হতাশা-ব্যৰ্থতা পাহৰি নতুন সংকল্পৰে সমগ্ৰ বিশ্বই হেঁপাহেৰে আদৰিলে ২০২৬ ক
নৱবৰ্ষক আদৰণি জনোৱা বিশ্বৰ প্ৰথমখন দেশ কিৰিবাটি ৷ বেকাৰ দ্বীপ আৰু হাউলেণ্ড দ্বীপে নতুন বছৰক আদৰিব এদিনৰ পিছতহে ৷

Published : January 1, 2026 at 7:28 AM IST
হায়দৰাবাদ: ঘড়ীৰ কাঁটাই নিশা ১২ ত স্পৰ্শ কৰাৰ লগে লগেই সমগ্ৰ বিশ্বই এটা প্ৰস্ফুটিত আৰু সুন্দৰ বছৰৰ কামনাৰে আদৰিলে ২০২৬ ক ৷ আতচবাজীয়ে আকাশ কৰি তুলিলে আলোকিত ৷ বুধবাৰ আৰু বৃহস্পতিবাৰৰ মাজৰ নিশাটোতে বিশ্বই এটা নতুন বছৰত ভৰি দিলে ।
২০২৬ বছৰটোক হেঁপাহেৰে আদৰা পৃথিৱীৰ প্ৰথমখন দেশ হ'ল প্ৰশান্ত মহাসাগৰীয় দ্বীপৰাষ্ট্ৰ কিৰিবাটি ৷ কিয়নো এইখনেই বিশ্বৰ একমাত্ৰ স্থান য'ত বিশ্বমান সময় আগতীয়াকৈ চলে ৷

যাৰ ফলত আন সকলো ঠাইৰ তুলনাত কিৰিবাটিত কেইবাঘণ্টাও আগতীয়াকৈ চলে ঘড়ীৰ কাঁটা ৷ ভাৰতত মাজনিশা হোৱাৰ কেইবাঘণ্টা পূৰ্বেই প্ৰথমে নৱবৰ্ষক আদৰণি জনাই কিৰিবাটিয়ে ।

ইয়াৰ কিছু সময়ৰ পিছতে সমগ্ৰ নিউজীলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ চহৰসমূহে, তাৰ পিছত ছিডনীয়ে বিশ্বৰ প্ৰথমখন ডাঙৰ চহৰ হিচাপে নৱবৰ্ষক আদৰাৰ নিজৰ খিতাপ পুনৰ লাভ কৰে । ইয়াৰ বিপৰীতে নৱবৰ্ষৰ শেষৰ উদযাপন বহু পলমকৈ হ'ব বেকাৰ দ্বীপ আৰু হাউলেণ্ড দ্বীপত, যি দুটা দ্বীপ প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ অন্তৰ্গত জনবসতিহীন আমেৰিকাৰ ভূখণ্ড আৰু প্ৰায় সম্পূৰ্ণ এটা দিন সময়ৰ হিচাপত পিছ পৰি থাকে ।

ইপিনে ভাৰততো প্ৰচণ্ড উলাহেৰে আদৰা হয় নতুন বছৰটোক ৷ গোৱা আৰু মুম্বাইৰ বিচ্চসমূহৰ পৰা আৰম্ভ কৰি শ্ৰীনগৰ আৰু ছিমলাৰ বৰফেৰে ভৰা লেনলৈকে মাজনিশা ঘৰ-দুৱাৰ আৰু ৰাজহুৱা চৌহদত একেদৰেই আতচবাজী জ্বলাই হৰ্ষোল্লাসেৰে আদৰা হয় ২০২৬ ক ৷

নিশা ১২ বজাৰ বহু পূৰ্বৰে পৰাই আৰম্ভ হৈছিল কাউণ্টডাউন । ভাৰতৰ সকলো ডাঙৰ চহৰত হাই এলাৰ্ট জাৰি কৰা হৈছিল নৱবৰ্ষক কেন্দ্ৰ কৰি ৷ তাৰ মাজতো বিভিন্ন ৰাজহুৱা স্থান আৰু পাৰ্টীৰ স্থানত মানুহে নতুন বছৰটোক আদৰণি জনায় ।
ৰাষ্ট্রীয় ৰাজধানী দিল্লীৰ ৰঙীন আকাশখন চাবলৈ মাজনিশা গোট খাইছিল অগণন লোক ৷ আনহাতে বাৰাণসী আৰু পুৰীৰ মন্দিৰৰ ঘণ্টাবোৰ শেষনিশালৈকে প্ৰতিধ্বনিত হৈ আছিল ।
লগতে পঢ়ক: 'কলাক্ষেত্ৰ ৰামধেনু উৎসৱ-২০২৬'- বিচাৰি পাব চহা জীৱনৰ মাদকতা

