ETV Bharat / bharat

চেনিৰ মূল্যবৃদ্ধিৰ প্ৰকৃত কাৰণ কি আৰু কেতিয়া হ্ৰাস পাব চেনিৰ মূল্য ?

মিঠা চেনিয়ে বজাৰত কিয় গ্ৰাহকক দিছে তিতা-কেঁহা ? চেনিৰ উৎপানত দ্বিতীয় স্থানত থকা ভাৰতত চেনিৰ অভাৱ হৈছে নেকি ?

sugar prices increasing
চেনিৰ মূল্যবৃদ্ধিৰ প্ৰকৃত কাৰণ কি (ANI)
author img

By ETV Bharat Assamese Team

Published : August 23, 2026 at 9:52 PM IST

8 Min Read
Choose ETV Bharat

হায়দৰাবাদ : এটা মাহৰ পূৰ্বলৈকে প্ৰতিকিলোগ্ৰাম চেনিৰ দাম প্ৰায় ৪৫ টকা আছিল ৷ এমাহৰ পাছত প্ৰতিকিলোগ্ৰাম চেনিৰ দাম ৭০ টকালৈ বৃদ্ধি পালে ৷ ইফালে গণেশ চতুৰ্থী, দীপাৱলি উৎসম সমাগত আৰু উৎসৱৰ বতৰতে বজাৰত চেনিৰ মূল্য ব্যাপক হাৰত বৃদ্ধি পাইছে ৷ ফলত সাধাৰণ জনতা চিন্তিত হৈ পৰিছে ৷ চেনিৰ মূল্য কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি তাৰ বাবেও ভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে ৷

এতিয়া প্ৰশ্ন উত্থাপন হৈছে, এনে কি হ'ল যাৰ বাবে চেনিৰ দাম হঠাৎ বৃদ্ধি পালে ? চেনিৰ মূল্য বৃদ্ধিৰ লগত ইথানলৰ সম্পৰ্ক আছে নেকি ? চৰকাৰে বিষয়টো গাপ দিয়াৰ চেষ্টা কৰিছে নেকি ? বতৰ তথা জলবায়ু পৰিৱৰ্তন নে কুঁহিয়াৰ খেতিৰ ৰোগৰ বাবে চেনিৰ মূল্য বৃদ্ধি হৈছে ? আহক ইয়াৰ বিষয়ে জানিবলৈ চেষ্টা কৰো ।

sugar prices are increasing
চেনিৰ মূল্যবৃদ্ধিৰ প্ৰকৃত কাৰণ কি (ETV Bharat Assam)

চেনিৰ মূল্যবৃদ্ধিৰ সন্দৰ্ভ চৰকাৰী বিভাগে কি কয় ?

গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰণালয়ে এক বিবৃতি জাৰি কৰি কয়, “বৰ্তমান চেনিৰ মূল্য বৃদ্ধিৰ কাৰণ কেইবাটাও কাৰক আছে ৷ ইয়াৰ ভিতৰত ঘৰুৱা উৎপাদন আশা কৰাতকৈ কম, উৎসৱৰ বতৰৰ পূৰ্বে চাহিদা বৃদ্ধি, শস্যসমূহ বতৰৰ বাবে ক্ষতি, চেনিৰ যোগানৰ বিশ্বব্যাপী নাটনি, উদ্যোগটোৰ কিছুমান বিশেষ অংশৰ জল্পনা-কল্পনা আৰু জমা হোৱা আদি কেইবাটাও কাৰক আছে ।”

চৰকাৰী বিষয়াই ইতিমধ্যে ঘোষণা কৰিছে যে, উৎপাদন কম হোৱাৰ পাছতো অক্টোবৰ মাহত নতুন কুঁহিয়াৰ খেতিৰ বতৰ আৰম্ভ নোহোৱালৈকে দেশত ঘৰুৱা চাহিদা পূৰণ কৰিব পৰাকৈ পৰ্যাপ্ত পৰিমাণৰ চেনিৰ মজুত আছে । বিশ্বজুৰিও চেনিৰ মূল্য বৃদ্ধি পাইছে ৷ চেনিৰ যোগানৰ অভাৱ বিশ্বজুৰি এক পৰিঘটনা আৰু ই কেৱল ভাৰততে সীমাবদ্ধ নহয় ।

বিশ্বত সৰ্বাধিক চেনি উৎপাদন হয় ব্রাজিলত, দ্বিতীয়তে ভাৰত আৰু তৃতীয় স্থানত আছে চীন ৷ মধ্য প্ৰাচ্যত হোৱা যুদ্ধৰ বাবেও চেনিত প্ৰভাৱ পৰিছে ৷ এক তথ্য অনুসৰি,ভাৰতত চেনি তৈয়াৰ কৰা মুঠ ৭০৩ টা মিল আছে । ইয়াৰ চৰকাৰী মিলৰ সংখ্যা মাথো ৪৩ টা । ৩৩৫ টা ব্যক্তিগত আৰু ৩২৫ টা সহযোগী মিল আছে ।

বিগত এমাহত কিমান বৃদ্ধি পাইছে চেনিৰ দাম, চাওক (সাপ্তাহিক দাম)

২৪ জুলাই ২০২৬ প্ৰতি কিলোগ্ৰামত ৪৮.৫০ টকা
৩১ জুলাই ২০২৬প্ৰতি কিলোগ্ৰামত ৫১.৯৯ টকা
০৭ আগষ্ট ২০২৬প্ৰতি কিলোগ্ৰামত ৫৫.৪৮ টকা
১৪ আগষ্ট ২০২৬ প্ৰতি কিলোগ্ৰামত ৫৮.৯৭ টকা
২১ আগষ্ট ২০২৬প্ৰতি কিলোগ্ৰামত ৬২.৪৫ টকা

চেনি উৎপাদন, ষ্টকৰ সীমা কিমান :

২০২৫-২৬ বৰ্ষৰ বাবে চেনিৰ উৎপাদন ৩৪৩ লাখ টন হ’ব বুলি ধাৰণা কৰিছিল চৰকাৰে ৷ কিন্তু ভিন্ন কাৰণত চলিত বৰ্ষত মাত্ৰ ৩০৬ লাখ টন উৎপাদন হ’ল চেনি । দেশত চেনিৰ ব্যৱহাৰ প্ৰায় ২.৬ কোটিৰ পৰা ২.৮ কোটি টনৰ ভিতৰত আছে । গতিকে উৎপাদন আৰু ব্যৱহাৰৰ মাজত বিশেষ ব্যৱধান নাই । ইয়াৰ পিছতো চেনিৰ দাম বাঢ়িল, মানুহে আতংকিত হৈ চেনি কিনি ষ্টক কৰি ৰাখিছে নেকি ?

ভাৰতীয় চেনি আৰু জৈৱ শক্তি নিৰ্মাতা সংস্থাৰ সঞ্চালক প্ৰধান দীপক বল্লানীয়ে উল্লেখ কৰে যে, কেন্দ্ৰীয় চৰকাৰে ১০ লাখ টন চেনিৰ শুল্কমুক্ত আমদানিত অনুমতি দিয়াৰ সিদ্ধান্তক আদৰণি জনাইছো । এই পদক্ষেপে বজাৰলৈ এটা স্পষ্ট সংকেত প্ৰেৰণ কৰিছে যে জল্পনা-কল্পনা আৰু অযুক্তিকৰ মূল্যবৃদ্ধি সহ্য কৰা নহ’ব ।

বাল্লানীয়ে কয় যে, "আমি গ্ৰাহকসকলক আশ্বস্ত কৰিব বিচাৰো যে দেশত চেনিৰ অভাৱ নাই । নতুন ঋতুৰ চেনি অহালৈকে ঘৰুৱা চাহিদা পূৰণ কৰিব পৰাকৈ মিলসমূহে পৰ্যাপ্ত মজুত আছে । শেহতীয়াকৈ মূল্যবৃদ্ধি বজাৰৰ মৌলিক দিশৰ ওপৰত ভিত্তি কৰি নহয় বৰঞ্চ ইয়াৰ পৰিৱৰ্তে উৎসৱৰ বতৰৰ পূৰ্বে জল্পনা-কল্পনা আৰু আতংকিত ক্ৰয়ৰ ফল ।"

অল ইণ্ডিয়া চুগাৰ ট্ৰেড এছ’চিয়েশ্ব'ৰ অধ্যক্ষ প্ৰফুল্ল ভিথালানীয়ে কয়,"গ্ৰাহকসকলে অধিক চেনি ক্ৰয় কৰাৰ পৰা বিৰত থাকিব লাগে । আতংকিত হৈ ক্ৰয়ৰ প্ৰয়োজন নাই । ১০ লাখ মেট্ৰিক টন চেনি আমদানিৰ অনুমোদন দিয়া আৰু চেনি কলসমূহক অক্টোবৰ মাহত উৎপাদিত চেনি ঘৰুৱা বজাৰত বিক্ৰী কৰাৰ স্বাধীনতা দিছে ৷ এই দুটা পদক্ষেপ যথেষ্ট আৰু অধিক আমদানিৰ প্ৰয়োজন নাই ।"

ইফালে পৰিস্থিতি আৰু অধিক বেয়া নহ’বলৈ চৰকাৰে শীতল পানীয় আৰু আইচক্ৰীম প্ৰস্তুত কৰা কোম্পানীৰ দৰে বৃহৎ গ্ৰাহকৰ বাবে ষ্টক ৰখাৰ সীমা নিৰ্ধাৰণ কৰিছে ।

বৰষুণ আৰু ৰোগৰ বাবে উৎপাদনত প্ৰভাৱ পৰিল :

২০২৫-২৬ বছৰত উৎপাদন হ্ৰাস পোৱাটো সঁচা । এই উৎপাদন হ্ৰাস পোৱাৰ এটা কাৰণ হ’ল বিগত বছৰত হোৱা অত্যধিক মাত্ৰাত হোৱা বৰষুণ । মহাৰাষ্ট্ৰ, কৰ্ণাটক আৰু গুজৰাটত পূৰ্বৰ বছৰৰ ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহত প্ৰচণ্ড বৰষুণ হৈছিল, যাৰ ফলত উৎপাদনত প্ৰভাৱ পৰিছিল ।

চেনিৰ উৎপাদন ৩০৯ লাখ টন, ইথানলৰ বাবে ৩০ লাখ টন ডাইভাৰ্ট কৰা হৈছে ৷ যাৰ ফলত ২৭৯ লাখ টন নিকা উৎপাদন হৈছে । ভাৰতৰ প্ৰধান ব্যক্তিগত চেনি কলৰ সংঘই প্ৰাথমিক হিচাপতকৈ ৩০.৫ লাখ টন কম । উত্তৰ প্ৰদেশত কুঁহিয়াৰ খেতিত ৰঙা পচি যোৱা ৰোগত প্ৰভাৱ পৰিছিল, যাৰ ফলত কুঁহিয়াৰৰ উৎপাদনত প্ৰভাৱ পৰিছিল ।

ইথানলত কুঁহিয়াৰ ব্যৱহাৰৰ বাবে চেনিৰ দাম বৃদ্ধি পাইছেনে ?

ইথানল উৎপাদনৰ বাবে কুঁহিয়াৰ ব্যৱহাৰৰ ফলত চেনিৰ মূল্য তীব্ৰভাৱে বৃদ্ধি পোৱা বুলি দাবী উত্থাপন কৰিছে চৰকাৰে । খাদ্য সচিব সঞ্জীৱ চোপ্ৰাই কয় যে, ২০২২-২৩ বৰ্ষত প্ৰায় ৪৩ লাখ টন চেনি ডাইভাৰ্ট কৰা হৈছিল, যিয়ে মুঠ চেনিৰ মজুতৰ ১২ শতাংশ প্ৰতিনিধিত্ব কৰে ।

তেওঁৰ মতে, "২০২৫-২৬ বৰ্ষত মাত্ৰ ২৮ লাখ টন চেনি ডাইভাৰ্ট কৰা হৈছিল । ইথানল এতিয়া মাত্ৰ এক চতুৰ্থাংশ চেনিৰ পৰা আহৰণ কৰা হয় ৷ ভাৰতৰ ইথানলৰ প্ৰায় তিনি চতুৰ্থাংশ বিশেষভাৱে কুঁহিয়াৰৰ পৰা আহৰণ কৰা হয় ।"

চৰকাৰী বিষয়াই কয় চেনি উদ্যোগে ইথানল কাৰ্যসূচীৰ দ্বাৰা লাভৱান হৈছে আৰু মজুতৰ বিষয়টো সমাধান কৰা হৈছে ৷ ই এটা গাঁথনিগত পৰিৱৰ্তনক প্ৰতিনিধিত্ব কৰে । তথ্যৰ উদ্ধৃতি দি চৰকাৰে আঙুলিয়াই দিয়ে যে ঘৰুৱা চেনিৰ ব্যৱহাৰ ২৮–২৯ মিলিয়ন টন হ’লেও বাকী ৩০–৩৫ মিলিয়ন টন চেনিৰ কি হ’ব সেই প্ৰশ্ন উত্থাপন হয় ।

সম্পূৰ্ণৰূপে চেনিৰ দামৰ ওপৰত নিৰ্ভৰ কৰাৰ পৰিৱৰ্তে ই মিলসমূহৰ বাবে অতিৰিক্ত ৰাজহৰ উৎস হিচাপে কাম কৰে । সংহত মিলে চেনি, ইথানল, আৰু কিছুমান ক্ষেত্ৰত বিদ্যুৎ উৎপাদনৰ পৰাও আয় কৰিব পাৰে ।

ইথানল উৎপাদনৰ বাবে ব্যৱহাৰ কৰা প্ৰতিটো টন চেনি ঘৰুৱা চেনিৰ বজাৰত প্ৰভাৱ নপৰে । যেতিয়া ইতিমধ্যে মজুত কম হয়, তেতিয়া অধিক চেনি ইথানল উৎপাদনলৈ ডাইভাৰ্ট কৰিলে উপলব্ধ যোগান আৰু অধিক হ্ৰাস পাব পাৰে । এইদৰে ইথানলৰ এটা আকৰ্ষণীয় দ্বৈত প্ৰভাৱ আছে: কোম্পানীসমূহৰ বাবে ই কাৰ্যকৰী বৈচিত্ৰ্য আনে, আনহাতে চেনিৰ বজাৰৰ বাবে ই যোগান হ্ৰাস কৰিব পাৰে ।

বিশ্বজুৰি যোগানৰ নাটনিৰ বাবে আন্তঃৰাষ্ট্ৰীয় চেনিৰ মূল্য বৃদ্ধি পাইছে । ৩০ জুনত চেনিৰ আন্তঃৰাষ্ট্ৰীয় মূল্য প্ৰতি টনত ৪৭৪ ডলাৰ আছিল, আনহাতে ২০ আগষ্টৰ ভিতৰত প্ৰতি টনত ৫৫২ ডলাৰলৈ বৃদ্ধি পাইছিল ৷ দুমাহতকৈও কম সময়ৰ ভিতৰতে ১৬ শতাংশতকৈ অধিক বৃদ্ধি পাইছিল ।

ব্ৰাজিলৰ চেনিৰ উৎপাদন ২৬ শতাংশ হ্ৰাস পোৱাৰ বিপৰীতে থাইলেণ্ডৰ উৎপাদন ১৫ শতাংশতকৈ অধিক হ্ৰাস পাইছে । ইয়াৰ ফলত বিশ্বজুৰি চেনিৰ উৎপাদনৰ পৰিমাণ ৩৩ লাখ টন ঘাটিলৈ পৰিণত হয় ।

কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ চৰকাৰলৈ প্ৰশ্ন

বিশ্বৰ সৰ্ববৃহৎ চেনি উৎপাদক আৰু ৰপ্তানিকাৰক দেশ ভাৰতৰ চেনিৰ মজুত আজি ৯ বছৰৰ ভিতৰত সৰ্বনিম্ন স্তৰত কিয় ? আমি কেনেকৈ ৰপ্তানি বন্ধ কৰি ১০ লাখ টন চেনি শুল্কমুক্ত আমদানি কৰাৰ পৰ্যায়ত উপনীত হ’লো ? তিনিমাহৰ ভিতৰতে চেনি প্ৰায় ৪০% ব্যয়বহুল হৈ পৰিছে, উৎসৱৰ ঠিক আগতেই জনসাধাৰণৰ মূৰত মাধমাৰ দিয়াৰ বাবে কোন দায়ী ?

যেতিয়া দেশত চেনিৰ নাটনি হৈছে আৰু চৰকাৰে বহিঃৰাষ্ট্ৰৰ পৰা চেনি আমদানি কৰি আছে, তেতিয়া ই-২০ৰ বাবে ইথানল উৎপাদনৰ বাবে কুঁহিয়াৰ আৰু শস্যক ডাইভাৰ্ট কৰাৰ নীতি কিয় পৰ্যালোচনা কৰা হোৱা নাই ?

লগতে পঢ়ক: ২০৩৫ চনৰ ভিতৰত ভাৰতে নিজাকৈ স্থাপন কৰিব মহাকাশ কেন্দ্ৰ