এফালে শীত, আনফালে প্ৰদূষণ: অস্বস্তিত দিল্লীবাসী
পুৱা আৰু নিশাৰ ভাগত এতিয়া কিছু ঠাণ্ডা অনুভৱ কৰিছে উত্তৰ ভাৰতৰ ৰাইজে । প্ৰদূষণ বৃদ্ধিৰ লগে লগে স্বাস্থ্যজনিত বিভিন্ন সমস্যাৰো সন্মুখীন হৈছে ।

Published : October 30, 2025 at 2:38 PM IST
নতুন দিল্লী: দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজধানী দিল্লীত শীতৰ আগমন হৈছে । বৃহস্পতিবাৰে পুৱা সামান্য শীতৰ লগতে কুঁৱলীৰ প্ৰভাৱ দেখা গৈছে দিল্লী-এন চি আৰ অঞ্চলত । ইয়াৰ সমান্তৰালকৈ বায়ু প্ৰদূষণেও অঞ্চলটোলৈ তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে । কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ড (চি পি চি বি)ৰ তথ্য অনুসৰি দিল্লীত পুৱা ৯ বজাত বায়ুৰ সূচকাংক (এ কিউ আই) ৪০০ পোৱা গৈছে । যাক গুৰুতৰ শ্ৰেণীত ধৰা হয় ।
পুৱা ৯ বজাত এন চি আৰৰ অন্য স্থানৰ তথ্য অনুসৰি ফৰিদাবাদত ২৫৮, গাজিয়াবাদত ২৯৯, গ্ৰেটাৰ নয়দাত ২৮৮, গুৰুগ্ৰামত ৩০৪ আৰু নয়দাত ২৯২ বায়ুৰ সূচাংক পোৱা গৈছে । দিল্লীৰ বেছিভাগ স্থানতে বৰ্তমান এ কিউ আই ৩০০ৰ পৰা ৪০০ৰ ভিতৰত আছে । পুৱা ৯ বজাত আনন্দ বিহাৰ আৰু বিবেক বিহাৰৰ চি পি চি বি ষ্টেচনতো বায়ুৰ সূচাংক ৪০৯ আৰু ৪১৫ পোৱা গৈছে ।
বিশেষজ্ঞসকলে ইংগিত দিছে যে বতাহৰ গতি কম, কুঁৱলী আৰু উষ্ণতা হ্ৰাসে প্ৰদূষণ বৃদ্ধিত অৰিহণা যোগাইছে । যাৰ ফলত ধোঁৱাৰ মাত্ৰা বৃদ্ধি পাইছে । ৭৯ শতাংশ আৰ্দ্ৰতাই এই কুঁৱলী বৃদ্ধি কৰিছে ।
#WATCH दिल्ली: CPCB के अनुसार, इंडिया गेट और आसपास के इलाकों में AQI 319 तक पहुंच गया, जो 'बहुत खराब' श्रेणी में है। pic.twitter.com/BLHEOxpt7v
— ANI_HindiNews (@AHindinews) October 30, 2025
এনে পৰিস্থিতিত পুৱা দিল্লী-এন চি আৰত বহু লোকে উশাহ-নিশাহত অসুবিধাৰ সন্মুখীন হোৱাৰ অভিযোগ উত্থাপন কৰিছে । এই প্ৰদূষণৰ ফলত বৃদ্ধ, শিশু আৰু শ্বাস-প্ৰশ্বাসজনিত গুৰুতৰ ৰোগত আক্ৰান্ত লোকসকল আটাইতকৈ বেছি প্ৰভাৱিত হৈছে । দিল্লীৰ কেইবাটাও অঞ্চল দীপাৱলীৰ পৰাই ধাৰাবাহিকভাৱে ৰেড জ'নত আছে । বৰ্ধিত প্ৰদূষণৰ মাত্ৰা পৰিচালনাৰ বাবে বিভিন্ন অঞ্চলত ট্ৰাকেৰে পানী ছটিওৱাৰ ব্যৱস্থা কৰা হৈছে ।
বায়ু প্ৰদূষণ বৃদ্ধিৰ লগে লগে দিল্লীত দৃশ্যমানতা হ্ৰাস পাইছে । কৰ্তব্য পথ, আনন্দ বিহাৰ, বুৰাৰী, অক্ষৰধামৰ দৰে অঞ্চলসমূহ পুৱাৰ ভাগত কুঁৱলীৱে আৱৰি থকা দেখা গৈছে ।
গ্ৰেপ আৰু ইয়াৰ প্ৰভাৱ
দীপাৱলীৰ পিছৰে পৰা দিল্লী-এন চি আৰৰ বহু স্থান গ্ৰেপ ষ্টেজ-২ (GRAP Stage 2)ৰ অধীনত আছে । কিন্তু তাৰ পিছতো বায়ুৰ গুণাগুণ 'দুৰ্বল'ৰ পৰা 'অতি বেয়া' দেখা গৈছে । আনহাতে নতুন দিল্লী পৌৰ পৰিষদে বুধবাৰে ঘোষণা কৰে যে ব্যক্তিগত যান-বাহনৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ গ্ৰেপ ষ্টেজ-২ৰ অধীনত সমগ্ৰ ৰাজধানীত পাৰ্কিং মাচুল দুগুণ কৰা হ'ব । এই সংশোধিত মাচুল এন ডি এম চিৰ দ্বাৰা পৰিচালিত অফ-ৰোড আৰু ইনড'ৰ পাৰ্কিং লট দুয়োটাতে প্ৰযোজ্য হ'ব ।
ইয়াৰ উপৰিও বায়ুৰ সূচাংক ব্যৱস্থাপনা আয়োগে ১ নৱেম্বৰৰ পৰা দিল্লীৰ বাহিৰৰ পঞ্জীয়নভুক্ত বাণিজ্যিক বাহনৰ প্ৰৱেশ নিষিদ্ধ কৰিছে যিবোৰে বি এছ-৬ নিৰ্গমনৰ নিয়ম মানি চলা নাই ।
ক্লাউড চিডিঙৰ প্ৰভাৱ
দিল্লীয়ে প্ৰদূষণ নিয়ন্ত্ৰণ ব্যৱস্থাৰ অংশ হিচাপে দুটা বেক টু বেক ক্লাউড-চিডিং ট্ৰায়েল চলাইছিল । পৰিৱেশ মন্ত্ৰীয়ে কয় যে দিল্লীয়ে প্ৰদূষণ কমাবলৈ বৈজ্ঞানিক পদ্ধতি আঁকোৱালি লৈছে । শেহতীয়াকৈ ময়ূৰ বিহাৰ আৰু বুৰাৰীত ক্লাউড চিডিং পাইলটে পিএম ১০ ৪১.৯ শতাংশ পৰ্যন্ত হ্ৰাস কৰি এই স্থানসমূহত একিউআইৰ যথেষ্ট উন্নতি সাধন কৰিছে বুলি এক চৰকাৰী বিবৃতিত প্ৰকাশ পাইছে ।
#WATCH दिल्ली: वायु प्रदूषण को कम करने के लिए लोधी गार्डन के आसपास के क्षेत्र में पानी का छिड़काव किया जा रहा है। pic.twitter.com/RuCy05WVOW
— ANI_HindiNews (@AHindinews) October 30, 2025
অক্টোবৰৰ মাহ শেষ হোৱাৰ লগে লগে সমগ্ৰ উত্তৰ ভাৰতত শীতল বতাহৰ আগমন হৈছে । যিয়ে শীতকালৰ আগমনৰ সংকেত দিছে । পুৱাবোৰ কিছু ঠাণ্ডা হৈ আহিছে, আনকি সন্ধিয়াৰ সময়তো ঠাণ্ডা অনুভৱ কৰিছে । দিল্লী আৰু এনচিআৰত যোৱা কিছুদিনত তাপমাত্ৰা হ্ৰাস পাইছে । আইএমডিয়ে কয় যে বুধবাৰে তাপমাত্ৰা সৰ্বোচ্চ ২৯ ডিগ্ৰী চেলছিয়াছ, গড়তকৈ প্ৰায় ৪.৬ ডিগ্ৰী চেলছিয়াছ কম আৰু সৰ্বনিম্ন ১৮.২ ডিগ্ৰী চেলছিয়াছ আছিল ।
উত্তৰ প্ৰদেশত বৰষুণ আৰু বতাহ
দিল্লীৰ কাষতে থকা উত্তৰ প্ৰদেশত শীতল বতাহ আৰু কিছু পাতলীয়া বৰষুণ হোৱা দেখা গৈছে । আইএমডিয়ে ৩০ৰ পৰা ৩১ অক্টোবৰৰ ভিতৰত বাৰাণসী, প্ৰয়াগৰাজ, মাউ আৰু জৌনপুৰৰ দৰে চহৰত বৰষুণৰ আগজাননী দিছে । ইয়াৰ ফলত আৰ্দ্ৰতা কিছু সময়ৰ বাবে বৃদ্ধি পাব পাৰে যদিও বিষয়াসকলে কয় যে ই সমগ্ৰ পূব আৰু মধ্য উত্তৰ প্ৰদেশৰ বায়ুমণ্ডল পৰিষ্কাৰ কৰাত আৰু নিশাৰ উষ্ণতা হ্ৰাস কৰাত সহায় কৰিব ।
উত্তৰাখণ্ডত তুষাৰপাত
উত্তৰাখণ্ডৰ পাহাৰীয়া অঞ্চল প্ৰচণ্ড শীতৰ কবলত পৰিছে । চামোলী, পিথোৰগড়, বদ্ৰীনাথৰ কিছু অংশত ইতিমধ্যে কম পৰিমাণে তুষাৰপাত হোৱা দেখা গৈছে । ডেৰাডুন আৰু হৰিদ্বাৰত পুৱা আৰু নিশা প্ৰতণ্ড ঠাণ্ডা দেখিবলৈ পোৱা গৈছে ।
বিহাৰত পাতলীয়া বৰষুণ, শীতৰ আগমন
বিহাৰতো বাসিন্দাসকলে সামান্য ঋতু পৰিৱৰ্তন দেখা পাইছে । মাজে মাজে পাতলীয়া বৰষুণ আৰু বজ্ৰপাতৰ সম্ভাৱনা আছে যদিও উষ্ণতা স্বাভাৱিকৰ ওচৰতে আছে । পুৱা অলপ কুঁৱলী দেখা গৈছে । যাৰ বাবে ৰাজ্যবাসীয়ে পুৱা আৰু নিশা কিছু শীত অনুভৱ কৰিছে ।
স্বাস্থ্য আৰু দৈনন্দিন জীৱনশৈলীত প্ৰভাৱ
সমগ্ৰ উত্তৰ ভাৰতৰ লোকসকলৰ বাবে এই পৰিৱৰ্তনৰ অৰ্থ হ'ল দৈনন্দিন জীৱনশৈলীৰ সালসলনি । কম্বল, গৰম কাপোৰ লোৱা আৰু বাহিৰত কম সময় থাকিবলৈ বাধ্য হৈছে লোকসকল । বিশেষকৈ দিল্লী-এনচিআৰত প্ৰদূষণৰ মাত্ৰা বৃদ্ধিৰ ফলত শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত লোকসকলক পুৱা বাহিৰলৈ নোলোৱাৰ পৰামৰ্শ দিছে চিকিৎসকে । শীতৰ আগমনৰ লগে লগে গাঁঠিৰ বিষ আৰু হাঁপানি ৰোগীৰো সমস্যা বাঢ়িছে ।
লগতে পঢ়ক :ঘূৰ্ণীবতাহ মন্থাৰ প্ৰভাৱ: ওপচি পৰিছে নদীৰ বক্ষ, ব্যাহত যাতায়াত, বিদ্যুৎ সেৱা বিচ্ছিন্ন

