ETV Bharat / bharat

বংগৰ ৰাজনীতিৰ 'চাণক্য' যুগৰ অৱসান : মমতাৰ দীৰ্ঘদিনীয়া সহযোদ্ধা মুকুল ৰয় আৰু নাই

চিকিৎসকে জনোৱা মতে, অন্তিম তিনিদিনত তেওঁৰ শাৰীৰিক অৱস্থা সংকটজনক হৈ পৰিছিল ৷ মুকুল ৰয়ৰ মৃত্যুত শোক প্ৰকাশ কৰিছে প্রধানমন্ত্রী আৰু পশ্চিমবংগৰ মুখ্যমন্ত্রীয়ে ৷

MUKUL ROY PASSES AWAY
মমতাৰ দীৰ্ঘদিনীয়া সহযোদ্ধা মুকুল ৰয় আৰু নাই (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : February 23, 2026 at 2:32 PM IST

7 Min Read
Choose ETV Bharat

কলকাতা : পশ্চিমবংগৰ ৰাজনীতিৰ এটা যুগৰ অৱসান । বংগৰ ৰাজনীতিত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অহা মুকুল ৰয় আৰু নাই । লগে লগে অৱসান ঘটিল বংগৰ ৰাজনীতিৰ চাণক্য যুগৰ । কিয়নো পশ্চিমবংগৰ ৰাজনীতি চাণক্য হিচাপে পৰিগণিত আছিল মুকুল ৰয় । শাৰীৰিক অসুস্থতাৰ বাবে তেওঁ ৭২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে ।

বিগত কেইবা দিন ধৰি চিকিৎসালয়ত ভৰ্তি হৈ আছিল মুকুল ৰায় । কিন্তু কিছুদিনৰ পৰা তেওঁ চিকিৎসাত সঁহাৰি দিয়া নাছিল । অৱশেষত দেওবাৰে মাজনিশা কলকাতাৰ এখন ব্যক্তিগত হাস্পতালত হৃদৰোগত আক্রান্ত হৈ পৰলোকপ্ৰাপ্তি ঘটে মুকুল ৰয়ৰ ৷ অন্তিম 72 ঘণ্টা তেওঁৰ শাৰীৰিক অৱস্থা অত্যন্ত সংকটজনক হৈছিল বুলি চিকিৎসকে জনাইছে । তেওঁ প্রায় ৬০০ দিন ধৰি হাস্পতালতে ভর্তি হৈ আছিল ।

মুকুল ৰয়ৰ পুত্র তথা কাঁচৰাপাড়া পৌৰসভাৰ উপ-পৌৰপতি শুভ্রাংশু ৰয়ে জনায়, "মূৰৰ ওপৰৰ চালিখন খহি পৰিল ৷ জীৱনত বহু যুদ্ধ জয় কৰিলেও দেউতাই জীৱনৰ শেষ যুদ্ধখন জিকিব নোৱাৰিলে । সুদীর্ঘ কেইবা মাহ ধৰি তেওঁ ক'মাত আছিল । চকু মেলি চায়ো তেওঁ কাকো চিনাক্ত কৰিব পৰা নাছিল । ৰাইলছ টিউবৰ জৰিয়তেই তেওঁক খাদ্যৰ যোগান ধৰা হৈছিল ।"

হাস্পতালৰ পৰা মুকুল ৰয়ৰ মৃতদেহ তেওঁৰ দীর্ঘদিনীয়া বাসভৱন কাঁচৰাপাড়ালৈ নিয়া হয় । তেওঁৰ শেষকৃত্য হালিচহৰ শ্মশানত সম্পন্ন হ'ব । ইফালে এইগৰাকী জ্যেষ্ঠ ৰাজনীতিকৰ মৃত্যুত শাসক-বিৰোধী উভয় দলৰে ৰাজনৈতিক মহল শোকস্তব্ধ হৈ পৰিছে ।

সোমবাৰে প্রাক্তন কেন্দ্রীয় মন্ত্রী মুকুল ৰয়ৰ মৃত্যুতে শোক প্রকাশ কৰিছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ৷ X পোষ্টত বাংলা আৰু ইংৰাজী দুয়োটা ভাষাতেই তেওঁ লিখিছে, "প্রাক্তন কেন্দ্রীয় মন্ত্রী শ্রী মুকুল ৰয়জীৰ প্রয়াণত শোকাহত হৈছোঁ । তেওঁৰ ৰাজনৈতিক অভিজ্ঞতা আৰু সমাজসেৱামূলক প্রচেষ্টা স্মৰণীয় হৈ থাকিব । তেওঁৰ পৰিয়াল আৰু সমর্থকসকলৰ প্রতি সমবেদনা জনাইছোঁ । ঔম শান্তি ।"

আনহাতে, দীর্ঘদিনৰ সহকর্মীকে হেৰুৱাই শোকাহত হৈ পৰিছে বংগৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জী ৷ X পোষ্টত মুকুল-পুত্রৰ কাষত থকাৰ বার্তা দি তেওঁ লিখিছে, "প্রবীণ ৰাজনীতিবিদ মুকুল ৰয়ৰ মহাপ্রয়াণৰ বাতৰি লাভ কৰি বিচলিত আৰু মর্মাহতবোধ কৰিছোঁ । তেওঁ মোৰ দীর্ঘদিনীয়া ৰাজনৈতিক সহকর্মী আছিল, বহু ৰাজনৈতিক সংগ্রামৰ সহযোদ্ধা আছিল । তেওঁৰ বিদায়ৰ খবৰে মোক বেদনাহত কৰিছে । প্রয়াত মুকুল ৰয়ে তৃণমূল কংগ্রেছৰ প্রতিষ্ঠালগ্নৰে পৰা দলৰ বাবে সৰ্বোচ্চ ত্যাগ কৰিছে ।"

লগতে লিখিছে, "তেওঁ কেন্দ্রীয় মন্ত্রী হৈছিল, দলৰ সর্বস্তৰতে তেওঁৰ গ্রহণযোগ্যতা আছিল । পৰৱৰ্তী সময়ত তেওঁ ভিন্ন পথ লয় যদিও পুনৰ উভতি আহে । বংগৰ ৰাজনীতিত তেওঁৰ অৱদান আৰু সাংগঠনিক দক্ষতাৰ কথা পাহৰিব নোৱাৰি । ৰাজনৈতিক মহলত দল-মত নির্বিশেষে তেওঁৰ অভাৱ অনুভৱ কৰিব । এনে এগৰাকী অভিজ্ঞ নেতা আৰু সহকর্মীৰ পৰিবাৰ আৰু অনুৰাগীসকলৰ প্রতি মই আন্তৰিক সমবেদনা জনাইছোঁ । শুভ্রাংশুক কৈছোঁ, মনটো শক্তিশালী কৰক: এই সংকটত আমি আপোনাৰ সৈতে আছোঁ ।"

উল্লেখ্য যে এমাহ পূৰ্বে অর্থাৎ ২৩ জানুৱাৰীত মুকুল ৰয়ৰ জন্মদিন আছিল ৷ সেইদিনা পিতৃৰ শেহতীয়া শাৰীৰিক অৱস্থাৰ কথা বর্ণনা কৰি পুত্ৰ শুভ্রাংশুৱে সামাজিক মাধ্যমত লিখিছিল, "Many Many Happy Returns Of The Day-লিখিব পৰা নাই, কাৰণ তুমি যি অসহনীয় কষ্ট ভোগ কৰি আছা, সেয়া আৰু চকুৰে চাই থাকিব নোৱৰা হৈছোঁ ।" আনহাতে, পিতৃক 'ৰিয়েল হিৰো' আখ্যা দি তেওঁ লিখিছিল, "সমাজ গঢ়াৰ যি মনোভাব সেই সকলো তোমাৰ পৰায়েতো শিকিছোঁ ।"

বংগৰ ৰাজনীতিৰ চাণক্যৰ ৰাজনৈতিক জীৱন পৰিক্ৰমা

মুকুল ৰয়ৰ ৰাজনৈতিক জীৱন আছিল অতি বর্ণময় । আৰম্ভ হৈছিল বাম শিবিৰৰ পৰা । কিন্তু সেই যাত্রা বেছি দীঘলীয়া নাছিল । ইয়াৰ পিছত উত্তৰ ২৪ পৰগণাৰ কংগ্রেছ নেতা মৃণাল সিংহই তেওঁ কংগ্ৰেছলৈ আনে । যুৱ পৰিষদৰ জৰিয়তে তেওঁ কংগ্রেছত যাত্রা আৰম্ভ কৰে । তেতিয়াৰ পৰায়েই তেওঁ মমতা বেনাৰ্জীৰ সৈতে অতি ঘনিষ্ঠ আছিল ।

নব্বৈৰ দশকৰ শেষৰ ফালে মমতাই নতুন দল গঠনৰ সিদ্ধান্ত লয় । মুকুল ৰয়সহ আৰু কেইবাজনকো লৈ নতুন দলৰ পৰিকল্পনা কৰে তৎকালীন বিৰোধী নেত্রীগৰাকীয়ে । তেতিয়াৰে পৰা ২০১৭ চন পর্যন্ত তৃণমূলৰ ছাঁটোৰ দৰে আছিল মুকুল ৰায় । ২০০৯ চনত ইউ পি এৰ দ্বিতীয় চৰকাৰত তেওঁ ৰাজ্যিক মন্ত্রী হয় । ইয়াৰ পিছত ২০১১ চনত বিধানসভা নির্বাচনত তৃণমূলে জয়লাভ কৰাৰ পিছত মমতা মুখ্যমন্ত্রী হয় । তেওঁ এৰি অহা কেন্দ্ৰীয় ৰে'ল মন্ত্রণালয়ৰ দায়িত্ব লাভ কৰে দীনেশ ত্ৰিবেদীয়ে । কিন্তু ৰে'লৰ ভাৰা বৃদ্ধিক লৈ সৃষ্টি হোৱা অসন্তুষ্টিৰ বাবে দীনেশক আঁতৰাই মুকুল ৰয়ক ৰে'লমন্ত্রীৰ দায়িত্ব দিয়া হয় ।

আনহাতে, ২০১৭ চনত তৃণমূলৰ সৈতে বিচ্ছেদৰ কথা ঘোষণা কৰিছিল মুকুল ৰয়ে । ৰাজ্য়সভাৰ সদস্য পদো তেওঁ ত্যাগ কৰে । তাৰ পিছত কেইবা মাহে ধৰি ধৰি বিজেপিত যোগদান সন্দৰ্ভত চর্চা চলে । অৱশেষত নৱেম্বৰ মাহৰ ৩ তাৰিখে দিল্লীৰ বিজেপিৰ কেন্দ্রীয় কার্যালয়ত ৰবিশঙ্কৰ প্রসাদৰ পৰা বিজেপিৰ সদস্যপদ গ্ৰহণ কৰে ।

২০১২ চনৰ জুন মাহলৈকে তেওঁ বিজেপিতে আছিল । কৃষ্ণনগৰ উত্তৰ সমষ্টিৰ পৰা তৃণমূলৰ অভিনেত্রী প্রার্থী কৌশানী মুখাৰ্জীক পৰাস্ত কৰি তেওঁ প্রথমবাৰৰ বাবে বিধানসভাৰ সদস্য হৈছিল । কিন্তু উক্ত নির্বাচনত বিজেপিৰ পৰাজয়ৰ পিছত তেওঁ ৰাজনৈতিক শিবিৰ সলনি কৰে । তাৰ পিছৰ পৰা অৱশ্যে ৰাজনীতিতে সিমান এটা সক্রিয় পৰিলক্ষিত হোৱা নাছিল মুকুল ৰয়ক ।

কিন্তু তেওঁৰ এই দল সলনিক কেন্দ্র কৰি বিৰোধী দলৰ নেতা শুভেন্দু অধিকাৰী আৰু বিজেপি বিধায়ক অম্বিকা ৰয় দলত্যাগ বিৰোধী আইনত তেওঁৰ বিধায়ক পদ খাৰিজৰ দাবীত সৰৱ হৈ পৰে । অধ্যক্ষৰ সিদ্ধান্তৰ পিছত এই গোচৰ গৈ কলকাতা হাইকোর্টত উপস্থিত হয় আৰু আদালতে তেওঁৰ বিধায়ক পদ খাৰিজৰ নির্দেশ দিয়ে । আনহাতে, হাইকোর্টৰ ৰায়ক প্ৰত্যাহ্বান জনাই ছুপ্রিম কোর্টৰ দ্বাৰস্থ হয় মুকুল ৰয়ৰ পুত্র । পৰৱর্তী সময়ত শীর্ষ আদালতে তেওঁৰ শাৰীৰিক অসুস্থতাৰ কথা মানৱিক দৃষ্টিকোণৰ পৰা বিবেচনা কৰি বিধায়ক পদ খাৰিজৰ নির্দেশত অন্তৰ্ৱর্তীকালীন স্থগিতাদেশ জাৰি কৰে ।

সুদীৰ্ঘ ৰাজনৈতিক জীৱনৰ এই টনা-আঁজোৰাৰ পিছত জীৱনৰ অন্তিম কেইবছৰ মূলতঃ চৰম অসুস্থতাৰ সৈতে যুঁজিবলগা হয় মুকুল ৰয়ে । স্মৃতি বিভ্ৰাট আৰু অন্যান্য স্নায়ৱিক সমস্যাৰ বাবে তেওঁ লাহে লাহে সক্রিয় ৰাজনীতিৰ পৰা সম্পূর্ণভাৱে আঁতৰি আহে । ৰাজনৈতিক মঞ্চৰ সন্মুখৰ শাৰীৰ পৰা অন্তৰ্ধান হৈ গুচি যায় পর্দাৰ আঁৰলৈ । মুকুল ৰয়ৰ প্রয়াণৰ লগে লগে বংগৰ ৰাজনীতিৰ এক অতি ঘটনাবহুল আৰু বর্ণময় অধ্যায়ৰ চিৰদিনৰ বাবে যৱনিকা পৰিল ।

লগতে পঢ়ক :নেপালৰ ধাডিঙত ভয়ংকৰ বাছ দুৰ্ঘটনা, ১৮ গৰাকী যাত্ৰীৰ মৃত্যু
লগতে পঢ়ক :দিল্লীত বৰ্ণ নিৰ্যাতনৰ সন্মুখীন অৰুণাচলৰ যুৱতী, দোষীৰ বিৰুদ্ধে আৰক্ষীত এজাহাৰ