ভাৰতৰ নতুন শ্ৰম সংহিতাৰ অধীনত বোনাছৰ নতুন নিয়ম কি ?
নতুন মজুৰি সংহিতা ২০১৯ৰ পূৰ্বে ন্যূনতম মজুৰি বহুধা বিভক্ত আছিল আৰু ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ মাজতো বহু পাৰ্থক্য আছিল ।

Published : November 26, 2025 at 9:55 PM IST
নতুন দিল্লী : পুৰণি শ্ৰম আইনৰ ঠাইত ভাৰত চৰকাৰে বৰ্তমান চাৰিটা নতুন শ্ৰম সংহিতা ৰূপায়ণ কৰিছে । এই নতুন শ্ৰম সংহিতাসমূহে ২৯ খন জটিল আইনক একত্ৰিত কৰি চাৰিটা সৰল সংহিতাত পৰিণত কৰিছে । ই বিশ্বৰ সৰ্বাধিক শ্ৰমিক জনসংখ্যাৰ বাবে বলৱৎ হ'বলগা আইনৰ ভিতৰত এক বৃহৎ সংস্কাৰ ।
এই নতুন চাৰিটা শ্ৰম সংহিতাত শ্ৰমিক সংহিতা ২০১৯, ঔদ্যোগিক সম্পৰ্ক সংহিতা ২০২০, সামাজিক নিৰাপত্তা সংহিতা ২০২০ আৰু কৰ্তব্যত সুৰক্ষা, স্বাস্থ্য আৰু কৰ্ম অৱস্থা সংহিতা ২০২০ অন্তৰ্ভুক্ত হৈ আছে । নতুন শ্ৰম সংহিতাৰ উদ্দেশ্য হৈছে আইনৰ আন্তঃগাঁথনি নতুন কৰা, অধিকৰ পৰা অধিকতৰ কৰ্মশক্তিলৈ সামাজিক নিৰাপত্তা প্ৰদান কৰা আৰু সকলোকে সুৰক্ষা প্ৰদান কৰা ।
ভাৰতত ন্যূনতম মজুৰি (ৰাজ্যভিত্তিক)
নতুন মজুৰি সংহিতা ২০১৯ৰ পূৰ্বে ন্যূনতম মজুৰি বহুধা বিভক্ত আছিল আৰু ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলভেদে পৃথক পৃথক আছিল । এই মজুৰি সংশ্লিষ্ট ৰাজ্য বা কেন্দ্ৰীয় চৰকাৰে মুখ্যত 'ছিডিউল্ড এম্প্লয়মেণ্ট'ৰ (ন্যূনতম মজুৰি আইন, ১৯৮৪ৰ অধীনত তালিকাভুক্ত উদ্যোগ/চাকৰি) আধাৰত নিৰ্ণয় কৰা হৈছিল ।
পুৰণি ব্যৱস্থাৰ অৰ্থ আছিল যে একেটা কাম কৰা শ্ৰমিকে ৰাজ্য আৰু আনকি তালিকাভুক্ত নিৰ্দিষ্ট নিয়োগৰ ওপৰত নিৰ্ভৰ কৰি বহু পৃথক ন্যূনতম মজুৰি লাভ কৰিছিল । ভাৰতৰ ৰাজ্য চৰকাৰসমূহে পূৰ্বৰে পৰাই জীন নিৰ্বাহৰ ব্যয়, ভৌগোলিক ক্ষেত্ৰ আৰু কামৰ প্ৰকৃতিৰ (অদক্ষ, অৰ্ধদক্ষ, দক্ষ) দৰে কাৰকৰ ওপৰত গুৰুত্ব দি এই হাৰ নিৰ্ণয় কৰিছিল ।
পুৰণি নিয়ম অনুসৰি, এখন ৰাজ্যৰ অনা-কৃষি শ্ৰমিকৰ বাবে ন্যূনতম মজুৰি প্ৰতিদিনে ৩৫০ টকা আছিল । আনহাতে, অন্য এখন ৰাজ্য, যদি সেইখন উচ্চ জীৱন ধাৰণ ব্যয়ৰ চহৰ হয় তেতিয়া একে কেটেগৰীৰ শ্ৰমিকৰ বাবে ন্যূনতম মজুৰি প্ৰতিদিনে ৬০০ টকা বা তাতোধিক হ'ব পাৰে । এই অসামঞ্জস্যপূৰ্ণ ব্যৱস্থাই আঞ্চলিক পৰ্যায়ত যথেষ্ট পাৰ্থক্যৰ সৃষ্টি কৰিছিল আৰু অসংগঠিত শ্ৰমশক্তিৰ এটা বৃহৎ অংশক ন্যূনতম মজুৰি সুৰক্ষা আৱৰণৰ পৰা সম্পূৰ্ণৰূপে বাহিৰ কৰি দিছিল ।
শ্ৰম সংহিতা ২০২৫ৰ অধীনত নতুন ন্যূনতম মজুৰি
মজুৰি সংহিতা ২০১৯ হৈছে চাৰিটা নতুন শ্ৰম সংহিতাৰ ভিতৰত এটা আৰু ইয়াত ন্যূনতম মজুৰি ব্যৱস্থাক সম্পূৰ্ণৰূপে সলনি কৰা হৈছে, যাতে সকলোৰে বাবে সমান হয় ।
বিশ্বজনীন ক'ভাৰেজ : নতুন সংহিতাই ন্যূনতম মজুৰিৰ আইনী অধিকাৰ সকলো কৰ্মচাৰীকে প্ৰদান কৰে, তেওঁলোক অসংগঠিত বা সংগঠিত যি খণ্ডতে কাম নকৰক কিয় । পূৰ্বতে ক'ভাৰেজ মাত্ৰ কেইটামান নিৰ্বাচিত পূৰ্বনিৰ্ধাৰিত খণ্ডত কাম কৰা কৰ্মচাৰীৰ ক্ষেত্ৰতে ই সীমিত আছিল, যিটো মুঠ শ্ৰমশক্তিৰ প্ৰায় ৩০ শতাংশহে সামৰি লৈছিল । কিন্তু এতিয়া সকলো কৰ্মচাৰীকে ইয়াৰ অধীনত সামৰি লৈছে ।
নেচনেল ফ্ল'ৰ ৱেজ : এক নেচনেল ফ্ল'ৰ ৱেজ (NFW) নিৰ্ধাৰণ কৰাৰ অধিকাৰ কেন্দ্ৰীয় চৰকাৰৰ আছে, যিটো সমগ্ৰ দেশৰ বাবেই এক ন্যূনতম মজুৰিৰ ভেটি, যিটো তিনিজনীয়া এটা পৰিয়ালৰ বাবে প্ৰয়োজনীয় ন্যূনতম জীৱন ধাৰণ মানৰ ওপৰত ভিত্তি কৰি কৰা হৈছে (এই ধাৰণা এক 'ষ্টেণ্ডাৰ্ড ৱৰ্কিং ক্লাছ' পৰিয়ালৰ প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰি গ্ৰহণ কৰা হৈছে) ।
প্ৰধান নিয়ম : কোনো ৰাজ্য চৰকাৰেই নিজৰ ন্যূনতম মজুৰি এই নেচনেল ফ্ল'ৰ ৱেজতকৈ কমকৈ নিৰ্ধাৰণ কৰিব নোৱাৰিব । কিন্তু ৰাজ্যসমূহে স্থানীয় অৰ্থনৈতিক কাৰক আৰু জীৱন নিৰ্বাহৰ ব্যয়ৰ ওপৰত নিৰ্ভৰ কৰি নিজৰ ন্যূনতম মজুৰি নেচনেল ফ্ল'ৰ ৱেজতকৈ অধিক নিৰ্ধাৰণ কৰাৰ স্বাধীনতা আছে । উদাহৰণস্বৰূপে মহানগৰ অঞ্চলৰ কথা উল্লেখ কৰিব পাৰি ।
নেচনেল ফ্ল'ৰ ৱেজক ৰাজ্যসমূহৰ মাজত ন্যূনতম মজুৰিৰ পাৰ্থক্য কম কৰিবৰ বাবে ডিজাইন কৰা হৈছে, যাতে সমগ্ৰ দেশত সকলো কৰ্মচাৰীৰ বাবে এক প্ৰাথমিক জীৱন স্তৰ সুনিৰ্দিষ্ট হ'ব পাৰে আৰু ৰাজ্যবোৰক কম মজুৰি ৰাখি বিনিয়োগ অনাৰ ক্ষেত্ৰত বাধা দিব পাৰি ।
ন্যূনতম মজুৰিৰ ক্ষেত্ৰত কি আইন আছে ?
নতুন আইনখনে চাৰিটা শ্ৰম সংহিতাৰ আটাইকেইটাতে মজুৰি একে নিচিনা হোৱাৰ ক্ষেত্ৰত স্পষ্টভাৱে ব্যাখ্যা কৰিছে । এই পৰিৱৰ্তন যিকোনো কৰ্মচাৰীৰ মুঠ দৰমহা গাঁথনিৰ ওপৰত প্ৰভাৱ পেলাব পৰা আটাইতকৈ ডাঙৰ গাঁথনিগত পৰিৱৰ্তনবোৰৰ ভিতৰত এটা । দৰমহাৰ নতুন ব্যাখ্যাত মুখ্যত বেছিক দৰমহা, মৰগীয়া বানচ (ডি এ) আৰু ৰিটেনিং এলাউন্স (আৰ এ) অন্তৰ্ভুক্ত ।
৫০ শতাংশৰ নিয়ম : নিয়োগকৰ্তাক অনা-মজুৰি কম্প'নেণ্ট বৃদ্ধি কৰি আইনী অংশগ্ৰহণক (যেনে প্ৰভিডেণ্ট ফাণ্ড, গ্ৰেচুইটী আৰু বোনাছ) এৰাই চলাটো বন্ধ কৰিবৰ বাবে নতুন সংহিতাই এইটো জৰুৰী বুলি কৈছে যে বোনাছ আৰু অন্য অনা-মজুৰি কম্প'নেণ্ট কৰ্মচাৰীৰ মুঠ চি টি চিৰ (CTC) ৫০ শতাংশতকৈ অধিক হ'ব নোৱাৰে । ইয়াৰ অৰ্থ হৈছে যে বেছিক দৰমহা (Basic pay), ডি এ আৰু আৰ এৰ মুঠ পৰিমাণ মুঠ চি টি চিৰ অতিকমেও ৫০ শতাংশ হ'ব লাগিব ।
দৰমহাৰ ওপৰত প্ৰভাৱ : যদি কোনো নিয়োগকৰ্তাই কোনো কৰ্মচাৰীৰ দৰমহাত বেছিক দৰমহাৰ অংশ চি টি চিৰ ৫০ শতাংশতকৈ কম ৰাখে, তেন্তে বোনাছৰ অধিক পৰিমাণক আইনী অংশগ্ৰহণ হিচাপ কৰিবলৈ দৰমহাৰ অংশ হিচাপে গণ্য কৰা হ'ব । ইয়াৰ দ্বাৰা প্ৰকৃততে এই ভিত্তি বৃদ্ধি পায় যাৰ ওপৰত আইনী কৰ্তন (পি এফ, গ্ৰেচুইটী) আৰু আৰু পেমেণ্ট (বোনাছ) গণনা কৰা হয়, যাৰ দ্বাৰা দীৰ্ঘ সময়ৰ জমা (পি এফ, গ্ৰেচুইটী) অধিক হ'ব পাৰে । কিন্তু যদি নিয়োগকৰ্তাই মুঠ চি টি চি বৃদ্ধি কৰিব নিবিচাৰে, তেন্তে মাহিলি হাতত পোৱা দৰমহা সম্ভৱতঃ কম হ'ব পাৰে ।
বোনাছৰ বাবে যোগ্যতা : আইনগত বোনাছৰ পেমেণ্ট মজুৰি সংহিতাৰ অধীনত হয়, যিয়ে পূৰ্বতে থকা পেমেণ্ট অব বোনাছ এক্ট, ১৯৬৫ৰ স্থান দখল কৰিছে । যোগ্যতাৰ মাপকাঠি বেছিভাগ সেয়াই থাকে, যিটো দৰমহা গাঁথনিৰ ওপৰত ভিত্তি কৰি হয় ।
যোগ্যতাৰ সীমা : আইনী বোনাছ সেইসকল কৰ্মচাৰীয়ে লাভ কৰে যিসকলে মাহিলি দৰমহা প্ৰতিমাহে ২১,০০০ টকাৰ ওপৰত লাভ নকৰে । এই সীমাক পূৰ্বৰ ১০ হাজাৰৰ পৰা বৃদ্ধি কৰি ২০ হাজাৰ টকা কৰা হৈছিল আৰু নতুন সংহিতাতো ই ভিত্তি হৈয়ে আছে ।
যোগ্যতা কোনে লাভ কৰিব ?
২১০০০ টকা বা তাতকৈ কম মাহিলি দৰমহা পোৱা কৰ্মচাৰীয়ে আইনী বোনাছ পাবলৈ যোগ্য, কিন্তু চৰ্ত হৈছে যে তেওঁ এটা কৰ্মবৰ্ষত তেওঁ অতিকমেও ৩০ দিন কাম কৰিব লাগিব ।
কোন যোগ্য নহয় ?
যিসকল কৰ্মচাৰীৰ দৰমহা ২১ হাজাৰৰ অধিক, তেওঁ এই সংহিতাৰ অধীনত আইনী বোনাছ পাবলৈ যোগ্য নহয় ।
বোনাছ গণনা : যিসকলে যোগ্যতা অৰ্জন কৰে তেওঁলোকৰ বাবে প্ৰকৃত বোনাছ গণনা এক সীমাৰ ভিতৰত নিৰ্ভৰ কৰে । বোনাছ বা কৰ্মচাৰীৰ প্ৰকৃত দৰমহা বা আইনী সীমা (বৰ্তমান ৭ হাজাৰ টকা মাহিলি বা সৰ্বনিম্ন গ্ৰেডৰ কৰামচাৰীৰ বাবে চৰকাৰে নিৰ্ধাৰণ কৰা ন্যূনতম দৰমহা, তাতোকৈ বেছি), যিটোও কম হয়, তাৰ ওপৰত গণনা কৰা হয় ।
ন্যূনতম বোনাছ কিমান হ'ব ?
বোনাছৰ বাবে যোগ্যতা কেৱল ২১ হাজাৰ টকা মাহিলি দৰমহা/মজুৰিলৈকে সীমিত । প্ৰতিমাহে ২১,০০১ টকা বা ততোধিক উপাৰ্জন কৰা কৰ্মচাৰীয়ে সাধৰাণতে সংহিতা অনুসৰি ৮.৩৩ শতাংশ প্ৰয়োজনীয় ন্যূনতম বোনাছৰ অধিকাৰী নহয় । অৱশ্যে তেওঁলোকে এতিয়াও কোম্পানী-ডিস্ক্ৰিছনাৰী বা পাৰ্ফমেন্স-লিংকড বোনাছৰ দাবীদাৰ হ'ব পাৰে ।

