বিহাৰ বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ৬৮.৮১ শতাংশ ভোটদান; মহিলা ভোটাৰে লৈছে নিৰ্ণায়ক ভূমিকা
বিধানসভা নিৰ্বাচনত প্ৰথম আৰু দ্বিতীয় পৰ্যায়ত অভিলেখ সংখ্য়ক ভোটদান ।

Published : November 12, 2025 at 8:56 AM IST
পাটনা: বিহাৰ বিধানসভা নিৰ্বাচনৰ মঙলবাৰে অন্ত পৰিল । এতিয়া মাথোঁ অপেক্ষা ফলাফলৰ বাবে । এইবাৰ নিৰ্বাচনত অভিলেখ সংখ্য়ক ভোটাৰে ভোটাধিকাৰ সাব্য়স্ত কৰিলে । বিধানসভা নিৰ্বাচনৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ত ভোটদানৰ ক্ষেত্ৰত পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিলে । এইবাৰ ৬৬.৯০ শতাংশ ভোটাৰে নিজৰ নিজৰ ভোটাধিকাৰ সাব্য়স্ত কৰে । এয়া হৈছে ১৯৫১ চনৰ পিচত যিকোনো নিৰ্বাচনত সৰ্বাধিক ভোটাদান ।
ইতিহাস ৰচিলে বিহাৰৰ ভোটাৰে :
সদ্য় সমাপ্ত বিধানসভাৰ নিৰ্বাচনৰ সন্দৰ্ভত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে কৰিছে মন্তব্য় । এই সন্দৰ্ভত মুখ্য নিৰ্বাচন আয়ুক্তই কয়, "...আজি স্বাধীন ভাৰততো ভোটাৰে ইতিহাস ৰচনা কৰিছে । ১৯৫১ চনৰ পিছত অনুষ্ঠিত সকলো নিৰ্বাচনৰ ভিতৰত বিহাৰত ভোটাৰে সৰ্বাধিক ৬৬.৯ শতাংশ ভোটদান কৰে ।" মুখ্য নিৰ্বাচন আয়ুক্তই পুনৰ কয় যে এইবাৰ মহিলা ভোটাৰে নিৰ্বাচন আয়োগৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখিছে ।
#WATCH | Delhi | On Bihar Polls, CEC Gyanesh Kumar says, " ... today, voters have also made history in independent india today. they cast the highest percentage of votes in all elections held since 1951, at approximately 66.9%. women have expressed their complete faith in the… https://t.co/C9qPzyTnwG pic.twitter.com/4iVdwfNn9M
— ANI (@ANI) November 11, 2025
কালি সমাপ্ত হোৱা দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত বিহাৰৰ ২০খন জিলাৰ ১২২টা বিধানসভা আসনত ভোটদানৰ হাৰ আছিল লক্ষণীয় । নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ৬৮.৮০ শতাংশ ভোটদান হৈছে । সামগ্ৰিকভাৱে দ্বিতীয় পৰ্যায়ত ভোটদানৰ সংখ্যাই সকলো অভিলেখ ভংগ কৰিবলৈ সক্ষম হয় । উল্লেখ্য় যে যোৱা ৬ নৱেম্বৰত ১২১টা সমষ্টিত প্ৰথম পৰ্যায়ত ভোটদানৰ হাৰে অভিলেখ সৃষ্টি কৰিছিল । প্ৰথম পৰ্যায়ত ভোটদানৰ হাৰ আছিল ৬৫ শতাংশ ।
মহিলা ভোটাৰে ৰচিলে অভিলেখ :
এইবাৰ মহিলা ভোটাৰৰ উপস্থিতি আছিল অভাৱনীয় । প্ৰতিবেদন অনুসৰি প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত ৬৯.০৪ শতাংশ মহিলাই ভোটাধিকাৰ সাব্য়স্ত কৰে । আনহাতে পুৰুষ ভোটাৰৰ ভোটদানৰ হাৰ আছিল ৬১.৫৬ শতাংশ । এই ৭.৫ শতাংশ পাৰ্থক্যই এইবাৰ বিহাৰৰ ৰাজনীতিত এক গুৰুত্বপূৰ্ণ ভূমিকাৰেই ইংগিত বহন কৰিছে । বিহাৰত বিগত তিনিটা নিৰ্বাচনত মহিলা ভোটাৰৰ হাৰ পুৰুষ ভোটাৰৰ তুলনাত ৩ শতাংশৰ পৰা ৭ শতাংশ অধিক আছিল ।

সলনি কৰিলে সমীকৰণ :
বিহাৰৰ ২৪৩খন আসনৰ ভিতৰত প্ৰায় ১৬৭খন আসনতেই মহিলাৰ ভোটদান আছিল অধিক । এই হাৰ পুৰুষৰ সংখ্যা অতিক্ৰম কৰিলে । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এনে বহু সমষ্টিত মহিলা ভোটাৰে নিৰ্ণায়ক ভূমিকা পালন কৰাত এতিয়া ইয়াৰ প্ৰভাৱ নিৰ্বাচনৰ ফলাফলতো পৰিব ।
বিহাৰ বিধানসভা নিৰ্বাচন ২০২০ৰ পৰিসংখ্যা :
উল্লেখ্য় যে ২০২০ৰ বিহাৰ বিধানসভা নিৰ্বাচনতো মহিলাসকলৰ ভোটদানৰ হাৰ আছিল বেছি । পৰিসংখ্যা অনুসৰি মহিলা ভোটাৰৰ হাৰ ৫৯.৬ শতাংশ । আনহাতে পুৰুষ ভোটাৰৰ সংখ্য়া হৈছে ৫৪.৭ শতাংশত । সেইবাৰো প্ৰায় ৫ শতাংশ বেছি আছিল মহিলাৰ ভোটদান । এইবাৰ একেৰাহে তৃতীয়টো নিৰ্বাচনত মহিলা ভোটাৰৰ সংখ্যা পুৰুষতকৈ বেছি। বিধানসভা নিৰ্বাচনত সামগ্ৰিকভাৱে ভোটাৰৰ হাৰ ৫৭.০৫ শতাংশ ।
বিহাৰত মহিলাৰ ৰাজনৈতিক সক্ৰিয়তা বৃদ্ধি :
ৰাজ্য়খনৰ মহিলাসকলে বিগত দশকত নিৰ্বাচনী ৰাজনীতিত উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে । পঞ্চায়তসমূহত ৫০ শতাংশ সংৰক্ষণৰ পিছত মহিলাৰ ৰাজনৈতিক অংশগ্ৰহণ ক্ৰমাগতভাৱে বৃদ্ধি পাইছে । ২০২০ৰ বিধানসভা নিৰ্বাচনৰ পিচতেই প্ৰমাণ হৈছে যে মহিলাৰ ভোট এতিয়া বিহাৰৰ ৰাজনীতিত এক নিৰ্ণায়ক কাৰক হৈ পৰিছে ।

নীতিশ কুমাৰৰ কাৰ্যকালত কি সলনি হ’ল ?
নীতিশ কুমাৰে ৰাজ্য়ৰ শাসনভাৰ লোৱাৰ পিচৰে পৰাই মহিলাসকলক বিশেষ সুবিধা প্ৰদান কৰি আহিছে । ২০০৫ চনৰ অক্টোবৰত যেতিয়া নীতিশ কুমাৰে নিৰ্বাচনত জয়লাভ কৰিছিল, তেতিয়া পুৰুষতকৈ মহিলা ভোটাৰৰ হাৰ ২.৬ শতাংশ কম আছিল । অৱশ্য়ে নীতিশ কুমাৰৰ কাৰ্যকালত আইন-শৃংখলাৰ উন্নতি আৰু নাৰীকেন্দ্ৰিক পদক্ষেপে এই পৰিস্থিতি সম্পূৰ্ণৰূপে সলনি কৰিলে । চাইকেল বিতৰণ, চাকৰি সংৰক্ষণ, পুষ্টি আঁচনি, জীৱিকা দিদি কাৰ্যসূচী, স্থানীয় সংস্থাসমূহত সংৰক্ষণ, নিষেধাজ্ঞা আদি পদক্ষেপে মহিলাসকলক নিৰ্বাচনী প্ৰক্ৰিয়াত অধিক সক্ৰিয় অংশগ্ৰহণকাৰী কৰি তুলিছিল।
তথ্য় অনুসৰি ২০১০ চনত মহিলা ভোটাৰৰ হাৰ পুৰুষতকৈ ৩.৩৫ শতাংশ বেছি আছিল । ইয়াৰ পাঁচ বছৰ পিচত ২০১৫ চনত এই ব্যৱধান ৭.২ শতাংশলৈ বৃদ্ধি পায় । ২০২০ চনত ক’ভিড-১৯ মহামাৰীৰ সময়ত ভোটদান হ্ৰাস পাইছিল যদিও তেতিয়াও পুৰুষতকৈ মহিলাৰ ভোটদানৰ সংখ্য়া ৫.৩ শতাংশ বেছি আছিল । এইবাৰ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত এই ব্যৱধান ৭.৫ শতাংশ হৈছে।
ভোটাৰৰ হাৰত প্ৰব্ৰজনৰ প্ৰভাৱ:
মহিলা ভোটাৰৰ হাৰ বৃদ্ধিৰ আঁৰতো আছে কাৰণ । এই কাৰণৰ ভিতৰত এক উল্লেখযোগ্য কাৰক হৈছে কৰ্ম সংস্থাপনৰ বাবে পুৰুষৰ বহিঃৰাজ্য়লৈ প্ৰব্ৰজন । বহু পুৰুষে কৰ্মসংস্থাপনৰ বাবে আন ৰাজ্যলৈ প্ৰব্ৰজন কৰে আৰু ভোট দিবলৈ ঘূৰি অহাৰ সামৰ্থ নাথাকে । পুৰুষৰ অনুপস্থিতিত মহিলাই ঘৰখন পৰিচালনা কৰি সিদ্ধান্ত লয়, যাৰ ফলত তেওঁলোকৰ ৰাজনৈতিক সচেতনতা আৰু অংশগ্ৰহণ বৃদ্ধি পাইছে ।
জেডিইউ আৰু এনডিএৰ বাবে সুবিধা :
মহিলা ভোটাৰে যিমানেই ভোটদানৰ অধিকাৰ সাব্য়স্ত কৰিছে সিমানেই লাভান্বিত হৈছে এনডিএ, বিশেষকৈ জনতা দল ইউনাইটেড (জেডিইউ)ৰ বাবে সুবিধা হৈছে । পুৰুষতকৈ মহিলা ভোটাৰৰ হাৰ অধিক হোৱা বাবে ২০১০ আৰু ২০২০ চনত এন ডি এয়ে জয়লাভ কৰে । উল্লেখ্য় যে মহিলা ভোটাৰৰ ভোটদান পুৰুষ ভোটাৰৰ ভোটৰ হাৰ অতিক্ৰম কৰা আসনত জেডিইউৰ সফলতাৰ হাৰ ৭০%ৰ পৰা ৯০%।
উল্লখ্য় যে ২০২০ চনত এন ডি এয়ে ১৬৭খন আসনৰ ভিতৰত ৯৯খন আসনত জয়লাভ কৰিছিল । তেতিয়াও পুৰুষতকৈ মহিলাই বেছি ভোটদান কৰিছিল । ইয়াৰ বিপৰীতে পুৰুষ ভোটাৰৰ হাৰ অধিক হোৱা ৭৬খন আসনৰ ভিতৰত ৪৯খন আসনত মহাজোঁটে জয়লাভ কৰে । ২০২০ চনত এন ডি এৰ জয়ত মহিলাসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । মহিলাৰ মাজত এন ডি এৰ ১ শতাংশ অগ্ৰগতি থকাৰ বিপৰীতে পুৰুষৰ মাজত মহাজোঁটৰ অগ্ৰগতি আছিল ২ শতাংশ ।
এইবাৰ কোন বেছি লাভবান হ’ব ?
বিহাৰত মহিলাৰ ভোটাৰে হিলদল ভাঙি ভোট দিবলৈ অহাটো ৰাজ্যখনৰ ৰাজনীতিত এক উল্লেখযোগ্য পৰিৱৰ্তনৰ ইংগিত দিছে । অৱশ্য়ে এইবাৰ নিৰ্বাচনৰ ফলাফলত এই ধাৰা অব্যাহত আছে নে নাই আৰু কোনটো মিত্ৰতাই বেছি লাভবান হ’ব সেয়া নিৰ্ণয় কৰিব ।

