ETV Bharat / bharat

ঘৃণা বিয়পোৱাসকলৰ পৰা মোহন ভাগৱত আঁতৰি নাথাকে কিয় ? এইবাৰ জমিয়তৰ প্ৰশ্ন

ভাগৱত 'ডাবলস্পীক'ত লিপ্ত হোৱাৰ অভিযোগ বিৰোধীৰ ৷ বিজেপিৰ প্ৰশংসা- ভাগৱতে বিশ্বক দেখুৱাইছে হিন্দু ধৰ্মৰ প্ৰকৃত অৰ্থ কি ।

Maulana Syed Arshad Madani
মৌলানা আৰ্ছাদ মাদানী (IANS)
author img

By ETV Bharat Assamese Team

Published : August 31, 2026 at 10:22 AM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী: ভাৰতত মুছলমান থাকিব নালাগে বুলি ভবাসকল হিন্দু হোৱাৰ যোগ্যতা নাই বুলি আৰ এছ এছ প্ৰধান মোহন ভাগৱতে নিউয়ৰ্কত মন্তব্য কৰাৰ পাছতে এই প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জমিয়ত উলামা-ই-হিন্দে ৷

জমিয়তৰ এটা ফৈদৰ মুৰব্বী মৌলানা আৰ্ছাদ মাদানীয়ে দেওবাৰে কয় যে আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতে যদি সঁচাকৈয়ে এই কথা বিশ্বাস কৰে তেন্তে তেওঁ ঘৃণা বিয়পোৱাসকলৰ পৰা মুকলিকৈ আঁতৰি থাকিব লাগে আৰু তেওঁলোকৰ বিৰুদ্ধে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিব লাগে ।

যি হিন্দুৱে ভাৰতত মুছলমান থাকিব নালাগে বুলি ভাবে তেন্তে তেওঁ হিন্দু হৈ নাথাকে বুলি যদি ভাবেই তেন্তে আৰ এছ এছে কিয় এনে লোকক নিজৰ সংগঠনৰ পৰা বহিষ্কাৰ নকৰে বুলিও মাদানীয়ে প্ৰশ্ন কৰে ।

উল্লেখ্য যে আমেৰিকাৰ এটা অনুষ্ঠানত ভাষণ দি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বীগৰাকীয়ে আৰু কৈছিল যে বৈচিত্ৰ্যৰ ঐক্য ভাৰতৰ ডি এন এত আছে, ইয়াক উদযাপন, সন্মান আৰু গ্ৰহণ কৰিব লাগিব ।

ইয়াৰ পাছতে এক্সত এটা পোষ্টত এই মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মাদানীয়ে কয়, "মুছলমান আৰু খ্ৰীষ্টানৰ বিৰুদ্ধে ঘৃণা বিয়পোৱা, গণ আক্ৰমণ আৰু হিংসাক সমৰ্থন কৰা, অৰ্থনৈতিক আৰু সামাজিক বৰ্জনৰ আহ্বান জনোৱা, মছজিদ, মাদ্ৰাছাক লক্ষ্য কৰি লোৱা, মুছলমানৰ নাগৰিকত্ব আৰু সাংবিধানিক অধিকাৰৰ ওপৰত সন্দেহৰ সৃষ্টি কৰা লোকসকল তেন্তে কোন ? এতিয়ালৈকে আৰ এছ এছে তেওঁলোকৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিছে ?"

মাদানীয়ে আৰু কয় যে আমেৰিকাত ভাগৱতে সকলো ধৰ্মৰ প্ৰতি ঐক্য, ভাতৃত্ববোধ আৰু সন্মানৰ কথা কোৱাটো প্ৰশংসনীয়, এই বাৰ্তাৰ প্ৰকৃত প্ৰয়োজনীয়তা আজি ভাৰতত আছে ।

মোহন ভাগৱতে যদি সঁচাকৈয়ে এই ধাৰণাটোক বাস্তৱত ৰূপায়িত কৰিব বিচাৰে তেন্তে ঘৃণা বিয়পোৱাসকলৰ পৰা মুকলিকৈ আঁতৰি থাকিব লাগে আৰু তেওঁলোকৰ বিৰুদ্ধে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰি প্ৰমাণ কৰিব লাগে যে এইটো কেৱল বিদেশত ক’বলগীয়া বক্তব্য নহয় ।

মাদানীয়ে কয়, "ভাৰত কোনো এটা নিৰ্দিষ্ট ধৰ্মৰ নহয়; ই সকলো ধৰ্ম অনুসৰণ কৰাসকলৰ গৃহভূমি । যিকোনো ধাৰণাৰ সত্যতা ভাষণেৰে নহয়, ইয়াৰ কাৰ্যকৰীকৰণৰ দ্বাৰাহে প্ৰমাণিত হয় ।"

জমিয়তৰ মুৰব্বীজনৰ পোনপটীয়া প্ৰশ্ন - "ঘৃণা বিয়পোৱাসকলৰ বিৰুদ্ধে কেতিয়া ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু সংবিধানত সন্নিৱিষ্ট সম-অধিকাৰৰ সুৰক্ষা কেতিয়া এই ভূমিত দৃশ্যমান হ'ব ?"

দেওবাৰে আমেৰিকাত বৈচিত্ৰ্যৰ ওপৰত কৰা মন্তব্যৰ বাবে বিৰোধীয়ে ভাগৱত 'ডাবলস্পীক'ত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰে ৷ ইফালে বিজেপিয়ে তেওঁক প্ৰশংসা কৰি কয় যে ভাগৱতে বিশ্বক দেখুৱাইছে যে হিন্দু ধৰ্মৰ প্ৰকৃত অৰ্থ কি ।

কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, আম আদমী পাৰ্টী আৰু অন্যান্য বিৰোধী দলসমূহে কয় যে ভাগৱতে এই কথা বিজেপিৰ নেতা আৰু “হিন্দু আৰু মুছলমানৰ মাজত ঘৃণা বিয়পোৱা” সংগঠনসমূহৰ আগত প্ৰকাশ কৰা উচিত ।

লগতে পঢ়ক: ভাৰতত মুছলমান থাকিব নালাগে বুলি ভবাসকল হিন্দু হোৱাৰ যোগ্যতা নাই: মোহন ভাগৱত