স্বামীক ৰান্ধি-বাঢ়ি নুখুৱালেই নিষ্ঠুৰ বুলিব নেকি পত্নীক ? আদালতে দিছে এক যুগান্তৰকাৰী ৰায়
স্বামীয়ে উত্থাপন কৰা নিষ্ঠুৰতাৰ অভিযোগ বিবেচনা কৰি আদালতে বিবাহ বিচ্ছেদ মঞ্জুৰ কৰিব নোৱাৰিব বুলি উল্লেখ কৰি খাৰিজ কৰে আবেদন ।

Published : January 7, 2026 at 8:29 PM IST
হায়দৰাবাদ: স্বামী-স্ত্ৰীৰ মাজত মতানৈক্য স্বাভাৱিক কথা । বিভিন্ন কাৰণত, বিভিন্ন ক্ষেত্ৰত এই মতানৈক্য থাকিব পাৰে । আনহাতে, আধুনিক সমাজ ব্যৱস্থাত একক পৰিয়ালৰ ধাৰণাই ব্যাপক ৰূপ ধাৰণ কৰাত পতি-পত্নী উভয়ৰে দায়িত্ব বাঢ়িছে । দুয়োৱে দুয়োৰে ঘৰুৱা কামত সহায়ৰ হাত আগবঢ়াবলগা হৈছে । তেনেক্ষেত্ৰত স্বামী-স্ত্ৰীৰ মাজত সহযোগিতামূলক মনোভাব অতি প্ৰয়োজনীয় ।
আনহাতে, স্বামী-স্ত্ৰী যদি দুয়োৱে কৰ্মসংস্থাপন লাভ কৰে, তেন্তে ঘৰুৱা কামৰ ক্ষেত্ৰত এই সহযোগিতা আৰু অধিক বৃদ্ধি পায় । কাৰণ কৰ্মৰ খাতিৰত দুয়োৱে ঘৰৰ বাহিৰলৈ যাবলগীয়া হ'লে বা দীৰ্ঘসময় বাহিৰত থাকি যেতিয়া উভতি আহে, তেতিয়া ঘৰুৱা কামত দুয়োৰে দায়িত্ব দুগুণে বৃদ্ধি পায় ।
কিন্তু কেৱল মহিলা হোৱা বাবেই পত্নীয়ে ঘৰৰ সকলো দায়িত্ব গ্ৰহণ কৰিব লাগিব নেকি ? কৰ্মৰ পৰা উভতি অহাৰ পিছত স্বামীয়ে আৰাম কৰিব আৰু পত্নীয়ে ৰন্ধা-বঢ়াকে ধৰি সকলো কাম কৰিব লাগিব সেইটো গ্ৰহণযোগ্য নে ?
শেহতীয়াভাৱে এনে এটা বিষয়ে গৈ আদালতৰ মজিয়া পাইছেগৈ । আদালতত স্বামীৰ অভিযোগ, তেওঁৰ পত্নী বৰ নিষ্ঠুৰ । তেওঁক ৰন্ধা-বঢ়া কৰি নুখুৱায় । সেয়ে তেওঁৰ সৈতে আৰু সংসাৰ আগবঢ়াই নিব নোৱাৰি, বিবাহ বিচ্ছেদ লাগে । এই গোচৰত আদালতে আগবঢ়াইছে এক যুগান্তৰকাৰী ৰায় ।
আদালতৰ পৰ্যবেক্ষণ, যেতিয়া স্বামী-স্ত্ৰী দুয়োৱেই কৰ্মসংস্থাপন লাভ কৰে, তেতিয়া কেৱল স্বামীৰ বাবে ৰন্ধা-বঢ়া নকৰাটোকে পত্নীৰ নিষ্ঠুৰতা বুলি গণ্য কৰিব নোৱাৰি । এই পৰ্যবেক্ষণৰ ভিত্তিতে স্বামীৰ বিবাহ বিচ্ছেদৰ আবেদনক মঞ্জুৰ কৰিব নোৱাৰি বুলি ৰায় দিছে আদালতে । এই ৰায় তেলেংগানা উচ্চ ন্যায়ালয়ৰ ।
শেহতীয়াকৈ তেলেংগানা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মৌচুমী ভট্টাচাৰ্য আৰু ন্যায়াধীশ নাগেশ ভীমাপক্কাক লৈ গঠিত বিভাগীয় বিচাৰপীঠে এই ৰায়দান কৰে । এই ৰায়দানত এল বি নগৰৰ এজন ব্যক্তিয়ে দাখিল কৰা বিবাহ বিচ্ছেদৰ আবেদন খাৰিজ কৰে, য'ত তেওঁ পত্নীৰ দ্বাৰা নিষ্ঠুৰতাৰ বলি হোৱা বুলি দাবী কৰিছিল ।
উল্লেখ্য যে ইয়াৰ পূৰ্বে নিম্ন আদালতে তেওঁৰ আবেদন খাৰিজ কৰিছিল । ইয়াৰ পিছত তেওঁ উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰে । উচ্চ ন্যায়ালয়ে ৰায়দানত উল্লেখ কৰিছে যে স্বামীয়ে দিনৰ ১ বজাৰ পৰা নিশা ১০ বজালৈ কাম কৰে যদিও পত্নীয়ে পুৱা ৯ বজাৰ পৰা ৬ বজালৈ কাম কৰে । সেয়েহে পত্নীয়ে পুৱা ৰন্ধা-বঢ়া নকৰাটো নিষ্ঠুৰতা বুলি গণ্য কৰিব নোৱাৰি ।
বিচাৰপীঠৰ মন্তব্য, "আবেদনকাৰীয়ে দিনৰ ১ বজাৰ ভিতৰত কাৰ্যালয়লৈ গৈ নিশা ১১ বজাৰ ভিতৰত ঘৰলৈ ঘূৰি আহে । আনহাতে, পত্নীয়ে পুৱা ৬ বজাৰ ভিতৰত বিছনাৰ পৰা উঠি ৯ বজাৰ ভিতৰত কাৰ্যালয়লৈ যায় । স্বামীৰ বাবে খাদ্য প্ৰস্তুত নকৰাটো এই ক্ষেত্ৰত গুৰুত্বসহকাৰে ল'ব পৰা নাযায় আৰু ইয়াক নিষ্ঠুৰতা বুলিও অভিহিত কৰিব নোৱাৰি ।"
উল্লেখ্য যে ২০১৮ চনত বিবাহপাশত আবদ্ধ হোৱা দম্পতীহালে ধাৰাবাহিক বিবাদৰ অন্তত ২০১৮ চনৰ পৰায়ে পৃথকে পৃথকে বাস কৰিছিল । আনহাতে, স্বামীয়ে ২০১৯ চনত বিবাহ বিচ্ছেদৰ বাবে আবেদন দাখিল কৰিছিল । তেওঁৰ অভিযোগ আছিল যে পত্নীয়ে ঘৰুৱা কামত সহায় নকৰে আৰু সেইটো এক প্ৰকাৰৰ নিষ্ঠুৰতা ।
আনহাতে, পত্নীয়ে সঘনাই পিতৃ-মাতৃৰ ঘৰলৈ যায় আৰু তেওঁৰ লগত নাথাকে বুলি স্বামীয়ে কৰা দাবী সন্দৰ্ভত আদালতে পৰ্যবেক্ষণ কৰে যে স্বামীয়ে স্ববিৰোধী বক্তব্য দিছে । পত্নীয়ে কৈছিল যে তেওঁলোকৰ বিবাহৰ এবছৰ ন মাহৰ সময়ছোৱাত তেওঁ এবাৰ পাঁচ মাহ আৰু আন এবাৰ তিনি মাহ স্বামীৰ লগত আছিল ।
আদালতে লগতে কয় যে গৰ্ভপাতৰ পিছত পিতৃ-মাতৃৰ লগত থকাটো নিষ্ঠুৰতা বুলি গণ্য কৰিব নোৱাৰি । ইফালে উচ্চতম ন্যায়ালয়ে পৃথকে বাস কৰাৰ দাবী কৰাটো নিষ্ঠুৰতাৰ অধীনত পৰে বুলি কোৱাৰ বিপৰীতে উচ্চ ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে প্ৰতিটো গোচৰৰ তথ্যৰ ওপৰত নিৰ্ভৰ কৰি এই কথা প্ৰযোজ্য ।
শেহতীয়া গোচৰটোত আদালতে উল্লেখ কৰিছে যে পত্নীয়ে নিজেই পৃথকীকৰণৰ প্ৰস্তাৱ দিয়া নাছিল ৷ বৰঞ্চ তেওঁৰ অধিবক্তাই তেওঁক তেনে কৰিবলৈ পৰামৰ্শ দিছিল আৰু সেয়েহে ইয়াক নিষ্ঠুৰতা বুলি ধৰিব নোৱাৰি । স্বামীৰ নিষ্ঠুৰতাৰ অভিযোগ বিবেচনা কৰি বিবাহ বিচ্ছেদ মঞ্জুৰ কৰিব নোৱাৰিব বুলি উল্লেখ কৰি আদালতে আবেদন খাৰিজ কৰে ।

