মণিপুৰৰ ১৪ বছৰীয়া লিচিপ্ৰিয়াৰ কাহিনী এতিয়া চিবিএছই পাঠ্যপুথিৰ পাতে পাতে
নতুন শিক্ষানীতি ২০২০ অনুসৰি বিভিন্ন বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমতো কিশোৰীগৰাকীৰ জীৱন সংগ্ৰাম আৰু সমাজসেৱামূলক কামৰ কথা উল্লেখ কৰা হৈছে ।

Published : May 22, 2026 at 6:50 PM IST
তেজপুৰ: মণিপুৰৰ এগৰাকী কিশোৰীৰ কাহিনী এতিয়া কিতাপৰ পাতে পাতে ৷ জলবায়ু কৰ্মী হিচাপে পৰিচিত কিশোৰীগৰাকীৰ অনুপ্ৰেৰণামূলক কাহিনীয়ে স্থান পাইছে চিবিএছইৰ পাঠ্যক্ৰমত ৷ ১৪ বছৰীয়া জলবায়ু কৰ্মী লিচিপ্ৰিয়া কংগুজম নামৰ কিশোৰীগৰাকী মণিপুৰৰ এখন ভিতৰুৱা গাঁৱৰ বাসিন্দা ৷
প্ৰাপ্ত তথ্য অনুসৰি, চিবিএছইৰ অধীনস্থ পাঠ্যক্ৰমৰ গ্ৰেড ৫-ৰ ইংৰাজী সাহিত্যৰ পাঠ্যপুথিত লিচিপ্ৰিয়াৰ জীৱন কাহিনী অন্তৰ্ভুক্ত কৰা হৈছে । ইয়াৰোপৰি গ্ৰেড ৪ আৰু গ্ৰেড ৭-ৰ শিক্ষা সামগ্ৰীতো তেওঁৰ যাত্ৰাৰ বিষয়ে উল্লেখ আছে । নতুন শিক্ষানীতি ২০২০ অনুসৰি বিভিন্ন বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমতো কিশোৰীগৰাকীৰ জীৱন সংগ্ৰাম আৰু সমাজসেৱামূলক কামৰ কথা উল্লেখ কৰা হৈছে ।
উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য মণিপুৰৰ পৰা আগবাঢ়ি অহা লিচিপ্ৰিয়াই অতি কম বয়সতেই জলবায়ু পৰিৱৰ্তন, পৰিৱেশ সংৰক্ষণ আৰু দুৰ্যোগৰ সময়ত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ত সজাগতা সৃষ্টিৰ বাবে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষ স্বীকৃতি লাভ কৰিছে । বিভিন্ন অভিযান, জনসভাত ভাষণ আৰু বিশ্ব মঞ্চত অংশগ্ৰহণৰ জৰিয়তে তেওঁ দেশৰ অন্যতম কনিষ্ঠ জলবায়ু কণ্ঠস্বৰ হিচাপে পৰিচিতি লাভ কৰিছে ।
Honoured and humbled that my life story is now being taught in the CBSE English Literature textbook for Grade 5 across India. My journey is already part of the curriculum for Grades 4 and 7 and various universities as well as per New Education Policy 2020. From a small village to… pic.twitter.com/c8QdqXKzLk
— Licypriya Kangujam (@LicypriyaK) May 21, 2026
নিজৰ জীৱন কাহিনী বিদ্যালয়ৰ পাঠ্যপুথিত অন্তৰ্ভুক্ত হোৱাক লৈ আনন্দ প্ৰকাশ কৰি লিচিপ্ৰিয়াই কয় যে, এই স্বীকৃতি কেৱল তেওঁৰ ব্যক্তিগত সাফল্য নহয়, বৰঞ্চ প্ৰতিটো শিশুৰ বাবে এক আশাৰ বাৰ্তা । সামাজিক মাধ্যম এক্সত লিচিপ্ৰিয়াই এনেদৰে লিখিছে, “মোৰ জীৱন কাহিনী এতিয়া সমগ্ৰ ভাৰতৰ গ্ৰেড ৫-ৰ চিবিএছই ইংৰাজী সাহিত্য পাঠ্যপুথিত পঢ়োৱা হৈছে বুলি জানি মই গৌৰৱান্বিত অনুভৱ কৰিছোঁ । মোৰ যাত্ৰা ইতিমধ্যে গ্ৰেড ৪ আৰু গ্ৰেড ৭-ৰ পাঠ্যক্ৰম আৰু বিভিন্ন বিশ্ববিদ্যালয়তো অন্তৰ্ভুক্ত হৈছে । এখন সৰু গাঁৱৰ পৰা দেশজুৰি বিদ্যালয়ৰ শ্ৰেণীকোঠালৈ - এয়া কেৱল মোৰ কাহিনী নহয়, ই প্ৰতিটো শিশুৰ বাবে এক বাৰ্তা যে পৰিৱৰ্তন আনিবলৈ বয়স কেতিয়াও বাধা নহয় ।’’
শিক্ষাবিদ আৰু সমাজ পৰ্যবেক্ষকসকলৰ মতে, লিচিপ্ৰিয়াৰ দৰে কাহিনীয়ে ছাত্ৰ-ছাত্ৰীসকলক সামাজিকভাৱে অধিক সচেতন আৰু পৰিৱেশৰ প্ৰতি দায়বদ্ধ হ’বলৈ অনুপ্ৰাণিত কৰিব । লগতে ই নতুন প্ৰজন্মক উন্নত ভৱিষ্যৎ গঢ়াৰ ক্ষেত্ৰত ইতিবাচক ভূমিকা গ্ৰহণৰ দিশতো উৎসাহ যোগাব ।
লগতে পঢ়ক: প্ৰচণ্ড গৰম ; পক্ষীকূলক ৰক্ষা কৰিবলৈ অ’আৰএছ মিহলি পানী আৰু কুলাৰৰ ব্যৱস্থা

