অৰণ্যখনেই আমাৰ মাতৃগৃহ ! চিপকো আন্দোলনৰ জন্মদাত্ৰী গৌৰা দেৱীক মনত আছেনে ?
প্ৰায় ৫০ বছৰ পূৰ্বে প্ৰকৃতি ৰক্ষাৰ অৰ্থে এই আন্দোলন আৰম্ভ হৈছিল ৷

Published : June 5, 2026 at 7:05 PM IST
ডেৰাডুন(উত্তৰাখণ্ড): হিমালয়ৰ মহিলাসকলৰ বাবে অৰণ্যবোৰ কেতিয়াও কেৱল মাথোঁ গছৰ সমষ্টি নাছিল । ই আছিল জীৱনৰ প্ৰকৃত প্ৰতীক ৷ খাদ্য, ইন্ধন, পশুখাদ্য, পানী আৰু সুৰক্ষাৰ উৎস আছিল এই অৰণ্যবোৰ । কিন্তু অৰণ্যবোৰে স্থিতিস্থাপকতা, বৃদ্ধি আৰু সম্প্ৰসাৰণৰ স্বাধীনতাৰ প্ৰতীকো আছিল, যিবোৰ গুণ মানুহৰ সহজাত প্ৰবৃত্তিৰ সৈতে জড়িত । সবাতোকৈ গুৰুত্বপূৰ্ণ কথাটো এয়ে যে অৰণ্যবোৰ নাৰীৰ বাবে আৱেগিক সংযোগৰ প্ৰতীক আছিল ।
সত্তৰৰ দশকত যেতিয়া সেই অৰণ্যবোৰে ধ্বংস কৰিবলৈ এচাম লোক আগবাঢ়ি আহিছিল, তেতিয়া গাঁৱৰে এগৰাকী মহিলাই আগবাঢ়ি আহি কৈছিল, ‘‘এই অৰণ্যবোৰ আমাৰ মাতৃভূমি । আমি এইবোৰক ধ্বংস হ'বলৈ নিদিওঁ ।’’
এই মহিলাগৰাকীয়ে আছিল গৌৰা দেৱী ৷ তেওঁ গাঁৱৰ আন আন মহিলাসকলক গছবোৰক আঁকোৱালি লৈ গছ কটা কাৰ্যত বাধা প্ৰদান কৰিবলৈ আহ্বান জনায় ৷
আজি বিশ্ব পৰিৱেশ দিৱসৰ এই দিনটোত জলবায়ু পৰিৱৰ্তন, বনাঞ্চল ধ্বংস, ক্ৰমাৎ গলিবলৈ আৰম্ভ কৰা হিমবাহ আৰু পৰিৱেশসৃষ্ট দুৰ্যোগৰ দৰে প্ৰত্যাহ্বানসমূহৰ সৈতে সমগ্ৰ বিশ্বই যুঁজি থকাৰ সময়তে গৌৰা দেৱীৰ তাৎপৰ্য পূৰ্বতকৈ অধিক যেন অনুভৱ হৈছে ।

ইতিহাস সলনি কৰা হিমালয়ৰ এখন সৰু গাঁও
উত্তৰাখণ্ডৰ চামোলি জিলাত অৱস্থিত এখন সৰু গাঁও ৰেনি ৷ চৌদিশে ঘন অৰণ্যৰে আবৃত আৰু পাহাৰৰ শৃংগৰ মাজত অৱস্থিত হিমালয়ৰ এখন সৰু গাঁও ৷ এই গাঁৱতে জীৱন আৰু প্ৰকৃতিয়ে একেলগে বাট বুলিছিল ৷
দিনটোত কেইবাবাৰো অৰণ্যলৈ তাঁতবাতি কঢ়া গাঁৱৰ মহিলাসকলৰ বাবে অৰণ্যখনেই আছিল জীৱন আৰু জীৱিকাৰ উৎস । ৰন্ধা-বঢ়াৰ বাবে কাঠ, জীৱ-জন্তুৰ বাবে খাদ্য, পথাৰত জৈৱিক সাৰ, ঔষধি গুণযুক্ত উদ্ভিদ, পানীৰ উৎস আদি প্ৰয়োজনীয় সকলো সামগ্ৰী মহিলাসকলে এইখন অৰণ্যৰ পৰাই গোটাইছিল ৷ গাঁওবাসীৰ প্ৰয়োজনীয় প্ৰতিটো কামতে অৰণ্যলৈ যোৱাৰ প্ৰয়োজন আছিল ।
সেই সময়ত অধিকাংশ লোকেই অৰণ্যক কেৱল সম্পদ বুলি নহয়, বৰং নিজৰ প্ৰাণ বুলি গণ্য কৰিছিল । কিন্তু ১৯৭০ চনৰ আৰম্ভণিতে যেতিয়া অধিকাৰক লৈ সংঘাত আৰম্ভ হ’ল, তেতিয়াই অৰণ্যলৈ ভাবুকি নামি আহিল ।
পৰিৱেশবিদ, লেখক আৰু সামাজিক কৰ্মী ৰাজীৱ নয়ন বহুগুণাই সোঁৱৰাই দিয়ে যে চিপকো আন্দোলন মাথোঁ পৰিৱেশ ৰক্ষাৰ অভিযান হিচাপে আৰম্ভ হোৱা নাছিল ৷ বৰং ইয়াৰ মূল বিষয়টো আছিল স্থানীয় অধিকাৰৰ প্ৰশ্ন । বহুগুণাই কয়, ‘‘সেই সময়ত হিমালয়ৰ আংগু গছ, যাক হিমালয়ৰ ছাই বুলিও কোৱা হয় আৰু ইয়াক অতি মূল্যৱান বুলি গণ্য কৰা হৈছিল । ইয়াৰ কাঠ ক্ৰিকেটত ব্যৱহৃত বেট নিৰ্মাণকে ধৰি একাধিক সামগ্ৰীত ব্যৱহাৰ কৰা হৈছিল । যেতিয়া বনাঞ্চলসমূহ আবণ্টন দিয়া হৈছিল, তেতিয়া স্থানীয় সমবায়সমূহক মাত্ৰ ছয়জোপা গছ কাটিবলৈ অনুমতি দিয়া হৈছিল ৷ বিপৰীতে বৃহৎ ব্যৱসায়িক ভিত্তিত একোগৰাকী ঠিকাদাৰক প্ৰায় ৬০০ জোপা গছ কাটিবলৈ অধিকাৰ দিয়া হৈছিল । এই সিদ্ধান্তই স্থানীয় লোকৰ মাজত ক্ষোভৰ উদগীৰণ ঘটায় ৷’’
স্থানীয় সম্পদৰ সুবিধা লাভৰ বাবে ই এক সংগ্ৰাম আছিল যদিও পৰৱৰ্তী সময়ত ই এক আন্দোলনলৈ ৰূপান্তৰিত হৈছিল ৷ এই অৰণ্যসমূহক অৰ্থনৈতিক সম্পদ হিচাপে নহয়, বৰং সাধাৰণ মানুহৰ অস্তিত্বৰ ভিত্তি হিচাপেহে চোৱা উচিত বুলি গুৰুত্ব আৰোপ কৰা হৈছিল ।

১৯৭৪ চনৰ কথা । ঠিকাদাৰ আৰু শ্ৰমিকসকলে গছ কাটিবলৈ আৰম্ভ কৰিবলৈ ৰেনিৰ সমীপত থকা অৰণ্যখনলৈ আহিছিল । সেই সময়ত গাঁৱৰ অধিকাংশ পুৰুষে পথাৰত অথবা অন্য কামত ব্যস্ত হৈ আছিল ৷
ইয়াকে দেখি গৌৰা দেৱীয়ে বুজি উঠিছিল যে অৰণ্যবোৰৰ বিনাশ আসন্ন । তেওঁ ততালিকে সিদ্ধান্ত ল’লে যে কাকোৱে গছবোৰ কাটিবলৈ নিদিয়ে । গাঁৱৰ মহিলাসকলক একগোট কৰি তেওঁ অৰণ্যলৈ গ’ল ৷
ৰাজীৱৰ মতে গৌৰা দেৱীৰ বনাঞ্চলৰ সৈতে আছিল গভীৰ আৱেগিক সম্পৰ্ক, যি অনুভৱ বেছিভাগ পাহাৰীয়া মহিলাৰ ক্ষেত্ৰতে থকা দেখা যায় ৷ গৌৰা দেৱীৰ লগতে অহা মহিলাসকলে গছ কাটিবলৈ অহা লোকসকল কয়, ‘‘অৰণ্যখনেই আমাৰ মাতৃগৃহ । ভাৰতীয় সংস্কৃতিত নাৰীৰ মাতৃগৃহ সুৰক্ষা, মৰম, সমৰ্থন আৰু পৰিচয়ৰ প্ৰতীক । সেয়েহে হিমালয়ৰ এই মহিলাসকলেও অৰণ্যখনক নিজৰ বুলি গণ্য কৰিছিল । যেতিয়া অৰণ্যখনৰ প্ৰতি ভাবুকি আহে, তেতিয়া মহিলাসকলে এয়া তেওঁলোকৰ অস্তিত্বৰ ওপৰত আক্ৰমণ বুলিয়েই ধৰি লৈছিল ।
তেওঁ লগতে কয়, ‘‘গৌৰা দেৱী আৰু গাঁৱৰ অন্যান্য মহিলাসকলে গছবোৰৰ সন্মুখত থিয় হৈ আলিংগন কৰিবলৈ ধৰিলে । ইয়াৰ দ্বাৰা মহিলাসকলে বুজাবলৈ ধৰিলে যে যদিহে গছজোপা কাটে, তেন্তে প্ৰথমে তেওঁলোকক আঘাত কৰিব লাগিব ৷ এক অভিনৱ তথা আকস্মিক প্ৰতিবাদৰ সন্মুখীন হৈ গছ কাটিবলৈ অহা লোকসকল পিছুৱাই যায় ৷ কিয়নো সেই সময়ত তেওঁলোকৰ হাততো কোনো বিকল্প নাছিল ৷’’
এই বিশেষ মুহূৰ্তটোৱে আছিল চিপকো আন্দোলনৰ আৰম্ভণি ৷ য’ত মহিলাসকলে গছ কটাত বাধা দিবলৈ গছবোৰক আলিংগন কৰি ৰাখিছিল ৷
বিশ্ববাসীয়ে শুনিলে এখন গাঁৱৰ আৰ্তনাদ
সমগ্ৰ বিশ্ববাসীয়ে শুনিবলৈ পালে ৰেনিৰ এই আন্দোলনৰ চিঞৰ ৷ উত্তৰাখণ্ডৰ প্ৰতিগৰাকী সমাজকৰ্মী, স্থানীয় জনগোষ্ঠীৰ লোকসকলৰ লগতে লোকশিল্পীসকলে গাঁৱে-ভূঞে ঘূৰি ফুৰি এই বাৰ্তা প্ৰচাৰ কৰিবলৈ ধৰে । লোককবি ঘনশ্যাম চাইলানীয়ে পাহাৰৰ সিপাৰলৈ যাত্ৰা কৰি, প্ৰায়ে বাছৰ ওপৰত বহি গড়ৱালিত গান গাই মানুহক একত্ৰিত কৰি অৰণ্য ৰক্ষা কৰিবলৈ আহ্বান জনাইছিল ৷
এই আহ্বান আছিল এনেধৰণৰ, ‘‘ভাইহঁত সাৰ পাই উঠক – আহক আমি সকলোৱে একত্ৰিত হওঁ ! চৰকাৰী নীতিৰ পৰা আঁতৰি বনাঞ্চল বচাওঁ আহক । গছবোৰক আকোঁৱালি লওঁ আহক; সিহঁতক আৰু কাটিব নালাগে । অৰণ্যৰ ধন-সম্পত্তি আৰু লুণ্ঠন নহওক ।’’
এই গীতবোৰে চিপকোক এক স্থানীয় প্ৰতিবাদৰ পৰা গণ আন্দোলনলৈ ৰূপান্তৰিত কৰে । লাহে লাহে "চিপকো" শব্দটোৱে পৰিৱেশ প্ৰতিৰোধ আৰু সম্প্ৰদায়ৰ নেতৃত্বত সংৰক্ষণৰ প্ৰতীক হিচাপে বিশ্বজুৰি স্বীকৃতি লাভ কৰে ।

ৰাষ্ট্ৰীয় নীতি সলনি কৰা এক আন্দোলন
চিপকো আন্দোলনৰ প্ৰভাৱ কেৱল মাত্ৰ কেইখনমান অৰণ্য ৰক্ষা কৰাতে সীমাবদ্ধ নাছিল । চিপকো আন্দোলনৰ নেতা সুন্দৰলাল বহুগুণাৰ পুত্ৰ ৰাজীৱে কয় যে এই আন্দোলনে কেইবাটাও গুৰুত্বপূৰ্ণ নীতিগত সিদ্ধান্তক প্ৰভাৱিত কৰিছিল । ১৯৮১-৮২ চনলৈকে হিমালয়ৰ বহু অঞ্চলত বাণিজ্যিকভাৱে কাঠ কটা নিষিদ্ধ কৰা হৈছিল ৷ বন সংৰক্ষণ আইন অধিক কঠোৰ হৈ পৰিছিল আৰু পৰিৱেশৰ চিন্তা ৰাষ্ট্ৰীয় আলোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল ৷
১৯৮০ চনত বন সংৰক্ষণ আইন প্ৰণয়ন হোৱাৰ লগে লগে বিষয়টোৱে নতুন মোৰ লাভ কৰে ৷ পৰিৱেশৰ সৈতে জড়িত বিষয়সমূহে অভূতপূৰ্ব গুৰুত্ব লাভ কৰিছিল আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত এক নিষ্ঠাবান পৰিৱেশ শাসন ব্যৱস্থা স্থাপনত অৰিহণা যোগাইছিল ।
হিমালয়ৰ এক দুৰ্গম গাঁৱৰ এগৰাকী মহিলা আৰু এটা কণ্ঠৰ পৰা আৰম্ভ হোৱা এই আন্দোলন পৰৱৰ্তী সময়লৈকে বহু দৃঢ় হৈ পৰে আৰু শেষত এখন দেশৰ সমগ্ৰ নীতিয়েই সলনি কৰি পেলায় ৷
আজিৰ তাৰিখতো গৌৰা দেৱীৰ কথা কিহৰ বাবে তাৎপৰ্যপূৰ্ণ
জ্যেষ্ঠ সাংবাদিক জয় সিং ৰাৱটৰ মতে নৱপ্ৰজন্মই হয়তো পাহাৰীয়া লোকসকলৰ সৈতে পূৰ্বতে থকা বনাঞ্চলৰ দৃঢ় আত্মীয়তা আজি বুজি নাপাব । ৰাৱটে কয়, ‘‘আগতে নাৰীসকলে বেছিভাগ সময় বনাঞ্চল অথবা ইয়াৰ আশে-পাশে কটায় ।তেওঁলোকৰ জীৱন, জীৱিকা, আবেগিক জগতখন প্ৰকৃতিৰ সৈতে গভীৰভাৱে জড়িত আছিল । আজি এই সংযোগ দুৰ্বল হৈ আহিছে ।’’
বিড়ম্বনাৰ কথাটো এয়ে যে ৰৈনি গাঁওখনে বিগত দশকবোৰত কেইবাটাও পৰিৱেশ সম্পৰ্কীয় দুৰ্যোগৰ সন্মুখীন হৈছে ৷ বিশেষকৈ জলবিদ্যুৎ প্ৰকল্প, ব্যাপক নিৰ্মাণকাৰ্য, খনন আৰু ক্ৰমাৎ বৃদ্ধি পোৱা পৰিৱেশৰ বিপৰ্যয়ে তেওঁলোকক প্ৰভাৱিত কৰিছে ৷
ৰাৱটে যুক্তি আগবঢ়ায় যে এইক্ষেত্ৰত গৌৰা দেৱী আজি আৰু অধিক প্ৰাসংগিক যেন অনুভৱ হয় । তেওঁ কয় যে দশক দশক পূৰ্বে মহিলাগৰাকীয়ে উত্থাপন কৰা সমস্যাবোৰ আজিৰ তাৰিখত জলবায়ু সম্পৰ্কীয় সংকটৰ ৰূপত প্ৰকাশ পাইছে ৷ যেনে - ভূমিস্খলন, ডাৱৰ বিস্ফোৰণ, পৰিৱেশৰ অৱক্ষয় বা দুৰ্বল পৰিকল্পিত উন্নয়নৰ পৰিণতি ।
তেওঁ সকীয়াই দিয়ে যে, ‘‘চৰকাৰে বনাঞ্চলৰ ওপৰত অধিকাৰ দাবী কৰিব পাৰে ৷ কিন্তু স্থানীয় লোকসকলৰ সক্ৰিয় অংশগ্ৰহণ অবিহনে প্ৰকৃত সংৰক্ষণ অসম্ভৱ ।’’ আজিৰ প্ৰশ্ন এয়া নহয় যে চিপকো আন্দোলন কিমান সফল হৈছিল ? প্ৰশ্ন হয় গছ-বনৰ সুৰক্ষাৰ প্ৰতি একে উদ্যম বজাই ৰাখিব পৰা যাবনে ?
শিক্ষাগত অৰ্হতা নাথাকিলেও সমগ্ৰ বিশ্বকে দিলে শিক্ষা
পৰিৱেশবিদ হেমন্ত ধ্যানীয়ে কয় যে গৌৰা দেৱী হয়তো শিক্ষিত নাছিল ৷ কিন্তু প্ৰকৃতিৰ সৈতে তেওঁৰ সম্পৰ্ক ঘনিষ্ঠ আছিল ।
তেওঁ কয়, ‘‘গৌৰা দেৱীয়ে কেতিয়াও পৰিৱেশ বিজ্ঞান অধ্যয়ন কৰা নাছিল । তথাপিও তেওঁ বুজি পাইছিল যে বহু বিশেষজ্ঞই আজি কিহত গুৰুত্ব দিয়ে । তেওঁৰ বাবে পৰিৱেশ সুৰক্ষাৰ আৰম্ভণি হৈছিল সংবেদনশীলতা, দায়িত্ব আৰু বাস্তৱ জগতৰ অভিজ্ঞতাৰ পৰা । আজি আমি মানুহৰ মাজত এই বন্ধন শক্তিশালী কৰাটো প্ৰয়োজন ।’’
ধ্যানীয়ে লগতে কয় যে পাহাৰীয়া নাৰীসকলে সদায় প্ৰকৃতিৰ কোলাত এনেদৰে বাস কৰি আহিছে যেন তেওঁলোক আজম্ম তাতেই আছে । তেওঁ লগতে কয়, ‘‘যেতিয়াৰে পৰা বনাঞ্চলৰ প্ৰতি ভাবুকি আহিছিল, তেতিয়া মহিলাসকলেই প্ৰথমে তাৰ ৰক্ষক হৈ পৰিছিল ।’’
আজি গৌৰা দেৱীক সোঁৱৰণ কৰাৰ লগে লগে তেওঁৰ প্ৰেৰণা আগন্তুক প্ৰজন্মলৈ জীয়াই থকাটো আৰু অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে । স্থানীয় সম্পদ ৰক্ষা কৰাই হওক, সাংস্কৃতিক পৰম্পৰা সংৰক্ষণ কৰাই হওক অথবা পৰিৱেশৰ প্ৰতি ভাবুকিৰ সন্মুখীন হোৱাই হওক, পৃথিৱীখনক উন্নত ঠাই হিচাপে গঢ়ি তুলিবলৈ সকলোৰে মাজত গৌৰা দেৱীৰ দৰে ব্যক্তিত্বৰ প্ৰয়োজন ।
লগতে পঢ়ক: বিশ্ব পৰিৱেশ দিৱস ২০২৬ : কিয় পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস

