ETV Bharat / bharat

ভক্তৰ বাবে মুকলি হ'ল কেদাৰনাথ ধামৰ দুৱাৰ: বৃহস্পতিবাৰে খুলিব বদ্ৰীনাথৰ দুৱাৰ

কেদাৰনাথ ধামৰ দুৱাৰ খোলাৰ লগে লগে আৰম্ভ হয় কেদাৰনাথ যাত্ৰা ।

Char Dham Yatra 2026
ভক্তৰ বাবে মুকলি হ'ল কেদাৰনাথ ধামৰ দুৱাৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : April 22, 2026 at 5:32 PM IST

6 Min Read
Choose ETV Bharat

কেদাৰনাথ (উত্তৰাখণ্ড) : হিমালয়ৰ পাদদেশত অৱস্থিত বিশ্ব প্ৰসিদ্ধ কেদাৰনাথ ধামৰ দুৱাৰ নিৰ্দিষ্ট বিধি-বিধান অনুযায়ী ভক্তৰ বাবে বুধবাৰে খোলা হয় । এই অতি পৱিত্ৰ ধামৰ দুৱাৰ মুকলিৰ সময়ত কেদাৰনাথ মন্দিৰটো ৫১ কুইণ্টল নাৰ্জী ফুলেৰে সজোৱা হয় । আনহাতে, কেদাৰনাথ ধামৰ দুৱাৰ মুকলিৰ পৱিত্ৰ ক্ষণত উপস্থিত থাকে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী । ইফালে দুৱাৰ মুকলিৰ লগে লগে দেশ-বিদেশৰ পৰা আহি উপস্থিত হোৱা ভক্তসকলৰ মাজত ব্যাপক উছাহ পৰিলক্ষিত হয় । বাব কেদাৰনাথৰ জয়ধ্বনিৰে সম্পূৰ্ণ ধাম গুঞ্জৰিত হয় । ভক্তি আৰু শ্ৰদ্ধাৰে সম্পূৰ্ণ পৰিৱেশ একাকাৰ হৈ পৰে ।

একাদশ জ্যোতিৰ্লিংগ কেদাৰনাথ

দেশত অৱস্থিত দ্বাদশ জ্যোতিৰ্লিংগৰ ভিতৰত একাদশ জ্যোতিৰ্লিংগ হিচাপে কেদাৰনাথ ধামক পূজা কৰা হয় । জনবিশ্বাস অনুসৰি, গ্ৰীষ্মকালৰ ছয়মাহ মানুহে পূজা কৰাৰ বিপৰীতে শীতকালৰ ছমাহ দেৱতাসকলে ভগৱান কেদাৰনাথৰ পূজা-অৰ্চনা কৰে । কেদাৰনাথ হৈছে উত্তৰাখণ্ডৰ চাৰধামৰ ভিতৰত এটা আৰু পঞ্চ কেদাৰৰ ভিতৰত প্ৰথম কেদাৰৰ ৰূপত পূজা কৰা হয় । শীতকালত কেদাৰনাথত হিমপাতৰ ফলত কেদাৰনাথ ধামৰ দুৱাৰ ছয় মাহৰ বাবে বন্ধ থাকে । শীতকালীন পূজা-অৰ্চনা শীতকালীন পুণ্যস্থল ঔংকাৰেশ্বৰ মন্দিৰ উখীমঠত সম্পন্ন কৰা হয় ।

পাণ্ডৱসকলে স্থাপন কৰিছিল জ্যোতিৰ্লিংগ

মেৰু-সুমেৰু পৰ্বতৰ মাজত কেদাৰ সিং পৰ্বত আৰু মন্দাকিনীৰ তীৰত ভগৱান কেদাৰনাথৰ বিশাল মন্দিৰ বিৰাজমান হৈ আছে । জনশ্ৰুতি মতে, দ্বাপৰ যুগত পাণ্ডৱসকলে এক পাপ খণ্ডনৰ বাবে কেদাৰনাথ ধামলৈ আহিছিল । ভগৱান শিৱই ইয়াত পাণ্ডৱসকলক মহীষ অৱতাৰত দৰ্শন দিছিল । তাৰ পিছতে পাণ্ডৱসকলে ইয়াত ভগৱান শিৱক কেদাৰনাথৰ ৰূপত জ্যোতিৰ্লিংগ স্থাপন কৰে । মন্দিৰৰ গৰ্ভগৃহত ভগৱান শিৱৰ এক ত্ৰিকোণীয় আকৃতিৰ শিৱলিংগ আছে ।

এইটোও বিশ্বাস কৰা হয় যে এই জ্যোতিৰ্লিংগ সত্যযুগৰ আৰু সত্যযুগত ইয়াত নৰ-নাৰায়ণে ভগৱান কেদাৰনাথক তপস্যা কৰিছিল । কেদাৰনাথ মন্দিৰ মন্দাকিনী নদীৰ উৎপত্তিস্থলো । প্ৰতিবছৰে এপ্ৰিল-মে' মাহত গ্ৰীষ্মকালৰ ছমাহৰ বাবে ভদৱান কেদাৰনাথ মন্দিৰৰ দুৱাৰ ভক্তসকলৰ দৰ্শনৰ বাবে খুলি দিয়া হয় । আনহাতে, শীতকালত দীপাৱলীৰ পিছত ভৈয়াদুজ নামৰ এক পৰ্বৰ পিছত কেদাৰনাথৰ দুৱাৰ বন্ধ কৰি দিয়া হয় ।

কেদাৰনাথ ধামৰ দুৱাৰ মুকলি কৰাৰ সময়ত কেইবাটাও বিশেষ আৰু পাৰম্পৰিক পূজা-অৰ্চনা কৰা হয় । এই নিয়ম যুগ যুগ ধৰি চলি আহিছে । দুৱাৰ মুকলি প্ৰক্ৰিয়া অতি পৱিত্ৰ আৰু বৈদিক মন্ত্ৰোচ্চাৰণৰ মাজেদি সম্পন্ন হয় ।

পঞ্চমুখী মূৰ্তিৰ পূজা

শীতকালীন প্ৰৱাসৰ (ঔংকেশ্বৰ মন্দিৰ, উখীমঠ) পৰা বাবা কেদাৰৰ পঞ্চমুখী যাত্ৰা উৎসৱ অনুষ্ঠিত হয় । বাবাৰ বিগ্ৰহ কেদৰনাথ ধামত উপস্থিত হোৱাৰ পিছত বিশেষ পূজা আৰু আৰতি কৰা হয় ।

হোম-যজ্ঞ আৰু অভিষেক

মন্দিৰৰ মুখ্য পূজাৰী (ৰাৱাল) আৰু অন্য পূজাৰীসকলৰ দ্বাৰা দুৱাৰ মুকলি কৰাৰ শুভমুহূৰ্তত বিধিগত হোম-যজ্ঞ আৰু অভিষেক কৰা হয় ।

বৈদিক মন্ত্ৰোচ্চাৰণ

দুৱাৰ মুকলি কৰাৰ সময়ত ৰাৱাল আৰু পূজাৰীসকলৰ উপস্থিতিত বৈদিক মন্ত্ৰোচ্চাৰণ আৰু শংখধ্বনিৰে দুৱাৰ খোলা হয় ।

বিশেষ আৰতি

দুৱাৰ মুকলিৰ পিছত বাবা কেদাৰনাথৰ প্ৰথম আৰতি কৰা হয় । ইয়াত হাজাৰ হাজাৰ ভক্তই অংশগ্ৰহণ কৰে ।

ভোগ আৰু প্ৰসাদ

দুৱাৰ খোলাৰ পিছত বাবা কেদাৰলৈ প্ৰথম ভোগ অৰ্পণ কৰা হয় আৰু ভক্তসকলৰ মাজত প্ৰসাদ বিতৰণ কৰা হয় ।

কেদাৰনাথ ধামত ভগৱান শিৱৰো পূজা কৰা হয় । ইয়াত ভগৱান শিৱ দ্বাদশ জ্যোতিৰ্লিংগৰ ভিতৰত এটা । ইয়াত শিৱক 'কেদাৰেশ্বৰ'ৰ ৰূপত পূজা কৰা হয় মুখ্য মন্দিৰত এক ত্ৰিকোণীয় শিৱলিংগৰ পূজা কৰা হয় ।

দুৰ্যোগৰ পিছত সলনি হৈছে ছবি

২০১৩ চনৰ কেদাৰনাথ বিপৰ্যয়ে কেদাৰনাথ ধাম আৰু ওচৰ-পাজৰৰ অঞ্চলবোৰত ব্যাপক ক্ষতিসাধন কৰে । বিস্তৰ ক্ষতিৰ পিছত এফালে যাত্ৰাক লৈ আশংকাৰ সৃষ্টি হৈছিল, আনফালে পুনৰ নিৰ্মাণ আৰু ব্যৱস্থাৱলীত গ্ৰহণ কৰা ব্যাপক সংশোধনে এই তীৰ্থস্থানক এক নতুন মাত্ৰা প্ৰদান কৰে । আধুনিক সুবিধা, উন্নত ৰাস্তা আৰু পথ যোগাযোগ, হেলিকপ্টাৰ সেৱা আৰু সুৰক্ষা ব্যৱস্থাৰ বাবে বৰ্তমান এই যাত্ৰা পূৰ্বতকৈ অধিক সুগম আৰু সুৰক্ষিত হৈ পৰিছে ।

প্ৰতিবছৰে বৃদ্ধি পাইছে ভক্তৰ সংখ্যা

বিপৰ্যয়ৰ পিছত এফালে যাত্ৰা প্ৰভাৱিত হোৱাৰ বিপৰীতে বৰ্তমান প্ৰতিবছৰে ভক্তৰ সংখ্যা নিৰন্তৰ বৃদ্ধি পাব ধৰিছে । লাখ লাখ ভক্ত বাবা কেদাৰনাথ দৰ্শনৰ বাবে উপস্থিত হৈ আছে । চৰকাৰ আৰু প্ৰশাসনে গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ কাৰণে যাত্ৰা অধিক সংগঠিত আৰু সু-ব্যৱস্থাগত হৈ পৰিছে ।

আস্থাৰ সৈতে আৰ্থিক দৃঢ়তা

কেদাৰনাথ যাত্ৰা এতিয়া কেৱল এক ধাৰ্মিক আস্থাৰ কেন্দ্ৰয়ে হৈ থকা নাই, ই উত্তৰাখণ্ডৰ অৰ্থনৈতিক ভেটি হৈ পৰিছে । প্ৰতিবছৰে অভিলেখসংখ্যক ভক্তৰ উপস্থিতিয়ে স্থানীয় লোকসকলৰ বাবে জীৱিকাৰ এক নতুন পথ প্ৰদান কৰিছে । লগতে আঞ্চলিক পৰ্যটনক এক নতুন উচ্চতা প্ৰদান কৰিছে ।

৬ মাহ 'নৰ', ৬ মাহ 'নাৰায়ণ'ৰ পূজাৰ বিধান

কেদাৰনাথ মন্দিৰৰ দুৱাৰ মুকলি কৰাৰ লগে লগে আধ্যাত্মিক পৰম্পৰাৰ এক অতুলনীয় ক্ৰম আৰম্ভ হৈ যায় । জনবিশ্বাস অনুসৰি, ইয়াত বছৰটোৰ ছমাহ 'নৰ পূজা' আৰু ছমাহ 'নাৰায়ণ পূজা' বা দেৱতাৰ পূজাৰ বিধান আছে । দুৱাৰ মুকলিৰ পিছত আগন্তুক ছমাহলৈকে মন্দিৰত পূজা-অৰ্চনা সাধাৰণ লোকে অৰ্থাৎ 'নৰ'সকলে আগবঢ়াব । এই সময়ছোৱাত দেশ-বিদেশৰ পৰা আগমন ঘটিবলগীয়া ভক্তসকলে ভগৱান শিৱৰ দৰ্শন কৰিব আৰু নিৰ্দিষ্ট বিধি-বিধান অনুসৰি পূজা আগবঢ়াই বাব কেদাৰ আশিস গ্ৰহণ কৰিব ।

আনহাতে, জনশ্ৰুতি অনুসৰি, শীতকালত দুৱাৰ বন্ধ হোৱাৰ পিছত দেৱতাসকলে স্বয়ং আহি ইয়াত 'দেৱ পূজা' কৰে । এই সময়ছেৱাত কেদাৰনাথ ধামত মানৱ গতিবিধি সম্পূৰ্ণ বন্ধ থাকে আৰু পূজাৰ আধ্যাত্মিক কাৰ্য দৈৱিক শক্তিৰ দ্বাৰা পৰিচালিত হয় বুলি বিশ্বাস কৰা হয় । এই পৰম্পৰা হৈছে কেদাৰনাথ ধামৰ এক বিশেষ পৰিচয় । ইয়াৰ দ্বাৰাই কেদাৰনাথ ধামক অন্য তীৰ্থস্থানতকৈ পৃথক মহত্ব প্ৰদান কৰে । দুৱাৰ মুকলি কৰাৰ পৰা আৰম্ভ হোৱা 'নৰ পূজা'ৰ এই ছমাহ কাল ভক্তসকলৰ বাবে অতি শুভ আৰু পুণ্যজনক হিচাপে গণ্য কৰা হয় ।

বৃহস্পতিবাৰে খুলিব বদ্ৰীনাথৰ দুৱাৰ

১৯ এপ্ৰিলৰ পৰা আৰম্ভ হৈছে উত্তৰাখণ্ডৰ চাৰধাম যাত্ৰা । সেইদিনা গংগোত্ৰী আৰু যমুনোত্ৰীৰ দুৱাৰ মুকলি কৰা হয় । বুধবাৰে কেদাৰনথাৰ দুৱাৰ মুকলি কৰাৰ লগে লগে কেদাৰনাথ যাত্ৰাও আৰম্ভ হৈ গৈছে । বৃহস্পতিবাৰে খুলিব বদ্ৰীনাথ ধামৰ দুৱাৰ । ইয়াৰ পিছতে সম্পূৰ্ণ চাৰধাম যাত্ৰা আৰম্ভ হৈ যাব ।

লগতে পঢ়ক :ভাৰতে সন্ত্ৰাসবাদ বা সন্ত্ৰাসবাদীক কেতিয়াও সফল হ'ব নিদিয়েঃ প্ৰধানমন্ত্ৰী মোদী
লগতে পঢ়ক :গো-মাতাক ৫৬ ভোগ অৰ্পণৰ পিছতহে বিবাহপাশত আবদ্ধ আয়ুশী-নিখিল