ETV Bharat / bharat

বিজ্ঞাপন সম্পৰ্কীয় তথ্যৰ বাবে NCLATৰ নিৰ্দেশনা মানি চলিব : উচ্চতম ন্যায়ালয়ক ক'লে হোৱাটছএপে

যোৱা বছৰৰ ডিচেম্বৰ মাহত এন চি এল এ টিৰ নিৰ্দেশৰ বিৰুদ্ধে টেক কোম্পানীসমূহে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি আছিল আদালতে ।

SUPREME COURT ON DATA THEFT
প্ৰতিনিধিত্বমূলক ফটো (IANS)
author img

By ETV Bharat Assamese Team

Published : February 24, 2026 at 12:31 AM IST

4 Min Read
Choose ETV Bharat

নতুন দিল্লী : টেক কোম্পানী আৰু হোৱাটছএপে সোমবাৰে উচ্চতম ন্যায়ালয়ত কয় যে তেওঁলোকে বিজ্ঞাপন সম্পৰ্কীয় তথ্যৰ বাবে ভাৰতীয় প্ৰতিযোগিতা আয়োগৰ গোপনীয়তা আৰু সন্মতিৰ নিৰ্দেশনা মানি চলিব । ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ নেতৃত্বত এখন বিচাৰপীঠৰ সন্মুখত এই বিষয়টো শুনানিৰ বাবে উত্থাপন হয় ।

যোৱা বছৰৰ ডিচেম্বৰ মাহত নেশ্যনেল কোম্পানী ল’ আপীল ট্ৰিবিউনেলৰ (এন চি এল এ টি) নিৰ্দেশনাৰ বিৰুদ্ধে টেক কোম্পানীসমূহে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি আছিল বিচাৰপীঠখনে । হোৱাটছএপৰ মালিকানা অধিকাৰ মেটা প্লেটফৰ্মছ ইনকৰ্পৰেশ্যনৰ ওচৰত আছে ।

শুনানিৰ আৰম্ভণিতে হোৱাটছএপক প্ৰতিনিধিত্ব কৰি জ্যেষ্ঠ অধিবক্তা কপিল ছিবালে কয়, "আমি কি কৰো আৰু কি নকৰো সেই বিষয়ে বুজাই শপতনামা দাখিল কৰিছো । বিচাৰকসকলে অনুভৱ কৰিছিল যে আমি হোৱাটছএপৰ তথ্য আনৰ সৈতে শ্বেয়াৰ কৰিছো, যিটো সম্পূৰ্ণ ভুল ।"

ইয়াৰ উত্তৰত মুখ্য ন্যায়াধীশে কয়, "আপোনাৰ হাতত তথ্যৰ বাবে আন শ শ উপায় আৰু পদ্ধতি আছে ।" ছিবালে উত্তৰ দিলে, "নাই, সেয়া নহয় । আমি শপতনামাত সকলো স্পষ্ট কৰি দিছো, যিটোক আমাৰ প্ৰতিশ্ৰুতি বুলি ধৰিব পাৰি । আইন উলংঘাৰ কোনো প্ৰশ্নই উত্থাপন নহয় ।"

আবেদনসমূহৰ প্ৰতি আদালতৰ দৃষ্টি আকৰ্ষণ কৰি ছিবালে যুক্তি দিছিল যে দুয়োটা টেক কোম্পানীয়ে ১৬ মাৰ্চৰ ভিতৰত ন্যায়াধিকৰণৰ নিৰ্দেশনা কাৰ্যকৰী কৰাৰ সিদ্ধান্ত লৈছে । আমি সম্পূৰ্ণৰূপে মানি চলিম । তেওঁ লগতে জনাই যে এতিয়া বাকী থকা একমাত্ৰ আবেদনখন হ’ল আগন্তুক পাঁচ বছৰৰ বাবে হোৱাটছএপত বিজ্ঞাপন নিষিদ্ধ কৰাৰ আবেদন, যিটো এন চি এল এ টিয়ে ইতিমধ্যে খাৰিজ কৰিছিল ।

মুখ্য ন্যায়াধীশে কয়, "এই আবেদনসমূহত মূলতঃ ভাৰতীয় প্ৰতিযোগিতা আয়োগৰ নিৰ্দেশনা অনুমোদন জনোৱা এন চি এল এ টিৰ সিদ্ধান্তত স্থগিতাদেশ বিচৰা হৈছে । এই নিৰ্দেশনাৰ অধীনত মেটাক ১৫ ডিচেম্বৰ, ২০২৫ৰ এন চি এল এ টিৰ আদেশত উল্লেখ কৰা নিয়মসমূহ মানি চলিবলৈ কোৱা হৈছিল ।"

জ্যেষ্ঠ অধিবক্তা কপিল ছিবালে যুক্তি দিছিল যে দুয়োটা টেক কোম্পানীয়ে (মেটা আৰু হোৱাটছএপ) ১৬ মাৰ্চৰ ভিতৰত ন্যায়াধিকৰণৰ নিৰ্দেশনা কাৰ্যকৰী কৰাৰ সিদ্ধান্ত লৈছে । এই যুক্তিসমূহৰ প্ৰতি লক্ষ্য ৰাখি মুখ্য ন্যায়াধীশে এই আদেশত স্থগিতাদেশ বিচৰা আবেদনসমূহ খাৰিজ কৰে ।

অৱশ্যে মূল আবেদনত উত্থাপিত বিষয়সমূহত কোনো প্ৰভাৱ নপৰাকৈ এই আবেদনসমূহ খাৰিজ কৰা হৈছে বুলি বিচাৰপীঠে স্পষ্ট কৰি দিয়ে । বেঞ্চে কোম্পানীসমূহৰ পৰা কম্প্লাইয়েন্স ৰিপৰ্ট বিচাৰিছিল ।

বৰ্তমান উচ্চতম ন্যায়ালয়ে গোপনীয়তা নীতিক লৈ হোৱাটছএপত ২১৩.১৪ কোটি টকা জৰিমনা বিহাৰ চি চি আইৰ নিৰ্দেশৰ বিৰুদ্ধে কোম্পানীকেইটাৰ আবেদনৰ শুনানি গ্ৰহণ কৰি আছে । ভাৰতীয় প্ৰতিযোগিতা আয়োগে দাখিল কৰা ক্ৰছ আপীলৰ কথাও বিচাৰপীঠে বিবেচনা কৰি আছে । এই আবেদনে এন চি এল এ টিৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাইছে যে হোৱাটছএপ আৰু মেটাক বিজ্ঞাপনৰ উদ্দেশ্যে ব্যৱহাৰকাৰীৰ তথ্য ভাগ-বতৰা কৰি থাকিবলৈ অনুমতি দিয়া হৈছে ।

৩ ফেব্ৰুৱাৰীত মেটা প্লেটফৰ্ম আৰু হোৱাটছএপক তীব্ৰ তিৰস্কাৰ কৰি উচ্চতম ন্যায়ালয়ে গুৰুত্ব আৰোপ কৰিছিল যে ব্যৱসায়িক লাভৰ বাবে গোপনীয়তাৰ অধিকাৰৰ সৈতে আপোচ কৰিব নোৱাৰি । আদালতে কয় যে, 'আপুনি এই দেশৰ সাংবিধানিক নীতিক উপহাস কৰিছে' আৰু তেওঁলোকৰ আচৰণ হৈছে 'ব্যক্তিগত তথ্যৰ এক প্ৰকাৰৰ সভ্য চুৰি' ।

উচ্চতম ন্যায়ালয়ে সকীয়াই দিছে যে যেতিয়া ব্যৱহাৰকাৰীৰ তথ্য কেৱল বাণিজ্যিক উদ্দেশ্যত ব্যৱহাৰ কৰা হয়, তেতিয়া ভাৰতীয় আইনৰ অধীনত এই অধিকাৰ কঠোৰভাৱে সুৰক্ষিত হ’লেও গোপনীয়তাৰ অধিকাৰৰ লগত আপোচ হোৱাৰ গুৰুতৰ আশংকা থাকে ।

লগতে পঢ়ক : মেটাৰ গোপনীয়তা নীতি: শীৰ্ষ আদালতত গুৰুত্বপূৰ্ণ শুনানি

iPhone ব্যৱহাৰকাৰীৰ বাবে Whatsapp এ মুকলি কৰিব নতুন বৈশিষ্ট্য, পূৰ্বেই থিৰাং কৰিব পাৰিব বাৰ্তা প্ৰেৰণৰ সময়

নিৰাপদ নহয় Whatsapp; ! গোপনীয়তা ভংগৰ অভিযোগ জনপ্ৰিয় মেছেজিং এপটোৰ বিৰুদ্ধে