ETV Bharat / business

মিঠা মৌৰ তিতা কাহিনী: মৌ বিহ উৎপাদনেৰে বিশ্বৰ বজাৰ দখলৰ সপোন লখিমপুৰৰ মৌ পালকৰ

প্ৰতি কিলো মৌ বিহৰ দাম প্ৰায় এক কোটি বিশ লাখ টকা ৷ পঢ়ক এই বিশেষ প্ৰতিবেদন ৷

A honey farmer dreams of producing Apitoxin and capturing the global market
মৌৰ বিহ উৎপাদনেৰে বিশ্বৰ বজাৰ দখলৰ সপোন মৌ পালকৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 3, 2026 at 5:15 PM IST

|

Updated : July 3, 2026 at 5:21 PM IST

7 Min Read
Choose ETV Bharat

জীৱন গোস্বামী

লখিমপুৰ: লখিমপুৰৰ এজন যুৱক । এসময়ত সংবাদ মাধ্যমৰ সৈতে তেওঁ জড়িত আছিল। পিছে গতানুগতিক খবৰৰ পিছে পিছে দৌৰি তেওঁৰ আমনি লাগিল । তেওঁ জীৱনটোক সুকীয়া ধৰণে সজাব খুজিলে ।

মৌ মাখিৰ গুণ গুণ শব্দৰে জীৱনটোক সজাব খুজিলে । তেওঁ সফলো হ'ল। পিছে কেৱল মৌ উৎপাদনতে তেওঁৰ মনটো সীমাবদ্ধ নহ'ল । এইবাৰ পৰিকল্পনা লৈছে মৌৰ বিহ উৎপাদন কৰিব । যাৰ বজাৰ মূল্য প্ৰতি কিলোগ্রামত কোটি টকাৰো অধিক।

মৌৰ বিহ উৎপাদনেৰে বিশ্বৰ বজাৰ দখলৰ সপোন মৌ পালকৰ (ETV Bharat Assam)

মৌ মাখিৰ গুণ গুণ শব্দৰে জীৱনটোক সুকীয়াকৈ সজাই তোলা এই যুৱকজন হ'ল বুদ্ধ গগৈ । লখিমপুৰৰ ন-খাগৰি গাঁৱৰ নিবাসী বুদ্ধ গগৈয়ে অসমৰ অন্যতম কুটীৰ শিল্প মৌ পালনক জীৱনৰ পাথেয় কৰি ল'লে । শ শ লোকক দিলে প্ৰশিক্ষণ, নিজেও কৰিলে উৎপাদন ।

A honey farmer dreams of producing Apitoxin and capturing the global market
মৌ পালক বুদ্ধ গগৈ (ETV Bharat Assam)

কেৱল মৌ উৎপাদনেই নহয় । মৌ পালনৰ বাকচকে ধৰি আনুসংগিক সকলো সামগ্রী সাজিলে ব্যৱসায়িক ভিত্তিত । মৌ পালন কৰি তেওঁ এসময়ত আয়কৰ পৰ্যন্ত দিবলগীয়াকৈ সফল হৈছিল৷

বুদ্ধ গগৈ কেনেদৰে মৌ পালনৰ প্ৰতি আগ্ৰহী হ'ল?

এই সন্দৰ্ভত বুদ্ধ গগৈয়ে কয়,"২০০৩ চন মানৰ পৰা মই বৈদ্যুতনিক সংবাদ মাধ্যমৰ সৈতে জড়িত আছিলোঁ । সংবাদ সংগ্ৰহৰ কামত বিভিন্ন ঠাইলৈ যাওঁতে কিছু লোকক মৌ পালন কৰা দেখা পাই মই আকৰ্ষিত হৈছিলোঁ । সেই আকৰ্ষণৰ বাবেই মই সংবাদমাধ্যম এৰি এটি সাতদিনীয়া মৌ পালনৰ প্ৰশিক্ষণ লৈছিলোঁ । প্ৰশিক্ষণৰ অন্তত মোক দহ বাহ মৌ দিছিল । সেয়াই আৰম্ভণি । তাৰ পিছত মৌ পালনত আশাতীতভাৱে সফল হ'লো ।"

A honey farmer dreams of producing Apitoxin and capturing the global market
মৌ পালনৰ বাকচ (ETV Bharat Assam)

গগৈয়ে কয়,"ক'ভিডকালীন পৰিস্থিতি সৃষ্টি হোৱাৰ আগত পাঁচশ বাহমান মৌ পালন কৰিছিলোঁ । সফলভাৱে মৌ উৎপাদন কৰি লাভাম্বিত হ'লোঁ । কেৱল মৌ উৎপাদনেই নহয় । বাকচকে ধৰি আনুসংগিক সকলো সামগ্রীও নিৰ্মাণ কৰি বিক্রী কৰিলোঁ । অসম অৰুণাচলৰ বিভিন্ন ঠাইত মৌ পালনৰ প্ৰশিক্ষণ প্ৰদানটো জড়িত হৈ পৰিলোঁ ।"

তেওঁ কয়,"মোৰ লগত জড়িত হৈ আন ভালেখিনি পৰিয়ালো স্বাৱলম্বী হ'ল । সৰিয়হৰ বতৰত উৎপাদন হোৱা মৌ চাৰি পাঁচশ আৰু আন সময়ত উৎপাদন হোৱা মৌ এহেজাৰ টকাকৈ প্ৰতি কিলোগ্রামত বিক্রী হৈছিল । বাকচৰ সৈতে মৌ দুহেজাৰ টকাত বিক্রী হৈছিল। সেই সময়ত ইমানেই লাভাম্বিত হৈছিলোঁ যে মই ইনকাম টেক্স পৰ্যন্ত দিবলগীয়া হৈছিল।"

A honey farmer dreams of producing Apitoxin and capturing the global market
ৰূপা মৌ-পালন উদ্যোগ (ETV Bharat Assam)

দুৰ্যোগ আনিলে ক'ভিড মহামাৰীয়ে

এনে এটা স্বচ্ছল পৰিৱেশত হঠাৎ নামি আহিল দুৰ্যোগৰ কলীয়া ডাৱৰ । বুদ্ধ গগৈয়ে কয়,"ক'ভিডকালীন পৰিস্থিতিত লকডাউন হ'ল । বজাৰ-সমাৰ সকলো বন্ধ হৈ পৰিল । ঘৰৰ পৰা ওলাব নোৱৰা হ'লোঁ । মৌৰ বাবে খাদ্য যোগান ধৰিব নোৱৰা হ'লোঁ । মৌবোৰ মৰি গ'ল । ধ্বংস হৈ পৰিল মোৰ ফলে-ফুলে জাতিষ্কাৰ হৈ থকা সপোনটো । পিছে মৌ পালনক মোৰ মনটোৱে এৰিব নুখুজিলে ।"

তেওঁ কয়,"মৰি যোৱা সপোনটো পুনৰাম্ভ কৰাৰ প্ৰয়াস কৰিলোঁ । পিছে এবাৰ ধ্বংস হৈ পৰা উদ্যোগ এটা পুনৰুদ্ধাৰ কৰাটো সহজ নহয় । তাতে হাতত টকা বুলিবলৈ মুঠেই নাছিল । সেয়ে পথাৰৰ ৰোৱতী মাটি তিনি বিঘা বিক্রী কৰিলোঁ । সেই টকাৰে পুনৰ মৌ পালনৰ উদ্যোগটো আৰম্ভ কৰিলোঁ, আকৌ সফল হৈছোঁ ।"

মিঠা মৌ পালনৰ তিতা অভিজ্ঞতা

মৌ পালনৰ তিতা মিঠা অভিজ্ঞতা বৰ্ণনা কৰি বুদ্ধ গগৈয়ে কয়,"বহল পৰিসৰত মৌ পালন কৰিলে একে ঠাইতে সৰহকৈ মৌ বাকচ ৰাখিব নোৱাৰি । সেয়ে ফুল ক'ত বেছিকৈ আছে ঠাই বিচাৰিবলগীয়া হয় । একপ্ৰকাৰ জৰীপ কৰিবলগীয়া হয় । ফুল বেছিকৈ থকা অঞ্চললৈ নি বতৰ অনুসৰি মৌ বাহ সংস্থাপিত কৰিব লাগে । সেই অঞ্চলত ফুলৰ বতৰ অন্ত পৰিলে পুনৰ অন্য ঠাইত ফুলৰ সন্ধান কৰি মৌ বাহ সেই অঞ্চললৈ নিব লাগে ।"

বুদ্ধ গগৈয়ে এই প্ৰসংগত কৃষি বিভাগৰ প্ৰতি আহ্বান জনাই কয়,"কৃষি বিভাগে ৰাজ্যৰ বিভিন্ন স্থানত মাহ, সৰিয়হ, গোমধান আদিৰ খেতি কৰে । কৃষি বিভাগে তেনে অঞ্চলৰসমূহৰ বিষয়ে মৌ পালকসকলক জনাব লাগে । এটা সমন্বয় থাকিব লাগে মৌ পালক আৰু কৃষি বিভাগৰ । তেতিয়া দুয়ো পক্ষৰ বাবেই লাভজনক হ'ব । কৃষি ক্ষেত্রৰো উৎপাদন বাঢ়িব আৰু মৌৰ উৎপাদনো বৃদ্ধি পাব ।"

কিমান লাভজনক মৌ পালন

বুদ্ধ গগৈয়ে কয়,"বছৰি এবাহ মৌৰ পৰা দহ কেজিমান মৌ উৎপাদন হয় । বছৰি ৫-৬ টা সচ বিক্রী কৰিব পাৰি । সকলো মিলাই এবাহ মৌৰ পৰা বছৰি ১৫ ৰৰ পৰা ২০ হেজাৰ টকা উপাৰ্জন কৰিব পাৰি ।"

বিশ্ব বজাৰৰ কোটি টকীয়া সম্ভাৱনাৰ দুৱাৰ

অসমৰ কুটীৰ শিল্পৰ অন্যতম অংগ মৌ পালন । অতীজৰ পৰা অসমীয়া সমাজে মৌ পালন কৰি আহিছে । পিছে এইয়া কেৱল মৌ উৎপাদনতে সীমাবদ্ধ । বুদ্ধ গগৈয়ে মৌ পালন কৰি মুকলি কৰিব খুজিছে আন এক ডাঙৰ সম্ভাৱনাৰ দুৱাৰ । বুদ্ধ গগৈয়ে কোটি টকীয়া বিশ্ব বজাৰৰ দুৱাৰ টুকৰিয়াব খুজিছে।

সেয়া হৈছে মৌৰ বিহ উৎপাদন কৰা । বিশ্ব বজাৰত এক কিলোগ্রাম মৌৰ বিহৰ দাম এক কোটি বিশ লাখ টকা । মৌৰ বিহ উৎপাদনৰ পৰিকল্পনা লৈছে বুদ্ধ গগৈয়ে ।

মৌ পালনৰ ক্ষেত্রত বুদ্ধ গগৈৰ অৱদান

নিজে মৌ পালন কৰি মৌৰ উৎপাদন, মৌ পালনৰ সামগ্রী নিৰ্মাণ কৰি বজাৰ দখল কৰা আদি সফলভাৱে কৰি নিজে স্বাৱলম্বী বুদ্ধ গগৈ । তেওঁ আন বহুতকে দিছে সংস্থাপন । কেৱল সেয়াই নহয়, মৌ পালনৰ প্ৰতি সকলোকে আগ্রহী কৰিবলৈ তেওঁ অসম অৰুণাচলৰ বিভিন্ন ঠাইত প্ৰশিক্ষণো প্ৰদান কৰিছে ।

এই পৰ্যন্ত অসমত দুশ, অৰুণাচলৰ ল'ৱাৰ সোৱণশিৰি সহ দুখন জিলাত দুশ, নামনি চিয়াং আৰু পাছিঘাটসহ দুখন জিলাত দুশ, নামচাইত ১৫০ জনসহ তেওঁ কেইবাশ লোকক মৌ পালনৰ প্ৰশিক্ষণ প্ৰদান কৰিছে ।

চৰকাৰলৈ আহ্বান

লকডাউনৰ আগলৈকে মৌ পালন কৰি নিজে স্বাৱলম্বী হোৱাৰ লগতে আন বহুতকো কৰ্ম-সংস্থাপন দিছিল বুদ্ধ গগৈয়ে । আয়কৰ দিবলগীয়া হোৱাকৈ ঈৰ্ষণীয়ভাৱে তেওঁ সফল হৈছিল । পিছে ক'ভিডকালিন পৰিস্থিতিয়ে সকলো শেষ কৰি পেলালে । শেষ হৈ যোৱা উদ্যোগটোৰ তেওঁ মোহ এৰিব নোৱাৰিলে । মাটি বেছি তেওঁ পুনৰ উদ্যোগটো গঢ়ি তুলিলে ।

এইবাৰ মৌ বিহ উৎপাদন কৰি কোটিটকীয়া বিশ্ব বজাৰ দখলৰ সপোন দেখিছে তেওঁ । তেওঁ চৰকাৰক অনুৰোধ জনাই কয়,"লকডাউনৰ সময়ত ক্ষতি হোৱা বহু উদ্যোগীক চৰকাৰে পৰৱৰ্তী সময়ত সাহায্য দিলে । কিন্তু ক্ষুদ্র মৌ পালকসকলক একোৱেই সাহায্য নিদিলে । চৰকাৰে যদি কিছু পৰিমাণে হ'লেও আমাক সাহায্য দিয়ে তেন্তে মৌ পালকসকলক উদগনি যোগোৱা হ'ব ।"

লগতে পঢ়ক: ভাৰতত অসুৰক্ষিত নেকি নেপালীসকল ? প্ৰমাণ কৰিবলৈ চাইকেল চলাই অসমত উপস্থিত ভুৱন

কলগাছিয়াত পথৰ মাজতে পুখুৰী সদৃশ গাঁত, সঘনাই দুৰ্ঘটনা

Last Updated : July 3, 2026 at 5:21 PM IST