ETV Bharat / bharat

প্ৰবীণ সাংবাদিক মাৰ্ক টুলিৰ ৯০ বছৰ বয়সত মৃত্যু

কিছুদিন ধৰি মাৰ্ক টুলি গুৰুতৰভাৱে অসুস্থ হৈ আছিল ৷ বিগত এসপ্তাহে বৰ্ষীয়ান সাংবাদিকগৰাকী ছাকেটৰ মেক্স হাস্পতালত চিকিৎসাধীন হৈ আছিল ।

MARK TULLY
প্ৰবীণ সাংবাদিক মাৰ্ক টুলিৰ ফাইল ফটো (IANS)
author img

By ETV Bharat Assamese Team

Published : January 25, 2026 at 11:22 PM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী: ভাৰতীয় ইতিহাসৰ প্ৰখ্যাত লেখক তথা পণ্ডিত, প্ৰবীণ সাংবাদিক মাৰ্ক টুলিৰ দেওবাৰে দিল্লীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু ঘটে । হাস্পতালৰ চিকিৎসকসকলে সদৰি কৰা অনুসৰি শৰীৰৰ একাধিক অংগ বিকল হৈ দেহাৱসান ঘটা টুলিৰ মৃত্যুৰ সময়ত বয়স আছিল ৯০ বছৰ ।

কেইবাটাও বঁটা বিজয়ী সাংবাদিকগৰাকী বিগত কিছুদিন ধৰি অসুস্থ হৈ আছিল ৷ বিগত ২১ জানুৱাৰীত দক্ষিণ দিল্লীৰ সাকেটৰ মেক্স হাস্পতালৰ নেফ্ৰ’লজী বিভাগৰ অধীনত বিশিষ্ট সাংবাদিকগৰাকীক ভৰ্তি কৰোৱা হৈছিল বুলি চিকিৎসালয়ৰ এক সূত্ৰই পি টি আইক জনায় ।

চিকিৎসালয়খনে এক বিবৃতিত এনেদৰে প্ৰকাশ কৰিছে, ‘‘ছাকেটস্থিত মেক্স ছুপাৰ স্পেচিয়েলিটি হাস্পতালে গভীৰ দুখেৰে জনাওঁ যে ২০২৬ চনৰ ২৫ জানুৱাৰীৰ দুপৰীয়া ২.৩৫ বজাত মিষ্টাৰ উইলিয়াম মাৰ্ক টুলিৰ মৃত্যু হোৱাটো নিশ্চিত কৰিছে । ষ্ট্ৰোকৰ পিছত একাধিক অংগ বিকল হোৱাটোৱে আছিল তেওঁৰ মৃত্যুৰ কাৰণ ৷ তেওঁৰ পৰিয়াল, আপোনজন আৰু তেওঁৰ মৃত্যুত ক্ষতিগ্ৰস্ত সকলোৰে সৈতে আমাৰ গভীৰ সমবেদনা জ্ঞাপন কৰিছো ।’’

জ্যেষ্ঠ সাংবাদিক তথা টুলিৰ ঘনিষ্ঠ বন্ধু সতীশ জেকবে পি টি আইক এনেদৰে কয়, ‘‘আজি বিয়লি সাকেটৰ মেক্স হাস্পতালত মাৰ্কৰ মৃত্যু হৈছে ।’’ ১৯৩৫ চনৰ ২৪ অক্টোবৰত কলিকতা(বৰ্তমান কলকাতা)ত জন্মগ্ৰহণ কৰা টুলি ২২ বছৰ ধৰি বি বি চি নতুন দিল্লীৰ ব্যুৰো চিফ হিচাপে কৰ্মৰত আছিল ।

প্ৰধানমন্ত্ৰীৰ শোকপ্ৰকাশ

প্ৰবীণ সাংবাদিকগৰাকীৰ মৃত্যুত শোকপ্ৰকাশ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে মাৰ্ক টুলিৰ বাতৰি আৰু অন্তৰ্দৃষ্টিয়ে ৰাজহুৱা বক্তৃতাত অমলিন চিন ৰাখিছে ৷

‘‘সাংবাদিকতাৰ শক্তিশালী কণ্ঠস্বৰ ছাৰ মাৰ্ক টুলিৰ মৃত্যুত দুখী । ভাৰত আৰু আমাৰ জনসাধাৰণৰ সৈতে তেওঁৰ গভীৰ সম্পৰ্ক তেওঁৰ কামৰ মাজেৰে প্ৰতিফলিত হৈছিল । তেওঁৰ প্ৰতিবেদন আৰু অন্তৰ্দৃষ্টিয়ে ৰাজহুৱা মঞ্চত এক অমলিন চিন ৰাখিছে । তেওঁৰ পৰিয়াল, বন্ধু-বান্ধৱী আৰু প্ৰশংসকসকলৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিছো’’ - প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় ৷

এজন প্ৰশংসিত লেখক টুলি বি বি চি ৰেডিঅ’ ৪ৰ অনুষ্ঠান ‘ছামথিং আণ্ডাৰষ্টড’ৰ উপস্থাপক আছিল । ভাৰত আৰু ব্ৰিটিছ ৰাজৰ পৰা আৰম্ভ কৰি ভাৰতীয় ৰে’ল বিভাগলৈকে বিভিন্ন বিষয়ৰ কেইবাখনো তথ্যচিত্ৰত তেওঁ অৱদান আগবঢ়াইছিল । ২০০২ চনত টুলিক নাইট উপাধি প্ৰদান কৰাৰ লগতে ২০০৫ চনত ভাৰত চৰকাৰে তেওঁক প্ৰদান কৰে পদ্মভূষণ বঁটা ৷

তেওঁ ভাৰত বিষয়ক কেইবাখনো গ্ৰন্থ ৰচনা কৰিছিল ৷ তাৰ ভিতৰত অন্যতম আছিল ‘ন’ ফুল ষ্টপছ ইন ইণ্ডিয়া’, ‘ইণ্ডিয়া ইন শ্ল’ মোচন’ আৰু ‘দ্য হাৰ্ট অৱ ইণ্ডিয়া’ আদি কেইবাখনো গ্ৰন্থ ৷

স্বাধীনতাৰ পিছৰ ভাৰতীয় ইতিহাসৰ একাংশ উল্লেখযোগ্য পৰিঘটনাৰ বিষয়ে বিশিষ্ট সাংবাদিকগৰাকীয়ে প্ৰস্তুত কৰা প্ৰতিবেদন বি বি চিৰ সৈতে কৰা টুলিৰ কামৰ এক মূল বৈশিষ্ট্য আছিল ৷ মুখ্য পৰিঘটনাসমূহৰ ভিতৰত ১৯৭১ চনৰ বাংলাদেশ যুদ্ধ, ১৯৭৫–৭৭ চনৰ জৰুৰীকালীন অৱস্থা, ১৯৭৯ চনত পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জুলফিকৰ আলী ভুট্টোক ফাঁচী, অপাৰেশ্যন ব্লু ষ্টাৰ, ইন্দিৰা গান্ধীৰ হত্যা আৰু ১৯৮৪ চনত শিখ বিৰোধী আন্দোলন, ১৯৯১ চনত ৰাজীৱ গান্ধীৰ হত্যা, ১৯৯২ চনত বাবৰি মছজিদ ভাঙি পেলোৱা আদি বিষয়সমূহ অন্যতম ।

অপাৰেশ্যন ব্লু ষ্টাৰ আৰু পঞ্জাৱ সমস্যাক কেন্দ্ৰ কৰি সতীশ জেকবৰ সৈতে যুটীয়াভাৱে লিখা টুলিৰ প্ৰথমখন গ্ৰন্থৰ নাম আছিল ‘অমৃতসৰ: মিচেছ গান্ধীৰ শেষ যুদ্ধ’ (১৯৮৫) ।

লগতে পঢ়ক: তুষাৰপাতৰ মাজতেই সম্পন্ন হ'ল বিবাহ; কইনাৰ ঘৰলৈ যোৱাৰ পথত দৰাৰ গাড়ী বৰফত আবদ্ধ