ETV Bharat / bharat

অন্ধত্বই শৰীৰত প্ৰভাৱ পেলাব পাৰে, কিন্তু আত্মবিশ্বাসত নহয়: পঢ়ক এই কাহিনী

সূৰ্য্যকান্তমে আকিৰেদ্দিপালেম জিলা পৰিষদ হাইস্কুলত ৪৩০ গৰাকী ছাত্ৰ-ছাত্ৰী আৰু ২২ জন কৰ্মচাৰীৰ নেতৃত্ব দিয়ে । তেওঁ সমাজ অধ্যয়নৰ পাঠদানো কৰে ।

Lakshmi Suryakantham
প্ৰধান শিক্ষয়িত্ৰী লক্ষ্মী সূৰ্য্যকান্তম (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : January 23, 2026 at 8:17 AM IST

4 Min Read
Choose ETV Bharat

মাণ্ডাপেট (অন্ধ্ৰপ্ৰদেশ): শাৰীৰিক প্ৰতিবন্ধতা স্বত্বেও যে এটা প্ৰতিষ্ঠানক সঠিক নেতৃত্বৰে আগবঢ়াই নিব পাৰি তাৰ এক নিদৰ্শন দাঙি ধৰিছে এগৰাকী শিক্ষয়িত্ৰীয়ে ৷ বিশাখাপট্টনমৰ আকিৰেদ্দিপালেম জিলা পৰিষদ হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী লক্ষ্মী সূৰ্য্যকান্তম, যাৰ নাই দৃষ্টিশক্তি ৷ এককথাত তেওঁৰ পৃথিৱীখন অন্ধকাৰময় ৷ কিন্তু তেওঁৰ কৰ্মজীৱনত এই অন্ধত্বক প্ৰতিবন্ধক হ'বলৈ দিয়া নাই ৷ তেওঁ স্বাভাৱিকভাৱেই নেতৃত্ব দি আহিছে বিদ্যালয়খনৰ ৷

কেৱল ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰাই নহয় বিদ্যালয়খন দক্ষতাৰে পৰিচালনা কৰাৰ উপৰিও শিক্ষকসকলকো তেওঁ পথ প্ৰদৰ্শন কৰি আহিছে । আটাইতকৈ আশ্চৰ্যকৰ কথাটো হ’ল, তেওঁ প্ৰতিগৰাকী শিক্ষাৰ্থীক তেওঁলোকৰ নামেৰে সৈতে মনত ৰাখিব পাৰে । ক্লাছসমূহ চোৱাচিতা কৰিবলৈ নিয়মীয়াকৈ তেওঁ স্কুলত ঘূৰি ফুৰে আৰু কাৰো সহায়ৰ প্ৰয়োজন নোহোৱাকৈয়ে সকলো কাম কৰে । দৃষ্টিশক্তিহীন, অথচ তেওঁ সাহস, দৃঢ়তা আৰু আত্মবিশ্বাসৰ প্ৰতীক হৈ আহিছে । বিদ্যালয়খনৰ সকলো শিক্ষাৰ্থীয়ে তেওঁক এক আদৰ্শ শিক্ষয়িত্ৰী হিচাপে গ্ৰহণ কৰে ।

অন্ধ্ৰপ্ৰদেশৰ পূব গোদাবৰী জিলাৰ মাণ্ডাপেটৰ লক্ষ্মী সূৰ্যকান্তম আঠ বছৰ বয়স নোপোৱালৈকে আন শিশুৰ দৰেই আছিল । গৰমৰ বন্ধৰ দিনত এদিন তেওঁ সম্পৰ্কীয় এজন ককায়েকৰ ঘৰৰ পৰা উভতি অহাৰ পিছৰে পৰাই বিপদ আৰম্ভ হ’ল । তেওঁৰ দৃষ্টিশক্তি হঠাৎ কমি আহিল আৰু পঢ়াশুনা কৰিবলৈ তেওঁৰ চকুৰ বহুত ওচৰত কিতাপ ধৰিব লগা হ’ল । চিন্তিত হৈ পিতৃ-মাতৃয়ে চিকিৎসকৰ পৰামৰ্শ লৈ পিছত হায়দৰাবাদৰ ডাঙৰ ডাঙৰ চিকিৎসালয়লৈ লৈ গ'ল । চিকিৎসকে ক'লে যে ৰেটিনাৰ পিছফালে থকা স্নায়ুলৈ তেজৰ চলাচলৰ অভাৱৰ বাবেই এই সমস্যাৰ সৃষ্টি হৈছে । লগতে তেওঁক আৰোগ্য কৰিব পৰাকৈ কোনোধৰণৰ চিকিৎসাৰ সম্ভাৱনা চিকিৎসকে নুই কৰে । এবছৰৰ ভিতৰতে লক্ষ্মী সূৰ্যকান্তমে দৃষ্টিশক্তি সম্পূৰ্ণৰূপে হেৰুৱাই পেলালে ।

প্ৰথম অৱস্থাত আন ল’ৰা-ছোৱালীয়ে তেওঁক উপলুঙা কৰাৰ বাবে পৰিয়ালে লক্ষ্মীৰ পঢ়া-শুনা বন্ধ কৰি দিছিল । কিন্তু লক্ষ্মীয়ে আশা হেৰুওৱা নাছিল । তেওঁ মাক-দেউতাকক পতিয়ন নিয়াইছিল তেওঁক স্কুললৈ ঘূৰাই পঠিয়াবলৈ আৰু অন্ধত্বক কেতিয়াও বাধা বুলি ভবা নাছিল । স্কুলত প্ৰতিটো পাঠ ভালদৰে শুনি তেওঁ কষ্ট কৰিছিল, শেষত ইণ্টাৰমিডিয়েট পৰীক্ষাত প্ৰথম শ্ৰেণীৰ নম্বৰ পাই উত্তীৰ্ণ হৈছিল ।

১৮ বছৰ বয়সত তেওঁ শ্ৰীৰাম মূৰ্তিৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু পিছলৈ তেওঁক দূৰ শিক্ষাৰ জৰিয়তে ডিগ্ৰী সম্পূৰ্ণ কৰিবলৈ স্বামীয়ে উৎসাহিত কৰে । ১৯৯৭ চনত তেওঁ বি এডো সম্পূৰ্ণ কৰি এখন বিদ্যালয়ৰ সহকাৰী শিক্ষক হিচাপে নিযুক্তি লাভ কৰে । ১২ বছৰ সমাজ অধ্যয়নৰ পাঠদান কৰাৰ পিছত প্ৰধান শিক্ষক পদত তেওঁ পদোন্নতি লাভ কৰে । চাকৰিৰ সমান্তৰালভাৱে তেওঁ স্নাতকোত্তৰ ডিগ্ৰীও সম্পূৰ্ণ কৰে, আনকি তেওঁ অসামৰিক সেৱাৰ সাক্ষাৎকাৰতো অৱতীৰ্ণ হয় । লক্ষ্মী সূৰ্য্যকান্তমে কয়, "যেতিয়া মই গ্ৰুপ-২ৰ চাকৰি এটা পাইছিলো, তেতিয়া মই হাৰ মানিলোঁ কাৰণ মোৰ শিক্ষকতাৰ প্ৰতি থকা আকৰ্ষণ অতি গভীৰ আছিল আৰু মই সেইটো এৰিব বিচৰা নাছিলো ।"

বৰ্তমান সূৰ্য্যকান্তমে আকিৰেদ্দিপালেম জিলা পৰিষদ হাইস্কুলত ৪৩০ গৰাকী ছাত্ৰ-ছাত্ৰী আৰু ২২ জন কৰ্মচাৰীৰ নেতৃত্ব দিয়ে । তেওঁ সমাজ অধ্যয়নৰো পাঠদান কৰে, যাৰ বাবে তেওঁৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে আগ্ৰহেৰে বাট চাই থাকে । ছাত্ৰ-ছাত্ৰীসকলে কয় যে তেওঁৰ পাঠদানৰ শৈলী ইমানেই স্পষ্ট যে শিক্ষাৰ্থীসকলে পাঠবোৰ লগে লগে বুজি পায় ।

ঘৰতো কাৰো সহায়ৰ প্ৰয়োজন নোহোৱাকৈ সকলো ধৰণৰ ব্যঞ্জন নিজেই ৰান্ধে লক্ষ্মী সূৰ্য্যকান্তমে । তেওঁৰ দুগৰাকী কন্যা বিবাহিত আৰু স্বামীয়ে এটা তীখাৰ কাৰখানাত কাম কৰে ।

"অক্ষমতাই শৰীৰত প্ৰভাৱ পেলাব পাৰে, কিন্তু আত্মবিশ্বাসত নহয় । কোনো ঠাইৰ লগত চিনাকি হ'লেই মই নিজাববীয়াকৈ পথ নিৰ্ধাৰণ কৰো । আত্মবিশ্বাস আৰু ইতিবাচক চিন্তাধাৰাই মোক জীৱনত বিচৰা যিকোনো কামত উপনীত হোৱাত সহায় কৰিছে ।" লক্ষ্মী সূৰ্য্যকান্তমে কয় ৷

লগতে পঢ়ক: ঘোৰাৰ পিঠিত নহয়, ৰ’লছ ৰয়েছ বাহনত হ’ব দৰাৰ এণ্ট্ৰি