২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা বৃদ্ধি পাব নেকি বেতন ? অষ্টম দৰমহা আয়োগৰ বকেয়া সন্দৰ্ভত ডাঙৰ ইংগিত
অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হোৱাৰ পিছত কেন্দ্ৰই ১.৫-২ বছৰৰ বকেয়া পৰিশোধ কৰিবলগীয়া হ’ব পাৰে ।

Published : December 29, 2025 at 11:52 PM IST
হায়দৰাবাদ: কেন্দ্ৰীয় চৰকাৰে অষ্টম দৰমহা আয়োগ গঠনত অনুমোদন জনাইছে । এই তথ্য বিগত ২৮ অক্টোবৰত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকৰ পিছত জাৰি কৰা প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰা হৈছে । উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ৰঞ্জনা দেশাই হ’ব এই আয়োগৰ অধ্যক্ষ ।
যদিও সংশোধিত দৰমহা আৰু পেঞ্চন কাৰ্যকৰী হ’বলৈ এতিয়াও সময় আছে, তথাপিও ২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা বকেয়া হিচাপ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে ।
১০ বছৰৰ পৰম্পৰা অনুসৰি দৰমহা আয়োগ কাৰ্যকৰী কৰা হৈছে
চৰকাৰে জাৰি কৰা প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰা হৈছে যে পৰম্পৰা অনুসৰি প্ৰতিখন দৰমহা আয়োগ পূৰ্বৰ আয়োগ কাৰ্যকৰী হোৱাৰ ১০ বছৰৰ পিছতহে কাৰ্যকৰী হয় । ২০১৬ চনৰ ১ জানুৱাৰীৰ পৰা সপ্তম দৰমহা আয়োগ কাৰ্যকৰী হোৱাৰ পিছত ২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা অষ্টম দৰমহা আয়োগৰ পৰামৰ্শ কাৰ্যকৰী হোৱাৰ সম্ভাৱনা আছে ।
চৰকাৰী বিজ্ঞপ্তিত কি কোৱা হৈছে
কেবিনেট বৈঠকৰ পিছত জাৰি কৰা এক চৰকাৰী বিজ্ঞপ্তিত এনেদৰে কোৱা হৈছে, ‘‘সাধাৰণতে দৰমহা আয়োগৰ পৰামৰ্শসমূহ প্ৰতি দহ বছৰৰ মূৰে মূৰে কাৰ্যকৰী কৰা হয় । এই প্ৰথা অনুসৰি অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগৰ পৰামৰ্শসমূহ ০১.০১.২০২৬ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাৰ সম্ভাৱনা আছে ।’’
সপ্তম দৰমহা আয়োগতো বকেয়া
এদশক পূৰ্বেও একেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল । সপ্তম দৰমহা আয়োগৰ পৰামৰ্শ ২০১৬ চনৰ ১ জুলাইৰ পৰা কাৰ্যকৰী কৰা হৈছিল যদিও ২০১৬ চনৰ জানুৱাৰীৰ পৰা জুনলৈকে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলক বকেয়া ধন প্ৰদান কৰা হৈছিল ।
এইবাৰ বকেয়া অধিক হোৱাৰ সম্ভাৱনা আছে
এইবাৰ বকেয়া অধিক হোৱাৰ সম্ভাৱনা আছে ৷ কাৰণ ২০২৭ চনৰ পূৰ্বে অষ্টম দৰমহা আয়োগে প্ৰতিবেদন দাখিল কৰাৰ সম্ভাৱনা নাই । কেন্দ্ৰীয় চৰকাৰে আয়োগক প্ৰতিবেদন দাখিল কৰিবলৈ ১৮ মাহৰ সময় দিছে । ২০২৫ চনৰ ৩ নৱেম্বৰত আনুষ্ঠানিকভাৱে গঠন কৰা আয়োগৰ কাৰ্যকাল ২০২৭ চনৰ ২ মে’লৈকে বুলি ধৰা হৈছে ।
১.৫-২ বছৰৰ বকেয়াৰ সম্ভাৱনা
যদিহে ২০২৭ চনৰ পিছত আয়োগৰ পৰামৰ্শ জাৰি কৰা হয় আৰু ১ জানুৱাৰী, ২০২৬ ৰ পৰা কাৰ্যকৰী হয়, তেন্তে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে ডেৰ বছৰৰ পৰা দুবছৰলৈকে বকেয়া লাভ কৰিব পাৰে । কিন্তু চৰকাৰে এতিয়াও আনুষ্ঠানিকভাৱে বকেয়া ধন পৰিশোধ কৰাটো নিশ্চিত কৰা নাই ।
চৰকাৰৰ স্থিতি এতিয়াও স্পষ্ট নহয়
চৰকাৰে জাৰি কৰা প্ৰেছ বিজ্ঞপ্তিত কয় যে পুৰ্বদৃষ্টিসম্পন্ন প্ৰভাৱৰ সৈতে সংশোধিত দৰমহা কাৰ্যকৰী কৰাটো সাধাৰণতে আশা কৰা হৈছে ৷ কিন্তু বকেয়া সন্দৰ্ভত কোনো চূড়ান্ত সিদ্ধান্ত লোৱা হোৱা নাই ।
এন ডি টিভি প্ৰফিটৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ৰাষ্ট্ৰীয় পৰিষদ-যৌথ পৰামৰ্শদাতা যন্ত্ৰৰ সম্পাদক শিৱগোপাল মিশ্ৰই কয় যে এই প্ৰক্ৰিয়াত সময় লাগে যদিও দৰমহা বৃদ্ধিৰ কাৰ্যকৰী তাৰিখ ২০২৬ চনৰ ১ জানুৱাৰী হোৱাৰ সম্ভাৱনা আছে ৷
তেওঁ কয়, ‘‘প্ৰক্ৰিয়াটোৱে সময় ল'ব । এখন আয়োগ গঠন কৰা হ'ব, ই অংশীদাৰসকলৰ সৈতে আলোচনা কৰিব আৰু তাৰ পিছত পৰামৰ্শ আগবঢ়াব । তাৰপিছত চৰকাৰে ইয়াক অনুমোদন দিব । কিন্তু পলম হোৱাৰ পিছতো দৰমহা বৃদ্ধিৰ কাৰ্যকৰী তাৰিখ ২০২৬ চনৰ ১ জানুৱাৰী হ’ব লাগে ।’’
কিমান কৰ্মচাৰী আৰু পেঞ্চনাৰে লাভ কৰিব এই সুবিধা
অষ্টম দৰমহা আয়োগে প্ৰায় ৫০ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু প্ৰায় ৬৯ লাখ পেঞ্চনাৰক উপকৃত কৰিব । ইয়াৰ ফলত তেওঁলোকৰ দৰমহা আৰু পেঞ্চন যথেষ্ট বৃদ্ধি পাব ।
চৰকাৰৰ ওপৰত পৰিব পৰা আৰ্থিক বোজা
সপ্তম দৰমহা আয়োগে ২০১৬-১৭ বিত্তীয় বৰ্ষত চৰকাৰৰ ওপৰত প্ৰায় ১.০২ লাখ কোটি টকাৰ বোজা জাপি দিছিল । ইফালে, ২০২৫ চনৰ জুলাই মাহত কোটাক ইনষ্টিটিউশ্যনেল ইকুইটিৰ প্ৰতিবেদন অনুসৰি অষ্টম দৰমহা আয়োগৰ ক্ষেত্ৰত চৰকাৰৰ ২.৪-৩.২ লাখ কোটি টকাৰ ভিতৰত ব্যয় হোৱাৰ সম্ভাৱনা আছে ৷ ইয়াৰ প্ৰভাৱ মূলতঃ ২০২৭-২৮ বিত্তীয় বৰ্ষত দেখা যাব ।
মুঠৰ ওপৰত অষ্টম দৰমহা আয়োগ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে এক বৃহৎ সকাহ হিচাপে প্ৰমাণিত হ’ব পাৰে । নতুন দৰমহা আৰু পেঞ্চন পৰিকল্পনা ৰূপায়ণত পলম হ’ব পাৰে যদিও ২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা বকেয়া জমা হোৱাৰ সম্ভাৱনাই ইয়াক অত্যন্ত গুৰুত্বপূৰ্ণ কৰি তুলিছে ।
লগতে পঢ়ক: এবছৰ হ’লেই লাভ নকৰে গ্ৰেচুইটিৰ ধন ! এতিয়াও জাৰি পাঁচবছৰীয়া পুৰণি নিয়ম

