আমি এতিয়াও পুৰণি চিন্তাধাৰাৰ... বিয়াৰ পূৰ্বে শাৰীৰিক সম্পৰ্কক লৈ ছুপ্ৰিম কোৰ্ট
ন্যায়াধীশ বি ভি নাগাৰত্না আৰু উজ্জ্বল ভূঞাৰে গঠিত বিচাৰপীঠে বিবাহৰ মিছা প্ৰতিশ্ৰুতিৰে ধৰ্ষণৰ অভিযোগত অভিযুক্ত এজন লোকৰ জামিন আৱেদনৰ শুনানি গ্ৰহণ কৰে ।

Published : February 16, 2026 at 8:55 PM IST
নতুন দিল্লী : সোমবাৰে উচ্চতম ন্যায়ালয়ে কয় যে বিয়াৰ পূৰ্বে এজন ল’ৰা আৰু এজনী ছোৱালী সম্পূৰ্ণ অচিনাকি । সেয়ে সেই সময়ছোৱাত শাৰীৰিক সম্পৰ্কত লিপ্ত হোৱাৰ সময়ত সাৱধান হ’ব লাগে ।
ন্যায়াধীশ বি ভি নাগাৰত্না আৰু উজ্জ্বল ভূঞাৰে গঠিত বিচাৰপীঠৰ সন্মুখত এই বিষয়টো শুনানিৰ বাবে উত্থাপন হয় । বিচাৰপীঠৰ মৌখিক পৰ্যবেক্ষণ, “আমি হয়তো পুৰণি চিন্তাধাৰাৰ, কিন্তু আপুনি অতি সাৱধান হ’ব লাগিব । বিয়াৰ পূৰ্বে কোনেও কাকো বিশ্বাস কৰা উচিত নহয় ।” বিবাহৰ ভুৱা প্ৰতিশ্ৰুতিৰে ধৰ্ষণৰ অভিযোগত অভিযুক্ত এজন লোকৰ জামিন আৱেদনৰ শুনানি গ্ৰহণ কৰি বিচাৰপীঠৰ এই পৰ্যবেক্ষণ ।
শুনানিৰ সময়ত মহিলাগৰাকীৰ অধিবক্তাই দাবী কৰে যে ২০২২ চনত তেওঁলোকে বৈবাহিক ৱেবছাইটত লগ পাইছিল । ইয়াৰ পিছত ব্যক্তিজনে বিবাহৰ ভুৱা প্ৰতিশ্ৰুতিৰে দিল্লীত আৰু পিছলৈ ডুবাইত একাধিকবাৰ তেওঁৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছিল বুলি অভিযোগ কৰে ।
বিচাৰপীঠে মহিলাগৰাকীক প্ৰশ্ন কৰে যে তেওঁ কিয় ডুবাই পৰ্যন্ত গৈছিল, য’ত তেওঁলোকে শাৰীৰিক সম্পৰ্কত লিপ্ত হৈছিল ।
বিটাৰপীঠৰ মৌখিক পৰ্যবেক্ষণ, "এইটো সন্মতিসূচক । আমি হয়তো পুৰণি কালৰ চিন্তাধাৰাৰ, কিন্তু বিয়াৰ পূৰ্বে ল'ৰা এজন আৰু ছোৱালী এজনী সম্পূৰ্ণ অচিনাকি । বিয়াৰ পূৰ্বে শাৰীৰিক সম্পৰ্কত লিপ্ত হোৱাত তেওঁলোকে সাৱধান হ'ব লাগে... তেওঁ যদিহে এই বিষয়টোত ইমান কঠোৰ আছিল তেন্তে বিয়াৰ পূৰ্বে যোৱা উচিত নাছিল ।" লগতে বিচাৰপীঠে পক্ষসমূহক মধ্যস্থতাৰ বাবে পঠিয়াব বুলিও পৰামৰ্শ আগবঢ়ায় ।
"তেওঁলোকৰ সম্পৰ্কত যিয়েই উত্থান-পতন নাথাকক কিয়, আমি এই কথাটো বুজাত অসুবিধা হৈছে যে তেওঁলোকে বিয়াৰ পূৰ্বে কেনেকৈ শাৰীৰিক সম্পৰ্কত লিপ্ত হ'ব পাৰে ।" বিচাৰপীঠৰ পৰ্যবেক্ষণ ।
“এইবোৰ এনে গোচৰ নহয় যিবোৰৰ বিচাৰ আৰু দোষী সাব্যস্ত হ’ব লাগে, যেতিয়া তাত সন্মতিসূচক সম্পৰ্ক থাকে ।” লগতে কোৱা হৈছে ।
বিচাৰপীঠে অভিযুক্তৰ অধিবক্তাক ক্ষতিপূৰণ দিবলৈ কয় আৰু লগতে মহিলাগৰাকীৰ অধিবক্তাক বিষয়টো নিষ্পত্তিৰ সম্ভাৱনা অন্বেষণ কৰিবলৈও কয় । দুয়োপক্ষৰ মতামত পৰীক্ষা কৰিবলৈ বিচাৰপীঠে বুধবাৰে শুনানিৰ দিন ধাৰ্য কৰিছে ।
আনহাতে, মহিলাগৰাকীয়ে কয় যে ডুবাইত ব্যক্তিজনে বিবাহৰ মিছা প্ৰতিশ্ৰুতি দি তেওঁৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছিল আৰু তেওঁৰ সন্মতি অবিহনে অন্তৰংগ ভিডিঅ’ ৰেকৰ্ডিং কৰিছিল । লগতে এই বিষয়ে সন্মতি নিদিলে ভিডিঅ' প্ৰচাৰ কৰাৰ ভাবুকি দিছিল । মহিলাগৰাকীয়ে কয় যে পিছত তেওঁ গম পাইছিল যে ২০২৪ চনৰ জানুৱাৰী মাহত পঞ্জাবত তেওঁৰ বিয়া হৈছিল ।

