এম’নিয়া গেছ নিৰ্গমনত আহত ৬৮ গৰাকী শ্ৰমিকক অসমলৈ প্ৰেৰণ তামিলনাডু চৰকাৰৰ
সুস্থ হৈ উঠিল এম’নিয়া গেছ নিৰ্গমনত আহত অসমৰ ৬৮ গৰাকী শ্ৰমিক ৷

Published : June 30, 2026 at 4:26 PM IST
থিৰুভাল্লুৰ (তামিলনাডু): বিগত ২১ জুনত তামিলনাডুৰ থিৰুভাল্লুৰ জিলাৰ পেৰিয়াপালামৰ সমীপৰ কান্নিগাইপাইৰ গাঁৱত অৱস্থিত ব্যক্তিগত খণ্ডৰ সাগৰীয় খাদ্য প্ৰক্ৰিয়াকৰণ প্ৰকল্পৰ পৰা বিষাক্ত এম’নিয়া গেছ নিৰ্গমনত আহত হোৱা শ্ৰমিকক পুনৰ গৃহ চহৰলৈ প্ৰেৰণ কৰা হৈছে ৷ উল্লেখ্য যে, বিষাক্ত এম’নিয়া গেছ নিৰ্গত হোৱা ঘটনাত অসমৰ বহুগৰাকী শ্ৰমিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল ৷
সোমবাৰে চিকিৎসাধীন হৈ থকা অসমৰ ৬৮ গৰাকী শ্ৰমিকক চিকিৎসা সম্পূৰ্ণ হোৱাৰ পিছতে পুনৰ গৃহ চহৰলৈ প্ৰেৰণ কৰা হৈছে । অসমৰ ৬৮ জনৰো অধিক শ্ৰমিকে থিৰুভাল্লুৰ জিলাৰ পেৰিয়াপলায়মৰ সমীপৰ কান্নিগাইপাইৰ গাঁওস্থিতিত ‘চেণ্ট পিটাৰ এণ্ড পল ছি ফুড এক্সপ’ৰ্টছ প্ৰাইভেট লিমিটেড’ নামৰ এটা প্ৰতিষ্ঠানৰ প্ৰকল্পত কাম কৰি আছিল ৷
২১ তাৰিখে সংঘটিত সেই ঘটনাত সৰ্বমুঠ ১৬ জনৰ এই পৰ্যন্ত মৃত্যু হৈছে । আনফালে উক্ত ঘটনাৰ সময়ত কাৰখানাটোত প্ৰায় ২৪০ জন শ্ৰমিকে কাম কৰি আছিল আৰু তেওঁলোকে স্বাস্থ্যজনিত সমস্যাত ভুগিছিল । আহত শ্ৰমিকসকলক চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল, য'ত অসমৰ ৬৮ গৰাকী শ্ৰমিক আছিল ৷
আহত শ্ৰমিকসলৰ ভিতৰত ওড়িশাৰ ৬২ গৰাকী শ্ৰমিকক আছিল ৷ ইতিমধ্যে ২৬ জুনত ওড়িশা শ্ৰম কল্যাণ বিভাগৰ বিষয়াৰ হাতত ৬২ গৰাকী শ্ৰমিকক গতাই দিয়া হৈছিল আৰু তেওঁলোকক ৰে'লযোগে নিজৰ গৃহৰাজ্যলৈ ঘূৰাই পঠিওৱা হয় । একেদৰে সোমবাৰে অসম স্বাস্থ্য আৰু শ্ৰম কল্যাণ বিভাগৰ বিষয়াৰ উপস্থিতিত ৬৮ জন শ্ৰমিকক নিজ গৃহৰাজ্যলৈ ঘূৰাই পঠিওৱা হয় ।
সোমবাৰে দুখন বাছেৰে পেৰিয়াপলামৰ পৰা ৰাওনা হোৱা শ্ৰমিকসকল প্ৰথমে চেন্নাইৰ এগম’ৰলৈ আৰু এগম’ৰৰ পৰা বিশেষ ৰে’লত অসম অভিমুখে ৰাওনা হয় । ইফালে, তিৰুভাল্লুৰ ৰাজহ সংমণ্ডল বিষয়া ৰবিচন্দ্ৰনে কয় যে বাকী ৪৯ জন শ্ৰমিকক কেইদিনমানৰ ভিতৰতে নিজা নিজা গৃহচহৰলৈ প্ৰেৰণ কৰা হ’ব ।
লগতে পঢ়ক :খাদ্য় সংসাধন গোটত এম’নিয়া গেছ নিৰ্গত, মৃত্যুৰ সংখ্যা ১০ গৰাকীলৈ বৃদ্ধি

