ওড়িশাত মৰেল পুলিচিং : গণপ্ৰহাৰত নৱম শ্ৰেণীৰ ছাত্ৰৰ মৃত্যু, ১২ অভিযুক্তক গ্ৰেপ্তাৰ
ছাগলী চোৰৰ সন্দেহত নিৰ্মমভাৱে আক্ৰমণ দুই কিশোৰক । এজনৰ মৃত্যু, আনজনৰ অৱস্থা সংকটজনক । জ্বলাই দিলে মটৰচাইকেল । ক'ত এই ঘটনা ?

Published : March 4, 2026 at 2:17 PM IST
|Updated : March 4, 2026 at 2:37 PM IST
ৰায়ৰংপুৰ (ওড়িশা) : ওড়িশাৰ ময়ুৰভঞ্জ জিলাৰ টাইৰিং থানাৰ অন্তৰ্গত ইন্দাখোলি হিৰোগোডাত এক মৰেল পুলিচিঙৰ ঘটনা পোহৰলৈ আহিছে । ছাগলী চোৰৰ সন্দেহত দুই কিশোৰক একাংশ লোকে নিৰ্মমভাৱে প্ৰহাৰ কৰিছে । লোকসকলৰ আক্ৰমণত এজন কিশোৰৰ মৃত্যু হোৱাৰ লগতে আনজনক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । নিহত কিশোৰজন নৱম শ্ৰেণীৰ ছাত্ৰ বুলি জানিব পৰা গৈছে । ছাত্ৰজন ৰায়ৰাংপুৰ গ্ৰাম্য থানাৰ অন্তৰ্গত ভুটাকাবাদী গাঁৱৰ ৰাজকুমাৰ বিন্ধনীৰ একমাত্ৰ পুত্ৰ সম্বিত বিন্ধনী । সম্বিতে বেহালদা থানাৰ অন্তৰ্গত বাছিঙি গাঁৱৰ মোমায়েকৰ ঘৰতে আছিল আৰু বছিঙি চৰকাৰী হাইস্কুলত পঢ়ি আছিল ।
ইতিমধ্যে ভুক্তভোগী কিশোৰৰ পৰিয়ালে এই সন্দৰ্ভত টাইৰিং থানাত এজাহাৰ দাখিল কৰিছে । আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে । আৰক্ষীয়ে এতিয়ালৈ ১২ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে । সম্বিতৰ পিতৃ ৰাজকুমাৰে জনোৱা মতে সোমবাৰে সন্ধিয়া ইন্দাখোলি হিৰোগোডা গাঁৱৰ একাংশ লোকে কিশোৰ কেইজনক চোৰৰ অভিযোগত মাৰপিট কৰে । ইমানে প্ৰহাৰ কৰে যে দুয়োৰে অৱস্থা সংকটজনক হৈ পৰে । তেতিয়া কোনো সচেতন লোকে সম্বিতৰ পিতৃক ফোন কৰি ঘটনাৰ খবৰ দিয়ে বিষয়ে অৱগত কৰে । লগে লগে সম্বিতৰ পিতৃ সেই স্থানলৈ ৰাওনা হয় । অৱশ্যে তেওঁ আহি পোৱাৰ পূৰ্বেই আৰক্ষী উপস্থিত হৈ গুৰুতৰভাৱে আহত দুয়োকে উদ্ধাৰ কৰি ঝাৰাদিহি চিকিৎসা মহাবিদ্যালয়লৈ লৈ যায় ।

সম্বিতৰ পৰিয়ালে পৰৱৰ্তী সময়ত এম্বুলেন্সেৰে তেওঁলোকক ৰায়ৰংপুৰ চিকিৎসা মহাবিদ্যালয়লৈ লৈ যায় । কিন্তু চিকিৎসকে সম্বিতক মৃত ঘোষণা কৰে । ৰায়ৰংপুৰৰ এছ ডি পি অ' বীৰেন্দ্ৰ কুমাৰ ছাহাবীয়ে জনাইছে, "সোমবাৰে বিয়লি গাঁওবাসীয়ে ছাগলী চুৰিৰ অভিযোগত ৪ জন কিশোৰক কৰায়ত্ত কৰে । তাৰ ভিতৰত ২ জনে পলায়ন কৰিবলৈ সক্ষম হয় যদিও দুজনক গাঁৱৰ লোকে ধৰি মাৰপিট কৰে । তেওঁলোকৰ মটৰচাইকেলো জ্বলাই দিয়ে । এই খবৰ লাভ কৰাৰ লগে লগে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ কিশোৰকেইজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে । তাৰ ভিতৰত এজনৰ মৃত্যু হয় ।"
আৰক্ষী বিষয়াজনে জনোৱা মতে বিষয়টো অতি স্পৰ্শকাতৰ । সেয়ে আৰক্ষীয়ে অতি গুৰুত্বসহকাৰে গোচৰটোৰ তদন্ত কৰি আছে । নিশা আৰক্ষীয়ে সেই গাঁওখনৰ পৰা ১২ গৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে । আৰক্ষীয়ে উক্ত স্থানৰ পৰা প্ৰায় জ্বলি যোৱা মটৰচাইকেলখনো উদ্ধাৰ কৰিছে । তেওঁ লগতে কয় যে আন এজন কিশোৰক উন্নত চিকিৎসাৰ বাবে বৰিপাড়া হাস্পতাললৈ স্থানান্তৰ কৰা হৈছে । ইফালে ঘটনাটোৰ সঠিক তদন্ত আৰু ন্যায়ৰ দাবী জনাইছে ভুক্তভোগী পৰিয়ালে ।
লগতে পঢ়ক :

