ETV Bharat / bharat

চলন্ত বাছত দুঘণ্টা ধৰি গণধৰ্ষণৰ বলি এগৰাকী মহিলা, সময় সোধাই হ’ল কাল !

দেশৰ ৰাজধানী দিল্লীত পুনৰ নাৰকীয়কাণ্ডৰ বলি হ’ল এগৰাকী ৩৩ বছৰীয়া মহিলা ৷ এখন চলন্ত বাছত গণধৰ্ষণৰ বলি হয় মহিলাগৰাকী ৷

Delhi gang rape inicdent
প্ৰতিনিধিমূলক ফটো (Representational Image/IANS))
author img

By ETV Bharat Assamese Team

Published : May 14, 2026 at 11:14 AM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী : সমগ্ৰ দেশ কঁপাই যোৱা দিল্লীৰ নিৰ্ভয়াকাণ্ড, হায়দৰাবাদৰ দিশাকাণ্ড আৰু কলকাতাৰ অভয়াকাণ্ডৰ কথা আপোনাৰ নিশ্চয় মনত আছে ৷ তিনিগৰাকীকৈ যুৱতীয়ে ধৰ্ষণ-হত্যাৰ বলি হৈ প্ৰাণ হেৰুৱাইছিল এই তিনিটা ঘটনাত ৷ নিৰ্ভয়াৰ অপৰাধীক ফাঁচী দিয়া হ’ল, দিশাৰ অপৰাধীয়ে আৰক্ষীৰ গুলীত প্ৰাণ হেৰুৱালে ৷ কিন্তু অভয়াৰ পৰিয়ালে এতিয়াও যুঁজ দিবলগীয়া হৈছে ন্যায়ৰ বাবে ৷ তাৰ মাজতে আহিছে আন এক জঘন্য ঘটনাৰ খবৰ ৷

দেশৰ ৰাজধানী দিল্লীত পুনৰ নাৰকীয় কাণ্ডৰ বলি হ’ল এগৰাকী ৩৩ বছৰীয়া মহিলা ৷ এখন চলন্ত বাছত গণধৰ্ষণৰ বলি হয় মহিলাগৰাকী ৷ দিল্লীৰ নাংলয় অঞ্চলত সংঘটিত হৈছে এই ঘটনা ৷

আৰক্ষীৰ তথ্য মতে, এই ঘটনা যোৱা সোমবাৰে নিশা সংঘটিত হৈছে ৷ পিতমপুৰৰ এটা বস্তি অঞ্চলত বাস কৰা মহিলাগৰাকী মংগলপুৰিৰ এটা কাৰখানাত কৰ্মৰত ৷ সেইদিনা কামৰ পৰা তেওঁ খোজকাঢ়ি ঘৰলৈ আহি থকা অৱস্থাতেই এই ঘটনা সংঘটিত হয় ৷

দিল্লী আৰক্ষীয়ে কয় যে মহিলাগৰাকী সৰস্বতী বিহাৰৰ বি-ব্লক বাছ আস্থান পোৱাৰ সময়ত এখন শ্লীপাৰ বাছ সেই স্থানত ৰৈ আছিল ৷ বাছৰ দৰ্জামুখত থকা এজন ব্যক্তিক মহিলাগৰাকীয়ে সময় কিমান হৈছে সোধে ৷ কিন্তু লোকজনে সময় কোৱাৰ পৰিৱৰ্তে মহিলাগৰাকীক বলপূৰ্বকভাৱে বাছখনৰ ভিতৰলৈ টানি লৈ যায় ৷

ভুক্তভোগীৰ ভাষ্য অনুসৰি, লোকজনে বাছখনৰ দুৱাৰ তৎক্ষণাত বন্ধ কৰি দিয়ে ৷ তাৰ পাছত বাছখন নাংলয় মেট্ৰ’ ষ্টেচনৰ সমীপৰ প্ৰায় ৭ কিঃমিঃ পথত প্ৰায় দুঘণ্টা ধৰি চলি থাকে ৷ সেই সময়ছোৱাত বাছখনৰ ভিতৰত দুজন লোকে মহিলাগৰাকীৰ সৈতে বলপূৰ্বকভাৱে অসৎ কাৰ্য চৰিতাৰ্থ কৰে ৷

আৰক্ষীয়ে জনায় যে বাছৰ খিৰিকীবোৰ পৰ্দা লগায় থোৱাৰ বাবে ভিতৰত কি ঘটিছে সেয়া বাহিৰৰ পৰা কোনেও দেখা নাছিল ৷ মহিলাগৰাকীয়ে জনায় যে নিশা প্ৰায় ২ বজাত দুই অভিযুক্তই তেওঁক বাছৰ পৰা গতিয়াই পথৰ কাষত পেলাই থৈ সেই স্থানৰ পৰা পলায়ন কৰে ৷ পিছত তেওঁ আৰক্ষীক সেই বিষয়ে অৱগত কৰে ৷

ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত ৰাণীবাগ থানাৰ আৰক্ষীয়ে গোচৰ ৰুজু কৰে ৷ আৰক্ষীয়ে জনোৱাৰ মতে দুই অভিযুক্তক উমেশ আৰু ৰাজেন্দ্ৰ বুলি চিনাক্ত কৰা হৈছে ৷ ইতিমধ্যে দুয়োকে গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে ৷ এই ঘটনাত ব্যৱহৃত বাছখন বিহাৰত পঞ্জীয়নভুক্ত আছিল ৷ আৰক্ষীয়ে সেই বাছখনো জব্দ কৰি ফৰেনচিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে৷

আৰক্ষী সূত্ৰই জনায় যে মহিলাগৰাকীক স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যোৱা হয় ৷ চিকিৎসকে তেওঁৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি চিকিৎসালয়ত ভৰ্তি হ’বলৈ কয় যদিও তেওঁ অস্বীকাৰ কৰে ৷ আৰক্ষীৰ মতে, মহিলাগৰাকীয়ে জনায় যে তেওঁৰ স্বামী যক্ষ্মা ৰোগত আক্ৰান্ত আৰু তেওঁৰ সন্তানক চোৱা-চিতা কৰিবলৈ কোনো নাই ৷ সেয়ে তেওঁ ঘৰৰ পৰাই চিকিৎসা গ্ৰহণ কৰিব খোজে ৷

দিল্লী আৰক্ষীয়ে জনোৱা মতে, এই গোচৰৰ তদন্ত সম্ভৱপৰ সকলো দিশৰ পৰা চলি আছে । বিষয়াসকলে লগতে কয় যে তদন্তত আৰ্থিক বিবাদৰ এটা দিশো পোহৰলৈ আহিছে ।

লগতে পঢ়ক: যোৰহাটত ভয়ংকৰ কাণ্ড; ৬৫ বছৰীয়া বৃদ্ধৰ কামনাৰ বলি নাবালিকাই ল'লে চৰম সিদ্ধান্ত

লগতে পঢ়ক: পুলিচ-প্ৰশাসনৰ গাফিলতিৰ বাবেই এনে হ'ল : চৰম ক্ষোভেৰে ক'লে অৰ্ণমাই বৰাৰ স্বামীয়ে