২০২৫ বৰ্ষৰ ৰামোজী উৎকৰ্ষ বঁটা লাভ কৰা ব্যক্তিসকল...
বিভিন্ন ক্ষেত্ৰত সমাজলৈ বিশেষ বৰঙণি আগবঢ়োৱা ৭ গৰাকী বিশিষ্ট ব্যক্তিক ৰামোজী উৎকৰ্ষ বঁটা প্ৰদান ।

Published : November 17, 2025 at 3:27 PM IST
হায়দৰাবাদ : দেশৰ বিশিষ্ট উদ্যোগপতি, মিডিয়া সম্ৰাট ৰামোজী ৰাওৰ ৮৯ সংখ্যক জন্মজয়ন্তী উপলক্ষে ৰামোজী গ্ৰুপৰ বিশেষ পদক্ষেপ । ৰামোজী ৰাওৰ স্মৃতিত এক বিশেষ বঁটা প্ৰদানৰ কাৰ্যসূচী আৰম্ভ কৰিছে ৰামোজী গ্ৰুপে । সেই অনুসৰি দেওবাৰে হায়দৰাবাদৰ ৰামোজী ফিল্ম চিটীত দেশৰ ৭ গৰাকী বিশিষ্ট ব্যক্তিক প্ৰদান কৰা হয় ৰামোজী উৎকৰ্ষ বঁটা ২০২৫ । বিভিন্ন ক্ষেত্ৰত নিজকে প্ৰতিষ্ঠা কৰাৰ লগতে সমাজৰ প্ৰতি দায়বদ্ধতাৰে কাম কৰা ব্যক্তিসকলক বাছনি কৰি এই সন্মান দিয়া হয় । দেশৰ উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে এই বঁটাসমূহ প্ৰদান কৰে ।
সাংবাদিকতা, গ্ৰামোন্নয়ন, মানৱ সেৱা, কলা আৰু সংস্কৃতি, যুৱ আইকন, বিজ্ঞান আৰু প্ৰযুক্তি আৰু মহিলাৰ সবলীকৰণৰ দৰে শাখাসমূহত বৰঙণি আগবঢ়োৱা ৭ গৰাকী বিশিষ্ট ব্যক্তিক এই বঁটা প্ৰদান কৰা হয় ।
এই বাছনি প্ৰক্ৰিয়া সম্পূৰ্ণ স্বচ্ছ আৰু কঠোৰভাৱে কৰা হৈছিল । বিশেষজ্ঞ সমিতিয়ে প্ৰতিটো শ্ৰেণীত কেইবাটাও প্ৰফাইলৰ মূল্যায়ন কৰে । প্ৰতিটো খণ্ডত তিনিটা নাম চৰ্টলিষ্ট কৰা হয় । তাৰ পিছত এখন চূড়ান্ত সমিতিয়ে প্ৰতিটো শিতানত এজনকৈ বঁটাপ্ৰাপক বাছনি কৰে । সকলো প্ৰমাণপত্ৰ আৰু ক্ষেত্ৰভিত্তিক কামৰ প্ৰমাণ নিশ্চিত কৰিবলৈ ঈনাডু আৰু ই টিভি ভাৰত নেটৱৰ্কৰ জৰিয়তে স্বতন্ত্ৰভাৱে পৰীক্ষা কৰা হয় ।
Hon’ble Vice-President Shri C. P. Radhakrishnan graced the inaugural Ramoji Excellence Awards 2025 at Ramoji Film City, Hyderabad, Telangana, as the Chief Guest today.
— Vice-President of India (@VPIndia) November 16, 2025
He paid heartfelt tributes to Shri Ramoji Rao, describing him as a visionary nation-builder who transformed… pic.twitter.com/TB8l9RiDqm
বিশিষ্ট সাংবাদিক তথা লেখক জয়দীপ হৰ্দিকাৰক সাংবাদিকতাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ৰামোজী উৎকৰ্ষ বঁটা প্ৰদান কৰা হয় । হৰ্দিকাৰে দুটা দশকৰো অধিক সময় ভাৰতৰ গ্ৰামাঞ্চলৰ বাস্তৱ ছবিখন দাঙি ধৰি অন্তৰ্দৃষ্টিৰে প্ৰতিবেদন দি আহিছে । তেওঁৰ কামে প্ৰান্তীয় কণ্ঠক শক্তিশালী কৰা আৰু উন্নয়নৰ মানৱীয় মাত্ৰাক ৰাষ্ট্ৰৰ সন্মুখত উত্থাপন কৰি আহিছে ।


আনহাতে শ্ৰীকান্ত বল্লাই যুৱ আইকন বঁটা লাভ কৰে । বল্লাণ্ট ইণ্ডাষ্ট্ৰীজৰ প্ৰতিষ্ঠাপক তথা অধ্যক্ষ আৰু এম আই টিৰ প্ৰাক্তন ছাত্ৰ বল্লা স্থিতিস্থাপকতা আৰু সৰ্বাংগীন নেতৃত্বৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় পৰিচয় লাভ কৰিছে । তেওঁৰ উদ্যোগে বহনক্ষম উৎপাদনক আগুৱাই নিয়াৰ লগতে বিশেষভাৱে সক্ষম লোকসকলক সৱলীকৰণক প্ৰাধান্য দি আহিছে ।

অধ্যাপক সতুপতি প্ৰসন্ন শ্ৰীক কলা আৰু সংস্কৃতি শাখাৰ অধীনত বঁটা প্ৰদান কৰা হয় । ১৯ টা জনজাতীয় ভাষাৰ লিপি লিখি এজন দূৰদৰ্শী পণ্ডিত হিচাপে অধ্যাপক শ্ৰীয়ে ভাৰতৰ থলুৱা সাহিত্যিক ঐতিহ্য সংৰক্ষণৰ ক্ষেত্ৰত এক বৈপ্লৱিক পৰিৱৰ্তন আনিছে । আদিকাবি নান্নয়া বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে তেওঁ সাংস্কৃতিক পৰিচয় আৰু ভাষিক সৱলীকৰণৰ নেতা হিচাপে পৰিগণিত হৈ আহিছে ।

আমলা অশোক ৰুইয়াক গ্ৰামোন্নয়নৰ ক্ষেত্ৰত ৰামোজী উৎকৰ্ষ বঁটা প্ৰদান কৰা হয় । জনপ্ৰিয়ভাৱে 'জল মাতৃ' নামেৰে পৰিচিত ৰুইয়াই উদ্ভাৱনীমূলক পানী সংগ্ৰহৰ পদক্ষেপৰ জৰিয়তে খৰাং প্ৰৱণ গাঁওসমূহক সহায় কৰি আহিছে । আকাৰ চেৰিটেবল ট্ৰাষ্টৰ জৰিয়তে তেওঁৰ কামে সমগ্ৰ ভাৰতৰ গ্ৰাম্য অঞ্চলত জীৱিকা, জল সুৰক্ষা আৰু আশা সঞ্চাৰ কৰিছে ।

মানৱ সেৱাত উৎকৃষ্ট অৱদানৰ বাবে পেহচান – দ্য ষ্ট্ৰীট স্কুলৰ প্ৰতিষ্ঠাপক আকাশ টেণ্ডনক বঁটা প্ৰদান কৰা হয় । টেণ্ডনে দিল্লী-এন চি আৰত হাজাৰ হাজাৰ দৰিদ্ৰ শিশুক শিক্ষা প্ৰদানেৰে আন্দোলন গঢ়ি তুলিছে । তেওঁৰ মিছনে পিছপৰা সম্প্ৰদায়ৰ বাবে মৰ্যাদা, সুযোগ আৰু সৱলীকৰণৰ কাম কৰে ।

মানৱ অধিকাৰ কৰ্মী পল্লবী ঘোষকো ৰামোজী উৎকৰ্ষ বঁটা ২০২৫ প্ৰদান কৰা হয় । মানৱ সৰবৰাহৰ বিৰুদ্ধে যুঁজ দি ঘোষে ১০ হাজাৰৰো অধিক মহিলা আৰু শিশুক উদ্ধাৰ কৰিছে আৰু ৭৫ হাজাৰতকৈ অধিক লোকৰ জীৱনত প্ৰভাৱিত কৰিছে । ইমপেক্ট এণ্ড ডাইলগ ফাউণ্ডেশ্যনৰ জৰিয়তে তেওঁ উদ্ধাৰ, পুনৰ সংস্থাপন আৰু পুনৰ সংযোগৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় প্ৰচেষ্টাসমূহৰ নেতৃত্ব দিয়ে ।

বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত অৱদানৰ বাবে অধ্যাপক মাধৱী লাথা গালিক বঁটা প্ৰদান কৰা হয় । আই আই এছ চি বেংগালুৰুৰ এগৰাকী অগ্ৰণী ভূ-কাৰিকৰী অভিযন্তা অধ্যাপক লাথাই চেনাব ৰে'লৱে দলঙকে ধৰি বৃহৎ ৰাষ্ট্ৰীয় আন্তঃগাঁথনি প্ৰকল্পত অৰিহণা যোগাইছে । চেণ্টাৰ ফৰ ছাষ্টেনেবল টেকন'লজিছৰ অধ্যক্ষ হিচাপে তেওঁ উদ্ভাৱনক আগুৱাই লৈ গৈছে আৰু পৰৱৰ্তী প্ৰজন্মৰ অভিযান্ত্ৰিক নেতাসকলক গুৰুত্ব প্ৰদান কৰি আহিছে ।
ইফালে অনুষ্ঠানটোত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলক ৰামোজী গ্ৰুপৰ পৰিচালন সঞ্চালক শ্ৰী কিৰণে সম্বৰ্ধনা জ্ঞাপন কৰে । ৰামোজী ৰাওৰ নাতিনী দিবিজা চেৰুকুৰীৰ শলাগৰ শৰাই আৰু ৰাষ্ট্ৰীয় সংগীতেৰে অনুষ্ঠানৰ সামৰণি পৰে ।
লগতে পঢ়ক :ৰামোজী উৎকৰ্ষ বঁটা : বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়োৱা এইসকলে লাভ কৰিলে বঁটা...

