১০০ শতাংশ ইথানলক আইনী স্বীকৃতি : পেট্ৰ'ল-ডিজেলৰ বিকল্পৰ নতুন যুগৰ সূচনা
নীতিন গাডকাৰীয়ে উল্লেখ কৰা মতে বিভিন্ন কোম্পানীয়ে ইতিমধ্যে ১০০ শতাংশ ইথানলত চলা দুচকীয়া আৰু চাৰিচকীয়া বাহন মুকলি কৰিছে ।

Published : June 14, 2026 at 3:35 PM IST
নাগপুৰ : চৰকাৰে পেট্ৰ'ল-ডিজেলৰ বিকল্প হিচাপে এতিয়া ইথানলক অধিক গুৰুত্ব প্ৰদান কৰিছে । দেশত ইথানল মিশ্ৰিত ইন্ধনৰ প্ৰচলনো অব্যাহত আছে । যাক লৈ বিভিন্ন বিতৰ্ক হোৱাও দেখা গৈছে । কিন্তু তাৰ মাজতে ১০০ শতাংশ ইথানলভিত্তিক ইন্ধনক স্বীকৃতি দিবলৈ চৰকাৰ সাজু হৈছে ।
১০০ শতাংশ ইথানলভিত্তিক ইন্ধনক স্বীকৃতি দিয়াৰ নথিপত্ৰত স্বাক্ষৰ কৰিছে বুলিও কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে উল্লেখ কৰিছে । শনিবাৰে এক অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে কয় যে এই পদক্ষেপে ভাৰতৰ ইন্ধনৰ আমদানি নিৰ্ভৰশীলতা হ্ৰাস কৰাত সহায় কৰিব ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ ১২ বছৰীয়া শাসনকাল উপলক্ষে এখন সংবাদমেলত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীয়ে কয়, "যোৱা নিশা ৮ বজাত ১০০ শতাংশ ইথানলৰ বাবে নিয়ম প্ৰণয়ন কৰি আইনী প্ৰক্ৰিয়া দিয়াৰ ফাইলত স্বাক্ষৰ কৰিছোঁ ।"
ভাৰতৰ বাবে জীৱাশ্ম ইন্ধন সন্দৰ্ভত আমদানি নিৰ্ভৰশীলতাৰ বিষয়ে মন্ত্ৰী গাডকাৰীয়ে কয় যে ইথানল পেট্ৰ'লৰ এক কাৰ্যকৰী বিকল্প হিচাপে আত্মপ্ৰকাশ কৰিব আৰু ২২ লাখ কোটি টকাৰ আমদানিৰ বোজা হ্ৰাস কৰাত সহায় কৰিব ।
তেওঁ কয়, "দেশে ২২ লাখ কোটি টকাৰ ইন্ধন আমদানি কৰে । এতিয়া আমাৰ এই আমদানি ব্যয় হ্ৰাস কৰাৰ সংকল্প... ক্ৰমান্বয়ে দেশত গেছো উৎপাদন হ'ব । পেট্ৰ'ল আৰু ডিজেলৰ শক্তিশালী বিকল্পও সাজু হ'ব ।"
১০০ শতাংশ ইথানলত চলি থকা 'ফ্লেক্স-ফিউৱেল' মডেলত মুকলি কৰা মাৰুতি ছুজুকিৰ ৱেগনআৰ বাহন মুকলি অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কথা উল্লেখ কৰি গাডকাৰীয়ে ইয়াৰ বাবে আনকি দুচকীয়া বাহন নিৰ্মাণ হোৱাৰ ওপৰতো আস্থা প্ৰকাশ কৰে আৰু অতি সোনকালে একাধিক কোম্পানীয়ে এই মডেল গ্ৰহণ কৰিব বুলি তেওঁ আশাবাদী ।

তেওঁ কয়, "মই জনাবলৈ পাই আনন্দিত হৈছো যে মই ১০০ শতাংশ ইথানলত চলা মাৰুতি ছুজুকি ৱেগনআৰ মুকলি কৰাৰ সুযোগ পাইছিলোঁ । মুকলি হোৱা মটৰ চাইকেলৰ ৫ খনৰ ভিতৰত ৩ খন হিৰো মট'কৰ্পৰ আৰু ১০০ শতাংশ ইথানলৰে চলা হিৰোৰ দুখন মটৰ চাইকেলো ইতিমধ্যে মুকলি কৰা হৈছে ।"
তেওঁ লগতে কয় যে অহা দুমাহত টয়োটা, ছুজুকি, হুণ্ডাইৰ দৰে কোম্পানীয়েও সম্পূৰ্ণৰূপে ১০০ শতাংশ ইথানলৰ দ্বাৰা চলা বাহন মুকলি কৰিব ।ইন্ধনৰ বাবে ইথানল মিশ্ৰণৰ ব্যৱহাৰ সম্পৰ্কত বিভিন্ন অপপ্ৰচাৰ চলোৱা হৈছিল বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ এই ধাৰণাটোৰ বাবে সমালোচনাৰ সন্মুখীন হৈছে, কিছু অপপ্ৰচাৰো কৰা হৈছে । তেওঁ কয়, "মই এই সপোনৰ কথা কৈছিলো আৰু মানুহে হাঁহিছিল । আনকি কিছুমান বন্ধুৱে ইয়াক সমালোচনাও কৰিছিল । ইথানলৰ বদনাম কৰাৰ প্ৰচেষ্টা কেনেকৈ কৰা হয় তাৰ এটা ভাল কাহিনী ক'ম ।" এজন বন্ধুৰ কাহিনী বৰ্ণনা কৰি মন্ত্ৰীগৰাকীয়ে ইথানলক লৈ কেনেদৰে ভুল তথ্য বিয়পোৱা হৈছিল সেই কথা উল্লেখ কৰে ।
.#WATCH | Nagpur, Maharashtra: Union Minister Nitin Gadkari says, “Last night at 8 PM, I signed the file, finalising the regulations to legally authorise the use of 100% ethanol. I am delighted to share that I, along with Hardeep Singh Puri, had the opportunity to launch the 100%… pic.twitter.com/BDIyTZGZF4
— ANI (@ANI) June 13, 2026
অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বিভিন্ন খণ্ডত কেনেদৰে একাধিক প্ৰকল্প গঢ়ি তোলা হৈছে সেই বিষয়ে আলোকপাত কৰে । তেওঁ কয়, "ডাবল ইঞ্জিন চৰকাৰৰ কৃপাত নাগপুৰ বিভিন্ন খণ্ডত উল্লেখযোগ্য উন্নয়নৰ সাক্ষী হৈ পৰিছে... প্ৰকল্পসমূহৰ ভিতৰত অক্সিজেন পাৰ্ক আৰু বাৰ্ড পাৰ্ক অন্তৰ্ভুক্ত আছে আৰু আমি বৰ্তমান এখন এডভেঞ্চাৰ পাৰ্কো গঢ়ি তুলিছো... আমি মেট্ৰ'ৰ প্ৰথম পৰ্যায় সম্পূৰ্ণ কৰিলো আৰু এতিয়া তৃতীয় পৰ্যায়ৰ বাবে বিশদ প্ৰকল্প প্ৰতিবেদন (ডিপিআৰ) প্ৰস্তুত কৰি আছো । এইমছ নাগপুৰ, আইআইএম, ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয় আৰু আইআইটি বুতিবোড়িৰ দৰে ডাঙৰ ডাঙৰ প্ৰতিষ্ঠানসমূহ স্থাপনৰ কাম কৰি থকা হৈছে ।"
লগতে পঢ়ক : জেট ইন্ধনত ইথানল ব্যৱহাৰ ভাৰতীয় বিমান পৰিবহণৰ বাবে নিৰাপদ নে ?

