ETV Bharat / bharat

উভতি চাওঁ ২০২৫ : অপাৰেশ্যন সেন্দূৰ, পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰ ভাৰতৰ

২০২৫ চনৰ বিদায় ক্ষণত ভাৰতে পহলগামৰ প্ৰতিশোধ ল’বলৈ আৰু বাৰ্তা প্ৰেৰণ কৰিবলৈ চলোৱা অপাৰেশ্যন সেন্দূৰৰ পুনৰ মূল্যায়ন ই টিভি ভাৰতৰ ।

OPERATION SINDOOR
(বাওঁফালৰ পৰা সোঁফাললৈ) এয়াৰ মাৰ্শ্বেল এ কে ভাৰতী, ডি জি এম অ’ লেফটেনেণ্ট জেনেৰেল ৰাজীৱ ঘাই, ভাইচ এডমিৰেল এ এন প্ৰমোদ আৰু মেজৰ জেনেৰেল এছ এছ সাৰদা, অপাৰেশ্যন সেন্দূৰ সন্দৰ্ভত সংবাদমেলৰ সময়ত (ANI)
author img

By Nisar Ahmad Dharma

Published : December 30, 2025 at 2:33 PM IST

9 Min Read
Choose ETV Bharat

২০২৫ চনৰ ৭ মে’ৰ পুৱাৰ ভাগত পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ মাত্ৰ দুসপ্তাহৰ পাছতেই দীৰ্ঘ দূৰত্বৰ ভাৰতীয় ক্ষেপণাস্ত্ৰ আৰু লঘু অস্ত্ৰ-শস্ত্ৰৰ তীব্ৰতাই বাহাৱালপুৰ, মুজাফ্ফৰবাদ, শিয়ালকোটকে ধৰি পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ কেইবাটাও স্থানত ভাৰতীয় সেনাই আক্ৰমণ সংঘটিত কৰে ।

অপাৰেশ্যন সেন্দূৰ নামৰ এই আক্ৰমণে ১৯৭১ চনৰ পিছত ভাৰতৰ সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদী আন্তঃগাঁথনিৰ বিৰুদ্ধে শক্তি প্ৰয়োগৰ আটাইতকৈ অভিলাষী ৰূপ চিহ্নিত কৰে । ইয়াৰ উপৰি ২২ এপ্ৰিলত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন পৰ্যটকৰ মৃত্যুক ৰেড লাইন হিচাপে গণ্য কৰাৰ নতুন দিল্লীৰ সংকল্পৰ সংকেতো প্ৰকাশ কৰে ।

বছৰ বছৰ ধৰি ভাৰতে ভাবুকি দি আহিছিল যদিও ২০১৬ চনৰ ছাৰ্জিকেল ষ্ট্ৰাইক আৰু ২০১৯ চনৰ বালাকোট বিমান আক্ৰমণৰ বাহিৰে স্থায়ী ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত বহুলাংশে বন্ধ হৈ পৰিছিল । পহলগামে কিন্তু গণনা সলনি কৰিলে । ইয়াৰ মূল কাৰণ লক্ষ্য আছিল, এই আক্ৰমণৰ লক্ষ্য সেনা বা আৰক্ষী নহয়, বৰঞ্চ ছুটী কটাবলৈ অহা পৰিয়ালৰ ওপৰত আছিল । লগতে, চোৰাংচোৱাৰ বিফলতাৰ ফলত পুনৰবাৰ সেই চিনাকি নাম, পাকিস্তান ভিত্তিক সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ নাম উচ্চাৰিত হয় ।

OPERATION SINDOOR
পহলগাম আক্ৰমণ আৰু অপাৰেশ্যন সেন্দূৰ (ETV Bharat Assam Graphics)

চৰকাৰে কেৱল পহলগামত সংঘটিত আক্ৰমণৰ প্ৰতিশোধ লোৱাৰ বাবেই নহয়, খঙত তিঙিৰি-তুলা হৈ থকা ঘৰুৱা জনসাধাৰণক আশ্বস্ত কৰিবলৈও আৰু তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে এনে সন্ত্ৰাসবাদৰ কাৰ্যক যে শাস্তি প্ৰদান নকৰাকৈ থাকিব নোৱাৰি সেই বাৰ্তা প্ৰেৰণ কৰাও উদ্দেশ্য আছিল ।

৭ মে’ত প্ৰথমখন সংবাদমেলৰ সময়ত ভাৰতে নিজৰ সঁহাৰি যে লক্ষ্যকেন্দ্ৰিক, জুখিব নোৱৰা আৰু ভাবিব নোৱৰা হ'ব বুলি স্পষ্ট কৰি দিয়ে । ইয়াত বিশেষভাৱে উল্লেখ কৰা হৈছিল যে পাকিস্তানৰ সামৰিক ঘাটিসমূহক লক্ষ্য কৰি লোৱা হোৱা নাছিল । ভাৰতৰ সামৰিক লক্ষ্যত যিকোনো আক্রমণে উপযুক্ত প্রতিক্রিয়া আমন্ত্রণ কৰিব বুলিও পুনৰ উল্লেখ কৰা হয় ৷ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে ৮, ৯ আৰু ১০ মে’ত একাধিক সংবাদমেলৰ জৰিয়তে ভাৰতৰ কাৰ্য পৰিকল্পনা আৰু পাকিস্তানৰ ডিজাইনৰ সম্পূৰ্ণ পৰিসৰ উদঙাই দিয়ে ।

OPERATION SINDOOR
পহলগাম আক্ৰমণ আৰু অপাৰেশ্যন সেন্দূৰ (ETV Bharat Assam Graphics)

অপাৰেশ্যন সেন্দুৰ চলোৱাৰ পিছত ভাৰতে এই কথাও স্পষ্ট কৰি দিয়ে যে ভৱিষ্যতে যিকোনো সন্ত্ৰাসবাদী কাৰ্যক দেশৰ বিৰুদ্ধে 'যুদ্ধসদৃশ কাৰ্য' বুলি গণ্য কৰা হ'ব ।

'২২ মিনিটৰ যুদ্ধ'ৰ পৰিকল্পনা

পহলগামৰ পৰা প্ৰথম খবৰ ছাউথ ব্লকত উপনীত হোৱাৰ লগে লগে প্ৰায় সেন্দূৰ অভিযানৰ কাম আৰম্ভ হয় ৷ সামৰিক বাহিনী আৰু চোৰাংচোৱা বিভাগক এনে বিকল্প ব্যৱস্থা প্ৰস্তুত কৰিবলৈ কোৱা হৈছিল যি হ’ব: গভীৰভাৱে আঘাত কৰা, পাইলট আৰু স্থলসেনাক শত্ৰুৰ বন্দী ৰেঞ্জৰ বাহিৰত ৰাখিব লাগিব আৰু ভাৰতবিৰোধী গোটৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত ঘাটিসমূহত আঘাত কৰা । পৰৱৰ্তী পষেকৰ ভিতৰত উপগ্ৰহৰ চিত্ৰ, মানৱ চোৰাংচোৱা আৰু ইলেক্ট্ৰ'নিক ইণ্টাৰচেপ্টক বাহাৱালপুৰ, শিয়ালকোট আৰু মুজাফ্ফৰবাদৰ লস্কৰ-ই-তৈবা আৰু জামাত-ই-মুজাহিদিনৰ সৈতে জড়িত শিবিৰ আৰু মুখ্য কাৰ্যালয়কে ধৰি ৯ টা লক্ষ্যৰ তালিকা প্ৰস্তুত কৰা হয় ।

OPERATION SINDOOR
‘অপাৰেশ্যন সেন্দূৰ’ সন্দৰ্ভত সংবাদ মাধ্যমক সম্বোধন কৰা সময়ত বৈদেশিক সচিব বিক্ৰম মিশ্ৰী, লগত আছে কৰ্ণেল ছ'ফিয়া কুৰেশ্বী, উইং কমাণ্ডাৰ ব্যোমিকা সিং (ANI)

অৱশেষত যেতিয়া এই অভিযানৰ অনুমোদন দিয়া হ’ল, তেতিয়া সেনাই ভাৰতীয় আকাশমাৰ্গৰ ভিতৰৰ পৰা নিক্ষেপ কৰিব পৰা বিমানেৰে নিক্ষেপ কৰিব পৰা ক্ষেপণাস্ত্ৰ আৰু লঘু গুলীৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰ কৰিছিল । সংসদত পৰৱৰ্তী সময়ত দিয়া তথ্য মতে, সেন্দুৰ অভিযানৰ সক্ৰিয় পৰ্যায়টো মাত্ৰ ২২ মিনিটৰ বাবে চলিছিল । এই ২২ মিনিটতে ভাৰতীয় অস্ত্ৰ-শস্ত্ৰই নিৰ্দিষ্ট ৯টা স্থানতে আঘাত হানে ৷ পিছত জ্যেষ্ঠ মন্ত্ৰীসকলে দুটা মুখ্য দিশৰ ওপৰত গুৰুত্ব দিয়ে: কোনো ভাৰতীয় জোৱান শ্বহীদ হোৱা নাছিল আৰু পাকিস্তানৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সন্ত্ৰাসবাদী ঘাটিসমূহ সাময়িকভাৱে হ’লেও তচনচ কৰা বা লুকুৱাবলৈ বাধ্য হৈছিল ।

১৪ মে'ত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে (I&B) প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে, "নটা সন্ত্ৰাসবাদী শিবিৰ নিৰ্মূল: ভাৰতে পাকিস্তান আৰু পাক অধিকৃত জম্মু-কাশ্মীৰত (PoJK) লস্কৰ-ই-তৈবা, জৈছ-ই-মহম্মদ আৰু হিজবুল মুজাহিদীনৰ ঘাটিসমূহক লক্ষ্য কৰি নটা বৃহৎ সন্ত্ৰাসবাদী ঘাটি সফলতাৰে ধ্বংস কৰে । এই আক্ৰমণত শতাধিক সন্ত্ৰাসবাদী নিহত হয় ।"

পাকিস্তানৰ প্ৰতিশোধ আৰু তাৰ পিছত হোৱা সীমিত যুদ্ধ

ইছলামবাদে অপাৰেশ্যন সেন্দূৰক 'সাৰ্বভৌমত্বৰ অপ্ৰৰোচিত উলংঘা' বুলি গৰিহণা দিয়ে আৰু 'নিজৰ পছন্দৰ সময়ত আৰু স্থানত' ইয়াৰ উপযুক্ত সঁহাৰি জনোৱাৰ প্ৰতিশ্ৰুতি দিয়ে । তাৰ কিছুদিনৰ ভিতৰতে পাকিস্তানে কাশ্মীৰৰ আশেপাশে থকা সামৰিক অঞ্চলসমূহক লক্ষ্য কৰি নিজাকৈ ড্ৰ'ণ আৰু ক্ষেপণাস্ত্ৰ আক্ৰমণৰ পেকেজ আৰম্ভ কৰে, যাৰ ফলত গুলীচালনাৰ আদান-প্ৰদান আৰু চমু কিন্তু তীব্ৰ সীমান্তৱৰ্তী গোলাবৰ্ষণৰ সূচনা হয় । সীমান্তৱৰ্তী জিলাসমূহ গোলা-বাৰুদৰ পোহৰে উজলাই তোলাৰ লগে লগে সীমান্তৰ দুয়োপাৰৰ বাসিন্দাসকলে সাধাৰণ লোকৰ মৃত্যু আৰু ঘৰৰ বিস্তৰ ক্ষতিৰ খবৰ দিয়ে ।

এই সংঘাতৰ ওপৰত দৃষ্টি ৰখা সামৰিক বিশ্লেষকসকলে ইয়াক ৬ মে’ৰ পৰা ১০ মে’লৈকে চলা হ্ৰস্বকালীন, তীব্ৰ আৰু সীমিত যুদ্ধ বুলি অভিহিত কৰিছে, য’ত দুয়োপক্ষই নতুন প্ৰযুক্তি আৰু মতবাদ পৰীক্ষা কৰে । কিন্তু অৱশেষত এক প্ৰতিৰোধমূলক ৰণনীতিৰ দিশলৈ ঘূৰি আহে । ভাৰতৰ বাবে মূল ফলাফলটো আছিল যে সুপৰিকল্পিত, তীব্ৰ আক্ৰমণে পাকিস্তানৰ সন্ত্ৰাসবাদী আন্তঃগাঁথনি দুৰ্বল কৰিব পাৰে, তাকো ১৯৭১ চনৰ শৈলীৰ দৰে সংঘাতত লিপ্ত নোহোৱাকৈয়ে ।

OPERATION SINDOOR
পহলগাম আক্ৰমণ আৰু অপাৰেশ্যন সেন্দূৰ (ETV Bharat Assam Graphics)

উদ্দেশ্য, লক্ষ্য নিৰ্বাচন আৰু সংযম

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ বিবৃতি অনুসৰি, অপাৰেশ্যন সেন্দূৰৰ এটা উদ্দেশ্য আছিল, সন্ত্ৰাসবাদৰ অপৰাধী আৰু পৰিকল্পনাকাৰীক শাস্তি দিয়া আৰু দ্বিতীয়টো, সীমান্তৰ সিপাৰে থকা সন্ত্ৰাসবাদৰ আন্তঃগাঁথনি ধ্বংস কৰা । চোৰাংচোৱা আৰু লক্ষ্য নিৰ্বাচনৰ ক্ষেত্ৰত চৰকাৰে কয় যে তেওঁলোকে “সন্ত্ৰাসবাদী পৰিৱেশৰ সূক্ষ্ম বিশ্লেষণ কৰি অসংখ্য সন্ত্ৰাসবাদী শিবিৰ আৰু প্ৰশিক্ষণ স্থান চিনাক্ত কৰিছে” । চৰকাৰে কয় যে ভাৰতে অনাহক ক্ষতিৰ পৰা হাত সাৰিবলৈ 'স্ব-আৰোপিত সংযম'ৰ অধীনত কাম কৰিছিল আৰু অসামৰিক ক্ষতিৰ পৰা হাত সাৰিবলৈ কেৱল সন্ত্ৰাসবাদী লক্ষ্যকে নিষ্ক্ৰিয় কৰিবলৈ কামত লাগিছিল ।

অপাৰেশ্যন মহাদেৱ

পহলগামৰ প্ৰতি নতুন দিল্লীৰ প্ৰত্যুত্তৰৰ আংশিকহে আছিল অপাৰেশ্যন সেন্দূৰ । আন আংশিক অপাৰেশ্যন মহাদেৱৰ অধীনত জম্মু-কাশ্মীৰৰ বনাঞ্চলত অভিযান চলাইছিল । সীমান্তৰ সিপাৰে সন্ত্ৰাসবাদী শিবিৰসমূহত ক্ষেপণাস্ত্ৰই আঘাত কৰাৰ সময়তে সেনা, চি আৰ পি এফ আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ ইউনিটসমূহক পহলগাম সন্ত্ৰাসবাদী আক্ৰমণ শাৰীৰিকভাৱে সংঘটিত কৰা লোকসকলক আৰু তেওঁলোকক সহায় কৰা নেটৱৰ্কক বিচাৰি উলিওৱাৰ দায়িত্ব দিয়া হৈছিল । এই দমন কাৰ্যসূচীত লক্ষ্য নিৰ্ধাৰণ কৰি মুখামুখি হোৱাৰ লগতে স্থানীয়ভাৱে কাম কৰা কৰ্মীসকলৰ বিৰুদ্ধে আক্ৰমণাত্মক অভিযান চলোৱা হৈছিল । মহাদেৱৰ মূল পৰ্যায় শেষ হোৱাৰ সময়লৈকে বিষয়াসকলে দাবী কৰিছিল যে পহলগাম আক্ৰমণৰ মাষ্টাৰমাইণ্ড আৰু তেওঁলোকৰ স্থানীয় সমৰ্থন আন্তঃগাঁথনি 'নিষ্ক্ৰিয়' কৰা হৈছে ।

ৰাজনৈতিক বাৰ্তা প্ৰেৰণ আৰু কূটনৈতিক পতন

ঘৰুৱাভাৱে অপাৰেশ্যন সেন্দূৰ দ্ৰুতগতিত এক ৰাজনৈতিক স্পৰ্শকাতৰ বিষয়ত পৰিণত হয় । বিজেপি চৰকাৰে ইয়াক একাধিকবাৰ ৰেলী আৰু সংবাদমেলত উল্লেখ কৰি ব্যাখ্যা কৰে যে ভাৰতে দৃষ্টান্তমূলক শাস্তি নিদিয়ালৈকে আৰু গণহত্যাকাৰীৰ আক্ৰমণ সহ্য নকৰে । টেলিভিছনৰ ভাষণ আৰু নিৰ্বাচনী প্ৰচাৰত বিজেপিৰ নেতাসকলে সেন্দূৰৰ ২২ মিনিটৰ আক্ৰমণ আৰু অপাৰেশ্যন মহাদেৱক চৰকাৰৰ ‘ঘৰ মে ঘুচকে মাৰেংগে’ৰ নীতিৰ উদাহৰণ হিচাপে দাঙি ধৰে ।

OPERATION SINDOOR
শ্ৰীনগৰত দীপাৱলীৰ সময়ত অপাৰেশ্যন সেন্দূৰ থিম (ANI)

বিদেশতো ইয়াৰ প্ৰতিক্ৰিয়া সচৰাচৰৰ দৰে হয় । পশ্চিমীয়া দেশ আৰু কোৱাডৰ অংশীদাৰসকলে পহলগাম হত্যাকাণ্ডৰ তীব্ৰ গৰিহণা পুনৰবাৰ প্ৰকাশ কৰে আৰু পাকিস্তানক নিজৰ মাটিত থকা সন্ত্ৰাসবাদী সংগঠনৰ বিৰুদ্ধে কাম কৰিবলৈ আহ্বান জনায় । লগতে তেওঁলোকে দুয়োপক্ষকে উত্তেজনা কম কৰিবলৈ আৰু পাৰমাণৱিক সশস্ত্ৰ প্ৰতিবেশী দেশ দুখনৰ মাজত যিকোনো ধৰণৰ ভুল পদক্ষেপৰ পৰা আঁতৰি থাকিবলৈও আহ্বান জনায় । চীনে সীমান্ত অতিক্ৰম কৰি আক্ৰমণক সমালোচনা কৰি সেন্দূৰক আঞ্চলিক স্থিতিশীলতাৰ প্ৰতি ভাবুকি হিচাপে উল্লেখ ধৰে । ইফালে উপসাগৰীয় ৰাষ্ট্ৰসমূহে অধিক সতৰ্কতাৰে ভাৰসাম্য ৰক্ষাৰ নীতি গ্ৰহণ কৰে, সন্ত্ৰাসবাদবিৰোধী লক্ষ্যক নীৰৱে সমৰ্থন কৰে যদিও ৰাজহুৱাভাৱে আলোচনাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।

সেন্দূৰে কি সলনি কৰিলে আৰু কি কৰিব নোৱাৰিলে

২০২৫ চনক বিদায় দিয়াৰ লগে লগে প্ৰতিৰক্ষা ক্ষেত্ৰৰ বিশ্লেষক আৰু অৱসৰপ্ৰাপ্ত বিষয়াসকলে অপাৰেশ্যন সেন্দূৰক ভাৰতৰ পাকিস্তান কৌশলত চলি থকা পৰিৱৰ্তনৰ এক উদাহৰণ হিচাপে গণ্য কৰিছে । তেওঁলোকে কয় যে এই অভিযানে আকাশ, মহাকাশ, চাইবাৰ আৰু স্থল বিভাগত সংহত পৰিকল্পনাৰ মূল্যৰ ইংগিত দিয়াৰ লগতে ভৱিষ্যতে কেনেকৈ সশস্ত্ৰ সংঘাতৰ ৰূপ ড্ৰ’ণ যুদ্ধ হ’ব সেই বিষয়েও বাস্তৱ জীৱনৰ জ্ঞান প্ৰদান কৰিছে ।

OPERATION SINDOOR
‘অপাৰেশ্যন সেন্দূৰ’ ক্ষেপণাস্ত্ৰ আক্ৰমণ সন্দৰ্ভত সংবাদমেলৰ সময়ত বৈদেশিক সচিব বিক্রম মিশ্ৰী, কৰ্ণেল ছ'ফিয়া কুৰেশ্বী আৰু উইং কমাণ্ডাৰ ব্যোমিকা সিং (ANI)

ডাঙৰ প্ৰশ্নটো অৱশ্যে উত্তৰহীন হৈয়েই আছে: ইয়াৰ দ্বাৰা সঁচাকৈয়ে পৰৱৰ্তী পহলগামৰ দৰে সংঘাত ৰোধ কৰিব পৰা যাবনে ? জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী কাৰ্যকলাপে ইতিমধ্যেই অনুমান কৰিব পৰা ক্ষমতা প্ৰদৰ্শন কৰিছে, য'ত জেহাদী আক্ৰমণলৈ পৰিৱৰ্তিত হোৱাটোও অন্তৰ্ভুক্ত আছে (উদাহৰণ: দিল্লী বিস্ফোৰণ) । সেন্দূৰ আৰু মহাদেৱে নিশ্চিতভাৱে এনে নেটৱৰ্কক আঘাত হানিলেও এনে অভিযানে ৰাজনীতি, মতাদৰ্শ আৰু ভূগোলত শিপাই থকা দশক দশক পুৰণি সংঘাতৰ অন্ত পেলাব পাৰিবনে ?

লগতে পঢ়ক: উভতি চাওঁ ২০২৫: পহলগামৰ ৰক্তক্ষয়ী ঘটনাই ভেঙুচালি কৰিলে কাশ্মীৰৰ 'স্বাভাৱিক অৱস্থা'ৰ ধাৰণাক