উপযুক্ত বজাৰ দিয়াৰ লক্ষ্যৰে আৰম্ভণি কৰা মঙলদৈ মহিলা বজাৰ নিৰৱচ্ছিন্নভাৱে চলি আহিছে ।
এই মঙলদৈ মহিলা বজাৰত বৰ্তমান শতাধিক আত্মসহায়ক গোটৰ মহিলাৰ উপৰি বহুকেইগৰাকী উদ্যমী মহিলাই ব্যৱসায় কৰি আহিছে । বৰ্তমান গ্ৰামীণ জীৱিকা অভিযানৰ মহিলাসকলেও এই বজাৰত অংশগ্ৰহণ কৰি বজাৰখন অধিক সম্প্ৰসাৰণ কৰিছে । এই মঙলদৈ মহিলা বজাৰে বহু মহিলালৈ আনিছে আশাৰ বতৰা ।
সপ্তাহৰ শনিবাৰৰ দিনটো মঙলদৈ চহৰৰ সাপ্তাহিক বন্ধ বাৰ । শনিবাৰে চহৰৰ দোকান-পোহাৰ, ব্যৱসায়-বাণিজ্য বন্ধ থাকে । সাপ্তাহিক বন্ধৰ প্ৰতিটো শনিবাৰে মঙলদৈ চহৰৰ পুৰণি মঙলদৈ বৰপুখুৰী আৰু বৰ্তমানৰ জয়ন্ত হাজৰিকা উদ্যানৰ দক্ষিণ দিশত আত্মসহায়ক গোটৰ মহিলাসকলে নিজহাতে উৎপাদন কৰা শাক-পাচলি, পিঠা-লাড়ু, গামোচা, চাদৰ-মেখেলা আদি বিক্ৰী কৰি নিজৰ লগতে পৰিয়ালৰ ভৰণ-পোষণৰ ব্যৱস্থা কৰিবলৈ সক্ষম হৈছে ।

এই আত্মসহায়ক গোটসমূহক ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানে বেংকৰ জৰিয়তে ঋণৰ ব্যৱস্থা কৰাই দি উৎপাদনমূলক কামত উৎসাহিত কৰাৰ লগতে উৎপাদিত সামগ্ৰীৰ বজাৰৰ ব্যৱস্থা কৰাত মহিলা আত্মসহায়ক গোটৰ মহিলাসকল উপকৃত হৈছে ।
মহিলা বজাৰত এগৰাকী ক্ৰেতাই কয়, "আমি প্ৰতি শনিবাৰে বজাৰলৈ আহোঁ, এওঁলোকে বিক্ৰী কৰা সামগ্ৰীসমূহ ঘৰতে বনায়, দামো কম । তেওঁলোক স্বনিৰ্ভৰশীল হ'বলৈ চেষ্টা কৰিছে । ভয়-শংকা নকৰি, ঘৰত বহি নাথাকি ওলাই আহিছে, সেয়েহে ভাল লাগিছে । বিক্ৰেতাখিনিৰ ব্যৱহাৰ-পাতি ভাল, সামগ্ৰীও হাইজেনিক ।"

আন এগৰাকী বজাৰ কৰিবলৈ অহা মহিলাই কয়, "আমি প্ৰতিটো শনিবাৰে বজাৰলৈ আহোঁ । ইয়াতে গাঁৱলীয়া শাক-পাচলি পাওঁ, মহিলাখিনিয়ে স্বাৱলম্বী হ'বলৈ চেষ্টা কৰিছে । ইয়াত বস্তুৰ দামো কম । মই গাঁৱলীয়া শাক-পাচলি ল'বলৈ আহোঁ ।"
মহিলা বজাৰলৈ বজাৰ কৰিবলৈ অহা আন এগৰাকী মহিলাই কয়, "প্ৰতি শনিবাৰে আমি বজাৰলৈ আহোঁ । ইয়াতে ঘৰুৱা শাক-পাচলি, হাতে বোৱা চাদৰ-মেখেলা আদি বৰ ধুনীয়া । এওঁলোক স্বাৱলম্বী হৈছে, আনকো সহায় কৰিছে । আন বজাৰৰ তুলনাত দামো কম পাওঁ ।"
আনহাতে, মহিলা আত্মসহায়ক গোটৰ এগৰাকী বিক্ৰেতাই কয়, "২০১৯ চনৰ ৬ জুলাইৰ পৰা আমি দোকান কৰিছোঁ । বেচা-বিক্ৰী ভাল । মোৰ লগতে গোটৰ সকলোৱে স্বাৱলম্বী হ'ব পাৰিছে । ইয়াতে দোকান কৰিয়েই ল'ৰা-ছোৱালী পঢ়াইছোঁ, ঘৰ চলাইছোঁ ।"

আন এগৰাকী উদ্যমী মহিলাই মন্তব্য কৰে, "নগৰীয়া জীৱিকা অভিযানে মোক এবাৰ ১০ হাজাৰ টকা, এবাৰ ২০ হাজাৰ টকা লোণ কৰি দিছে । সেই টকাৰে দোকান কৰি আছোঁ । বিয়া-সকামৰ বাবে পিঠা-লাড়ুৰ অৰ্ডাৰ লৈ যোগান ধৰি আহিছোঁ । আচাৰ, খাৰলি, পিঠা-লাড়ু আদি বনাই বিক্ৰী কৰি আহিছোঁ । এই টকাৰে ঘৰ চলাই আহিছোঁ ।"
এই মহিলা বজাৰত মহিলা আত্মসহায়ক গোটৰ মহিলাসকলে নিজৰ ঘৰত নিজহাতেৰে বনোৱা পিঠা-লাড়ু, আচাৰ, খাৰলি, ৰাসায়নিক সাৰ, ঔষধ ব্যৱহাৰ নকৰা শাক-পাচলি আদি বিক্ৰী কৰি তেওঁলোক স্বচ্ছলভাৱে চলিবলৈ সক্ষম হৈছে । নিজৰ লগতে আন চাৰিজনকো জীৱিকাৰ সন্ধান দিছে । ক্ৰেতাসকলকো উৎকৃষ্ট শাক-পাচলি, স্বাস্থ্যসন্মত পিঠা-লাড়ু, খাৰ-খাৰলি, চিৰা-মুড়ি, আচাৰ, হাতে বোৱা উন্নতমানৰ চাদৰ, মেখেলা, গামোচা আদি যোগান ধৰি আহিছে ।

