উভতি চাওঁ ২০২৫: পহলগামৰ ৰক্তক্ষয়ী ঘটনাই ভেঙুচালি কৰিলে কাশ্মীৰৰ 'স্বাভাৱিক অৱস্থা'ৰ ধাৰণাক
২০২৫ বৰ্ষত বিদায় জনোৱাৰ সময়ত এবাৰ উভতি চাব বিচাৰিছোঁ কাশ্মীৰৰ অন্যতম মাৰাত্মক আক্ৰমণৰ ঘটনা, য'ত সন্ত্ৰাসবাদীয়ে পহলগামত ২৬ গৰাকী সাধাৰণ নাগৰিকক হত্যা কৰে ।

Published : December 29, 2025 at 5:17 PM IST
২০২৫ চনৰ ২২ এপ্ৰিলৰ বিয়লি পহলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত ২৬ জন সাধাৰণ নাগৰিক ৰক্তেৰে ৰঞ্জিত হৈ জীৱন নাট সামৰে । ইয়াৰে ভিতৰত ২৫ জন পৰ্যটক আৰু এজন ঘোঁৰাচালক আছিল । এইটো হৈছে ২০০০ চনৰ পিছত কাশ্মীৰত পৰ্যটকৰ ওপৰত সংঘটিত আটাইতকৈ ভয়াৱহ আক্ৰমণ । এচ-৪ কাৰ্বাইন আৰু এ কে-৪৭ ৰাইফলেৰে সন্ত্ৰাসবাদীয়ে উক্ত অঞ্চলটোক নিজৰ কুঅভিপ্ৰায় পূৰণৰ লক্ষ্য কৰি লয়, যাৰ ওপৰত সন্ত্ৰাসবাদীৰ স্পষ্ট ধাৰণা আছিল । নিয়মিত সেনা তালাচী চকীৰ চকুত ধূলি মাৰি সুৰক্ষা ব্যৱস্থাত থকা গাফিলতিক সম্পূৰ্ণ ব্যৱহাৰ কৰি তেওঁলোক উক্ত স্থানত উপস্থিত হয়, য'ত দেশৰ বিভিন্ন প্ৰান্তৰ পৰিয়ালবোৰে ছুটী কটাবলৈ পচন্দ কৰে ।
পিছত এই ঘটনাৰ পৰা প্ৰাণৰক্ষা পৰাসকলে তদন্তকাৰীক জনাই যে বন্দুকধাৰীসকলে পুৰুষসকলক মহিলাৰ পৰা পৃথক কৰিছিল, কিছুমানে কালিমা পাঠ কৰিবলৈ দাবী জনাইছিল আৰু তেওঁলোকে অমুছলমান বুলি চিনাক্ত কৰাসকলক শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰিছিল । নিহতসকলৰ ভিতৰত আছিল বিয়াৰ পিছত মধুচন্দ্ৰিকালৈ অহা এক নৱদম্পতী, এগৰাকী পিতৃ আৰু তেওঁৰ নিচেই কম বয়সীয়া পুত্ৰ আৰু এজন ৩২ বছৰীয়া মুছলমান ঘোঁৰাচালক, যিয়ে ৰাইফলৰ সন্মুখত থিয় দি পৰ্যটকৰ প্ৰাণ বচাবলৈ নিজৰ জীৱনৰ মূল্য পৰিশোধ কৰিছিল ।

এই ষড়যন্ত্ৰ কেনেদৰে কাৰ্যত ৰূপায়ণ কৰা হৈছিল
ঘটনাৰ ২৪ ঘণ্টাৰ ভিতৰতে কেন্দ্ৰীয় সংস্থা আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে কয় যে কোনে কেনেকৈ আক্ৰমণ চলাইছিল তাৰ এক বিস্তৃত তথ্য তেওঁলোকৰ হাতত পৰিছে । তদন্তকাৰীয়ে পাঁচজন মূল সন্ত্ৰাসবাদী চিনাক্ত কৰে, ইয়াৰে তিনিজন পাকিস্তানী নাগৰিক আৰু দক্ষিণ কাশ্মীৰৰ দুজন স্থানীয় লোক । তেওঁলোকে কমেও ১৫ জন স্থানীয় কৰ্মকৰ্তাৰ পৰা সমৰ্থন লাভ কৰিছিল, যিসকলে তেওঁলোকক সামগ্ৰী, ফোন আৰু গোপনীয়তা তথ্য প্ৰদানত সহায় কৰিছিল ।
চোৰাংচোৱা সূত্ৰই ঘটনাত জড়িত বিদেশী সন্ত্ৰাসবাদীৰ নামো ঘোষণা কৰে । তেওঁলোক হৈছে আছিফ ফৌজী ওৰফে মুছা, চুলেমান শ্বাহ ওৰফে ইউনুছ আৰু আবু তালহা । আনহাতে, ঘটনাত জড়িত স্থানীয় লোককেইজনৰ নাম বিজবেহাৰাৰ আদিল গুৰি আৰু পুলৱামাৰ এহছান বুলি জনায় ।

এই গোটটোৱে লস্কৰৰ সৈতে জড়িত সংগঠন 'দ্য ৰেজিষ্টেন্স ফ্ৰণ্ট'ৰ (টি আৰ এফ) অধীনত কাম কৰিছিল । এই সংগঠনটোক প্ৰায়ে পাকিস্তানভিত্তিক সন্ত্ৰাসবাদী নেতৃত্বক ঢাকি ৰাখিবলৈ 'ছায়া ব্ৰেণ্ড' হিচাপে ব্যৱহাৰ কৰা হয় । পহলগামত সন্ত্ৰাসবাদীয়ে পৰ্যটকক গুলীয়াই হত্যা কৰাৰ কিছুদিন পূৰ্বেই সুৰক্ষা ব্যৱস্থাক লৈ বিপদ ঘণ্টা বাজিছিল । চৰকাৰী সূত্ৰৰ উদ্ধৃতি দি পি টি আইৰ এক প্ৰতিবেদন অনুসৰি, চোৰাংচোৱা সংস্থাই শ্ৰীনগৰৰ পাহাৰৰ পাদদেশৰ ওচৰত থকা পৰ্যটকৰ ওপৰত সম্ভাৱ্য আক্ৰমণ সন্দৰ্ভত আশংকা ব্যক্ত কৰিছিল ৷
ভুক্তভোগীসকল
২৬ জন ভুক্তভোগীৰ সম্পূৰ্ণ তালিকাখনে মধ্যবিত্তীয় ভাৰতীয়ৰ ভ্ৰমণ সম্পৰ্কীয় সপোনৰ এক মিশ্ৰিত প্ৰতিচ্ছবি প্ৰকাশ কৰে : উত্তৰ প্ৰদেশৰ ক্ষুদ্ৰ ব্যৱসায়ী, মহাৰাষ্ট্ৰৰ এজন শিক্ষক, গুজৰাটৰ এটা পৰিয়াল আৰু এজন খ্ৰীষ্টান পৰ্যটক । তেওঁৰ নামে অৱশ্যে প্ৰথমতে কেৱল হিন্দুৰ ওপৰত আক্ৰমণ বুলি কৰা বৰ্ণনাত সংশোধন কৰিবলৈ বাধ্য কৰাইছিল । বহু পুৰুষক পত্নী আৰু সন্তানৰ সন্মুখত হত্যা কৰা হৈছিল; এগৰাকী মহিলাই আৰক্ষীক জনোৱা মতে, বন্দুকধাৰীয়ে তেওঁৰ স্বামীক গুলীয়াই হত্যা কৰাৰ পিছত তেওঁক ইংগিত দি আঁতৰি যাবলৈ কয় আৰু কয় যে মহিলাসকল তেওঁলোকৰ লক্ষ্য নহয় ।
কাশ্মীৰত এই মৰ্মান্তিক ঘটনাই ধৰ্মৰ সীমাৰ পৰিধি পাৰ কৰে । মহামাৰী আৰু ২০১৯ চনৰ সাংবিধানিক পৰিৱৰ্তনৰ পিছত বিগত কেইবছৰমানৰ পৰা পৰ্যটন উদ্যোগক পুনৰ নিৰ্মাণৰ কামত লাগি থকা স্থানীয় লোকসকলে হঠাতে পুৰণি দিনৰ ছবি ঘূৰি অহাটো প্ৰত্যক্ষ কৰে: নিৰ্জন হোটেলৰ বাৰান্দা, বুকিং বাতিলৰ ধুমুহা আৰু অতিথিসকললৈ পৰিয়ালৰ পৰা অহা ভয়ংকৰ ফোন কল ।
তাৎক্ষণিক সুৰক্ষা সঁহাৰি
আক্ৰমণৰ কেইঘণ্টামানৰ পাছতে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ বিষয়াসকলে শ্ৰীনগৰৰ সৈতে যোগাযোগ কৰে । কাৰণ নতুন দিল্লীয়ে এই সন্ত্ৰাসবাদী আক্ৰমণক সীমান্তৰ সিপাৰৰ পৰা সমৰ্থিত 'যুদ্ধৰ কাৰ্য' বুলি অভিহিত কৰে । ঘটনাৰ ঠিক পিছদিনা গৃহমন্ত্ৰী অমিত শ্বাহে বৈশাৰণলৈ গৈ তদন্ত প্ৰক্ৰিয়া আৰু ঘটনাৰ বাবে উদ্ভৱ হোৱা পৰিস্থিতিৰ বুজ লয় ।

একে সময়তে বিভিন্ন নিৰাপত্তা সংস্থাৰ দলে সমগ্ৰ দক্ষিণ কাশ্মীৰত বিয়পি পৰে আৰু কেইবাজনো সন্দেহযুক্ত স্থানীয় কৰ্মকৰ্তাক আটক কৰি ঘটনাস্থলীৰ পৰা ফোন ৰেকৰ্ড, চিচিটিভি ফুটেজ আৰু পৰ্যটকৰ ভিডিঅ’ একত্ৰিত কৰিবলৈ আৰম্ভ কৰে । ইয়াৰ পিছৰ পষেকৰ ভিতৰত আক্ৰমণৰ সৈতে জড়িত কমেও ৯০ জন স্থানীয় সুবিধা প্ৰদানকাৰীক আটক কৰা হয় বা সোধা-পোছা কৰা হয় । লগতে এই প্ৰশ্নও উত্থাপন হয় যে ইমান কটকটীয়া সুৰক্ষা ব্যৱস্থা থকা পৰ্যটনস্থলীক কেনেদৰে ইমান সহজে আৰু সুপৰিকল্পিতভাৱে লক্ষ্য কৰি লোৱা হ'ল ।
ৰাষ্ট্ৰীয় তদন্ত সংস্থাৰ (এন আই এ) প্ৰাৰম্ভিক তথ্যই সীমান্তৰ সিপাৰৰ পৰা কৰা বিত্তীয় সাহায্য, চোৰাং যোগাযোগ আৰু কাশ্মীৰত চৰকাৰৰ পৰ্যটনৰ বাবে 'স্বাভাৱিক অৱস্থা'ৰ দাবীক বিফল কৰাৰ উদ্দেশ্যৰ পৰা জানি-বুজি দুৰ্বল লক্ষ্যক লক্ষ্য কৰি লোৱাৰ দিশটোলৈ আঙুলিয়াই দিয়ে । এই ঘটনাক বিশ্বজুৰি তীব্ৰ গৰিহণা দিয়া হয়, কোৱাডৰ বিদেশ মন্ত্ৰীসকলে আৰু পশ্চিমীয়া দেশসমূহেও ইয়াৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । কিন্তু ইছলামবাদে ইয়াত তেওঁলোকৰ যিকোনো ধৰণৰ ভূমিকাক অস্বীকাৰ কৰে ।
অপাৰেশ্যন মহাদেৱ: সন্ত্ৰাসবাদীক অনুসৰণ
পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ তিনিমাহৰ পাছত অৱশেষত নিৰাপত্তা বাহিনীয়ে শ্ৰীনগৰৰ উপকণ্ঠ অঞ্চলৰ হাৰৱান-ডাচিগাম বেল্টৰ অৰণ্যত আক্ৰমণকাৰীৰ তিনিজনক বিচাৰি উলিয়াই নিঃশেষ কৰিবলৈ সক্ষম হয় ।
ইতিমধ্যে নিৰাপত্তা সংস্থাসমূহে ডিজিটেল তথ্য, মানৱ উৎস আৰু পলায়নৰ পথৰ বিশ্লেষণৰ ভিত্তিত দলটোৰ গতিবিধিৰ মানচিত্ৰ যুগুত কৰিছিল । জুলাইৰ শেষৰ ফালে এক সফলতা লাভ কৰা হয়, যেতিয়া নেটৱৰ্কৰ সৈতে সংযুক্ত এটা ফোনৰ পৰা এক 'অস্বাভাৱিক কল' কৰে, যাৰ দ্বাৰা চোৰাংচোৱাগিৰিৰ এলাৰ্ম বাজি উঠে আৰু চোৰাংচোৱা দলসমূহ গৈ ঘটনাস্থলীত উপস্থিত হয় ।
২৮ জুলাইত 'অপাৰেশ্যন মহাদেৱ' নামৰ এক যৌথ সন্ত্ৰাসবাদ দমন অভিযানত সেনা, চি আৰ পি এফ আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে ডাচিগামৰ মহাদেৱ উপত্যকাৰ ওচৰৰ জংঘলত থকা সন্ত্ৰাসবাদী ঘাটিত আক্ৰমণ কৰে । তুমুল সংঘৰ্ষত তিনিজন গুৰুত্বপূৰ্ণ সন্ত্ৰাসবাদী, চুলেমান শ্বাহ ওৰফে ফৈজাল জাট, আবু হামজা আৰু ইয়াছিৰক হত্যা কৰা হয় । চৰকাৰী প্ৰতিবেদনত দাবী কৰা হৈছে যে ইয়াৰ পিছত চলোৱা অভিযানত অতি কমেও ১২৫ জন সন্ত্ৰাসবাদীক হত্যা কৰা হয় আৰু পহলগাম যড়যন্ত্ৰৰ সৈতে জড়িত ৯ সন্ত্ৰাসবাদীৰ ঘাটি পৰৱৰ্তী সপ্তাহত ধ্বংস কৰা হয় ।

এটা হত্যাকাণ্ডৰ ৰাজনীতি
এই ঘটনাৰ কেইমাহমান পিছতেই পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰভাৱ দেশত ইতিমধ্যেই আৰম্ভ হোৱা মেৰুকৰণৰ ৰাজনীতিত সোমাই পৰে । চৰকাৰ আৰু শাসকীয় দলে ইয়াক এই কথাৰ প্ৰমাণ হিচাপে উল্লেখ কৰে যে ইছলামাবাদে নিজৰ 'সন্ত্ৰাসবাদক শাসনৰ অংগ' কৰাৰ ৰণনীতিৰ সলনি কৰা নাই । লগতে এই কাণ্ডক ব্যৱহাৰ কৰি নিয়ন্ত্ৰণৰেখা আৰু কূটনৈতিক মঞ্চত কঠোৰ ভংগীমাৰে ন্যায্যতা প্ৰদান কৰে ।
বিৰোধীয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ সমৰ্থন জনোৱাৰ সময়তে কিছুমান অস্বস্তিকৰ প্ৰশ্নও উত্থাপন কৰিবলৈ আৰম্ভ কৰে । ইয়াৰ ভিতৰত আছিল যে নিৰাপত্তা ব্যৱস্থাই কেনেকৈ কেইবাটাও সাৱধানবাণীক আওকাণ কৰিসলে, পৰ্যটকৰ প্ৰবাহক কিয় ভালদৰে সুৰক্ষিত কৰা হোৱা নাছিল আৰু ২০১৯ৰ পিছৰ চোৰাংচোৱাৰ গাঁথনিটো স্থানীয় ইংগিত ধৰিব নোৱাৰাকৈয়ে অত্যন্ত কেন্দ্ৰীভূত কৰি তুলিছিল নেকি ।

কাশ্মীৰৰ মানুহৰ বাবে বিতৰ্কৰ বিষয়টো তাতোকৈ অধিক মৌলিক আছিল যে পুনৰ পৰ্যটনৰ পতন ঘটিব নেকি ? দমন কাৰ্যই স্থানীয় পৰ্যায়ত লাভ কৰা অতি সংবেদশীল বিষয়বোৰক আঘাত কৰিব নেকি ? গ্রীষ্ম আৰু শৰৎকালৰ সময়ত পৰ্যটকৰ সংখ্যা যথেষ্ট কমি যায় যদিও সেয়া একেবাৰে নোহোৱা হোৱা নাছিল । ইয়াৰ আংশিক কাৰণ আছিল কেন্দ্রীয় চৰকাৰ আৰু জম্মু-কাশ্মীৰ প্রশাসন উভয়ে পৰ্যটকসকলক আশ্বস্ত কৰা আৰু কাশ্মীৰক 'নিৰাপদ' বুলি দেখুৱাবলৈ চলোৱা আক্ৰমণাত্মক অভিযান । তথাপিও আক্ৰমণৰ পিছত পহলগাম ভ্ৰমণ কৰা প্ৰতিজন পৰ্যটকে ঠাইখনৰ সৌন্দৰ্যতকৈও বেছি নিজৰ লগত লৈ গৈছিল হত্যাকাণ্ডৰ স্মৃতি ।

