বিহাৰত পুনৰ প্ৰচলন হ‘ব সুৰা ? শীঘ্ৰে আহিব পাৰে নতুন নিৰ্দেশনা
বিহাৰত সুৰাৰ ওপৰত থকা নিষেধাজ্ঞাৰ অন্ত পৰিবনে ? শাসকীয় দলে পুনৰীক্ষণৰ দাবী জনোৱাৰ পিছতে আৰম্ভ হৈছে জল্পনা-কল্পনা । পঢ়ক ই টিভিৰ বিশেষ প্ৰতিবেদন ।

Published : February 21, 2026 at 11:15 AM IST
পাটনা: বিহাৰত ২০১৬ চনৰ এপ্ৰিল মাহৰ পৰা সুৰাৰ উৎপাদন, মজুতকৰণ, পৰিবহন, বিক্ৰী আৰু সেৱনৰ ওপৰত পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰা হৈছিল ৷ বিধানসভাত সৰ্বসন্মতিক্ৰমে প্ৰস্তাৱৰ জৰিয়তে এই নিষেধাজ্ঞা কাৰ্যকৰী কৰা হৈছিল । সেই সময়ত বিহাৰত শাসনৰ গাদীত অধিষ্ঠিত আছিল মিত্ৰজোঁটৰ চৰকাৰ ৷ অৱশ্যে ভাৰতীয় জনতা পাৰ্টীয়েও ইয়াৰ সপক্ষে মাত মাতিছিল ।
প্ৰতিটো ৰাজনৈতিক দলে সৰ্বসন্মতিক্ৰমে এই আইনখনক সমৰ্থন কৰিছিল যদিও পৰিৱৰ্তিত সময়ৰ লগে লগে ৰাজনৈতিক মতামত সলনি হ’বলৈ আৰম্ভ কৰিছে । বহু দলৰ নেতাই আইনখন সংশোধনৰ দাবী উত্থাপন কৰিবলৈ আৰম্ভ কৰিছে । যাৰ ফলত দহ বছৰীয়া পৰিক্ৰমাৰ অন্ত পেলাই ৰাজ্যখনত পুনৰ সুৰাৰ উৎপাদন, মজুতকৰণ, পৰিবহন আৰু বিক্ৰী আৰম্ভ হ’ব নেকি, তাক লৈ বিতৰ্কৰ সৃষ্টি হোৱা দেখা গৈছে ৷
সুৰা নিষিদ্ধ কৰাত সুখী মহিলাসকল
ৰাজনৈতিক দলৰ নেতাসকলৰ দাবী আৰু ইয়াৰ অৰ্থনৈতিক দিশৰ বিষয়ে আলোচনা কৰাৰ পূৰ্বে অধিকাংশ জনসাধাৰণে কি ভাবে, সেয়া জানিব লাগিব ৷ কাৰণ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে মহিলাসকলৰ দাবী অনুসৰিয়েই ২০১৫ চনৰ বিধানসভা নিৰ্বাচনত ইয়াক কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতি দিছিল ৷
বিশেষকৈ মুখ্যমন্ত্ৰীৰ গৃহ জিলা নালন্দাৰ কালী দেৱী আৰু বেবী দেৱী নামৰ মহিলা দুগৰাকী এই সিদ্ধান্তত অতিশয় সুখী । তেওঁলোকে কয় যে এই আইন কাৰ্যকৰী হোৱাৰ পিছৰে পৰা ঘৰুৱা হিংসা আৰু মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধ হ্ৰাস পাইছে । চৰকাৰক এই আইন প্ৰত্যাহাৰ নকৰিবলৈ আহ্বান জনাইছে মহিলা দুগৰাকীয়ে ।
বেবী দেৱী নামৰ মহিলাগৰাকীয়ে কয়, ‘‘সুৰাৰ বিৰুদ্ধে জাৰি কৰা নিষেধাজ্ঞা আইনখন এখন ভাল আইন আৰু ইয়াৰ বাবে আমি নীতিশ কুমাৰৰ প্ৰতি আমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো । এই আইনখন কাৰ্যকৰী হোৱাৰ ফলত ৰাজ্যখনলৈ শান্তি ঘূৰি আহিছে আৰু মহিলাসকলে নিৰাপত্তা অনুভৱ কৰিছে । ৰাজ্যখনত যিকোনো মূল্যৰ বিনিময়তে এই নিষেধাজ্ঞা কাৰ্যকৰী হোৱাৰ লগতে ইয়াক কঠোৰভাৱে বলবৎ কৰিব লাগিব ।’’
आज मैंने विधानसभा में अपनी पार्टी राष्ट्रीय लोक मोर्चा की ओर से ग्रामीण विकास विभाग के वर्ष 2026-27 के बजट पर अपने विचार प्रस्तुत किए। pic.twitter.com/ICfebmcEIl
— Madhaw Anand (@MAnandOfficial) February 17, 2026
সুৰাৰ বিৰুদ্ধে থকা নিষেধাজ্ঞাক লৈ শাসকীয় দলৰ স্থিতি
বাজেট অধিৱেশনৰ সময়ত আৰ এল এমৰ বিধায়ক মাধৱ আনন্দই মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ উপস্থিতিত বিহাৰ বিধানসভাত সুৰা নিষেধাজ্ঞা আইন পুনৰীক্ষণৰ দাবী জনায় । তেওঁ কয়, ‘‘মুখ্যমন্ত্ৰী সদায় ঐতিহাসিক সিদ্ধান্তৰ বাবে পৰিচিত । তেওঁ নিজৰ কাৰ্যকালত নিষেধাজ্ঞা আইনকে ধৰি বহু যুগান্তকাৰী সিদ্ধান্ত লৈছিল যদিও এতিয়া পুনৰীক্ষণৰ সময় আহি পৰিছে । যেতিয়া পুনৰীক্ষণ হ’ব, তেতিয়াহে গম পোৱা যাব যে লক্ষ্যত উপনীত হৈছে নে নাই । মুখ্যমন্ত্রীয়ে নিষেধাজ্ঞা আইনখন নিশ্চিতভাৱে পুনৰীক্ষণ কৰিব বুলি মই নিশ্চিত ৷’’
#WATCH | गयाजी, बिहार: केंद्रीय मंत्री जीतन राम मांझी ने कहा, " ...हम बहुत समय से कह रहे हैं कि शराब नीति गलत नहीं है, शराबबंदी लागू होनी चाहिए। लेकिन, इसके क्रियान्वयन में गड़बड़ियां हैं। इसीलिए हम बार-बार नीतीश कुमार को यह कह रहे हैं, और हम उन्हें हमारे कहने पर तीसरी समीक्षा… pic.twitter.com/s4pGXzaT4m
— ANI_HindiNews (@AHindinews) February 18, 2026
আইন পুনৰীক্ষণৰ দাবী মাঝিৰ
এন ডি এৰ আন এজন অংশীদাৰ হাম পাৰ্টিৰ পৃষ্ঠপোষক জিতন ৰাম মাঝিয়েও এই নিষেধাজ্ঞাক সন্দৰ্ভত উত্থাপন কৰে প্ৰশ্ন । তেওঁ কয় যে ইয়াৰ ৰূপায়ণত ভালেখিনি ত্ৰুটি আছে ৷ এই নিষেধাজ্ঞাৰ ফলত ৰাজ্য চৰকাৰৰ আৰ্থিক ক্ষতিও হৈছে । এই কাৰণেই তেওঁ পূৰ্বে মুখ্যমন্ত্ৰী নীতিশ কুমাৰক পুনৰীক্ষণৰ দাবী জনাইছিল । মুখ্যমন্ত্ৰীয়ে এই সিদ্ধান্ত বিবেচনা কৰি নিষেধাজ্ঞাৰ বিষয়টো গুৰুত্ব সহকাৰে পুনৰীক্ষণ কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে ।
কিহৰ বাবে উঠিছে পুনৰীক্ষণৰ দাবী ?
প্ৰকৃততে এই নিষেধাজ্ঞাক লৈ অহৰহ প্ৰশ্ন উত্থাপন হৈ আছে । প্ৰথমাৱস্থাত আইনখন অতি কঠোৰ আছিল যদিও লাহে লাহে ই নমনীয় হৈ পৰে । পূৰ্বে ঘৰত সুৰা সেৱন কৰা আৰু মজুত ৰখাৰ ক্ষেত্ৰত কঠোৰ শাস্তিৰ বিধান আছিল । তেনেক্ষেত্ৰত সমগ্ৰ পৰিয়ালটোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি কাৰাদণ্ডৰ দৰে শাস্তি বিহাৰো ব্যৱস্থা আছিল । আনকি সুৰা সেৱনকাৰী পৰিয়ালটোৰ বাসগৃহটোও জব্দ কৰা হৈছিল । বাহনত সুৰা পোৱা গ’লে বাহনখন জব্দ কৰা হৈছিল ৷ সেই সময়ত কেইবাটাও ৰাজনৈতিক দলৰ নেতাই সুৰা নিষেধাজ্ঞা আইনখনক কঠোৰ বুলি গণ্য কৰিছিল ৷
সুৰা সেৱনকাৰীৰে ভৰি পৰিছে কাৰাগাৰ
চৰকাৰে কঠোৰ আইনখনক লৈ কেইবাবাৰো পিছুৱাবলগীয়া হৈছে ৷ সামাজিক সংগঠন আৰু আদালতৰ হেঁচাত চৰকাৰে আইনখন সংশোধন কৰিবলৈ বাধ্য হয় । সময়ৰ লগে লগে আইনখনৰো পৰিৱৰ্তন ঘটিল । আদালতৰ হেঁচাত চৰকাৰে ঘৰ-দুৱাৰ আৰু যান-বাহন জব্দ কৰাৰ অনুমতি দিয়া আইন প্ৰত্যাহাৰ কৰে । কাৰাগাৰত অতিমাত্ৰা ভিৰ হোৱাটোও সময়ৰ লগে লগে চিন্তাৰ কাৰণ হৈ পৰে । এই নিষেধাজ্ঞা কাৰ্যকৰী হোৱাৰ দুবছৰৰ পাছত অৰ্থাৎ ২০১৮ চনত চৰকাৰে আইনখন সংশোধন কৰিবলৈ বাধ্য হয় ।
সুৰা সেৱনকাৰীৰ প্ৰতি নমনীয় স্থিতি
এই সংশোধনীৰ অধীনত চৰকাৰে সুৰাপানৰ ক্ষেত্ৰত নিজৰ স্থিতি নৰম কৰি প্ৰথমবাৰৰ বাবে কাৰাদণ্ডৰ পৰিৱৰ্তে জৰিমনা বিহাৰ বিকল্প আগবঢ়াইছে । প্ৰথমবাৰৰ বাবে সুৰা সেৱন কৰি ধৰা পৰাসকলক ৫ হাজাৰ টকাৰ জৰিমনা বিহাৰ পৰা ৰেহাই দিয়াৰ বিপৰীতে দ্বিতীয়বাৰৰ ক্ষেত্ৰত শাস্তি কিছু কঠোৰ কৰা হৈছে । পৰিয়ালৰ প্ৰতিজন প্ৰাপ্তবয়স্ক সদস্যৰ বিৰুদ্ধে সামূহিক ব্যৱস্থা গ্ৰহণৰ ব্যৱস্থা শিথিল কৰা হৈছে ।
জৰিমনা পৰিশোধ কৰাৰ পিছত মুকলি
যদি কোনো ব্যক্তিয়ে প্ৰথমবাৰৰ বাবে সুৰাপান কৰি ধৰা পৰে তেন্তে তেওঁক লগে লগে কাৰাগাৰলৈ প্ৰেৰণ কৰা নহয় । বৰং গ্ৰেপ্তাৰ হোৱাৰ লগে লগে কাৰ্যবাহী দণ্ডাধীশে 2,000-5,000 জৰিমনা বিহাৰ পিছত তেওঁলোকক মুকলি কৰি দিয়ে । যদি অপৰাধীয়ে জৰিমনা পৰিশোধ কৰিব নোৱাৰে, তেন্তে তেওঁলোক ৩০ দিনৰ কাৰাদণ্ডৰে দণ্ডিত হোৱাৰ সম্ভাৱনা থাকে ৷ জৰিমনা পৰিশোধ কৰাৰ পিছত ব্যক্তিজনক থানা বা আদালতৰ পৰা মুকলি কৰি দিয়া হ’ব পাৰে ।
দ্বিতীয়বাৰ সুৰা সেৱনৰ পিছত ধৰা পৰিলে কাৰাদণ্ডৰে দণ্ডিত
দ্বিতীয়বাৰৰ বাবে দোষী সাব্যস্ত হোৱাৰ ক্ষেত্ৰত আইনখন কিছু পৰিমাণে কঠোৰ কৰা হৈছে ৷ এবাৰ ধৰা পৰাৰ পিছত যদি কোনো ব্যক্তিয়ে পুনৰ সুৰা সেৱন কৰি ধৰা পৰে, তেন্তে নিয়মবোৰ বহুত কঠোৰ হৈ পৰে । তেনেক্ষেত্ৰত জৰিমনা কোনো বিকল্প নহয়, বৰং ব্যক্তিজনক এবছৰৰ বাবে কাৰাগাৰলৈ প্ৰেৰণ কৰা হয় ৷
আদালতত বিচাৰাধীন ৮ লাখৰো অধিক গোচৰ
এই সুৰা নিষেধাজ্ঞা আইন কাৰ্যকৰী হোৱাৰ পিছৰে পৰা বিহাৰৰ আদালত আৰু কাৰাগাৰসমূহত চাপ বৃদ্ধি পাইছে । আদালতৰ সমানে সমানে কাৰাগাৰবোৰো সুৰা সেৱনকাৰীৰে ভৰি পৰিছে ৷ আদালত আৰু কাৰাগাৰৰ ওপৰত ক্ৰমাৎ বৃদ্ধি পোৱা এই বোজাৰ বাবে পদ্ধতি সলনি কৰিবলৈ চৰকাৰ বাধ্য হৈছে । এই আইনৰ সৈতে জড়িত আঠ লাখৰো অধিক গোচৰ বিহাৰৰ আদালতত বিচাৰাধীন হৈ আছে ।
৯ বছৰত ১৩ লাখ গ্ৰেপ্তাৰ
আইনখন প্ৰণয়নৰ পিছৰে পৰা ৰাজ্যখনত ৮ লাখ ৪৩ হাজাৰৰো অধিক গোচৰ পঞ্জীয়ন হৈছে । চৰকাৰী তথ্য অনুসৰি এই সময়ছোৱাত প্ৰায় ১,২৭,৯০০ লোকক গ্ৰেপ্তাৰ কৰা হৈছে । তদুপৰি ৬ লাখৰো অধিক লোকক বিভিন্ন গোচৰত দোষী সাব্যস্ত কৰা হৈছে ।
বিষাক্ত সুৰা সেৱনৰ ফলত ১৯০ জন লোকৰ মৃত্যু
এই আইন কাৰ্যকৰী হোৱাৰ পিছত ৰাজ্যৰ ভিতৰতে বিষাক্ত সুৰা সেৱনৰ ফলত যথেষ্ট সংখ্যক লোকৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে । সাৰণ অঞ্চলত বিষাক্ত সুৰাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যাই অঞ্চলটোক হটস্পটলৈ ৰূপান্তৰিত কৰিছে । ২০১৬ চনৰ পৰা ২০২৫ চনৰ ভিতৰত ৰাজ্যৰ ভিতৰতে বিষাক্ত সুৰা সেৱনৰ ফলত ১৯০ জনতকৈ অধিক লোকৰ মৃত্যু ঘটিছিল । দীপাৱলী, ষঠ, হোলী উৎসৱত এনেধৰণৰ মৃত্যুৰ সংখ্যা বৃদ্ধি পায় ।
চৰকাৰী নথি-পত্ৰই এই সংখ্যা কমকৈ প্ৰকাশ কৰে
অৱশ্যে চৰকাৰী পৰিসংখ্যাই মৃত্যুৰ সংখ্যা কমকৈ প্ৰকাশ কৰে । NCRB ৰ তথ্য অনুসৰি, ২০১৬ চনত বিষাক্ত সুৰা সেৱনৰ ফলত ৬ জন লোকৰ মৃত্যু হৈছিল ।২০১৭ আৰু ২০১৮ চনত অৱশ্যে কোনো লোকৰ মৃত্যু হোৱা নাছিল । ২০১৯ চনত বিষাক্ত সুৰাৰ ফলত ৯ জন লোকৰ, ২০২০ চনত ৬ জন লোকৰ আৰু ২০২১ চনত মাত্ৰ দুজন লোকৰ মৃত্যু হোৱাৰ বাতৰি প্ৰকাশ হৈছিল ৷
আনহাতে, সংবাদ মাধ্যমৰ বাতৰি অনুসৰি সেই বছৰ বিষাক্ত সুৰা সেৱনৰ ফলত ৬৬ জন লোকৰ মৃত্যু হৈছিল ।
২০২২ চনত মৃত্যুৰ সংখ্যা সৰ্বাধিক
২০২২ চনত সুৰাপানৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছিল ৷ প্ৰায় ১১৪ জন লোকৰ সুৰা সেৱনৰ ফলত হোৱা বিষক্ৰিয়াত মৃত্যু ঘটিছিল । ২০২৩ চনত এনে বিষক্ৰিয়াৰ ফলত হোৱা মৃত্যুৰ কোনো চৰকাৰী তথ্য প্ৰকাশ পোৱা নাছিল যদিও সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ২০২৩ চনত ৩০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছিল ।
ৰাজ্যখনৰ ৰাজহত যথেষ্ট লোকচান
এই নিষেধাজ্ঞা কাৰ্যকৰী হোৱাৰ পিছৰে পৰা বিহাৰ চৰকাৰৰ ৰাজহত যথেষ্ট লোকচান হৈছে । ২০১৬ চনত যেতিয়া সুৰা নিষেধাজ্ঞা আইন কাৰ্যকৰী হৈছিল, তেতিয়া বিহাৰ চৰকাৰে সুৰাৰ পৰা ৩,১৪২ কোটি টকা উপাৰ্জন কৰিছিল । সাধাৰণতে বিশ্বাস কৰা হয় যে ৰাজ্যৰ মুঠ ৰাজহৰ ১২-১৫% ত সুৰাৰ অৰিহণা আছে । বিহাৰ চৰকাৰৰ বাজেট ৩,৪৭,০০০ কোটি টকা । ইয়াৰ অৰ্থ হ’ল বছৰি প্ৰায় ৪০,০০০ কোটি টকাৰ ৰাজহৰ লোকচান ।
নিষেধাজ্ঞাৰ বাবে ব্যয় কৰা কোটি কোটি টকা
এই নিষেধাজ্ঞা জাৰি কৰাৰ পিছত চৰকাৰৰ আয় হ্ৰাস পোৱাৰ পিছতো চৰকাৰে ইয়াক কাৰ্যকৰী কৰিবলৈ লাখ লাখ টকা ব্যয় কৰে ৷ সম্পূৰ্ণ নিষেধাজ্ঞা কাৰ্যকৰী কৰিবলৈ বিহাৰ চৰকাৰে বছৰি ৮০০-১০০০ কোটি টকা খৰচ কৰিবলগা হয় । অৰ্থাৎ নিষেধাজ্ঞাৰ সফলতা নিশ্চিত কৰিবলৈ চৰকাৰে প্ৰতি বছৰে কোটি কোটি টকা খৰচ কৰি আছে ৷ তথাপিও ৰাজ্যখনত সুৰা মাফিয়া সক্ৰিয় হৈ আছে ।
এন ডি পি এছৰ গোচৰো বৃদ্ধি পাইছে
তদুপৰি নিষেধাজ্ঞা কাৰ্যকৰী হোৱাৰ পিছৰে পৰা বৃহৎসংখ্যক যুৱকে বিকল্প ব্যৱস্থা হিচাপে ড্ৰাগছ সেৱনৰ দিশত গতি কৰিছে ৷ ৰাজ্যৰ ভিতৰতে অন্যান্য ড্ৰাগছৰ ব্যৱসায় ৩০-৪০% বৃদ্ধি পাইছে । বিহাৰৰ যুৱক-যুৱতীসকলে গাঞ্জা, ব্ৰাউন চুগাৰ, ডোডা, মাদক বড়ি আৰু শুকান মাদক দ্ৰব্য ব্যৱহাৰ কৰিবলৈ ধৰিছে । ৰাজ্যখনত এন ডি পি এছ ৰোগীৰ সংখ্যাও ৩০% বৃদ্ধি পাইছে ।
২০১৬ চনত বিহাৰত এন ডি পি এছ আইনৰ অধীনত ৫১৮ টা ড্ৰাগছ সম্পৰ্কীয় গোচৰ ৰুজু হৈছিল । ২০২৪ চনলৈ এই সংখ্যা ২,৪১১ লৈ বৃদ্ধি পাইছে অৰ্থাৎ পঞ্জীয়নভুক্ত ৰোগীৰ সংখ্যা চাৰিগুণ পৰ্যন্ত বৃদ্ধি পায় ।
এলকহল সেৱনৰ নিষেধাজ্ঞাৰ সন্দৰ্ভত NFHS-5 জৰীপৰ তথ্য
সুৰা নিষেধাজ্ঞা বিহাৰৰ বাবে এক বৃহৎ অৰ্থনৈতিক প্ৰত্যাহ্বান হ’ব পাৰে যদিও তথ্যই দেখুৱাইছে যে ইয়াৰ ফলত ৰাজ্যখনত ইতিবাচক ফলাফল পোৱা গৈছে । গৱেষণাৰ মতে সুৰাপানে বৈবাহিক জীৱনত গভীৰ প্ৰভাৱ পেলায় । এন এফ এইচ এছ-৫(ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা) ৰ তথ্য অনুসৰি বিহাৰৰ ৮৩ শতাংশ মহিলাই কামৰ পিছত দৈনিক স্বামীয়ে সুৰা সেৱন কৰি তেওঁলোকক আক্ৰমণ কৰা বুলি প্ৰকাশ কৰিছে । স্বামীয়ে সুৰাৰ পৰা বিৰত থকা মহিলাৰ সংখ্যা আছিল মাত্ৰ ৩৪ শতাংশ ।
সুৰাপান নিষিদ্ধকৰণৰ সন্দৰ্ভত লেন্সেটৰ প্ৰতিবেদন
দ্য লেন্সেটৰ প্ৰতিবেদন(আই এফ পি আৰ আই - আন্তঃৰাষ্ট্ৰীয় খাদ্য নীতি গৱেষণা প্ৰতিষ্ঠান) অনুসৰি সুৰা নিষেধাজ্ঞা আইনে স্বাস্থ্যতো প্ৰভাৱ পেলাইছে । দৈনিক সুৰা সেৱন কৰা লোকৰ সংখ্যা কমিছে । নাৰীৰ ওপৰত হোৱা যৌন হিংসা আৰু মানসিক অশান্তিও হ্ৰাস পাইছে ।
যৌন হিংসাৰ গোচৰ হ্ৰাস
বিশেষজ্ঞসকলৰ মতে এই পৰিসংখ্যাই দেখুৱাইছে যে এনে নিষেধাজ্ঞাৰ ফলত চৰকাৰৰ ৰাজহৰ ক্ষতি হ’লেও স্বাস্থ্য আৰু সামাজিক পৰ্যায়তো যথেষ্ট পৰিৱৰ্তন ঘটিছিল । ইয়াৰ ফলত যৌন হিংসা হ্ৰাস পোৱাই নহয়, মহিলাৰ সুৰক্ষাও উন্নত হৈছিল ।
সুৰা নিষেধাজ্ঞা সন্দৰ্ভত বিৰোধীৰ আক্ৰমণ
সুৰা নিষেধাজ্ঞাক লৈ বিৰোধীয়ে ধাৰাবাহিকভাৱে প্ৰশ্ন উত্থাপন কৰি আহিছে । বিৰোধী দলৰ নেতা তেজস্বী যাদৱকে ধৰি কেইবাজনো নেতাই চৰকাৰক আক্ৰমণ কৰিছে । পুনৰীক্ষণৰ দাবীত কংগ্ৰেছৰ বিধায়ক অভিষেক ৰঞ্জনে অভিযোগ কৰে যে বিহাৰত সুৰাৰ হোম ডেলিভাৰী প্ৰচলিত । আনকি বিধানসভাত যদি বিধায়কসকলৰ তেজ পৰীক্ষা কৰা হয়, তেন্তে সুৰা নিষেধাজ্ঞাৰ সত্যতা পোহৰলৈ আহিব বুলিও তেওঁ অভিযোগ কৰে ।
বিধায়ক অভিষেক ৰঞ্জনে কয়, ‘‘সুৰাৰ নিষেধাজ্ঞা এটা ভাল সিদ্ধান্ত ৷ কিন্তু বিহাৰত ই সম্পূৰ্ণ ব্যৰ্থ হৈছে । সুৰা মাফিয়াই শাসন কৰে আৰু অবৈধ সুৰাৰ ব্যৱসায়ত উত্থান ঘটিছে ৷ আমি নিষেধাজ্ঞা আইন পুনৰীক্ষণ কৰিবলৈ দাবী জনাইছো ।’’
সুৰাৰ নিষেধাজ্ঞাত ব্যৰ্থ, চৰকাৰে উত্তৰ দিব লাগে
চি পি এমৰ বিধায়ক অজয় কুমাৰেও বিশ্বাস কৰে যে এনে নিষেধাজ্ঞাৰ সফল পৰীক্ষণ বন্ধ হৈ পৰিছে । তেওঁ কয়, ‘‘বিহাৰত সুৰাৰ বিৰুদ্ধে জাৰি কৰা নিষেধাজ্ঞা অসফল বুলি প্ৰমাণিত হৈছে আৰু আৰক্ষী বিষয়াৰ উপাৰ্জনৰ উৎস হৈ পৰিছে । বিষাক্ত সুৰাৰ ফলত মানুহৰ মৃত্যু হৈছে । ৰাজ্যত যেতিয়া নিষেধাজ্ঞা জাৰি কৰা হৈছে, তেতিয়া আন ৰাজ্যৰ পৰা সুৰা কেনেকৈ আহি আছে ? চৰকাৰেও এই কথাৰ উত্তৰ দিব লাগে ৷’’
চৰকাৰে কি কৰিব ?
মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ধাৰাবাহিকভাৱে কৈছে যে এই নিষেধাজ্ঞাৰ ফলত ঘৰুৱা হিংসা হ্ৰাস পাইছে আৰু দৰিদ্ৰ পৰিয়ালৰ অৰ্থনৈতিক অৱস্থা উন্নত হৈছে । জে ডি ইউৰ আনুষ্ঠানিক স্থিতি আইনৰ সমৰ্থনত অব্যাহত আছে । প্রাক্তন মন্ত্রী তথা জে ডি ইউৰ বিধায়ক ৰত্নেশ সাদাই কয়, ‘‘এই নিষেধাজ্ঞাৰ বহু সুবিধা আছে ৷ মহিলাসকল ইয়াক লৈ বৰ সুখী । গতিকে আইনৰ কোনো সমস্যা আমি দেখা নাপাওঁ ।’’
বিশেষজ্ঞসকলে কি কয় ?
জ্যেষ্ঠ সাংবাদিক অৰুণ পাণ্ডেৰ মতে বিহাৰত সুৰা নিষেধাজ্ঞা আইনখন ভাল উদ্দেশ্যৰে কাৰ্যকৰী কৰা হৈছিল । মুখ্যমন্ত্ৰী নীতিশ কুমাৰে নিষেধাজ্ঞা কাৰ্যকৰী কৰি দৃঢ় সংকল্প প্ৰদৰ্শন কৰিলে সঁচা, কিন্তু ৯ বছৰৰ পাছতো এই নিষেধাজ্ঞা কাৰ্যকৰী হোৱা নাই । সুৰা মানুহৰ বাবে সহজে পোৱা যায় বুলিও তেওঁৰ বিশ্বাস । গতিকে চৰকাৰে নিজৰ কঠোৰ সিদ্ধান্ত পুনৰ বলবৎ কৰিব লাগিব, তেতিয়াহে ইয়াৰ উদ্দেশ্য পূৰণ হ’ব ।
লগতে পঢ়ক: অসাধাৰণ পৰিস্থিতি : পশ্চিমবংগৰ বাবে ন্যায়িক বিষয়াৰ নিযুক্তি বিচাৰিছে উচ্চতম ন্যায়ালয়ে

