ETV Bharat / bharat

সোণভদ্ৰাৰ শিল কুৱেৰীত অঘটন, পাহাৰৰ শিলৰ ভগ্নাৱশেষৰ তলত জীৱন্তে পোঁত গ’ল কেবাজনো শ্ৰমিক

শিলৰ কুৱেৰীত অঘটন ৷ ধ্বংসাৱশেষৰ তলত আবদ্ধ কেইবাজনো শ্ৰমিক ৷

Uttar Pradesh Portion Of Stone Quarry Caves In Several Workers Trapped
শিলৰ কুৱেৰীত অঘটন (PTI)
author img

By ETV Bharat Assamese Team

Published : November 16, 2025 at 10:50 AM IST

|

Updated : November 16, 2025 at 11:46 AM IST

3 Min Read
Choose ETV Bharat

সোণভদ্ৰা : উত্তৰ প্ৰদেশৰ অঘটন ৷ এটা শিলৰ কুৱেৰীৰ এক অংশ ভাঙি পৰে ৷ ফলত সেই ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ পৰে কেইবাজনো শ্ৰমিক । জানিব পৰা মতে, সোণভদ্ৰ জিলাৰ এটা শিল কুৱেৰীত সংঘটিত হয় এই দুৰ্ঘটনাটো ।

জানিব পৰা মতে, এই দুৰ্ঘটনাৰ সময়ত প্ৰায় ১৫ৰ পৰা ১৮জন শ্ৰমিক উক্ত স্থানত কৰ্মৰত হৈ আছিল । বিভাগীয় বিষয়াসকলে উল্লেখ কৰা মতে, বাতৰি লিখা পৰলৈকে এটা মৃতদেহ উদ্ধাৰ কৰা হৈছে ৷ আনহাতে ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ আছে কেবাজনো লোক ৷ আবদ্ধ লোকসকলক উদ্ধাৰৰ বাবে অভিযান চলাই থকা হৈছে ৷

জানিব পৰা মতে, শনিবাৰে বিয়লি প্ৰায় ৩ বজাত ওব্ৰা আৰক্ষী থানা এলেকাৰ বিলি মাৰ্কুণ্ডি খনন এলেকাৰ ৰাশপাহাৰী পাহাৰৰ কৃষ্ণ খনিত সংঘটিত হয় এই দুৰ্ঘটনাটো । এই পাহাৰটো প্ৰায় ৪০০ ফুট দ’ । পাহাৰটোৰ তলতে সকলো শ্ৰমিকে কাম কৰি আছিল ।

Uttar Pradesh Portion Of Stone Quarry Caves In Several Workers Trapped
সোণভদ্ৰাৰ শিল কুৱেৰীত অঘটন (ETV Bharat)

৯ টা কম্প্ৰেছাৰ মেচিনৰ সহায়ত পাহাৰৰ এটা শিলত ফুটা কৰি আছিল । এনেতে হঠাৎ পাহাৰৰ ওপৰৰ পৰা শিলৰ এটা অংশৰ পৰি যায় ৷ ফলত সেই শিলৰ অংশটোৰ তলত পোঁত যায় সকলো শ্ৰমিক ৷ সেই সময়ত পাহাৰটোৰ কাষেৰে পাৰ হৈ যোৱা লোকসকলে দুৰ্ঘটনাটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে । ইয়াৰ পিছতে সেই স্থানত বহু জনসমাগম হয় । কিছু সময়ৰ পাচতে সেই স্থানত উপস্থিত হয় আৰক্ষীৰ লগতে শ্ৰমিকৰ আত্মীয়ও ।

Uttar Pradesh Portion Of Stone Quarry Caves In Several Workers Trapped
শিল কুৱেৰীত আবদ্ধ আত্মীয়ৰ বাবে অপেক্ষাৰত পৰিয়ালৰ লোক (ETV Bharat)

জিলা দণ্ডাধীশ বি এন সিঙে জনোৱা মতে, "কুৱেৰীৰ ভিতৰত এখন দেৱাল ভাঙি পৰাত কিছু শ্ৰমিক সমাধিস্থ হয় । আৱদ্ধ হৈ থকা লোকৰ সঠিক সংখ্যা এতিয়াও জানিব পৰা হোৱা নাই । এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ দলসমূহে এই স্থানত উপস্থিত হৈ উদ্ধাৰ অভিযান চলাই আছে ৷’’

Uttar Pradesh Portion Of Stone Quarry Caves In Several Workers Trapped
শিল কুৱেৰীত আবদ্ধ লোকসকলক উদ্ধাৰৰ বাবে অভিযান (ETV Bharat)

বিধায়ক হিচাপে অঞ্চলটোক প্ৰতিনিধিত্ব কৰা উত্তৰ প্ৰদেশৰ সমাজ কল্যাণ ৰাজ্যিক মন্ত্ৰী সঞ্জীৱ কুমাৰ গণ্ডে দেওবাৰে জিলা বিষয়াৰ সৈতে এই স্থান পৰিদৰ্শন কৰে । তেওঁ কয়, ‘‘প্ৰাথমিক তথ্যৰ পৰা অনুমান কৰা হৈছে যে প্ৰায় এক ডজন শ্ৰমিক ইয়াত আবদ্ধ হৈ থাকিব পাৰে ৷ এই ধ্বংসাৱশেষ সম্পূৰ্ণৰূপে পৰিষ্কাৰ কৰাৰ পিছতহে শ্ৰমিকৰ চূড়ান্ত গণনা জানিব পৰা যাব ।’’

তেওঁ লগতে কয়, "জিলা দণ্ডাধীশ, আৰক্ষী অধীক্ষক আৰু অন্যান্য বিষয়াসকল এই স্থানতে আছে আৰু উদ্ধাৰ অভিযান চলি আছে । শ্ৰমিকক উদ্ধাৰৰ বাবে সকলো ধৰণৰ প্ৰচেষ্টাই চলোৱা হৈছে ।"

লগতে পঢ়ক : নগাঁৱৰ বিন্দাচ ধাবাত যৌনতাৰ বিন্দাচ বেহা !
Last Updated : November 16, 2025 at 11:46 AM IST