অষ্টম দৰমহা আয়োগে কেতিয়া দাখিল কৰিব প্ৰতিবেদন ? কিমান বৃদ্ধি পাব কৰ্মচাৰীৰ দৰমহা
শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে অষ্টম দৰমহা আয়োগৰ টাৰ্মছ অৱ ৰেফাৰেন্স ঘোষণা কৰি কৰ্মচাৰীসকলৰ আশা বৃদ্ধি কৰে ।

Published : November 10, 2025 at 8:39 PM IST
নতুন দিল্লী: কৰ্মচাৰীসকলক সকাহ দিয়াৰ স্বাৰ্থত কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ অষ্টম দৰমহা আয়োগৰ টাৰ্মছ অৱ ৰেফাৰেন্স(ToR) ঘোষণা কৰিছে । ইয়াৰ ফলত দৰমহা, ভাট্টা, পেঞ্চনৰ বৃদ্ধিত যথেষ্ট আশা সৃষ্টি হোৱা দেখা গৈছে ৷ আয়োগে ১৮ মাহৰ ভিতৰত অৰ্থাৎ ২০২৭ চনৰ এপ্ৰিল মাহৰ ভিতৰত চৰকাৰক পৰামৰ্শ দাখিল কৰিব ।
এই প্ৰতিবেদনত প্ৰথমে শ্ৰম আৰু বিত্ত মন্ত্ৰালয়ে অনুমোদন জনাব । ইয়াৰ পিছত কেবিনেটে অনুমোদন জনাব আৰু তাৰপিছত কাৰ্যকৰী কৰা হ’ব । ফলস্বৰূপে ২০২৭ চনৰ দীপাৱলীৰ ভিতৰত অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হোৱাৰ সম্ভাৱনা আছে ৷ অৱশ্যে অষ্টম দৰমহা আয়োগ কেতিয়া কাৰ্যকৰী বুলি বিবেচিত হ’ব, সেয়া চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰে ।
অষ্টম দৰমহা আয়োগৰ সমিতিখন তিনিজনীয়া ৷ যাৰ অধ্যক্ষ প্ৰাক্তন ন্যায়াধীশ ৰঞ্জনা দেশাই । অধ্যাপক পুলক ঘোষক অংশকালীন সদস্য আৰু পংকজ জৈনক সদস্য-সচিব হিচাপে নিযুক্তি দিয়া হৈছে । ১৮ মাহৰ ভিতৰত আয়োগে চৰকাৰক পৰামৰ্শ দাখিল কৰিব লাগিব । কিন্তু আয়োগে ইচ্ছা কৰিলে যিকোনো সময়তে চৰকাৰক অন্তৱৰ্তীকালীন প্ৰতিবেদন দাখিল কৰিব পাৰে ।
কমিটীয়ে কি কৰিব ?
টাৰ্মছ অৱ ৰেফাৰেন্সৰ ভিতৰত কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহা, ডি এ, বোনাছ, গ্ৰেচুইটি আৰু পাৰফৰমেন্স-লিংকড ইনচেণ্টিভ(পি এল আই) পৰ্যালোচনা কৰাটো অন্তৰ্ভুক্ত । ইয়াৰোপৰি চৰকাৰৰ ওপৰত বোজা কম কৰিবলৈ ইকুইটি আৰু বিত্তীয় ভাৰসাম্য বজাই ৰখাৰ কাম কৰিব আৰু দেশৰ অৰ্থনৈতিক পৰিস্থিতি আৰু বিত্তীয় অনুশাসন সন্দৰ্ভতো পৰামৰ্শ আগবঢ়াব । চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ দৰমহাৰ গাঁথনিও তুলনা কৰিব সমিতিখনে ।
আয়োগে কেতিয়া দাখিল কৰিব প্ৰতিবেদন ?
অধিসূচনা অনুসৰি আয়োগ গঠনৰ তাৰিখৰ পৰা ১৮ মাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব লাগিব । দাখিল কৰাৰ পিছত চৰকাৰে প্ৰতিবেদনখন পৰ্যালোচনা কৰিব আৰু অনুমোদনৰ পিছত নতুন দৰমহাৰ গাঁথনিত কাৰ্যকৰী কৰা হ’ব ।
কৰ্মচাৰীৰ দৰমহা কিমান বৃদ্ধি পাব পাৰে ?
অষ্টম দৰমহা আয়োগে কিমান ধন সংগ্ৰহ কৰিব ? এই প্ৰশ্নটো প্ৰতিজন কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে জানিব বিচাৰে । বিত্তীয় প্ৰতিষ্ঠান কোটাক ইনষ্টিটিউচনেল ইকুইটিজ আৰু এম্বিট কেপিটেলৰ হিচাপ অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা বৃদ্ধিৰ বাবে ১.৮ ৰ পৰা ২.৪৬ ফিটমেণ্ট ফেক্টৰ ব্যৱহাৰ কৰিব পৰা যাব ।
যদি ১.৮ ফিটমেণ্ট ফেক্টৰ নিৰ্ধাৰণ কৰা হয়, তেন্তে লেভেল ১ ৰ কৰ্মচাৰীৰ মূল দৰমহা ১৮,০০০ টকাৰ পৰা ৩২,৪০০ টকালৈ বৃদ্ধি পাব । ২.১৫ ফিটমেণ্ট ফেক্টৰে নূন্যতম দৰমহা ১৮,০০০ টকাৰ পৰা ৩৮,৭০০ টকালৈ বৃদ্ধি কৰিব পাৰে ৷ আনহাতে ২.৪৬ ফিটমেণ্ট ফেক্টৰৰ ফলত নূন্যতম দৰমহা ৪৪,২৮০ টকালৈ বৃদ্ধি হ’ব পাৰে ।
লগতে পঢ়ক: ৩১ ডিচেম্বৰে শেষ সীমা, আধাৰৰ সৈতে সংযোগ নকৰিলে বন্ধ হৈ পৰিব পানকাৰ্ড

