ETV Bharat / bharat

জুবিন গাৰ্গ গোচৰ : কাৰিকৰী কাৰণৰ বাবে শ্য়ামকানু মহন্তৰ বেংক একাউণ্ট পুনৰাই খোলাৰ নিৰ্দেশ আদালতৰ

সোমবাৰে ন্য়ায়ালয় কক্ষত উপস্থিত থকা প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু ভগ্নী পাল্মী বৰঠাকুৰে ক'লে এয়া বেয়া খবৰ ৷

শিল্পী জুবিন গাৰ্গ (ফাইল ফটো)
শিল্পী জুবিন গাৰ্গ (ফাইল ফটো) (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : March 2, 2026 at 4:49 PM IST

|

Updated : March 2, 2026 at 7:44 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: সোমবাৰে গুৱাহাটীৰ কামৰূপ মেট্ৰ'পলিটান আদালতে গ্ৰহণ কৰা শুনানিৰ অন্তত শিল্পী জুবিন গাৰ্গৰ মৃত্য়ুৰ গোচৰত অভিযুক্ত হৈ থকা সাংস্কৃতিক উদ্য়োক্তা শ্য়ামকানু মহন্তৰ ফ্ৰীজ(বন্ধ) কৰি ৰখা বেংক একাউণ্ট পুনৰ খুলিবলৈ নিৰ্দেশ দিয়ে ৷ লগতে এই গোচৰ সন্দৰ্ভত পৰৱৰ্তী শুনানি ১৯ মাৰ্চত তাৰিখে ধাৰ্য কৰা হৈছে ৷ এই আদালতে ছিংগাপুৰ আৰক্ষীৰ প্ৰতিবেদন বিচাৰি কৰা অন্য় এক আবেদনো সোমবাৰৰ শুনানিত খাৰিজ কৰে ৷

ন্য়ায়ালয় কক্ষত উপস্থিত থকা প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ ভগ্নী পাল্মী বৰঠাকুৰে সোমবাৰে অভিযুক্ত শ্য়ামকানু মহন্তৰ বেংক একাউণ্ট সন্দৰ্ভত গ্ৰহণ কৰা ন্য়ায়ালয়ৰ সিদ্ধান্তক লৈ অসন্তুষ্টি প্ৰকাশ কৰে ৷ "কেতবোৰ ব্য়ৱস্থাগত আঁসোৱাহ আৰু কাৰিকৰী অসুবিধাৰ বাবে ন্য়ায়ালয়ে এই সিদ্ধান্ত লৈছে ৷ এয়া আমাৰ বাবে বেয়া খবৰ ৷"

শিল্পী জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

আনহাতে জুবিন গাৰ্গ গোচৰত নিয়োজিত চৰকাৰী পক্ষৰ বিশেষ ৰাজহুৱা অভিযোজক (বিশেষ অধিবক্তা) জিয়াউল কামাৰে সাংবাদিকৰ আগত কয়, "মহামান্য় ন্য়ায়ালয়ে ১৯ মাৰ্চ তাৰিখে অভিযুক্তৰ সাক্ষ্য় গ্ৰহণ কৰিব ৷ তাৰ পাছত মোকৰ্দমা আৰম্ভ হ'ব ৷" অভিযুক্ত সন্দৰ্ভত মন্তব্য় কৰি তেওঁ লগতে কয় যে, "অভিযুক্ত সন্দৰ্ভত মই একো ক'ব নোৱাৰিম ৷ তেওঁলোকে আৰু কি নতুন আবেদন দাখিল কৰে সেই বিষয়ে মই অজ্ঞাত ৷"

জুবিন সমাধি ক্ষেত্ৰৰ ফাইল ফটো
জুবিন সমাধি ক্ষেত্ৰৰ ফাইল ফটো (ETV Bharat)

উল্লেখ্য় যে জিয়াউল কামাৰে পূৰ্বতে অভিযোগ কৰি কৈছিল যে জুবিন গোচৰটোত অভিযুক্তসকলে একাধিক আবেদন দাখিল কৰি বিচাৰ প্ৰক্ৰিয়া লেহেমীয়া কৰিছে ৷ অধিবক্তাগৰাকীয়ে লগতে কয় যে কাৰিকৰী আঁসোৱাহৰ বাবে ন্য়ায়ালয়ে শ্য়ামকানু মহন্তৰ ফ্ৰীজ (বন্ধ হৈ থকা) বেংক একাউণ্ট পুনৰাই খুলিবলৈ নিৰ্দেশ দিছে ৷

শিল্পী জুবিন গাৰ্গ (ফাইল ফটো)
শিল্পী জুবিন গাৰ্গ (ফাইল ফটো) (ETV Bharat)

জ্য়েষ্ঠ অধিবক্তাগৰাকীয়ে লগতে কয় যে অন্য় এক অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই ছিংগাপুৰ আৰক্ষীৰ প্ৰতিবেদন বিচাৰি ন্য়ায়ালয়ত কৰা আবেদন ন্য়ায়াধীশে খাৰিজ কৰিছে ৷ আনহাতে, মহাবীৰ একুৱা সন্দৰ্ভত চলি থকা অন্য় এক গোচৰৰ শুনানি (সহ অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ নাম থকা কোম্পানী) ১৯ মাৰ্চত তাৰিখে গ্ৰহণ কৰা হ'ব ৷

জুবিন সমাধি ক্ষেত্ৰৰ ফাইল ফটো
জুবিন সমাধি ক্ষেত্ৰৰ ফাইল ফটো (ETV Bharat)

ফাষ্টট্ৰেক আদালতত গোচৰ প্ৰক্ৰিয়া চলাৰ পোষকতা কৰি জুবিন গাৰ্গৰ পত্নীয়ে সাংবাদিকৰ আগত মন্তব্য় কৰে যদিও তেওঁ লগতে কয় যে, এই সম্পৰ্কত কি হৈ আছে, সেই সম্পৰ্কত তেওঁ অজ্ঞাত ৷

লগতে পঢ়কঃ

Last Updated : March 2, 2026 at 7:44 PM IST