নাৰী দিৱস ২০২৬ঃ এগৰাকী কিশোৰীৰ গ্ৰন্থ এতিয়া পোৱা যাব সকলো চৰকাৰী বিদ্যালয়ৰ পুথিভঁৰালত
দশম শ্ৰেণীৰ ছাত্ৰী গীতিকাৰ সামাজিক প্ৰত্যাহ্বান আৰু কৃষকৰ সমস্যা সম্পৰ্কীয় গ্ৰন্থ ‘বেদনা’ই লাভ কৰিছে চৰকাৰী অনুমোদন ৷

Published : March 3, 2026 at 7:35 PM IST
|Updated : March 7, 2026 at 5:42 PM IST
কোণ্ডাপী(অন্ধ্ৰপ্ৰদেশ): সামাজিক প্ৰত্যাহ্বান, কৃষকৰ সমস্যা, দাৰিদ্ৰতাৰ সৈতে সংগ্ৰাম আদি শক্তিশালীভাৱে প্ৰতিফলিত হোৱা এগৰাকী কিশোৰীৰ এখন গ্ৰন্থই চৰকাৰৰ তৰফৰ পৰা আনুষ্ঠানিক স্বীকৃতি লাভ কৰিছে । অন্ধ্ৰপ্ৰদেশ চৰকাৰৰ শিক্ষা বিভাগে গ্ৰন্থখন ছপা কৰি প্ৰতিখন চৰকাৰী বিদ্যালয়ৰ পুথিভঁৰালত উপলব্ধ কৰাৰ ক্ষেত্ৰত প্ৰদান কৰিছে অনুমতি ।
‘বেদনা’ নামৰ গ্ৰন্থখনৰ লেখিকা পেডাকণ্ডলাগুণ্টা জেড পি হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰী গীতিকা । গীতিকাৰ ঘৰ প্ৰকাশম জিলাৰ কোণ্ডাপি মণ্ডলৰ জল্লাপালেনি গাঁৱত ।
তেনেই কম বয়সৰে পৰা গীতিকাৰ পঢ়াৰ প্ৰতি আছিল প্ৰবল ধাউতি ৷ পঞ্চম শ্ৰেণীৰ পৰাই গীতিকাই পাঠ্যক্ৰমৰ লগতে বাহিৰা কিতাপৰ সন্ধান কৰিবলৈ আৰম্ভ কৰে । সপ্তম শ্ৰেণীৰ পৰা তেওঁ কবিতা আৰু চুটিগল্প লিখিবলৈও আৰম্ভ কৰিছিল । গীতিকাৰ প্ৰথম কবিতা ‘‘মক্কা’’ ৰ পৰা আৰম্ভ কৰি তেওঁৰ শেহতীয়া ৰচনা ‘‘মৌনাম দাতনী মাত্তালু (Words That Silence Could Not Cross)’’ লৈকে, প্ৰতিটো লিখনিত এক সুকীয়া আৰু পৰিপক্ক লিখন শৈলী প্ৰতিফলিত হৈছিল ।
বেদনা হৈছে ৫৫ টা কবিতা আৰু ১৩ টা চুটিগল্পৰ সংকলন, যাৰ প্ৰত্যেকেই সমসাময়িক সামাজিক বাস্তৱতা আৰু মানৱীয় আৱেগক স্পৰ্শ কৰে । চৰকাৰী নিৰ্দেশ অনুসৰি আগন্তুক শিক্ষাবৰ্ষৰ পৰা সমগ্ৰ ৰাজ্যৰ চৰকাৰী বিদ্যালয়ৰ পুথিভঁৰালসমূহত উপলব্ধ হ’ব এই গ্ৰন্থখন ৷
সাধাৰণ পটভূমিৰ পৰা অহা গীতিকাই কয় যে তেওঁৰ পিতৃ-মাতৃ শ্ৰমিক হিচাপে কৰ্মৰত । গীতিকাই কয়, ‘‘চাৰিগৰাকী ভগ্নী আৰু এজন ভাতৃৰ সৈতে শিক্ষাগ্ৰহণ সহজ হৈ থকা নাই । তথাপিও সাহিত্যৰ প্ৰতি মোৰ আগ্ৰহে মোক আগুৱাই লৈ গৈছিল ।’’ নিজৰ সাহিত্য যাত্ৰাত অহৰহ উৎসাহ আৰু পথ প্ৰদৰ্শনৰ বাবে শিক্ষয়িত্ৰী মানচিকান্তিক কৃতিত্ব দিয়ে গীতিকাই ।
নিজৰ সপোনৰ কথা ব্যক্ত কৰি গীতিকাই কয়, ‘‘ইণ্টাৰমিডিয়েট আৰু স্নাতক অধ্যয়নৰ সময়ত যদি কোনোৱে মোৰ শিক্ষাগ্ৰহণত সহায় কৰে, তেন্তে মই মোৰ ভাষাৰ দক্ষতা আৰু অধিক উন্নত কৰাৰ সুযোগ পাম ৷ ভৱিষ্যতে মই বহুতো কিতাপ লিখিব বিচাৰো ।’’
বেদনাক চৰকাৰৰ স্বীকৃতিয়ে যুৱ প্ৰতিভাৰ বাবে প্ৰবল উৎসাহ হিচাপে পৰিচিত কৰাৰ লগতে চৰকাৰী বিদ্যালয়ত সৃষ্টিশীলতাক লালন-পালন কৰাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে ।
লগতে পঢ়ক: এখন বিশেষ মহিলা বজাৰ; শতাধিক মহিলা বিক্ৰেতাৰ বজাৰখন হৈ পৰিছে আকৰ্ষণৰ কেন্দ্ৰবিন্দু

