ETV Bharat / bharat

চৰকাৰৰ এক ডাঙৰ সিদ্ধান্ত; নিযুক্তিৰ বাবে বয়সৰ সৰ্বোচ্চ সীমা ৪১ বছৰলৈ বৃদ্ধি

শনিবাৰে অনুষ্ঠিত কেবিনেট বৈঠকত চৰকাৰী নিযুক্তিৰ বাবে বয়সৰ সময় সীমা সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰে ৷ এই খবৰে ৰাজ্যৰ নিৱনুৱাসকলৰ মনত আশাৰ সঞ্চাৰ ঘটাইছে ৷

West Bengal govt raises upper age limit for government jobs
পশ্চিমবংগৰ নতুন চৰকাৰৰ মন্ত্ৰীসভা (ETV Bharat)
author img

By ANI

Published : May 18, 2026 at 11:00 AM IST

3 Min Read
Choose ETV Bharat

কলকাতা : নতুন চৰকাৰৰ নতুন চমক ! নতুন চৰকাৰৰ প্ৰথমখন বৈঠকতে লোৱা হৈছে এক ডাঙৰ সিদ্ধান্ত ৷ এই সিদ্ধান্তৰ কথা শুনিলে আপোনাৰ মুখতো হাঁহি বিৰিঙিব ৷ কাৰণ এতিয়াৰে পৰা ৪১ বছৰলৈকে আপুনি চৰকাৰী চাকৰিৰ বাবে আবেদন কৰিব পাৰিব ৷

শনিবাৰে ৰাজ্য চৰকাৰে ৰাজ্যিক সেৱাৰ বিভিন্ন শ্ৰেণীত নিযুক্তিৰ বয়সৰ উচ্চ সীমা আনুষ্ঠানিকভাৱে বৃদ্ধি কৰিছে । বিত্ত বিভাগে জাৰি কৰিছে এই বিশেষ চৰকাৰী অধিসূচনা ৷

অ’ পিছে ৰ’ৱ; এয়া আচলতে অসমৰ বাবে প্ৰযোজ্য নহয় ৷ প্ৰকৃততে শনিবাৰে পশ্চিমবংগৰ নতুন চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰে ৷ বংগৰ বিত্ত বিভাগে জাৰি কৰা এক চৰকাৰী অধিসূচনা (নং ১৭০৭-এফ/পি২) মতে, ভাৰতৰ সংবিধানৰ ৩০৯ নং অনুচ্ছেদৰ ক্ষমতা প্ৰয়োগ কৰি ৰাজ্যপাল আৰ এন ৰবিয়ে পশ্চিমবংগ সেৱা (বয়স-সীমা বৃদ্ধি) নিয়ম, ১৯৮১ সংশোধন কৰে ।

মুখ্যমন্ত্ৰী হিচাপে শুভেন্দু অধিকাৰীয়ে শপত গ্ৰহণ কৰাৰ পাছতে অনুষ্ঠিত হোৱা প্ৰথমখন কেবিনেট বৈঠকতে ৰাজ্যৰ নিবনুৱাসকলৰ বাবে এই ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰা হয় । চৰকাৰী অধিসূচনা অনুসৰি, "গ্ৰুপ 'এ' পদত নিযুক্তিৰ বাবে সৰ্বোচ্চ বয়সৰ সীমা ৪১ বছৰলৈ বৃদ্ধি কৰা হ'ব ।"

West Bengal govt raises upper age limit for government jobs
বংগ চৰকাৰৰ অধিসূচনা (ETV Bharat)

কোনটো পদৰ বাবে বয়সৰ উচ্চ সীমা কিমান?

  • বংগৰ বিত্ত বিভাগৰ অতিৰিক্ত মুখ্য সচিব পি কে মিশ্ৰৰ স্বাক্ষৰিত এই নিৰ্দেশনাত স্পষ্টভাৱে উল্লেখ কৰা হৈছে যে এতিয়াৰ পৰা গ্ৰুপ ‘এ’ৰ পদত আবেদন কৰাৰ বাবে বয়সৰ উচ্চ সীমা ৪১ বছৰ হ’ব পাৰে । কিন্তু যদিহে এই পদত আৱেদন কৰাৰ বয়সৰ উচ্চ সীমা ৪১ বছৰৰ ওপৰত ইতিমধ্যে নিৰ্ধাৰণ কৰা আছে, তেন্তে ইয়াত পুৰণি নিয়মেই অপৰিৱৰ্তিত হৈয়ে থাকিব ।
  • আনহাতে, গ্ৰুপ ‘বি’ পদত আবেদন কৰাৰ সৰ্বোচ্চ বয়সৰ সীমা ৪৪ বছৰলৈ বৃদ্ধি কৰা হৈছে ।
  • আটাইতকৈ ডাঙৰ কথাটো হ’ল নিম্ন গ্ৰেডৰ পদৰ ক্ষেত্ৰত । এই অধিসূচনা অনুসৰি এতিয়াৰে পৰা ৰাজ্যত গ্ৰুপ ‘চি’ আৰু গ্ৰুপ ‘ডি’ পদৰ বাবে প্ৰাৰ্থীয়ে ৪৫ বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব ।

বংগ চৰকাৰে জাৰি কৰা উক্ত অধিসূচনাখনত স্পষ্টকৈ এই কথা উল্লেখ আছে যে এই বয়সৰ শিথিলতা কেৱল অন্যান্য চৰকাৰী নিযুক্তিৰ বাবেহে, কিন্তু লোকসেৱা আয়োগৰ (WBPSC)ৰ নিযুক্তিৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় ৷ নিযুক্তিৰ ক্ষেত্ৰত এই নতুন নিয়ম ২০২৬ চনৰ ১১ মে’ৰ পৰা কাৰ্যকৰী হ’ব ।

উল্লেখ্য যে, পশ্চিমবংগত নিয়োগৰ ক্ষেত্ৰত বয়সৰ সীমা সন্দৰ্ভত বহু খামখেয়ালি চলি আছিল ৷ সময়মতে নিযুক্তি পত্ৰ নোপোৱা বা নিযুক্তি প্ৰক্ৰিয়াত পলম হোৱাত বহু চাকৰি প্ৰাৰ্থীয়ে সমস্যাৰ সন্মুখীন হৈছিল ৷ কিন্তু বংগত চৰকাৰ সলনি হোৱাৰ পিছত অনুষ্ঠিত প্ৰথমখন কেবিনেট বৈঠকত চৰকাৰে যুৱক-যুৱতীসকলৰ বাবে এই যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰে ।

ৰাজনৈতিক আৰু প্ৰশাসনিক বিশ্লেষকসকলৰ মতে, চৰকাৰৰ কাৰ্যকালৰ আৰম্ভণিতে যুৱক-যুৱতীৰ বাবে লোৱা এনে সিদ্ধান্তই নিবনুৱাসকলৰ আস্থা বৃদ্ধি কৰিব ।

লগতে পঢ়ক : অধিকাৰী হৈছে বংগৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী : মিথুন চক্ৰৱৰ্তী