তীব্ৰবেগী পাৰ্চেল ট্ৰেইন থকাৰ পিছতো কাশ্মীৰী আপেল এতিয়াও কিয় ট্ৰাকত সৰবৰাহ কৰে
ৰে’ল দ্ৰুত আৰু কম খৰচী হোৱাৰ পাছতো সীমিত ষ্টেচন, লোডিং আৰু আনলোডিং আৰু অতিৰিক্ত খৰচৰ বাবে ট্ৰাকসমূহৰ ব্যৱহাৰ অধিক হয় ।

Published : August 19, 2026 at 9:08 PM IST
শ্ৰীনগৰ : কাশ্মীৰী আপেল বুলি ক'লেই এক বিশেষ আকৰ্ষণ আছে । সোৱাদৰ বাবেই হওক বা গুণমানৰ বাবে, কাশ্মীৰী আপেলৰ চাহিদা গ্ৰাহকৰ ওচৰত বেছি । কেৱল দেশতেই নহয় বিদেশতো আছে কাশ্মীৰী আপেলৰ বিশেষ চাহিদা । কিন্তু দেশৰ সৰ্বাধিক আপেল উৎপাদিত ৰাজ্যসমূহৰ ভিতৰত অন্যতম কাশ্মীৰৰ আপেল সৰবৰাহৰ বাবে এতিয়াও আপেল ব্যৱসায়ীসকলে পৰম্পৰাগত ট্ৰাকৰ মাধ্যমকে ব্যৱহাৰ কৰে । ইয়াৰ কাৰণ কি ?
এবছৰ পূৰ্বে প্ৰায় এমাহ ধৰি ভূমিস্খলনৰ ফলত পথ অৱৰোধ হৈ থকাৰ ফলত কাশ্মীৰৰ আপেল ব্যৱসায়ীসকলে বাহিৰৰ মাণ্ডীলৈ আপেল প্ৰেৰণৰ বাবে মালবাহী ৰে’ল সেৱাৰ দাবী জনাইছিল । কিন্তু ভাৰতীয় ৰে’লৱেৰ দ্বাৰা পৰিচালিত পাৰ্চেল ৰে’ল বৰ্তমান এই ব্যৱসায়ীসকলৰ বাবে কেৱল 'জৰুৰীকালীন বিকল্প'হে । তেওঁলোকে বহুলাংশে আপেল পৰিবহণৰ বাবে ঘাইপথৰ ট্ৰাক ব্যৱহাৰ কৰে ।

ৰে’ল সেৱা তেওঁলোকৰ বাবে সস্তীয়া বিকল্প হোৱাৰ পাছতো ব্যৱসায়ীসকলে কয় যে সীমিত ৰে’ল ষ্টেচন, একাধিক ষ্টপেজত ৰে’লত সামগ্ৰী আৰু লোডিং খৰচৰ বাবে তেওঁলোকক কাৰ্গো ৰে’লৰ বিপৰীতে ট্ৰাক ব্যৱহাৰ কৰিবলৈ বাধ্য কৰায় ।
যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত উত্তৰ ৰে’লৱেই জম্মু-কাশ্মীৰ ৰে’লপথত কাশ্মীৰৰ বুডগাম আৰু দিল্লীৰ আদৰ্শ নগৰৰ মাজত তীব্ৰবেগী বাহন পাৰ্চেল (vehicle parcel, VP) ৰে’ল আৰম্ভ কৰিছিল । কিয়নো সেই সময়ছোৱাত ৰাষ্ট্ৰীয় ঘাইপথটো ভূমিস্খলনৰ ফলত প্ৰায় এমাহজুৰি বন্ধ হৈ পৰিছিল । আগষ্ট মাহৰ এই পথ অৱৰোধৰ ফলত ২০ দিনতকৈ অধিক সময় ট্ৰাকৰ ভিতৰতে আপেলবোৰ আবদ্ধ হৈ পৰিছিল, যাৰ ফলত যথেষ্ট নষ্ট হৈছিল । ইয়াৰ ফলত ব্যৱসায়ীসকলে ২০০ কোটি টকা লোকচান হোৱা বুলি অনুমান কৰিছে ।
ৰে'লৱেয়ে জম্মুৰ বাৰি ব্ৰাহ্মণত মধ্যৱৰ্তী ষ্টপেজ আৰু বুডগাম আৰু অনন্তনাগত সামগ্ৰী ষ্টেচন স্থাপন কৰাৰ লগতে শেহতীয়াকৈ পুলৱামা জিলাৰ পাম্পোৰত নতুন ষ্টেচন মুকলি কৰিছে । কাশ্মীৰৰ উত্তৰ ৰে’লৱেৰ মুখ্য এৰিয়া মেনেজাৰ কপিল শৰ্মাই কয় যে এই দ্ৰুতবেগী পাৰ্চেল ৰে’লখনে যোৱা বছৰ বুডগাম আৰু অনন্তনাগ ৰে’লৱে ষ্টেচনৰ পৰা নতুন দিল্লীলৈ ২২ হাজাৰ টন আপেল সৰবৰাহ কৰিছিল ।
তেওঁ কয়, "যেতিয়া পৰীক্ষাটো সফল হৈছিল আৰু পৰিবহণকাৰীসকলে মালবাহী সেৱাৰ প্ৰতি সঁহাৰি জনাইছিল, আমি আঠখন পাৰ্চেল ৰে’ল চলাইছিলোঁ । ৰে’লসমূহৰ প্ৰতিটো ডবাত ২৩ মেট্ৰিক টন আপেল কঢ়িয়াই আনিছিল । বছৰৰ বাকী সময়ছোৱাত এই কাৰ্গো সেৱাই চিমেণ্ট, ই-কমাৰ্চ আৰু অন্যান্য সামগ্ৰী দিল্লীৰ পৰা কাশ্মীৰলৈ সৰবৰাহ কৰিছিল ।"
এতিয়ালৈকে বুডগামৰ পৰা দিল্লীৰ আদৰ্শ নগৰলৈ এই সেৱাই ৩৩২ খন ভিপিৰ জৰিয়তে কাশ্মীৰ উপত্যকাৰ পৰা আপেল, ই-কমাৰ্চ আৰু মিশ্ৰিত সামগ্ৰীকে ধৰি প্ৰায় ৭৪০০ টন উৎপাদিত সামগ্ৰী কঢ়িয়াইছে । দিল্লীৰ পৰা উভতি অহাৰ সময়ত প্ৰায় ১৭,৪৫০ টন মূলতঃ ই-কমাৰ্চ আৰু মিশ্ৰিত সামগ্ৰী ৭৮৬ খন ভিপিৰে পৰিবহণ কৰা হৈছে ।

কিন্তু এই বছৰ যিহেতু উন্নত জাতৰ আপেল চপোৱাৰ বতৰ আৰম্ভ হৈছে, সেয়ে ব্যৱসায়ীসকলে মালবাহী ৰে'লতকৈ ঘাইপথৰ ট্ৰাকক বেছি পছন্দ কৰিছে । ব্যৱসায়ীসকলে কয় যে ছেপ্টেম্বৰ মাহত আপেল চপোৱাৰ বতৰ বৃদ্ধি পোৱাৰ লগে লগে তেওঁলোকে ট্ৰাকেৰে এই ফল কঢ়িয়াব ।
কাশ্মীৰ উপত্যকা ফল খেতিয়ক তথা ব্যৱসায়ী সংঘৰ অধ্যক্ষ বছিৰ আহমদ বছিৰে কয় যে বতৰৰ বিঘিনিৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হৈ পৰাৰ সময়ত 'জৰুৰীকালীন অৱস্থাত' আপেল পৰিবহণৰ বাবে পাৰ্চেল ট্ৰেইন 'উত্তম বিকল্প' ।
ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ কয়, "ৰে’লেৰে আপেল সৰবৰাহ কৰিলে অত্যধিক অতিৰিক্ত লোডিং আৰু আনলোডিং ষ্টেচন আৰু মাচুল যোগ হয় । কাশ্মীৰত ট্ৰাকৰ পৰা ৰে’ললৈ কাৰ্ডব’ৰ্ডৰ বাকচ লোড কৰা আৰু তাৰ পিছত দিল্লীত পুনৰ ট্ৰাকত উঠোৱাৰ ক্ষেত্ৰত অধিক লেবাৰ চাৰ্জ ভৰিব লাগে ।
ব্যৱসায়ী আৰু খেতিয়কসকলে বৰ্তমান পুৰণি কাঠৰ বাকচৰ সলনি সস্তীয়া কাৰ্ডব'ৰ্ডৰ বাকচত আপেল পেকিং কৰে । কিন্তু এই কাৰ্ডব'ৰ্ডৰ বাকচবোৰ সহজে ভাঙি যায় আৰু বাৰে বাৰে লোডিং আৰু আনলোডিং কৰাটো চম্ভালিব নোৱাৰে । “গতিকে ট্ৰাকৰ জৰিয়তে আপেল পৰিবহণ কৰাটো ৰে’লতকৈ অধিক সুবিধাজনক হৈ পৰে ।” তেওঁ কয় ।
ব্যৱসায়ীসকলে জনোৱা মতে, কাশ্মীৰী আপেল ট্ৰাকৰ জৰিয়তে দিল্লীলৈকে আৰু দেশৰ দক্ষিণৰ তামিলনাডু, গোৱা, মুম্বাই, পশ্চিমবংগ আদি ৰাজ্যৰ মাণ্ডীলৈ লৈ যোৱা হয় ।ইটিভি ভাৰতক এপ'ল ফাৰ্মাৰ্ছ ফেডাৰেচনৰ সভাপতি জাহুৰ আহমদ ৰাথেৰে কয়, "কাশ্মীৰ ৰে’লখন প্ৰাৰম্ভিক পৰ্যায়ত আছে আৰু দিল্লীলৈ সামগ্ৰী প্ৰেৰণ কৰা হয় । যেতিয়া ইয়াক দিল্লীৰ বাহিৰৰ ষ্টেচনলৈ সম্প্ৰসাৰিত কৰা হ’ব আৰু সামগ্ৰী বৃদ্ধি কৰা হ’ব, তেতিয়া ব্যৱসায়ীসকলে ৰে’ল পছন্দ কৰিব । আমাৰ বাবে ভৱিষ্যতে ৰে’ল সস্তীয়া বিকল্প হ’ব পাৰে, কিন্তু কিছু বছৰৰ বাবে ই ট্ৰাকৰ বিকল্প হ'ব নোৱাৰে ।"

মুখ্য এৰিয়া মেনেজাৰ শৰ্মাই কয় যে ৰে’লৱেয়ে পথ পৰিবহণৰ তুলনাত সুবিধা লাভ কৰিছে । কাৰণ ই ট্ৰাকতকৈ দ্ৰুতগতিত চালান পৰিবহণ কৰে । "বুডগাম ষ্টেচনৰ পৰা দিল্লীৰ আদৰ্শ নগৰলৈ ট্ৰাকযোগে দুদিনৰ তুলনাত এখন পাৰ্চেল ট্ৰেইনত ২৪ ঘণ্টা সময় লাগে । গতিকে, আমি কোনো পথৰ ব্যাঘাত নোহোৱাকৈ এদিন আগতে আৰু নিৰ্ধাৰিত সময়ৰ ভিতৰতে উপনীত হওঁ ।"
শৰ্মাই কয় যে এই ছিজনত তেওঁলোকে ফলৰ ব্যৱসায়ীসকলৰ সৈতে বৈঠক অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছে, যাতে তেওঁলোকে ৰে’ল সেৱাৰ পথ বাছি ল’ব পাৰে । কিয়নো ৰে’লসমূহ ট্ৰাকতকৈ অধিক কাৰ্যক্ষম আৰু অধিক নিৰ্ভৰযোগ্য । "বৰ্তমান বুডগামৰ পৰা দিল্লীলৈ আঠখন ভিপি ৰে’ল চলি আছে । ব্যৱসায়ীৰ পৰা চাহিদা আহিলে আমি ইয়াক বাৰামুল্লা ষ্টেচনলৈ সম্প্ৰসাৰিত কৰিব পাৰোঁ ।" তেওঁ কয় ।
কাশ্মীৰত উদ্যান শস্য সঞ্চালকালয়েও ৰে’লৱেৰ সমৰ্থনত থিয় দিছে । ফলৰ ব্যৱসায়ী আৰু অন্যান্য কৃষি অংশীদাৰসকলক তেওঁলোকৰ চপোৱা শস্য পৰিবহণৰ বাবে মালবাহী ৰে’ল ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে । তেওঁলোকে কয়, "এই সেৱাই সমগ্ৰ দেশৰ প্ৰধান বজাৰসমূহলৈ নিৰ্ভৰযোগ্য আৰু সময়োপযোগী সংযোগ প্ৰদান কৰে । যাৰ ফলত কাশ্মীৰৰ উদ্যান শস্যৰ উৎপাদিত সামগ্ৰীৰ মসৃণ গতিবিধি আৰু বিপণনৰ সুবিধা হয় ।"

